সমললৈ যাওক

জুলিয়েট বিনোচে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলিয়েট বিনোচে

২০২৬ চনৰ বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত বিনোচে
জন্ম ৯ মাৰ্চ, ১৯৬৪ (৬২ বছৰ)
পেৰিছ, ফ্ৰান্স
অন্য নাম "লা বিনোচে"[1]
শিক্ষানুষ্ঠান কনজাৰভেটৰী নেচনেল চুপাৰিয়ৰ ডি আৰ্ট ড্ৰামাটিক
পেচা অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ১৯৮৩–বৰ্তমান
অংশীদাৰ
  • আন্দ্ৰে হালে (১৯৯২–১৯৯৫)
  • বেনোইট মেজিমেল (১৯৯৮–২০০৩)
সন্তান
আত্মীয়-স্বজন লিঅ’ন বিনোচে (আজু-খুড়া/বৰদেউতা)
স্বাক্ষৰ


জুলিয়েট বিনোচে (ইংৰাজী: Juliette Binoche; জন্ম: ৯ মাৰ্চ ১৯৬৪) এগৰাকী ফৰাচী অভিনেত্ৰী। তেওঁ ৬০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছে, বিশেষকৈ ফৰাচী আৰু ইংৰাজী ভাষাত। তেওঁ এটা একাডেমী বঁটা, এটা বাফটা (BAFTA) বঁটা, এটা ভলপি কাপ আৰু এটা চিজাৰ বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে।

বিনোচে প্ৰথমে জঁ-লুক গোডাৰ্ড (হেইল মেৰী, ১৯৮৫), জেক ডইল্লন (ফেমিলি লাইফ, ১৯৮৫) আৰু আন্দ্ৰে টেচিনৰ দৰে অ’ট্যুৰ পৰিচালকৰ সৈতে কাম কৰি স্বীকৃতি লাভ কৰিছিল; টেচিনে তেওঁৰ ড্ৰামা চিনেমা ৰাণ্ডেভউচ (১৯৮৫)-ত বিনোচেক মুখ্য চৰিত্ৰত অভিনয় কৰাই ফ্ৰান্সৰ এগৰাকী তাৰকা হিচাপে গঢ়ি তুলিছিল। ক্ৰিজষ্টফ কিছলোস্কিৰ থ্ৰী কালাৰ্ছ: ব্লু (১৯৯৩) ছবিত এগৰাকী শোকগ্ৰস্ত সংগীত ৰচনাকাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ ভলপি কাপ আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ চিজাৰ বঁটা লাভ কৰে। লগতে দ্য ইংলিছ পেচেণ্ট (১৯৯৬) ছবিত এগৰাকী নাৰ্ছৰ চৰিত্ৰত অভিনয় কৰি তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ একাডেমী বঁটা লাভ কৰে। ৰোমাণ্টিক ছবি চকলেট (২০০০)-ত অভিনয়ৰ বাবে বিনোচে শ্ৰেষ্ঠ অভিনেত্ৰীৰ একাডেমী বঁটাৰ মনোনয়ন লাভ কৰিছিল। ২০১০ চনত আব্বাছ কিয়াৰোষ্টামিৰ চাৰ্টিফাইড কপি ছবিত এগৰাকী এন্টিক ডীলাৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ কান চলচ্চিত্ৰ মহোৎসৱৰ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰে। বিনোচে পৰৱৰ্তী সময়ত ক্লাউডছ অৱ ছিলছ মাৰিয়া (২০১৪), হাই লাইফ (২০১৮), দ্য টেষ্ট অৱ থিংছ (২০২৩) আৰু দ্য ৰিটাৰ্ণ (২০২৪) আদি ছবিত অভিনয় কৰিছে।

বিনোচে মাজে মাজে মঞ্চতো অভিনয় কৰিছে, যাৰ ভিতৰত বিশেষভাৱে উল্লেখযোগ্য হ’ল ১৯৯৮ চনত লুইজি পিৰাণ্ডেলোৰ নেকেডৰ ৱেষ্ট এণ্ড থিয়েটাৰ প্ৰডাকচন আৰু ২০০০ চনত ব্ৰডৱেত হেৰল্ড পিণ্টাৰৰ বেট্ৰায়েলৰ প্ৰডাকচন। শেষৰখনৰ বাবে তেওঁ নাটকৰ শ্ৰেষ্ঠ অভিনেত্ৰী শিতানত টনী বঁটাৰ বাবে মনোনীত হৈছিল। ২০০৮ চনত তেওঁ আক্ৰাম খানৰ সহযোগত প্ৰস্তুত কৰা এটা আধুনিক নৃত্য প্ৰডাকচন ইন-আইৰ সৈতে বিশ্ব ভ্ৰমণ আৰম্ভ কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

বিনোচেৰ জন্ম পেৰিছত হৈছিল। তেওঁৰ পিতৃ জঁ-মেৰী বিনোচে এজন পৰিচালক, অভিনেতা আৰু ভাস্কৰ্যশিল্পী আছিল আৰু মাতৃ মনিক ইভেট ষ্টালেনচ (জন্ম ১৯৩৯) এগৰাকী শিক্ষয়িত্ৰী, পৰিচালক আৰু অভিনেত্ৰী।[2] তেওঁৰ পিতৃ এজন ফৰাচী লোক, যাৰ পূৰ্বপুৰুষৰ এঅষ্টমাংশ পৰ্তুগীজ-ব্ৰাজিলিয়ান মূলৰ; তেওঁৰ ফৰাচী মূলৰ পিতৃ-মাতৃয়ে তেওঁক মৰক্কোত ডাঙৰ-দীঘল কৰিছিল।[3][4][5] তেওঁৰ মাতৃৰ জন্ম পোলেণ্ডৰ চেষ্টোচোভাত হৈছিল।[6] বিনোচেৰ মাতামহ আন্দ্ৰে ষ্টালেনচ পোলেণ্ডত জন্মগ্ৰহণ কৰিছিল আৰু তেওঁ বেলজিয়ান (ৱালুন) তথা ফৰাচী মূলৰ আছিল। আনহাতে মাতামহী জুলিয়া হেলেনা ম্লিনাৰ্চিক পোলেণ্ডৰ আছিল।[7] তেওঁলোক দুয়ো চেষ্টোচোভাত জন্মগ্ৰহণ কৰা অভিনেতা আছিল; জাৰ্মান নাজী দখলদাৰীসকলে তেওঁলোকক বুদ্ধিজীৱী হোৱাৰ বাবে আউচৱিটজ কনচেণ্ট্ৰেচন কেম্পত বন্দী কৰি ৰাখিছিল।[6][8][9]

তেওঁৰ আজু-খুড়া লিয়ন বিনোচে আছিল এজন ৰাগবী খেলুৱৈ, যিয়ে ১৯০০ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিছিল।[10]

১৯৬৮ চনত বিনোচেৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হোৱাত চাৰি বছৰীয়া জুলিয়েট আৰু তেওঁৰ ভগ্নী মেৰিয়নক এখন প্ৰাদেশিক বৰ্ডিং স্কুললৈ পঠিওৱা হয়।[11] কিশোৰী অৱস্থাত বিনোচে ভগ্নীদ্বয়ে তেওঁলোকৰ স্কুলৰ বন্ধবোৰ মাতামহীৰ লগত কটাইছিল আৰু কেইবামাহো ধৰি পিতৃ-মাতৃক দেখা নাছিল। বিনোচে উল্লেখ কৰিছে যে পিতৃ-মাতৃৰ এই অনুপস্থিতিয়ে তেওঁৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছিল।[12]

পঢ়া-শুনাত তেওঁ খুব এটা আগৰণুৱা নাছিল আৰু কিশোৰ অৱস্থাতেই তেওঁ স্কুলৰ অপেচাদাৰী নাটকত অভিনয় কৰিবলৈ আৰম্ভ কৰিছিল। সোতৰ বছৰ বয়সত তেওঁ ইউজিন আয়নেস্ক’ৰ নাটক এক্সিট দ্য কিং-ৰ এটি ছাত্ৰ প্ৰডাকচনত পৰিচালনা আৰু অভিনয় কৰিছিল। তেওঁ ‘কনজাৰভেটৰী নেচনেল চুপাৰিয়ৰ ডি আৰ্ট ড্ৰামাটিক’ (CNSAD)-ত অভিনয়ৰ শিক্ষা গ্ৰহণ কৰিছিল, কিন্তু পাঠ্যক্ৰম ভাল নাপাই তেওঁ কিছু সময়ৰ পিছতেই সেয়া এৰি দিছিল।[13] ১৯৮০ চনৰ আৰম্ভণিতে এজন বন্ধুৰ জৰিয়তে তেওঁ এজন এজেণ্ট বিচাৰি পায় আৰু এটা থিয়েটাৰ গোটত যোগদান কৰে। তেওঁ "জুলিয়েট এড্ৰিয়ান" ছদ্মনামেৰে ফ্ৰান্স, বেলজিয়াম আৰু চুইজাৰলেণ্ডত ভ্ৰমণ কৰিছিল।[14] এই সময়ছোৱাত তেওঁ অভিনয় প্ৰশিক্ষক ভেৰা গ্ৰেগৰ ওচৰত শিক্ষা আৰম্ভ কৰিছিল।[15]

পেশাদাৰী পৰ্দাত তেওঁৰ প্ৰথম অভিজ্ঞতা আছিল জেক ফেনষ্টেনৰ দ্বাৰা পৰিচালিত তিনিটা খণ্ডৰ ধাৰাবাহিক ডৰোথী, ডানচিউজ ডি কৰ্ড (১৯৮৩)-ত এগৰাকী অতিৰিক্ত শিল্পী হিচাপে। ইয়াৰ পিছত পিয়েৰিক গুইনাৰ্ডৰ দ্বাৰা পৰিচালিত টেলিভিছন ছবি ফ’ৰ্ট ব্লকি-তো একেধৰণৰ এটি সৰু চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছতে বিনোচেয়ে পাস্কেল কানেৰ লিবাৰ্টি বেল (১৯৮৩)-ত এটা সৰু চৰিত্ৰৰ জৰিয়তে তেওঁৰ প্ৰথম পূৰ্ণদৈৰ্ঘ্য চলচ্চিত্ৰত আত্মপ্ৰকাশ কৰে। ছেটত তেওঁৰ মাত্ৰ দুদিনৰ কাম আছিল, কিন্তু ইয়ে বিনোচেক চলচ্চিত্ৰ জগতত কেৰিয়াৰ গঢ়িবলৈ অনুপ্ৰাণিত কৰিবলৈ যথেষ্ট আছিল।[13]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Brooks, Xan (10 May 2015). "Juliette Binoche: 'Depardieu wanted to kill me. But I am still here'". The Guardian. https://www.theguardian.com/film/2015/may/10/juliette-binoche-sils-marie--interview-ruthless-depardieu-wanted-to-kill-me. 
  2. "Monique Stalens | Actress" (en-US ভাষাত). IMDb. https://www.imdb.com/name/nm3609447/। আহৰণ কৰা হৈছে: 28 January 2024. 
  3. Juliette Binoche, 'Breaking and Entering' Archived 8 November 2012 at the Wayback Machine, Debruge, Peter; Variety, 12 December 2006. Retrieved 18 April 2011
  4. "Ancêtres de Juliette Anne Marie Binoche". Illus-tree.voila.net. Archived from the original on 2 December 2013. https://web.archive.org/web/20131202231104/http://illus-tree.voila.net/binoche/pafg01.htm#59। আহৰণ কৰা হৈছে: 19 April 2014. 
  5. David Kaufman (29 November 2009). "A Starry Night in Morocco". The Daily Beast. http://www.thedailybeast.com/articles/2009/11/29/a-starry-night-in-morocco.html। আহৰণ কৰা হৈছে: 19 April 2014. 
  6. 6.0 6.1 "Częstochowa & Juliette Binoche". Womkat.edu.pl. http://www.womkat.edu.pl/files/standaryzacja/Materialydydaktyczne/Przykladowy_WEBQUEST/wu/uk/drzewo.htm। আহৰণ কৰা হৈছে: 19 April 2014. 
  7. "Moja babcia była Polką" (pl ভাষাত). Czestochowa.naszemiasto.pl. 13 April 2007. Archived from the original on 2 December 2013. https://web.archive.org/web/20131202224343/http://czestochowa.naszemiasto.pl/archiwum/1428978,moja-babcia-byla-polka,id,t.html। আহৰণ কৰা হৈছে: 19 April 2014. 
  8. Juliette Binoche: Femme Fatale, Groskop, Viv; The Daily Telegraph (London), 1 September 2007. Retrieved 18 April 2011
  9. "Częstochowa & Juliette Binoche : Summary". Womkat.edu.pl. http://www.womkat.edu.pl/files/standaryzacja/Materialydydaktyczne/Przykladowy_WEBQUEST/wu/uk/6.htm। আহৰণ কৰা হৈছে: 19 April 2014. 
  10. worldrugby.org. "Five forgotten facts about the first ever Olympic Crunch | World Rugby". www.world.rugby. https://www.world.rugby/news/575375/five-forgotten-facts-about-first-ever-olympic-crunch। আহৰণ কৰা হৈছে: 8 September 2024. 
  11. Inside the Actors Studio; Lipton, James; 27 October 2002; season 9, episode 2
  12. Imagine...: Dangerous Liaisons, When Akram met Juliette; Yentob, Alan; 14 October 2008. Retrieved 18 April 2011
  13. 13.0 13.1 L'Année Juliette; Première, September 1995; issue 222, p 83; (French language)
  14. The Sunshine Girls; Bignell, Darren; Empire, March 1997; iss 94, p 63
  15. Juliette Binoche Biography Britannica Online Encyclopedia. Retrieved 18 April 2011

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]