জুলিয়েট লিউইচ
| জুলিয়েট লিউইচ | |
|---|---|
২০২৪ চনত লিউইচ | |
| জন্ম | জুলিয়েট লেক লিউইচ ২১ জুন, ১৯৭৩ (৫২ বছৰ) লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৮০–বৰ্তমান |
| দাম্পত্যসঙ্গী | ষ্টিভ বেৰা (বি. ১৯৯৯; বিবি. ২০০৩) |
| 'সঙ্গীত যাত্ৰা' | |
| সংগীতৰ ধৰণ |
|
| বাদ্যযন্ত্ৰ | কণ্ঠশিল্পী |
| লেবেল |
|
| সদস্য হিচাপে |
|
জুলিয়েট লেক লিউইচ (ইংৰাজী: Juliette Lake Lewis; জন্ম: ২১ জুন, ১৯৭৩) এগৰাকী আমেৰিকান অভিনেত্ৰী, গায়িকা আৰু সংগীতজ্ঞ। তেওঁ বিশেষকৈ ব্যতিক্ৰমী চৰিত্ৰত কৰা অভিনয়ৰ বাবে পৰিচিত, যিবোৰ প্ৰায়ে অন্ধকাৰ কাহিনী আৰু পটভূমিৰ চলচ্চিত্ৰত দেখা পোৱা যায়।[2] ১৯৯০ চনৰ আৰম্ভণিতে কেইবাখনো স্বতন্ত্ৰ আৰু আৰ্ট চলচ্চিত্ৰত অভিনয় কৰি লিউইচে আমেৰিকান চিনেমা জগতত জনপ্ৰিয়তা অৰ্জন কৰিছিল।[3] লিউইচৰ সন্মানৰ ভিতৰত এটা একাডেমী বঁটা, এটা গোল্ডেন গ্লোব বঁটা আৰু দুটা প্ৰাইমটাইম এমি বঁটাৰ মনোনয়ন উল্লেখযোগ্য।
অভিনেতা জেফ্ৰি লিউইচৰ কন্যা জুলিয়েটে ১৪ বছৰ বয়সত টেলিভিছনৰ জৰিয়তে কেৰিয়াৰ আৰম্ভ কৰিছিল। ইয়াৰ পিছত ১৯৮৮ চনত মাই ষ্টেপমাদাৰ ইজ এন এলিয়েন ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। পৰৱৰ্তী সময়ত তেওঁ নেশ্যনেল লেম্পুনছ ক্ৰীষ্টমাছ ভেকেশ্যন (১৯৮৯) আৰু মাৰ্টিন স্কৰচেজৰ কেপ ফিয়েৰ (১৯৯১) ছবিত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। শেষৰখন ছবিৰ বাবে তেওঁ শ্ৰেষ্ঠ সহযোগী অভিনেত্ৰীৰ অস্কাৰ মনোনয়ন লাভ কৰিছিল। তেওঁৰ অন্যান্য উল্লেখযোগ্য ছবিসমূহৰ ভিতৰত আছে হাজবেণ্ডছ এণ্ড ৱাইভছ (১৯৯২), কেলিফৰ্ণিয়া, হোৱাটছ ইটিং গিলবাৰ্ট গ্ৰেপ (দুয়োখন ১৯৯৩), নেচাৰেল বৰ্ণ কিলাৰ্ছ (১৯৯৪), ষ্ট্ৰেঞ্জ ডেজ (১৯৯৫) আৰু ফ্ৰম ডাস্ক টিল ডন (১৯৯৬)।
লিউইচে হিষ্টেৰিকেল ব্লাইণ্ডনেচ (২০০২) নামৰ টেলিভিছন ছবিখনৰ বাবে এটা এমি বঁটাৰ মনোনয়ন লাভ কৰিছিল। ইয়াৰ পিছত তেওঁ মূলসুঁতিৰ ছবি এনাফ (২০০২), ক’ল্ড ক্ৰীক মেনৰ, অ’ল্ড স্কুল (দুয়োখন ২০০৩) আৰু ষ্টাৰস্কি এণ্ড হাচ (২০০৪) ত সহ-অভিনয় কৰে। ২০০৩ চনত তেওঁ সংগীত জগতত ভৰি দিয়ে আৰু ‘জুলিয়েট এণ্ড দ্য লিক্ছ’ নামৰ এটা ৰক বেণ্ড গঠন কৰে। ২০০৯ চনৰ পৰা তেওঁ একক শিল্পী হিচাপেও সংগীত পৰিৱেশন কৰি আহিছে। ২০১০-ৰ দশকত তেওঁৰ অভিনীত ছবিসমূহৰ ভিতৰত কনভিকশ্যন (২০১০), দ্য চুইচ (২০১০), আগষ্ট: অছেজ কাউণ্টি (২০১৩) আৰু মা (২০১৯) অন্যতম। ২০১৫ চনৰ পৰা তেওঁ টেলিভিছনত অধিক সক্ৰিয় হৈ পৰে আৰু ৱেৱাৰ্ড পাইনছ (২০১৫), চিক্ৰেটছ এণ্ড লাইছ (২০১৫–২০১৬), কুৱেৰ এজ ফ’ক, ৱেলকাম টু চিপেণ্ডেলছ (দুয়োখন ২০২২) আৰু য়েলোজেকেটছ (২০২১–২০২৩) আদি ধাৰাবাহিকত মুখ্য চৰিত্ৰত অভিনয় কৰে।
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]জুলিয়েট লেক লিউইচৰ জন্ম ১৯৭৩ চনৰ ২১ জুনত কেলিফৰ্ণিয়াৰ লছ এঞ্জেলছত হৈছিল। তেওঁৰ পিতৃ আছিল অভিনেতা জেফ্ৰি লিউইচ আৰু মাতৃ আছিল তেওঁৰ প্ৰথম পত্নী গ্লেনিছ (পূৰ্বৰ নাম ডুগান) বেটলি, যি এগৰাকী গ্ৰাফিক ডিজাইনাৰ।[4] এগৰাকী সতীয়া ভগ্নীকে ধৰি তেওঁৰ মুঠ আঠজন ভাই-ভগ্নী আছে।[5][6][7][8]
লিউইচৰ দুই বছৰ বয়সতে পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয় আৰু তেওঁ লছ এঞ্জেলছ এলেকাত পিতৃ-মাতৃ উভয়ৰে ঘৰত শৈশৱ অতিবাহিত কৰে।[4] তেওঁ কিছু সময়ৰ বাবে অভিনেত্ৰী কাৰেন ব্লেকৰ সৈতেও বাস কৰিছিল, যি তেওঁৰ বাবে এগৰাকী পৰামৰ্শদাতা (মেণ্টৰ) আছিল।[9] লিউইচে ১৫ বছৰ বয়সতে হাইস্কুলীয়া শিক্ষা আধাতে এৰি দিছিল।[9]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Could Cause Nausea: Juliette and the Licks". The Washington Post. November 8, 2007. https://www.washingtonpost.com/express/wp/2007/11/08/could_cause_nausea_juliette_the_licks/.
- ↑ "Lewis loosens up". The Star Online. March 13, 2012. Archived from the original on December 17, 2019. https://web.archive.org/web/20191217145948/https://www.thestar.com.my/lifestyle/entertainment/movies/news/2012/03/13/lewis-loosens-up/। আহৰণ কৰা হৈছে: September 20, 2018.
- ↑ "In pictures: Juliette Lewis". The Telegraph. March 2, 2006. https://www.telegraph.co.uk/culture/film/3675387/In-pictures-Juliette-Lewis.html?image=2. "After that she became an It-girl for edgy American cinema in the 1990s, appearing in What's Eating Gilbert Grape, Strange Days, Kalifornia, The Basketball Diaries and more."
- ↑ 4.0 4.1 Cochrane, Kira (September 16, 2008). "'I'm a man-loving feminist'". The Guardian. https://www.theguardian.com/lifeandstyle/2008/sep/17/women.popandrock। আহৰণ কৰা হৈছে: March 22, 2019.
- ↑ Brockington, Ryan (March 10, 2010). "Watch Juliette Lewis new music video 'Uh Huh' – PopWrap". New York Post. Archived from the original on March 17, 2010. https://web.archive.org/web/20100317184412/http://www.nypost.com/p/blogs/popwrap/the_touch_the_feel_of_juliette_lewis_8F60oa8xk2Gct8PSojnzzI.
- ↑ "Millard Kaufman". Turner Classic Movies. http://www.tcm.com/tcmdb/participant.jsp?spid=113266। আহৰণ কৰা হৈছে: July 3, 2010.
- ↑ Garnett, Daisy (June 11, 2006). "Rock and role". The Daily Telegraph. https://www.telegraph.co.uk/fashion/stellamagazine/3354230/Rock-and-role.html.
- ↑ Slotnick, Daniel E. (April 9, 2015). "Geoffrey Lewis, Actor in Clint Eastwood Films, Dies at 79". The New York Times. https://www.nytimes.com/2015/04/10/movies/geoffrey-lewis-actor-in-clint-eastwood-films-dies-at-79.html.
- ↑ 9.0 9.1 Buchanan, Jason. "Juliette Lewis Biography". Fandango. https://www.fandango.com/people/juliette-lewis-397049/biography.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| ৱিকিমিডিয়া কমন্সত Juliette Lewis সম্পৰ্কীয় মিডিয়া ফাইল আছে। |
- [http:// আধিকাৰিক ৱেবছাইট]
- জুলিয়েট লিউইচ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- সাঁচ:Discogs artist