সমললৈ যাওক

জুলী (২০০৪ চলচ্চিত্ৰ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুলী

পোষ্টাৰ
পৰিচালক দীপক শিৱদাসানী
প্ৰযোজক জয় অগ্ৰৱাল
অভিনয়ত নেহা ধুপিয়া
প্ৰিয়াংশু চেটাৰ্জী
যশ টংক
মুক্তি
২৩ জুলাই ২০০৪ (2004-07-23)
দেশ ভাৰত
ভাষা হিন্দী

জুলী (ইংৰাজী: Julie ) এন আৰ পাচিছিয়াৰ প্ৰযোজিত আৰু দীপক শিৱদাসানীৰ পৰিচালিত, ২০০৪ চনত মুক্তি পোৱা এখন ভাৰতীয় হিন্দী এৰোটিক ছবি। ছবিখনত অভিনয় কৰিছে নেহা ধুপিয়া, প্ৰিয়াংশু চেটাৰ্জী, যশ টংক, সঞ্জয় কাপুৰ আৰু অচিন্ত কৌৰে।[1]

ইয়াৰ ছিকুৱেল জুলী ২ ছবিখনে দীপক শিৱদাসানীয়েও পৰিচালনা কৰিছে, য’ত ৰায় লক্ষ্মীয়ে অভিনয় কৰিছিল। আইনী সমস্যাৰ পিছত ২০১৭ চনৰ ২৪ নৱেম্বৰত মুক্তি পায়।[2]

গোৱাৰ ছোৱালী জুলিক (নেহা ধুপিয়া) যেতিয়া প্ৰেমিক নীলে (যশ টংক) এৰি দিয়ে, তেতিয়া তেওঁ মুম্বাইলৈ গুচি যায়। তাত তেওঁ বছ ৰোহনৰ (সঞ্জয় কাপুৰ) লগত অন্তৰংগ হৈ পৰে। প্ৰেমৰ ওপৰত বিশ্বাস হেৰুৱাই তেওঁ কল গাৰ্ল হোৱাৰ সিদ্ধান্ত লয়। কোটিপতি আৰু চহৰৰ অন্যতম যোগ্য বিবাহোপযোগ্য মিহিৰ শণ্ডিল্যৰ (প্ৰিয়াংশু চেটাৰ্জী) সৈতে হোৱা আকস্মিক সাক্ষাৎকাৰৰ ফলত তেওঁলোক ইজনে সিজনৰ প্ৰতি আকৰ্ষিত হয়। মিহিৰে তেওঁক বিয়াৰ প্ৰস্তাৱ দিয়ে। সকলো ঠিকেই আছে মাথোঁ মিহিৰ আৰু তেওঁৰ পৰিয়াল এই কথাটোৰ বিষয়ে অজ্ঞ যে জুলি এগৰাকী হাই প্ৰফাইল গণিকা। টিভিৰ এক সাক্ষাৎকাৰত মিহিৰে জুলিক তেওঁৰ জীৱনৰ ‘কোনোবা বিশেষ’ বুলি উল্লেখ কৰাত সকলো আচৰিত বয়। জুলি এতিয়া এক দ্বিধাগ্ৰস্থ; কেনেকৈ তেওঁ নিজৰ ভাবীস্বামীক তেওঁ জড়িত থকা সামাজিকভাৱে অগ্ৰাহ্য বৃত্তিৰ বিষয়ে কয়।[3]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]