২৯ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ২৯ৰ পৰা পুনঃনিৰ্দেশিত)
১০ ১১ ১২ ১৩
১৪ ১৫ ১৬ ১৭ ১৮ ১৯ ২০
২১ ২২ ২৩ ২৪ ২৫ ২৬ ২৭
২৮ ২৯ ৩০ ৩১  

২৯ জুলাই (ইংৰাজী: 29 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১০তম (অধিবৰ্ষত ২১১তম) দিন। বছৰটো শেষ হ’বলৈ এই দিনৰ পৰা মুঠ ১৫৫টা দিন বাকী থাকে।

উল্লেখযোগ্য ঘটনাৱলী[সম্পাদনা কৰক]

  • ১৮৭৬ - মহেন্দ্ৰলাল সৰকাৰে উচ্চ শিক্ষাৰ জাতীয় প্ৰতিষ্ঠান আৰু ভাৰতৰ প্ৰথম বিজ্ঞান গৱেষণা কেন্দ্ৰ ইণ্ডিয়ান এছ'চিয়েছন ফৰ দা কালটিভেছন অৱ চাইঞ্চ কলকাতাত প্ৰতিষ্ঠা কৰে।
  • ১৯১১ - কলকাতাৰ মোহনবাগান এথলেটিক ক্লাবে ইষ্ট ইয়ৰ্কছায়াৰ ৰেজিমেণ্ট দলক পৰাস্ত কৰি প্ৰথম আইএফএ শ্বিল্ড লাভ কৰে।
  • ১৯৪৭ - অসমত ৭.৩ ৰিখটাৰ স্কেলৰ প্ৰাৱল্য়ৰ ভূমিকম্প হৈছিল। ভাৰতীয় সময়মতে সন্ধিয়া ৭ বাজি ১৩ মিনিটত অসমত হোৱা ভূমিকম্পটোৱে ভাৰতৰ অসমৰ লগতে চীন দেশতো ক্ষতি সাধন কৰে।
  • ১৯৫৭ - ৰাষ্ট্ৰসংঘই অষ্ট্ৰিয়াৰ ভিয়েনাত আন্তঃৰাষ্ট্ৰীয় পৰমাণু শক্তি সন্থা স্থাপন কৰিছিল।
  • ১৯৫৮ - মাৰ্কিন যুক্তৰাষ্ট্ৰৰ মহাকাশ গৱেষণা প্ৰতিষ্ঠান নাছা (ইংঃ National Aeronautics and Space Administration বা NASA) গঠন কৰা হয়।
  • ২০০৬ - শ্ৰীলংকাৰ ক্ৰিকেটৰ মাহেলা জয়াবৰ্ধনে আৰু কুমাৰ ছাংগাকাৰই টেষ্ট ক্ৰিকেট ৬২৪ ৰাণৰ যুটিৰ বিশ্ব ৰেকৰ্ডৰ সৃষ্টি কৰে। দক্ষিণ আফ্ৰিকাৰ লগত হোৱা এই টেষ্ট ক্ৰিকেট খেলখন ২৭ জুলাই, ২০০৬ চনত কলম্বোত আৰম্ভ হৈছিল।

জন্ম[সম্পাদনা কৰক]

  • ১৭৯৬ - ৱাল্টাৰ হাণ্ট, আমেৰিকাৰ বিজ্ঞানী, চেফ্টি পিন আৰু চিলাই মেচিনৰ আৱিষ্কাৰক।
  • ১৯০৪ - জে আৰ ডি টাটা, বিখ্যাত ব্যৱসায়ী তথা টাটা মটৰচ আৰু টাটা গ্লবেল বিভাৰেজেচৰ প্ৰতিষ্ঠাপক।
  • ১৯৫৯ - সঞ্জয় দত্ত, বলিউডৰ বিখ্যাত অভিনেতা।
  • ১৯৯০ - চুইডেনৰ ষ্টকহ'মত এলি আভৰামৰ জন্ম হৈছিল। তেখেত ভাৰতৰ মুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাইছিল।

মৃত্যু[সম্পাদনা কৰক]

  • ১১০৮ - ফ্ৰান্সৰ ৰজা প্ৰথম ফিলিপ।
  • ১৮৯০ - ভিনছেণ্ট ভেন গ’গ, হলেণ্ডৰ প’ষ্ট-ইম্প্ৰেচনিষ্ট চিত্ৰকাৰ।
  • ১৮৯০ - ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ,উনৈশ শতিকাৰ বিশিষ্ট বঙালী শিক্ষাবিদ, সমাজ সংস্কাৰক আৰু গদ্যকাৰ আছিল।
  • ১৯৬২ - ৰ'নাল্ড ফিছাৰ, ইংৰাজ পৰিসংখ্যাবিদ। (জঃ ১৮৯০)
  • ১৯৯৬ - ভাৰত ৰত্ন অৰুণা আছফ আলি, ভাৰতীয় স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰু আৰু সমাজকৰ্মী আছিল।
  • ২০০৩ - কৌতুক অভিনেতা জনি ৱাৰ্কাৰৰ মৃত্যু হয়।
  • ২০২১ - ড° অনিমা গুহ (ইংৰাজীঃ Dr Anima Guha), এগৰাকী সমাজ-কৰ্মী, শিক্ষাব্ৰতী, নাৰীবাদী লেখিকা তথা সাহিত্যিক। তেওঁ বুৰঞ্জীবিদ অমলেন্দু গুহৰ সহধৰ্মিনী আছিল। (জঃ ১৯৩২,২৬ মাৰ্চ)

দিৱস[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]