৯ জুলাই

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুলাই ৯ৰ পৰা পুনঃনিৰ্দেশিত)
Jump to navigation Jump to search
১০
১১ ১২ ১৩ ১৪ ১৫ ১৬ ১৭
১৮ ১৯ ২০ ২১ ২২ ২৩ ২৪
২৫ ২৬ ২৭ ২৮ ২৯ ৩০ ৩১

৯ জুলাই (ইংৰাজী: 9 July) হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ১৯০তম (অধিবৰ্ষত ১৯১তম) দিন। বছৰ শেষ হ'বলৈ ১৭৫ দিন বাকী থাকে।

  1. ১৯৩১ চনৰ আজিৰ দিনটোতে অচ্যুত লহকৰৰ জন্ম হয়। তেখেতক অসমভ্ৰাম্যমাণ থিয়েটাৰৰ জনক বুলি কোৱা হয়।
  2. ১৯৯৪ চনৰ আজিৰ দিনটোতে প্ৰগতিশীল কবি , পথাৰৰ কবি ৰূপে খ্যাত ৰাম গগৈৰ মৃত্যু হয়।
  3. ২০০২ চনৰ আজিৰ দিনটোতে আন্তঃৰাষ্ট্ৰীয় খ্যাতি সম্পন্ন সংস্কৃত পণ্ডিত, প্ৰাক্তন সাংসদ মহামহোপাধ্যায় বিশ্বনাৰায়ণ শাস্ত্ৰীৰ দেহাৱসান ঘটে।
  4. ১৯৯৯ চনৰ আজিৰ দিনটোতে অসম চুক্তিৰ আধাৰত নিৰ্মিত অসমৰ চতুৰ্থটো তেল শোধনাগাৰ নুমলীগড় তেল শোধনাগাৰ ৰাষ্ট্ৰৰ সেৱাৰ বাবে মুকলি কৰা হয়।
  5. ১৯৫১ চনৰ আজিৰ দিনটোতে ভাৰতবৰ্ষত পোনপ্ৰথম বাৰৰ বাবে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনা ঘোষণা কৰা হয়।
  6. ২০০৬ চনৰ আজিৰ দিনটোতে সম্পূৰ্ণ ৪৪বছৰৰ পাছত ঐতিহাসিক নাথুলা গিৰিপথ মুকলি কৰা হয়। ১৪,৫০০ ফুট উচ্চতাত অৱস্থিত এই এইগিৰিপথ মুকলি হোৱাৰ লগে লগে চীন-ভাৰতৰ বাণিজ্যিক সম্পৰ্ক স্থাপন হয়।
  7. ২০০৬ চনৰ আজিৰ দিনটোতে জাৰ্মানীত অনুষ্ঠিত বিশ্বকাপ ফুটবলৰ চেম্পিয়ন খিতাপ লাভ কৰে ইটালীয়ে।
  8. আজি আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস। দক্ষিণ আফ্ৰিকাবাসীৰ বাবে আজীৱন ত্যাগ স্বীকাৰ কৰা বাবে নেলছন মেণ্ডেলাক সন্মান জনাই তেওঁৰ জন্ম দিন আজিৰ তাৰিখতে প্ৰতি বছৰে আন্তৰাষ্ট্ৰীয় মেণ্ডেলা দিৱস উদযাপন কৰি আহিছে।