জুলি অক'
জুলিয়ানা (জুলি) ওমনুকপন ওমোইফো অক' (ইংৰাজী: Juliana (Julie) Omonukpon Omoifo Okoh, জন্ম-উবিয়াজা, ৫ আগষ্ট ১৯৪৭) এগৰাকী নাইজেৰিয়ান নাট্যকাৰ, শিক্ষাবিদ আৰু নাৰীবাদী কৰ্মী যি ২০০৪ চনৰ পৰা ২০১৭ চনলৈকে প'ৰ্ট হাৰক'ৰ্ট বিশ্ববিদ্যালয়ৰ নাট্য তত্ত্বৰ অধ্যাপিকা আছিল৷ সমাজৰ নাৰী সম্পৰ্কীয় বিষয়সমূহৰ সৈতে মোকাবিলা কৰা তেওঁৰ নাটসমূহৰ ভিতৰত আছে-দ্য মেনেকিনছ (১৯৯৭), এডৱেড (২০০০) আৰু ক্ল’জড ড’ৰ্ছ (২০০৭)।[1] [2] [3]ফুলব্ৰাইটৰ পণ্ডিত আৰু ২০১১ চনত ছ'চাইটি অৱ নাইজেৰিয়ান থিয়েটাৰ আৰ্টিষ্ট (SONTA)ৰ পৰা তেওঁ জীৱনজোৰা কৃতিত্ব বঁটা লাভ কৰে।
জীৱনী
[সম্পাদনা কৰক]নাইজেৰিয়াৰ দক্ষিণৰ ইডো ৰাজ্যৰ উবিয়াজাত জন্মগ্ৰহণ কৰা জুলিয়ানা ওমোনুকপন ওমোইফো অগাস্টিন আজামুওইছা ওম’ইফো, এগৰাকী শিক্ষক আৰু আদালতৰ কেৰাণী৷ তেওঁৰ মাক এগৰাকী চিলাইকাৰী আৰু ষ্ট’ৰ মেনেজাৰ। সামান্য ঘৰত ডাঙৰ-দীঘল হোৱা জুলি আঠটা সন্তানৰ পৰিয়ালত পঞ্চমজনী আছিল। তেওঁৰ পিতৃ-মাতৃ দুয়োজনেই সাংস্কৃতিকভাৱে সক্ৰিয় আছিল৷ তেওঁৰ পিতৃয়ে সংগীত ভাল পাইছিল আৰু গীটাৰ বজাইছিল৷ আনহাতে মাক এগৰাকী পৰম্পৰাগত গল্পকাৰ আছিল যিয়ে ইখিঅ' নৃত্য-নাটকত অংশগ্ৰহণ কৰিছিল।[4][5] প'ৰ্ট হাৰক'ৰ্ট বিশ্ববিদ্যালয়ৰ শিক্ষাৰ বিশেষজ্ঞ অধ্যাপক জোচেফ ড'নাটাছ অক' (জন্ম ১৯৪১)ৰ সৈতে তেওঁৰ বিবাহ হয়।[6] তেওঁলোকৰ চাৰিটা সন্তান আছে।[4]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Ohoh, Julie (Prof)". Directory of Nigerian Female Authors. Archived from the original on 22 April 2016. https://web.archive.org/web/20160422030414/http://dinfa.studiesonafrica.com/directory/drama/julie-okoh। আহৰণ কৰা হৈছে: 13 May 2020.
- ↑ Imo, Edward Egbo (2018). "The "Chauvinistic" Men of Julie Ohoh: Victins of Feminist Bias". Journal of Gender and Power, Vol. 10, No. 2. http://gender-power.amu.edu.pl/wp-content/uploads/2019/02/JGP_Vol_10_No_2_D.pdf। আহৰণ কৰা হৈছে: 13 May 2020.
- ↑ Fasoranti, Abiola Olubunmi, Abiola (2011). "A Study of Julie Okoh as a Nigerian Female Playwright-Director". The Performer, Vol. 13. পৃষ্ঠাসমূহ: 58–66. http://ejournals.unilorin.edu.ng/journals/index.php/tpijpa/issue/download/159/Abiola+&cd=1&hl=en&ct=clnk&gl=lu। আহৰণ কৰা হৈছে: 13 May 2020.[সংযোগবিহীন উৎস]
- ↑ 4.0 4.1 Ekeikhomen Ejeke, Philomena (30 October 2012). "Citation on Professor Juliana Omonukpon Omoifo Okoh in Towards Feminist Theatre in Nigeria". University of Port Harcourt. পৃষ্ঠা: 95-. Archived from the original on 24 September 2020. https://web.archive.org/web/20200924083817/https://www.uniport.edu.ng/files/Inaugural%20Lectures/95th%20%20Inaugural%20Lecture_2012%20by%20Prof%20Juliana%20Okoh.pdf। আহৰণ কৰা হৈছে: 13 May 2020.
- ↑ (Jr.), Kevin J. Wetmore (2019). Representing Africa in the Motherland and the Diaspora: Essays on Theatre, Dance, Music and Cinema. Cambridge Scholars Publishing. পৃষ্ঠা. 53–. ISBN 978-1-5275-2606-8. https://books.google.com/books?id=ZDaEDwAAQBAJ&pg=PA53.
- ↑ Celebrating our teacher & mentor @ 70 : essays in honour of Professor Joseph Donatus Okoh. WorldCat. OCLC 1031404025. https://www.worldcat.org/oclc/1031404025। আহৰণ কৰা হৈছে: 14 May 2020.