সমললৈ যাওক

জুলিয়া ৰবাৰ্টছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলিয়া ৰবাৰ্টছ

২০২৫ চনৰ ভেনিচ চলচ্চিত্ৰ মহোৎসৱত ৰবাৰ্টছ
জন্ম জুলিয়া ফিওনা ৰবাৰ্টছ
২৮ অক্টোবৰ, ১৯৬৭ (৫৮ বছৰ)
আটলাণ্টা, জৰ্জিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৭–বৰ্তমান
দাম্পত্যসঙ্গী
  • লাইল লভেট (বি. ১৯৯৩; বিবি. ১৯৯৫)
  • ডেনিয়েল মডাৰ (বি. ২০০২)
সন্তান
আত্মীয়-স্বজন
  • এৰিক ৰবাৰ্টছ (ভাতৃ)
  • এমা ৰবাৰ্টছ (ভতিজী)
বঁটা, সন্মান, পুৰস্কাৰ আদি জুলিয়া ৰবাৰ্টছে লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা


জুলিয়া ফিওনা ৰবাৰ্টছ (ইংৰাজী: Julia Roberts; জন্ম: ২৮ অক্টোবৰ, ১৯৬৭)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী। বিভিন্ন ধাৰাৰ চলচ্চিত্ৰত অভিনয়ৰ বাবে পৰিচিত ৰবাৰ্টছে এটা একাডেমী বঁটা (অস্কাৰ), এটা ব্ৰিটিছ একাডেমী ফিল্ম বঁটা (বাফ্টা) আৰু তিনিটা গোল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে। ড্ৰামা, থ্ৰিলাৰ আৰু স্বতন্ত্ৰ চলচ্চিত্ৰলৈ মনোনিবেশ কৰাৰ আগতে তেওঁ ৰোমাণ্টিক কমেডী আৰু ব্লকবাষ্টাৰ ছবিসমূহত আকৰ্ষণীয় চৰিত্ৰত অভিনয় কৰি জনপ্ৰিয় হৈ পৰিছিল।

মিষ্টিক পিজ্জা (১৯৮৮) আৰু ষ্টীল মেগনোলিয়াছ (১৯৮৯)ৰ জৰিয়তে কেৰিয়াৰৰ আৰম্ভণিতে সফলতা লাভ কৰাৰ পিছত ৰবাৰ্টছে প্ৰিটি ৱমেন (১৯৯০), মাই বেষ্ট ফ্ৰেণ্ডছ ৱেডিং (১৯৯৭), নটিং হিল (১৯৯৯) আৰু ৰানৱে ব্ৰাইড (১৯৯৯) আদি ৰোমাণ্টিক কমেডী ছবিৰ জৰিয়তে এগৰাকী আগশাৰীৰ অভিনেত্ৰী হিচাপে নিজৰ স্থিতি সবল কৰে। ২০০০ চনত মুক্তিপ্ৰাপ্ত জীৱনীমূলক ড্ৰামা এৰিন ব্ৰক’ভিচত নামভূমিকাত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰে। ইয়াৰ পিছত তেওঁ অ'চেনছ ইলেভেন (২০০১), অ'চেনছ টুৱেল্ভ (২০০৪), চাৰ্লি উইলছনছ ৱাৰ (২০০৭), ভেলেণ্টাইনছ ডে' (২০১০), ইট প্ৰে লাভ (২০১০), আগষ্ট: অ’চেজ কাউণ্টি (২০১৩), ৱাণ্ডাৰ (২০১৭), টিকেট টু পেৰাডাইছ (২০২২) আৰু লিভ দ্য ৱৰ্ল্ড বিহাইণ্ড (২০২৩) আদি ছবিত অভিনয় কৰে। টেলিভিছনৰ ক্ষেত্ৰত তেওঁ এইচবিঅ’ৰ ছবি দ্য নৰ্মেল হাৰ্ট (২০১৪)ত অভিনয় কৰি এমি মনোনয়ন লাভ কৰিছিল। ইয়াৰ উপৰিও তেওঁ আমাজন প্ৰাইমৰ ধাৰাবাহিক হোমকামিং (২০১৮) আৰু ৰাজনৈতিক ধাৰাবাহিক গেছলিটত (২০২২) অভিনয় কৰিছে।

ৰবাৰ্টছে 'ৰেড ওম ফিল্মছ' নামৰ এটা প্ৰডাকচন কোম্পানী পৰিচালনা কৰে, যাৰ জৰিয়তে তেওঁ কেইবাটাও প্ৰকল্পত কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰিছে। ২০০৯ চনৰ পৰা তেওঁ 'লেংক'ম'ৰ গোলকীয় ৰাষ্ট্ৰদূত হিচাপে কাম কৰি আহিছে। ৯০ৰ দশকৰ বেছিভাগ সময় আৰু ২০০০ চনৰ প্ৰথমাৰ্ধত তেওঁ বিশ্বৰ সৰ্বাধিক উপাৰ্জনকাৰী অভিনেত্ৰী আছিল।[2] পিপল আলোচনীয়ে তেওঁক অভিলেখ সংখ্যক পাঁচবাৰকৈ বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলা হিচাপে ঘোষণা কৰিছে।[3]

প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল

[সম্পাদনা কৰক]

জুলিয়া ফিওনা ৰবাৰ্টছৰ জন্ম জৰ্জিয়াৰ আটলাণ্টাৰ ক্ৰফৰ্ড লং হাস্পতালত হৈছিল।[4][5] তেওঁৰ মাতৃ বেটী লু ব্ৰিডেমুচ আৰু পিতৃ ৱাল্টাৰ গ্ৰেডী ৰবাৰ্টছ।[6] তেওঁ ইংৰাজ, স্কটিছ, আইৰিছ, ওৱেলচ, জাৰ্মান আৰু ছুইডিছ বংশোদ্ভূত।[7] তেওঁৰ পিতৃ আছিল এজন বেপ্টিষ্ট আৰু মাতৃ কেথলিক। ৰবাৰ্টছ কেথলিক হিচাপেই ডাঙৰ-দীঘল হৈছিল।[8] তেওঁৰ ককায়েক এৰিক ৰবাৰ্টছ (জন্ম ১৯৫৬), যাৰ সৈতে ২০০৪ চনলৈকে তেওঁৰ সম্পৰ্ক মধুৰ নাছিল, বায়েক লিছা ৰবাৰ্টছ গিলান (জন্ম ১৯৬৫), আৰু ভতিজী এমা ৰবাৰ্টছো অভিনয় জগতৰ সৈতে জড়িত। তেওঁৰ নেন্সী ম'টছ নামৰ এগৰাকী সতীয়া ভনীও আছিল।[9]

ৰবাৰ্টছৰ পিতৃ-মাতৃয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ সশস্ত্ৰ বাহিনীৰ বাবে নাট্যকৰ্ম পৰিৱেশন কৰাৰ সময়তে পৰস্পৰক লগ পাইছিল। তেওঁলোকে পিছলৈ আটলাণ্টাত 'আটলাণ্টা এক্টৰ্ছ এণ্ড ৰাইটাৰ্ছ ৱৰ্কশ্বপ' নামৰ এটা প্ৰতিষ্ঠান সহ-প্ৰতিষ্ঠা কৰে। জুলিয়াৰ জন্মৰ সময়ত তেওঁলোকে জৰ্জিয়াৰ ডেকাতুৰত এখন শিশুৰ অভিনয় স্কুল চলাইছিল। মাৰ্টিন লুথাৰ কিং জুনিয়ৰ আৰু কোৰেটা স্কট কিঙৰ সন্তানেও এই স্কুলত অধ্যয়ন কৰিছিল; ৱাল্টাৰ ৰবাৰ্টছে তেওঁলোকৰ কন্যা ইয়োলেণ্ডা কিঙৰ অভিনয় প্ৰশিক্ষক হিচাপে কাম কৰিছিল। অঞ্চলটোৰ একমাত্ৰ বৰ্ণ-বৈষম্যহীন থিয়েটাৰ গোট চলোৱাৰ কৃতজ্ঞতাস্বৰূপ আৰু ৰবাৰ্টছ পৰিয়ালৰ আৰ্থিক অসুবিধাৰ বাবে, জুলিয়াৰ জন্মৰ সময়ত কোৰেটা কিঙে হাস্পতালৰ বিল পৰিশোধ কৰিছিল।[10][11]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Julia Roberts". June 16, 2023. https://www.britannica.com/biography/Julia-Roberts। আহৰণ কৰা হৈছে: January 16, 2022. 
  2. "Julia Roberts first actress on Hollywood Reporter power list". The Guardian. December 5, 2000. https://www.theguardian.com/film/2000/dec/05/news.juliaroberts. 
  3. "Julia Roberts Has Been a Movie Star for 30 Years—but Don't Let That Bother You". E! Online. January 4, 2019. https://www.eonline.com/news/981180/julia-roberts-has-been-a-movie-star-for-30-years-but-don-t-let-that-bother-you। আহৰণ কৰা হৈছে: July 5, 2025. 
  4. Ibrahim, Nir (February 4, 2023). "Did Martin Luther King Jr. Pay the Hospital Bill for Julia Roberts' Birth?". Snopes. https://www.snopes.com/fact-check/martin-luther-king-jr-hospital-bill-julia-roberts/. "Per a transcript of a 2001 CNN segment that profiled Roberts... 'Julia Fiona Roberts debuted at Crawford Long Hospital on October 28, 1967'." 
  5. "Julia Roberts." Archived January 16, 2013, at the Wayback Machine The New Georgia Encyclopedia
  6. Page, Sydney. "It's true, Martin Luther King Jr. paid the hospital bill when actress Julia Roberts was born". Washington Post (Washington Post Inc.). https://www.washingtonpost.com/lifestyle/2022/10/31/julia-roberts-mlk-birth-hospital/. 
  7. "Nättidningen RÖTTER – för dig som släktforskar! (Julia Roberts)" (sv ভাষাত). genealogi.se. http://www.genealogi.se/julia.htm। আহৰণ কৰা হৈছে: April 7, 2019. 
  8. Talmadge, Eric (August 18, 2010). "'Eat Pray Love' star Julia Roberts happy as is". The Washington Times. Associated Press. http://www.washingtontimes.com/news/2010/aug/18/eat-pray-love-star-julia-roberts-happy-as-is/. "Julia, who was raised a Catholic..." 
  9. "Julia Roberts Breaks Silence on Half Sister Nancy Motes' Death". The Hollywood Reporter. April 21, 2014. https://www.hollywoodreporter.com/movies/movie-news/julia-roberts-breaks-silence-sister-697948/। আহৰণ কৰা হৈছে: May 30, 2024. 
  10. Salam, Erum (November 1, 2022). "The unlikely bond between Julia Roberts and Martin Luther King Jr". https://www.theguardian.com/film/2022/nov/01/julia-roberts-martin-luther-king-jr-connection। আহৰণ কৰা হৈছে: November 1, 2022. 
  11. "Julia Roberts – Coretta Scott King was Julia Roberts's Fairy Godmother". Contact Music. February 10, 2006. Archived from the original on February 25, 2011. https://web.archive.org/web/20110225121115/http://www.contactmusic.com/new/xmlfeed.nsf/story/coretta-scott-king-was-julia-roberts-fairy-godmother_10_02_2006. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]