জুলি ডেলপৰ্ট
| জুলি ডেলপৰ্ট | |
|---|---|
২০১৬ত মণ্ট্ৰিয়েলত জুলি ডেলপৰ্ট | |
| জন্ম | ১৯৮৩ (বয়স ৪২–৪৩) চেইণ্ট মালো, ফ্ৰান্স |
| ৰাষ্ট্ৰীয়তা | কানাডিয়ান |
| ৱেবছাইট | |
| http://ledernierkilometre.blogspot.com/ | |
জুলি ডেলপৰ্ট (ইংৰাজী: Julie Delporte; জন্ম: ১৯৮৩) এগৰাকী ফৰাচী-কানাডিয়ান কাৰ্টুনকাৰ আৰু চিত্ৰকৰ। তেওঁ কানাডাৰ ক্যুবেকৰ মণ্ট্ৰিয়েলত বাস কৰে।[1][2]
জীৱনী
[সম্পাদনা কৰক]২০০৫ চনত ডেলপৰ্টে ফ্ৰান্সৰ চেণ্ট-মালোৰ পৰা মণ্ট্ৰিয়েললৈ গুচি আহে।[3] লিখি ভাল পাইছিল বাবে ফ্ৰান্সত সাংবাদিকতা অধ্যয়ন কৰিছিল যদিও তেওঁ সাংবাদিক হৈ ভাল নাপালে। ডেলপৰ্টে আৰ্ট স্কুলত পঢ়া নাছিল বা শিল্পী হিচাপে জীয়াই থকা আৰু কাম কৰাৰ বাবে পৰিয়ালৰ আদৰ্শ নাছিল আৰু মণ্ট্ৰিয়েললৈ যোৱাৰ পিছতহে তেওঁ "শিল্পী হোৱাৰ সামাজিক আৰু অৰ্থনৈতিক সম্ভাৱনা" বুলি বৰ্ণনা কৰা অনুভৱটো বুজি উঠিছিল।[4] ২০১১ চনত ডেলপৰ্ট চেণ্টাৰ ফৰ কাৰ্টুন ষ্টাডিজৰ ফেলো আছিল।
মণ্ট্ৰিয়েলৰ বাৰ্ষিক "৪৮ হিউৰেছ" কমিক্স উৎসৱৰ অন্যতম আয়োজক আচিল ডেলপৰ্ট। ২০০৭ চনৰ পৰা তেওঁ কমিকছৰ ওপৰত এটা ৰেডিঅ' অনুষ্ঠান ডান্সটা বুলেৰ সহ-আয়োজক আছিল, যিটো এটা দশক ধৰি চলিছিল।[5] ২০১৭ চনত তেওঁ ৰোজালি লাভ'ই, কেথেৰিন অচেলট, মেৰী ছাউৰ আৰু ডেভিদ টাৰ্জিয়নৰ সৈতে ট্ৰিষ্টেছ আলোচনী প্ৰতিষ্ঠা কৰে।[6]
প্ৰভাৱ আৰু বিষয়বস্তু
[সম্পাদনা কৰক]ডেলপৰ্টে বেলজিয়ামৰ কাৰ্টুনকাৰ ডমিনিক গবলেটৰ প্ৰভাৱ তেওঁৰ কামৰ ওপৰত পৰিছে বুলি উল্লেখ কৰিছে,[7] আৰু জোয়ানা হেলগ্ৰেন, আমাণ্ডা ভাহামাকি, জিন-ক্ৰিষ্টোফ মেনু আৰু ডেভিদ লিবেন্সকো প্ৰেৰণাদাতা হিচাপে কৃতিত্ব দিছে। তেওঁ মুমিনছৰ সৃষ্টিকৰ্তা ট'ভ জেনছনক "কমিক্স ইতিহাসৰ প্ৰথমগৰাকী মহিলা যাৰ কাম আৰু জীৱনক মই ভাল পাইছিলোঁ" বুলিও বৰ্ণনা কৰিছে আৰু ২০১৯ চনৰ তেওঁৰ গ্ৰাফিক উপন্যাস ডিছ উইমেনছ ৱৰ্কত জেনছনক কেন্দ্ৰীয় ব্যক্তি হিচাপে অন্তৰ্ভুক্ত কৰিছে।[8]
ডেলপৰ্টে ৰঙীন পেঞ্চিলৰ সৈতে তেওঁৰ উত্তেজক অংকনৰ বাবে পৰিচিত, আৰু প্ৰায়ে তেওঁৰ প্ৰক্ৰিয়াক প্ৰতিফলিত কৰা টেপ বা অন্যান্য চিহ্নসমূহ অন্তৰ্ভুক্ত কৰে। ইচ্ছাকৃতভাৱে অনন্য অংকন শৈলী গঢ়ি তুলিবলৈ তেওঁ নিজৰ কেৰিয়াৰৰ আৰম্ভণিতে ৰঙীন পেঞ্চিলৰ কাম আৰম্ভ কৰে।[9] তেওঁৰ লেখাৰ বৈশিষ্ট্য হৈছে প্ৰায়ে ডায়েৰীৰ দৰে গল্প কোৱা, আৰু অন্যান্য সাংস্কৃতিক বা ঐতিহাসিক ব্যক্তিৰ উদ্ধৃতি বা মধ্যৱৰ্তী, বিশেষকৈ মহিলা শিল্পী আৰু লেখিকা (যেনে ভাৰ্জিনি ডেচপেণ্টেছ, এনি আৰ্নাক্স, এলিনা ফেৰাণ্টে, চাণ্টাল আকাৰমেন, জেনেভিভ কেষ্ট্ৰি, কেট বুছ আৰু অন্যান্য),[10] আৰু শিল্প নিৰ্মাণক এক প্ৰকাৰৰ "সামূহিক বুদ্ধিমত্তা" হিচাপে বৰ্ণনা কৰে অন্য শিল্পী, চিন্তাবিদ আৰু পাঠকৰ সৈতে সংলাপ।[11] ডেলপৰ্টৰ ৰচনাত প্ৰায়ে নাৰীত্ব আৰু নাৰীৰ শ্ৰম, নাৰীবাদ আৰু নাৰীবাদী বৌদ্ধিক পৰম্পৰা, মানসিক স্বাস্থ্য, খং, যৌনতা আৰু যৌন নিৰ্যাতনৰ বিষয়বস্তুৰ বিষয়ে আলোচনা কৰা হয়।[12]
প্ৰকাশন
[সম্পাদনা কৰক]- এনকোৰ কা (Encore ça), Colosse, 2008
- লে ৰিভে দে লা কেটাস্ত্ৰফ (Le Rêve de la catastrophe), Colosse, 2009, with Vincent Giard
- লে ডাৰনেৰ কিলোমিটাৰ নং ওৱান(Le Dernier kilomètre No. 1), Colosse, 2011
- লা বেদে-ৰিয়েলিতে:লা বেন্দ দিজিনি অটোবায়োগ্ৰাফিক এ ল্হুৰে দেচ টেকনোলোজিচ নিউমাৰিকচ্(La Bédé-réalité: La band dessinée autobiographique à l'heure des technologies numériques), Colosse / Essais, 2011
- লে কাৰ্ণেট ব্লু(Le Carnet bleu), Colosse, 2011
- লে ডাৰ্ণেৰ কিলোমিটাৰ নং ২(Le Dernier kilomètre No. 2), Colosse, 2012
- জাৰ্ণেল(Journal), Koyama Press Archived 2015-08-15 at the Wayback Machine, 2013
- জে চুইচ আন ৰাটোন লেভৰ(Je suis un raton laveur) La courte échelle, 2013
- জাৰ্ণেল(Journal ), L'Agrume, 2014
- এভ্ৰিহোৱেৰ এণ্টেনাজ (Everywhere Antennas), Drawn & Quarterly, 2014
- জে ভইচ এণ্টেনিচ প’ৰ্ট’ট(Je vois des antennes partout), Pow Pow, 2015
- ম’ই অ’চি জে ভউলেচ এম্পোৰ্টাৰ (Moi aussi je voulais l'emporter), Pow Pow, 2017
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ "CCS Fellow: Julie Delporte". cartoonstudies.org. Archived from the original on 2016-08-17. https://web.archive.org/web/20160817014729/http://www.cartoonstudies.org/index.php/2011/10/11/ccs-fellow-julie-delporte/#more-4568। আহৰণ কৰা হৈছে: 2012-08-07.
- ↑ "Exhibitors: Julie Delporte". torontocomics.com. Archived from the original on 2012-05-26. https://web.archive.org/web/20120526003850/http://torontocomics.com/exhibitors/julie-delporte/.
- ↑ "Contributors: Julie Delporte". comicsaspoetry.com. Archived from the original on 2012-09-28. https://web.archive.org/web/20120928060950/http://www.comicsaspoetry.com/contributors.html। আহৰণ কৰা হৈছে: 2012-10-12.
- ↑ Brown, Hillary (February 28, 2019). "Julie Delporte on Process, Tove Jansson & This Woman's Work". Paste Magazinepastemagazine.com. https://www.pastemagazine.com/comics/julie-delporte/julie-delporte-on-process-tove-jansson-this-womans। আহৰণ কৰা হৈছে: November 29, 2021.
- ↑ "Dans ta bulle!". www.choq.ca. Archived from the original on 2019-03-30. https://web.archive.org/web/20190330200906/https://www.choq.ca/emissions-details/danstabulle/। আহৰণ কৰা হৈছে: 2019-03-30.
- ↑ "La direction change dans plusieurs magazines de création littéraire au Québec" (fr ভাষাত). Le Devoir. 13 January 2018. https://www.ledevoir.com/lire/517355/grand-angle-nouvelles-gardes-en-revue। আহৰণ কৰা হৈছে: 2019-03-30.
- ↑ "Exit Interview: Julie Delporte". cartoonstudies.org. Archived from the original on 2016-03-04. https://web.archive.org/web/20160304003244/http://www.cartoonstudies.org/schulz/blog/?p=3152। আহৰণ কৰা হৈছে: 2025-03-22.
- ↑ Brown, Hillary (February 28, 2019). "Julie Delporte on Process, Tove Jansson & This Woman's Work". Paste Magazinepastemagazine.com. https://www.pastemagazine.com/comics/julie-delporte/julie-delporte-on-process-tove-jansson-this-womans। আহৰণ কৰা হৈছে: November 29, 2021.
- ↑ Brown, Hillary (February 28, 2019). "Julie Delporte on Process, Tove Jansson & This Woman's Work". Paste Magazinepastemagazine.com. https://www.pastemagazine.com/comics/julie-delporte/julie-delporte-on-process-tove-jansson-this-womans। আহৰণ কৰা হৈছে: November 29, 2021.
- ↑ Jacobs, Rita (Summer 2019). "This Woman's Work by Julie Delporte". World Literature Todayworldliteraturetoday.org. https://www.worldliteraturetoday.org/2019/summer/womans-work-julie-delporte। আহৰণ কৰা হৈছে: November 29, 2021.
- ↑ McNamara, Nathan Scott (March 31, 2019). ""Here is How I Became a Feminist, and Here is Why This is the Best Thing That Ever Happened to Me": Julie Delporte on This Woman's Work". LA Review of Booksblog.lareviewofbooks.org. https://blog.lareviewofbooks.org/interviews/became-feminist-best-thing-ever-happened-julie-delporte-womans-work। আহৰণ কৰা হৈছে: November 29, 2021.
- ↑ Ro, Christine (February 12, 2019). ""A Potent, Personal Comic on Women's Work and Anger"". Hyperallergichyperallergic.com. https://hyperallergic.com/484365/this-womans-work-julie-delporte। আহৰণ কৰা হৈছে: November 29, 2021.