সমললৈ যাওক

জুলিয়া পাষ্ট্ৰানা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলিয়া পাষ্ট্ৰানা

জুলিয়া পাষ্ট্ৰানাৰ লিথোগ্ৰাফ
জন্ম আগষ্ট ১৮৩৪
মেক্সিকো
মৃত্যু ২৫ মাৰ্চ ১৮৬০
মস্কো
অন্য নাম বিয়েৰ উইমেন, দ্য এপ উইমেন, দ্য নন্ দেস্ক্ৰিপ্ত
উচ্চতা ৪ ফুট ৫ ইঞ্চি (১.৩৫ মিটাৰ)
দাম্পত্যসঙ্গী থিঅডৰ লেণ্ট (বি. ১৮৫৫)
সন্তান ১জন পুত্ৰ

জুলিয়া পাষ্ট্ৰানা (ইংৰাজী: Julia Pastrana; আগষ্ট ১৮৩৪ – ২৫ মাৰ্চ ১৮৬০); মেক্সিকোৰ এগৰাকী খিলঞ্জীয়া মহিলা। পাষ্ট্ৰানাৰ জন্ম হৈছিল ১৮৩৪ চনত, চিনালোয়া ৰাজ্যত। তেওঁ জন্মগত ভাৱে এক জিনীয় অৱস্থা, হাইপাৰট্ৰাইক'ছিছ টাৰ্মিনেলিছৰে(বা সাধাৰণীকৃত হাইপাৰট্ৰাইক'চিছ লেনুজিনোছা [1] )সৈতে জীৱন কটাবলগীয়া হৈছিল; ইয়াৰ বাবেই তেওঁৰ মুখখন আৰু শৰীৰটো পোন ক’লা চুলিৰে আৱৰি ধৰিছিল। ইয়াৰোপৰি তেওঁৰ কাণ আৰু নাকৰ আকাৰ অস্বাভাৱিকভাৱে ডাঙৰ আছিল আৰু দাঁতবোৰৰ গঠনো অনিয়মিত আছিল। তেওঁৰ জীৱন কালত ধৰা নপৰা এক বিৰল ৰোগ, জিঞ্জিভাল হাইপাৰপ্লাছিয়াৰ বাবে তেওঁৰ ওঁঠ আৰু আঁঠু সাধাৰণ আকাৰতকৈ ডাঠ বা ডাঙৰ হৈ পৰিছিল। [1]

জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

পাষ্ট্ৰানাৰ প্ৰাৰম্ভিক জীৱন সম্পৰ্কত একাধিক তথ্য পোৱা যায়। তেওঁ অভিনয় কৰা ফ্ৰিক শ্ব'বোৰ পৰিচালনা কৰাসকলে প্ৰস্তুত কৰা সাহিত্যত তেওঁক "ৰুট ডিগাৰ" নামৰ আমেৰিকাৰ থলুৱা জনগোষ্ঠীৰ বুলি বৰ্ণনা কৰা হৈছিল। এই জনগোষ্ঠীৰ সদস্যসকল বান্দৰৰ সৈতে মিল থকা আৰু গুহাত বাস কৰিছিল বুলি জনা যায়। এই সংস্কৰণত উল্লেখ থকা মতে মিচেছ এস্পিনোছা বুলি চিনাক্ত কৰা এগৰাকী মহিলাক উক্ত জনগোষ্ঠীটোয়ে অপহৰণ কৰি গুহাত ৰাখিছিল আৰু পলায়ন কৰিবলৈ সক্ষম হোৱাৰ সময়ত মহিলা গৰাকীয়ে পাষ্ট্ৰানাক লগত লৈ গৈছিল। আন এটা সংস্কৰণ মেক্সিকোৰ অক'ৰ'নিৰ খিলঞ্জীয়া গাঁৱৰ লোকসকলৰ কথাৰ ওপৰত আধাৰিত, সেই অনুসৰি পাষ্ট্ৰানা আছিল এগৰাকী স্থানীয় ছোৱালী যাক তেওঁলোকে "ৱোল্ফ উইমেন" বুলি উল্লেখ কৰিছিল। এই সংস্কৰণ অনুসৰি পাষ্ট্ৰানা তেওঁৰ মাতৃৰ মৃত্যুৰ আগলৈকে মাকৰ লগতে আছিল, তাৰ পিছত, ককাকে তেওঁক চাৰ্কাছত বিক্ৰী কৰি দিছিল। [2] দুয়োটা বিৱৰণীয়ে দাবী কৰা মতে এটা সময়ত, তেওঁ তেতিয়াৰ চিনালোয়াৰ গৱৰ্ণৰ [3] ছানচেজৰ ঘৰত বাস কৰিছিল আৰু ১৮৫৪ চনত ঘৰ এৰি থৈ গৈছিল। [4]

আইৰেনিও পাজৰ মতে, মাজাটলানৰ শুল্ক বিষয়া ফ্ৰান্সিস্কো চেপুলভেডাই পাষ্ট্ৰানাক ক্ৰয় কৰি আমেৰিকালৈ লৈ আহে। প্ৰথমতে পাষ্ট্ৰানাই জে ডব্লিউ বিচৰ পৰিচালনাত অনুষ্ঠান পৰিৱেশন কৰিছিল যদিও ১৮৫৪ চনত থিয়ডৰ লেণ্টৰ সৈতে পলায়ন কৰি মেৰিলেণ্ডৰ বাল্টিমোৰত দুয়ো বিবাহপাশত আৱদ্ধ হৈছিল। লেণ্টে তেওঁৰ পৰিচৰ্যাৰ দায়িত্ব লয় আৰু তেওঁলোকে সমগ্ৰ আমেৰিকা আৰু ইউৰোপ ভ্ৰমণ কৰে। পাষ্ট্ৰানাক প্ৰাণী আৰু মানুহৰ মাজৰ সংকৰ হিচাপে বিজ্ঞাপন দিয়া হৈছিল আৰু তেওঁ "বেবুন লেডী", [5] "ডগ-ফেচড উইমেন", "হেয়াৰী উইমেন", "এপ-ফেচড উইমেন", "বিয়েৰ উইমেন", "দ্য এপ উইমেন", "দ্য নন্ দেস্ক্ৰিপ্ত" ইত্যাদি নামৰ মঞ্চ নামেৰে চাইডশ্ব' আৰু ফ্ৰিক শ্ব'ত কাম কৰিছিল। [6] অভিনয়ৰ সময়ত তেওঁ নিজৰ বুদ্ধিমত্তা আৰু প্ৰতিভা প্ৰদৰ্শন কৰিছিল। এইসমূহৰ ভিতৰত আছিল- গায়ন-বায়ন, নৃত্য, আৰু দৰ্শকৰ সৈতে মত বিনিময় কৰা। [7]

মস্কো ভ্ৰমণৰ সময়ত পাষ্ট্ৰানাই এজন পুত্ৰ সন্তান জন্ম দিয়ে, যাৰ বৈশিষ্ট্যও তেওঁৰ দৰেই আছিল। [8] শিশুটি মাত্ৰ তিনিদিনহে বাচি থাকিল আৰু পাঁচ দিনৰ পিছত প্ৰসৱৰ পিছৰ জটিলতাৰ বাবে পাষ্ট্ৰানাৰো মৃত্যু হয়।

চিকিৎসা পৰীক্ষা

[সম্পাদনা কৰক]
জুলিয়া পাষ্ট্ৰানা, "দ্য নন্ দেস্ক্ৰিপ্ত" আভিধাৰে বিখ্যাত দাড়ি থকা মহিলাৰ প্ৰদৰ্শনীৰ বাবে দিয়া এক বিজ্ঞাপন।

জীৱনকালত পাষ্ট্ৰানাৰ পৰিচৰ্যাকাৰী সমিতিয়ে চিকিৎসক আৰু বিজ্ঞানীৰ দ্বাৰা পৰীক্ষা কৰাৰ ব্যৱস্থা কৰিছিল, তেওঁলোকৰ মূল্যায়ন বিজ্ঞাপনত ব্যৱহাৰ কৰি বৃহৎ দৰ্শকক আকৰ্ষণ কৰিছিল। এজন চিকিৎসক, আলেকজেণ্ডাৰ বি মটে (এম ডি) প্ৰমাণ কৰিছিল যে, তেওঁ বিশেষভাৱে এজন মানুহ আৰু এটা " ওৰাঙোটাঙৰ সংগমৰ ফলত জন্ম হৈছিল। [9] ক্লিভলেণ্ডৰ আন এজন ডাঃ এছ ব্ৰেইনাৰ্ডে ঘোষণা কৰিছিল যে তেওঁ “সুত্ক প্ৰজাতিৰ”। [10] ফ্ৰান্সিছ বাকলেণ্ডৰ মতে তেওঁ "কেৱল এগৰাকী বিকৃত খিলঞ্জীয়া মেক্সিকান মহিলা।" [10] বষ্টন ছ'চাইটি অৱ নেচাৰেল হিষ্ট্ৰীৰ তুলনামূলক শৰীৰবিজ্ঞানী চেমুৱেল নিলেণ্ড জুনিয়ৰে ঘোষণা কৰিছিল যে, তেওঁ মানুহ আৰু ভাৰতীয় বংশোদ্ভূত।

চাৰ্লছ ডাৰউইনে পাষ্ট্ৰানাৰ মৃত্যুৰ পিছত তেওঁৰ বিষয়ে আলোচনা কৰি তেওঁক এনেদৰে বৰ্ণনা কৰিছিল যে- স্পেনিছ নৃত্যশিল্পী জুলিয়া পাষ্ট্ৰানা আছিল এগৰাকী উল্লেখযোগ্য মহিলা, কিন্তু তেওঁৰ ডাঠ পুৰুষসুলভ দাড়ি আৰু লোমশ কপাল আছিল; তেওঁৰ ফটো তুলি তেওঁৰ নোম ভৰ্তি ছালখন প্ৰদৰ্শন কৰা হৈছিল। অৱশ্যে আমাৰ চিন্তাৰ বিষয়টো হ'ল, তেওঁৰ ওপৰৰ আৰু তলৰ দুয়োপাৰি দাঁ‌তত অনিয়মিত ভাৱে অতিৰিক্ত দুটা দাঁতৰ পাৰি আছিল যাৰ বাবে তেওঁৰ মুখখন গৰিলাৰ দৰে দেখা গৈছিল।

মৃত্যুৰ পিছত

[সম্পাদনা কৰক]
জুলিয়া পাষ্ট্ৰানা, ১৯০০ চনৰ এখন কিতাপৰ ছবি, তেওঁৰ সংৰক্ষিত অৱশিষ্ট দেখুওৱা হৈছে

পাষ্ট্ৰানাৰ মৃত্যুৰ পিছত লেণ্টে তেওঁৰ পত্নী-পুত্ৰৰ মৃতদেহ মস্কো বিশ্ববিদ্যালয়ৰ অধ্যাপক চুক’লভক বিক্ৰী কৰি দিয়ে। তেওঁ মৃতদেহ দুটা স্থায়ীভাৱে সংৰক্ষণ কৰে। পাষ্ট্ৰানাৰ শৰীৰটো টেক্সিডাৰ্মিকভাৱে সংৰক্ষিত আছিল। [11] এই প্ৰক্ৰিয়াটো আছিল টেক্সিডাৰ্মি কৌশল আৰু এম্বেলমিং ৰাসায়নিক পদাৰ্থৰ মিশ্ৰণ। [12] যদিও কিছুমান লেখকে সাধাৰণতে " মামি " বুলি কয়, তথাপিও তেওঁৰ সংৰক্ষিত শৰীৰটো কাৰিকৰীভাৱে মামি নাছিল কাৰণ ইয়াক মামিফাইড কৰা হোৱা নাছিল। প্ৰখ্যাত প্ৰকৃতিবিদ আৰু টেক্সিডাৰ্মিষ্ট চাৰ্লছ ডাৰউইনে লক্ষ্য কৰা মতে তেওঁৰ শৰীৰটো "ষ্টফড্" আছিল। [13] চুকোলোভে মৃতদেহবোৰ সংৰক্ষণ কৰাৰ পিছত লেণ্টে তেওঁৰ পৰা পুনৰ ক্ৰয় কৰি সমগ্ৰ ইউৰোপতে প্ৰদৰ্শন কৰিবলৈ আৰম্ভ কৰে। [7] পিছলৈ লেণ্টে একে ধৰণৰ বৈশিষ্ট্যৰ আন এগৰাকী মহিলাক বিচাৰি পায়, আৰু তেওঁক বিয়া কৰাই। তেওঁৰ নাম মেৰী বাৰ্টেলৰ পৰা জেনোৰা পাষ্ট্ৰানালৈ সলনি কৰি তেওঁৰ প্ৰদৰ্শনীৰ পৰা ধনী হৈ পৰিছিল।

এশ বছৰতকৈও অধিক সময় ধৰি পাষ্ট্ৰানা আৰু তেওঁৰ পুত্ৰৰ মৃতদেহ সমগ্ৰ বিশ্বতে সংগ্ৰহালয়, চাৰ্কাছ আৰু বিনোদন পাৰ্কত প্ৰদৰ্শিত হৈছিল। ১৯২১ চনত নৰৱেত উপস্থিত হৈ ১৯৭২ চনৰ শেষৰ ফালে তেওঁ আমেৰিকা ভ্ৰমণ কৰিছিল। সেই বছৰৰ শেষৰ ফালে ছুইডেন ভ্ৰমণৰ সময়ত তেওঁ জনসাধাৰণৰ পৰা যথেষ্ট বিৰোধিতাৰ সন্মুখীন হয়, যাৰ ফলত মৃতদেহসমূহ জনসাধাৰণৰ দৃষ্টিৰ পৰা আঁতৰাই পেলোৱা হয়। [7] ১৯৭৬ চনৰ আগষ্ট মাহত ভাণ্ডাল ভাঙি কেঁচুৱাটোৰ শৰীৰৰ ক্ষতিসাধন হৈছিল আৰু অৱশিষ্টখিনি এন্দুৰে ভক্ষণ কৰিছিল। ১৯৭৯ চনত জুলিয়াৰ সংৰক্ষিত মৃতদেহটো চুৰি হৈছিল। মৃতদেহটো উদ্ধাৰৰ পিছত এই সম্পৰ্কত আৰক্ষীক জনোৱাৰ পিছতো চিনাক্ত নোহোৱাৰ বাবে অস্লো ফৰেনছিক ইনষ্টিটিউটত মৃতদেহটো মজুত কৰা হৈছিল। ১৯৯০ চনত ইয়াক চিনাক্ত কৰা হৈছিল আৰু বহু বছৰ ধৰি অছলো বিশ্ববিদ্যালয়ৰ শৰীৰবিজ্ঞান বিভাগৰ এটা কফিনত ছীল কৰা হৈছিল। ১৯৯৪ চনত নৰৱেৰ সংসদে তেওঁৰ মৃতদেহটো পুতিবলৈ পৰামৰ্শ দিছিল যদিও বিজ্ঞানীসকলে গৱেষণা কৰাৰ স্বাৰ্থত বিজ্ঞান মন্ত্ৰীয়ে সেয়া ৰখাৰ সিদ্ধান্ত লয়। তেওঁৰ সেই অৱশেষ চাবলৈ পিছত বিশেষ অনুমতি পত্ৰৰ প্ৰয়োজন হৈছিল।

২০১২ চনৰ ২ আগষ্টত আফটেনপষ্টেনত খবৰ প্ৰকাশ হৈছিল যে অৱশেষত পাষ্ট্ৰানাক মেক্সিকোত নিৰ্দিষ্ট তাৰিখত সমাধিস্থ কৰা হ'ব। [14] ২০১৩ চনৰ ফেব্ৰুৱাৰী মাহত চিনালোয়া ৰাজ্যৰ গৱৰ্ণৰ মাৰিঅ' লোপেজ ভালডেজ, নিউয়ৰ্কস্থিত দৃশ্য শিল্পী ল'ৰা এণ্ডাৰছন বাৰ্বাটা, নৰৱেৰ কৰ্তৃপক্ষ আৰু অন্যান্যৰ সহায়ত মৃতদেহটো চিনালোয়া চৰকাৰৰ হাতত গতাই দিয়া হয় আৰু তেওঁক সমাধিস্থ কৰাৰ পৰিকল্পনা কৰা হয়। [1] শ শ লোকে তেওঁৰ কেথলিক অন্ত্যেষ্টিক্ৰিয়াত অংশগ্ৰহণ কৰে আৰু তেওঁৰ জন্মস্থানৰ ওচৰৰ এখন চহৰ চিনালোয়া ডি লেইভাৰ এটা কবৰস্থানত তেওঁৰ মৃতদেহ সমাধিস্থ কৰা হয়। [15] চলচ্চিত্ৰ নিৰ্মাতা ইভা আৰিজিছে তেওঁৰ বৈশিষ্ট্যপূৰ্ণ তথ্যচিত্ৰ "চুই, দ্য উলফ মেন" (যিখন আধুনিক যুগৰ মেক্সিকান পৰিয়ালৰ জন্মগত হাইপাৰট্ৰাইক'ছিছ ৰোগত আক্ৰান্ত পৰিয়াল সম্পৰ্কিত তথ্যচিত্ৰ)ৰ বাবে সমাধিস্থ কৰাৰ চিত্ৰগ্ৰহণ কৰিছিল।

টোকাসমূহ

[সম্পাদনা কৰক]

 

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Wilson, Charles (February 11, 2013). "An Artist Finds a Dignified Ending for an Ugly Story". New York Times. https://www.nytimes.com/2013/02/12/arts/design/julia-pastrana-who-died-in-1860-to-be-buried-in-mexico.html. 
  2. Stelloh, Tim (13 December 2013). "Behold! The Heartbreaking, Hair-Raising Tale Of Freak Show Star Julia Pastrana, Mexico's Monkey Woman" (en ভাষাত). BuzzFeed. https://www.buzzfeed.com/timstelloh/behold-the-heartbreaking-hair-raising-tale-of-julia-pastrana। আহৰণ কৰা হৈছে: 2018-02-23. 
  3. "আৰ্কাইভ কপি" (en-US ভাষাত). Archived from the original on 2019-08-30. https://web.archive.org/web/20190830035821/https://pictorial.jezebel.com/the-life-and-death-of-julia-pastrana-bearded-woman-on-1695330616. 
  4. "Julia Pastrana Chronology". Archived from the original on 2015-05-31. https://web.archive.org/web/20150531012205/http://www.lauraandersonbarbata.com/work/mx-lab/julia-pastrana/3.php। আহৰণ কৰা হৈছে: 2016-08-11. 
  5. Charlston, JL (16 June 2019). "Julia Pastrana: The 'circus freak' on show even in death". News.com.au. https://www.news.com.au/lifestyle/real-life/true-stories/julia-pastrana-the-circus-freak-on-show-even-in-death/news-story/16129d6e1fa52cd79bfbc6aec74792b0। আহৰণ কৰা হৈছে: 28 December 2019. 
  6. Miles, A. (February 1979). "Julia Pastrana:The Bearded Lady". Proceedings of the Royal Society of Medicine খণ্ড 67 (2): 160–164. doi:10.1177/003591577406700229. PMID 4595237. 
  7. 7.0 7.1 7.2 Garland-Thomson 2017.
  8. Garland-Thomson 2017, পৃষ্ঠা. 37.
  9. Bondeson, Jan (1997). "The strange story of Julia Pastrana". A Cabinet of Medical Curiosities. I.B.Tauris. পৃষ্ঠা. 219. ISBN 1860642284. https://books.google.com/books?id=DPM8z2yDt2cC&pg=PA219. 
  10. 10.0 10.1 Buckland, F.T. (1865). Curiosities of Natural History, Vol. 2. প্ৰকাশক London: Bentley. পৃষ্ঠা. 44–51. 
  11. Pauline Wakeham (2008). Taxidermic Signs: Reconstructing Aboriginality. U of Minnesota Press. পৃষ্ঠা. 212–. ISBN 978-0-8166-5054-5. https://books.google.com/books?id=HkrAc9OjKLgC&pg=PA212. 
  12. Lovejoy, Bess. "Julia Pastrana: A "Monster to the Whole World"". Publicdomainreview.org. https://publicdomainreview.org/essay/julia-pastrana-a-monster-to-the-whole-world। আহৰণ কৰা হৈছে: 27 December 2019. 
  13. Van Wyhe, John (2002). "The Variation of Plants and Animals Under Domestication". Darwinonline.org.uk. http://darwin-online.org.uk/converted/published/1868_Variation_F877/1868_Variation_F877.2.html। আহৰণ কৰা হৈছে: 27 December 2019. "Her [Julia Pastrana] stuffed skin was exhibited as a show" 
  14. "Hun ble vist frem som "apekvinne". Nå skal Julia Pastrana endelig begraves" (no ভাষাত). 2 August 2012. http://www.aftenposten.no/nyheter/iriks/Hun-ble-vist-frem-som-apekvinne-Na-skal-Julia-Pastrana-endelig-begraves-6956261.html. 
  15. Stargardter, Gabriel (13 Feb 2013). "'Ugliest woman in the world' buried 150 years after end of tragic life". http://worldnews.nbcnews.com/_news/2013/02/13/16945751-ugliest-woman-in-the-world-buried-150-years-after-end-of-tragic-life.