জুহি চাওলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জুহি চাওলা

২০১৬ চনত জুহি
জন্ম ১৩ নৱেম্বৰ, ১৯৬৭ (৫৬ বছৰ)
আম্বালা, হাৰিয়ানা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পেচা
  • অভিনেত্ৰী
  • প্ৰযোজক
  • উদ্যোগী
সক্ৰিয় হৈ থকা সময় ১৯৮৪–বৰ্তমান
দাম্পত্যসঙ্গী জয় মেহতা, ১৯৯৫
সন্তান
বঁটা, সন্মান, পুৰস্কাৰ আদি ফিল্মফেয়াৰ


জুহি চাওলা (ইংৰাজী: Juhi Chawla; জন্ম: ১৩ নৱেম্বৰ, ১৯৬৭) হৈছে এগৰাকী ভাৰতীয় অভিনেত্ৰী, ছবি প্ৰযোজক আৰু উদ্যোগী৷ ১৯৮৪ চনত অনুষ্ঠিত হোৱা ফেমিনা মিছ ইণ্ডিয়াৰ খিতাপ দখল কৰি জুহি চাওলাই আশীৰ দশকৰ শেষৰফালে হিন্দী ছবিজগতৰ এগৰাকী প্ৰতিষ্ঠিত তাৰকা হিচাপে স্ব-প্ৰতিষ্ঠিত হয়৷ কমিক-টাইমিং আৰু প্ৰাণোচ্চল চিনেমেটিক উপস্থিতিৰ বাবে জনাজাত জুহি চাওলাই এঘাৰটা ফিল্মফেয়াৰ মনোনয়ন লাভ কৰিছে আৰু দুটাকৈ ফিল্মফেয়াৰ জয় কৰিছে৷[1][2][3][4]

১৯৮৬ চনত মুক্তিপ্ৰাপ্ত হিন্দী ছবি "ছুলটানত"ৰ জৰিয়তে চাওলাই হিন্দী ছবিৰ জগতত পদাৰ্পণ কৰে৷ তাৰ ঠিক দুবছৰৰ পাছতেই জুহী চাওলাই অভিনয় কৰা উল্লেখযোগ্য ছবি কয়ামট সে কয়ামট টক মুক্তি হয়৷ এইখন ছবি জুহি চাওলাৰ বাবে গুৰুত্বপূৰ্ণ টাৰ্ণি পইণ্ট হিচাপে বিবেচিত হয়৷ ছবিখনৰ জৰিয়তে তেখেতে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ নৱাগতাৰ সন্মান লাভ কৰে৷ পৰৱৰ্তী সময়ত জুহিয়ে লুটেৰে (১৯৯৩), আইনা (১৯৯৩), ডৰ (১৯৯৩), হাম হ্যেয় ৰাহী প্যাৰ কে (১৯৯৩) আদিৰ দৰে জনপ্ৰিয় ছবিত অভিনয় কৰি দৰ্শকৰ পৰা প্ৰশংসা আৰু সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ হাম হ্যে ৰাহী প্যাৰ কেৰ জৰিয়তে জুহিয়ে ফিল্মফেয়াৰৰ পৰা শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰে৷ ইয়েছ বছ, মিষ্টাৰ এণ্ড মিছেছ খিলাড়ী, ইশ্বক জুহি চাওলাই অভিনয় কৰা আন দুখনমান উল্লেখনীয় ছবি৷[5]

২০০৫ চনত জুহি চাওলাই স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰা কলাত্মক ছবিৰ অভিনয়ত গুৰুত্ব দিয়ে৷ ঝংকাৰ বিটছ (২০০৩), তিন দিৱাৰে (২০০৩), মাই ব্ৰাডাৰ নিখিল (২০০৫), গোলাব গেং (২০১৪) তাৰে মাজৰ কেইখনমান৷[6][7] ইয়াৰ উপৰি জুহিয়ে পাঞ্জাৱী ভাষাৰ একাধিক ছবিতো অভিনয় কৰে৷ তাৰে ভিতৰত শ্বহীদ উধাম সিং (২০০০) নামৰ আত্মজীৱনীমূলক ছবিখন অন্যতম৷

স্বামী জয় মেহতা, আৰু তাৰকা অভিনেতা শ্বাহৰুখ খানৰ লগত লগ হৈ জুহিয়ে ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত কলকাতা নাইট ৰাইডাৰ্ছ নামৰ দলটোৰ স্বত্বাধিকাৰী হয়৷ খানৰ লগত তেখেতে "ড্ৰিমছ আনলিমিটেড" নামৰ প্ৰযোজনা গোষ্ঠীটোও আৰম্ভণি কৰিছে৷ তেওঁলোকে এতিয়ালৈকে তিনিখন ছবি প্ৰযোজনা কৰিছে৷

প্ৰাৰম্ভিক জীৱন[সম্পাদনা কৰক]

১৯৬৭ চনৰ ১৩ নৱেম্বৰত হাৰিয়ানাৰ আম্বালাৰ জুহি চাওলাৰ জন্ম হয়৷ তেখেতৰ পিতৃ ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া আছিল৷[8] মু্ম্বাইস্থিত ফৰ্ট কনভেণ্ট স্কুলৰ পৰা জুহি চাওলাই স্কুলীয়া শিক্ষা সমাপ্ত কৰে৷[9] পৰৱৰ্তী সময়ত তেখেতে মুম্বাইৰ ছাইডেনহাম কলেজৰ পৰা স্নাতক ডিগ্ৰী লয়৷[10] ১৯৮৪ চনত, জুহি চাওলা ফেমিনা মিছ ইণ্ডিয়াৰ বিজয়ী হিচাপে ঘোষিত হয়৷[11] সেই বছৰতে অনুষ্ঠিত হোৱা ব্ৰহ্মাণ্ডসুন্দৰীৰ প্ৰতিযোগিতাতো জুহিয়ে শ্ৰেষ্ঠ সাজসজ্জাৰ বাবে বঁটা লাভ কৰে৷[12]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Verma, Sukanya (11 March 2004). "The real stars of Bollywood". Rediff.com. http://www.rediff.com/movies/2004/mar/11corner.htm। আহৰণ কৰা হৈছে: 29 May 2009. 
  2. Doval, Nikita (21 March 2005). "Juhi II". The Times of India (India). http://www1.timesofindia.indiatimes.com/articleshow/1058135.cms. 
  3. Taliculam, Sharmila (19 January 2000). "There have been many ups and downs". Rediff.com. http://www.rediff.com/movies/2000/jan/19juhi.htm। আহৰণ কৰা হৈছে: 29 May 2009. 
  4. "Not The End". প্ৰকাশক India: The Tribune. 10 May 2001. http://www.tribuneindia.com/2001/20010510/main8.htm#2। আহৰণ কৰা হৈছে: 10 August 2009. 
  5. "Top India Total Nett Gross 1997". Box Office Indiaboxofficeindia.com. https://boxofficeindia.com/years.php?year=1997&pageId=4। আহৰণ কৰা হৈছে: 30 April 2020. 
  6. Pereira, Priyanka (29 October 2012). "The Seriously Funny Actor". The Indian Express. http://archive.indianexpress.com/news/the-seriously-funny-actor/1023172/2. 
  7. Verma, Sukanya (19 March 2008). "Readers pick: Bollywood's most under-rated". Rediff.com. http://specials.rediff.com/movies/2008/mar/19slide5.htm। আহৰণ কৰা হৈছে: 21 April 2009. 
  8. "Shah Rukh is still very simple at heart: Juhi Chawla". The Times of India. 13 February 2014. http://m.timesofindia.com/entertainment/hindi/bollywood/news-interviews/Shah-Rukh-is-still-very-simple-at-heart-Juhi-Chawla/articleshow/30279122.cms. 
  9. "Never thought Juhi would take to acting". The Times of India. 13 January 2011. http://lite.epaper.timesofindia.com/mobile.aspx?article=yes&pageid=26&edlabel=TOIM&mydateHid=13-01-2011&pubname=Times+of+India+-+Mumbai+-+Times+Sport&edname=&articleid=Ar02607&format=&publabel=TOI. 
  10. "Biography for Juhi Chawla". imdb.com. https://www.imdb.com/name/nm0004487/bio। আহৰণ কৰা হৈছে: 8 April 2007. 
  11. Juhi Chawla - Femina 1990-1981! Contestants - Indiatimes.com Archived 2013-05-16 at the Wayback Machine. Feminamissindia.indiatimes.com (28 April 2011). Retrieved on 23 December 2013.
  12. "Miss Universe and Juhi Chawla". geocities.com. http://www.geocities.com/svg_graphix/। আহৰণ কৰা হৈছে: 8 April 2007.