জুলিয়া ষ্টাইলছ
| জুলিয়া ষ্টাইলছ | |
|---|---|
২০০৭ চনত ষ্টাইলছ | |
| জন্ম | জুলিয়া অ'হাৰা ষ্টাইলছ ২৮ মাৰ্চ, ১৯৮১ (৪৫ বছৰ) নিউয়ৰ্ক চিটি, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| শিক্ষা | কলম্বিয়া বিশ্ববিদ্যালয় (বিএ) |
| পেচা | অভিনেত্ৰী |
| সক্ৰিয় হৈ থকা সময় | ১৯৯৩–বৰ্তমান |
| দাম্পত্যসঙ্গী | প্ৰেষ্টন জে. কুক (বি. ২০১৭) |
| সন্তান | ৩ |
জুলিয়া অ'হাৰা ষ্টাইলছ (ইংৰাজী: Julia O'Hara Stiles; জন্ম: ২৮ মাৰ্চ, ১৯৮১) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু পৰিচালক। ষ্টাইলছে ১১ বছৰ বয়সতে নিউয়ৰ্কৰ ‘লা মামা এক্সপাৰিমেণ্টেল থিয়েটাৰ ক্লাব’ৰ অংশ হিচাপে অভিনয় আৰম্ভ কৰিছিল। ১৯৯৬ চনত ১৫ বছৰ বয়সত আই লাভ ইউ, আই লাভ ইউ নট ছবিৰ এটা সৰু চৰিত্ৰৰ জৰিয়তে তেওঁৰ চলচ্চিত্ৰত আত্মপ্ৰকাশ ঘটে। ইয়াৰ পিছত ১৯৯৮ চনত উইকেড ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰে আৰু ইয়াৰ বাবে তেওঁ কাৰ্লোভি ভেৰী আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ১৯৯৯ চনত ষ্টাইলছে টেলিভিছন মিনি-চিৰিজ দ্য ছিক্সটিজ-ত চিকাগোৰ এটা মধ্যবিত্ত আমেৰিকান পৰিয়ালৰ কিশোৰী কন্যাৰ চৰিত্ৰত অভিনয় কৰিছিল। তেওঁ বিশেষকৈ কিশোৰ-কিশোৰীৰ কেন্দ্ৰিক ছবি যেনে ১০ থিংছ আই হেট এবাউট ইউ (১৯৯৯), ডাউন টু ইউ (২০০০) আৰু চেভ দ্য লাষ্ট ডান্স (২০০১) ত মুখ্য চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয়তা লাভ কৰে। তেওঁৰ সন্মানসমূহৰ ভিতৰত এটা টিন চয়েছ বঁটা আৰু দুটা এমটিভি মুভি এণ্ড টিভি বঁটাৰ লগতে এটা গোল্ডেন গ্লোব বঁটা আৰু এটা প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন অন্তৰ্ভুক্ত।
ষ্টাইলছে পৰৱৰ্তী সময়ত দ্য বিজনেছ অৱ ষ্ট্ৰেঞ্জাৰ্ছ (২০০১), মোনা লিছা স্মাইল (২০০৩) আৰু দ্য ওমেন (২০০৬) আদি ছবিত অভিনয় কৰে। তেওঁ বিশেষকৈ বৰ্ণ ফ্ৰেঞ্চাইজিৰ (২০০২–২০১৬) নিকি পাৰ্চনৰ চৰিত্ৰটোৰ জৰিয়তে বিশ্বজুৰি দৰ্শকৰ মাজত পৰিচিত হৈ পৰে। তেওঁৰ অন্যান্য উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে হেমলেট, ষ্টেট এণ্ড মেইন (দুয়োখন ২০০০), অ' (O) (২০০১), এ গাই থিং (২০০২), কেৰোলিনা (২০০৩), দ্য প্ৰিন্স এণ্ড মি (২০০৪), এডমণ্ড, এ লিটল ট্ৰিপ টু হেভেন (দুয়োখন ২০০৫), দ্য ক্ৰাই অৱ দ্য আউল (২০০৯), ছিলভাৰ লাইনিংছ প্লেবুক (২০১২), আউট অৱ দ্য ডাৰ্ক (২০১৪), ব্লেকৱে (২০১৫), ১১:৫৫ (২০১৬), হাষ্টলাৰ্ছ (২০১৯) আৰু অৰ্ফান: ফৰ্ষ্ট কিল (২০২২)।
চলচ্চিত্ৰৰ বাহিৰে ষ্টাইলছে ডেস্কটাৰ (২০১০) ধাৰাবাহিকৰ পঞ্চম ছিজনত লুমেন পিয়াৰ্চৰ চৰিত্ৰত অভিনয় কৰি শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ গোল্ডেন গ্লোব আৰু শ্ৰেষ্ঠ অতিথি অভিনেত্ৰীৰ প্ৰাইমটাইম এমি বঁটাৰ বাবে মনোনয়ন লাভ কৰিছিল। ২০১২ চনৰপৰা ২০১৪ চনলৈ তেওঁ ৱেব ধাৰাবাহিক ব্লুত মুখ্য ভূমিকাৰ চৰিত্ৰত অভিনয় কৰিছিল, যাৰ বাবে তেওঁ দুটা আইএ ডব্লিউ টিভি (IAWTV) শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। ২০১৭ চনৰপৰা ২০২০ চনলৈ তেওঁ স্কাই আটলাণ্টিক ধাৰাবাহিক ৰিভিয়েৰা-ত জৰ্জিনা ৰাইলেণ্ডৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰি তেওঁ আমাজন প্ৰাইমৰ ধাৰাবাহিক দ্য লেক (২০২২–২০২৩)ত অভিনয় কৰিছে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]ষ্টাইলছৰ জন্ম নিউয়ৰ্ক চহৰত হৈছিল।[1] তেওঁৰ মাতৃ জুডিথ নিউকম্ব ষ্টাইলছ এগৰাকী গ্ৰীণউইচ ভিলেজৰ শিল্পী আৰু পিতৃ জন অ'হাৰা এজন ব্যৱসায়ী। তেওঁ তিনিজন সন্তানৰ ভিতৰত আটাইতকৈ ডাঙৰ।[2] ষ্টাইলছ ইংৰাজ, আইৰিছ আৰু জাৰ্মান মূলৰ।[3] তেওঁ ১১ বছৰ বয়সৰপৰাই নিউয়ৰ্কৰ ‘লা মামা থিয়েটাৰ কোম্পানী’ৰ সৈতে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Julia Stiles Biography - Facts, Birthday, Life Story - Biography.com". Biography.com. March 10, 2014. http://www.biography.com/people/julia-stiles-17181750। আহৰণ কৰা হৈছে: March 10, 2014.
- ↑ Foege, Alec (July 2002). "Stiles and Substance". Biography খণ্ড 6 (7): 74. ISSN 1092-7891.
- ↑ O'Sullivan, Charlotte (September 13, 2002). "Julia Stiles: 'That'll sound slutty'". The Independent. https://www.independent.co.uk/arts-entertainment/films/features/julia-stiles-thatll-sound-slutty-176693.html. "Her mother (half English, half Italian) makes ceramic pots, her dad (Irish) sells them – and Stiles admits that the basic ethos is, 'it's bad to be lazy! If I decided not to go to college [my parents] would not be that happy.'"
- ↑ Yuan, Jada (July 20, 2007). "The Stiles Ultimatum". New York. http://nymag.com/movies/features/34988/। আহৰণ কৰা হৈছে: March 8, 2014.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| জুলিয়া ষ্টাইলছ প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |

- Julia Stiles সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- ইনষ্টাগ্ৰামত জুলিয়া ষ্টাইলছ
- Julia Stiles at the TCM Movie Database
- জুলিয়া ষ্টাইলছ at the "Internet Broadway Database"
- জুলিয়া ষ্টাইলছ at the Internet Off-Broadway Database