জুহী পৰমাৰ
| জুহী পৰমাৰ | |
|---|---|
২০১২ চনত জুহী পৰমাৰ | |
| জন্ম | ১৪ ডিচেম্বৰ, ১৯৮০ (৪৫ বছৰ) উজ্জয়িনী, মধ্যপ্ৰদেশ, ভাৰত |
| পেচা | অভিনেত্ৰী |
| জনা যায় | কুমকুম – এক প্যাৰা চা বন্ধন, বিগ বছ ৫ |
| দাম্পত্যসঙ্গী | শচীন শ্ৰফ (বি. ২০০৯; divorce ২০১৮) |
| সন্তান | ১ |
জুহী পৰমাৰ (ইংৰাজী: Juhi Parmar; জন্ম: ১৪ ডিচেম্বৰ ১৯৮০) এগৰাকী ভাৰতীয় সূত্ৰধাৰ, অভিনেত্ৰী, উপস্থাপিকা, গায়িকা আৰু নৃত্যশিল্পী; যি মূলতঃ হিন্দী দূৰদৰ্শন জগতত কৰা কামৰ বাবে পৰিচিত।[1] তেওঁ সুদীৰ্ঘদিনীয়া ধাৰাবাহিক কুমকুম – এক প্যাৰা চা বন্ধন (২০০২–২০০৯)-ত কুমকুম চৰিত্ৰত আৰু কৰ্মফল দাতা শনিত দেৱী সন্ধ্যা তথা দেৱী ছায়াৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে বিশেষ জনপ্ৰিয়তা অৰ্জন কৰিছিল। ইয়াৰ উপৰি তেওঁ ৰিয়েলিটী শ্ব' বিগ বছ ৫ (২০১১–১২)-ৰ বিজয়ী আছিল।[2][3]
কৰ্মজীৱন
[সম্পাদনা কৰক]পৰমাৰে ১৯৯৮ চনত জি টিভিৰ ধাৰাবাহিক ৱহত সমিধা চৰিত্ৰৰ জৰিয়তে হিন্দী দূৰদৰ্শনত আত্মপ্ৰকাশ কৰে।[4]
চুটি বিৰতিৰ পিছত, ২০০০ চনত তেওঁ চনী এণ্টাৰটেইনমেণ্ট টেলিভিশ্যনৰ ধাৰাবাহিক চুড়িয়াঁত কাম কৰে।[5] ইয়াত তেওঁ মেঘনা নামৰ এগৰাকী মৰমিয়াল ভগ্নীৰ চৰিত্ৰত অভিনয় কৰিছিল যিয়ে এক ভয়ংকৰ দুৰ্ঘটনাত মাতৃক হেৰুৱাইছিল।[6] মুখ্য চৰিত্ৰত তেওঁৰ প্ৰথম অভিনয় আছিল শাহীন ধাৰাবাহিকত।[7] একে বছৰতে তেওঁ য়ে জীৱন হ্যায় আৰু ৰিশ্তেৰ প্ৰথম ছিজনত অভিনয় কৰে।[8] ২০০১ চনত তেওঁক ৰিশ্তেৰ দ্বিতীয় ছিজনত দেখা গৈছিল আৰু ৰঙাই জানে ৰংমাৰ জৰিয়তে গুজৰাটী চলচ্চিত্ৰ জগতত খোজ পেলাইছিল। ইয়াৰ পিছত তেওঁ হিন্দী ছবি মধুৰ মিলনত অভিনয় কৰে।[9]
পৰমাৰে সৰ্বাধিক জনপ্ৰিয়তা অৰ্জন কৰিছিল ২০০২ চনত, যেতিয়া তেওঁ ষ্টাৰ প্লাছৰ ধাৰাবাহিক কুমকুম – এক প্যাৰা চা বন্ধনত হুছেইন কুৱাজেৰৱালাৰ বিপৰীতে কুমকুমৰ নাম ভূমিকাত অভিনয় কৰিছিল।[10] কুমকুম চৰিত্ৰটোৱে তেওঁক ঘৰে ঘৰে পৰিচিত কৰি তুলিছিল আৰু তেওঁ ইণ্ডিয়ান টেলী এৱাৰ্ডছত শ্ৰেষ্ঠ অভিনেত্ৰী (সমালোচকৰ) বঁটা লাভ কৰিছিল।[11] ভাৰতীয় দূৰদৰ্শনৰ অন্যতম দীৰ্ঘদিনীয়া ধাৰাবাহিক হিচাপে পৰিগণিত হোৱা এই ধাৰাবাহিকখন একেৰাহে সাত বছৰ সফল চলাই যোৱাৰ পাছত ২০০৯ চনত সামৰণি পৰে।[12]
কুমকুমৰ সমান্তৰালকৈ পৰমাৰে আন কেইবাটাও অনুষ্ঠানত অংশ লৈছিল। ২০০৩ চনত তেওঁ 'মিছ ৰাজস্থান' সৌন্দৰ্য প্ৰতিযোগিতাত বিজয়ী হৈছিল।[13] তেওঁ ৰিয়েলিটী শ্ব' ছে চাৱা চাৱা আৰু শাহ বনাম বহুত অংশগ্ৰহণ কৰি চূড়ান্ত প্ৰতিযোগী হৈছিল। ইয়াৰ উপৰি তেওঁ কমেডী চাৰ্কাছৰ বিজয়ী আছিল।[14]
২০১১ চনৰ অক্টোবৰ মাহত জুহীয়ে ৰিয়েলিটী শ্ব' বিগ বছৰ পঞ্চম ছিজনত অংশগ্ৰহণ কৰে। তেওঁ সম্পূৰ্ণ ১৪ সপ্তাহ ঘৰটোত আছিল আৰু ২০১২ চনৰ জানুৱাৰীত অনুষ্ঠানটোৰ বিজয়ী হিচাপে পৰিগণিত হয়।[15]
তেওঁ তেতিয়াৰ স্বামী শচীন শ্ৰফৰ সৈতে এণ্ড টিভিৰ পৌৰাণিক ধাৰাবাহিক সন্তোষী মাত এটা অতিথি চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ পিছত তেওঁ ২০১৬ চনৰপৰা ২০১৮ চনলৈ আন এখন সফল পৌৰাণিক ধাৰাবাহিক কৰ্মফল দাতা শনিত কাম কৰে।[16] ২০১৮ চনত তেওঁ কালাৰ্ছ টিভিৰ অলৌকিক ধাৰাবাহিক তন্ত্ৰৰ জৰিয়তে এই ধাৰাত আত্মপ্ৰকাশ কৰে।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]পৰমাৰ মূলতঃ এজন ৰাজস্থানী পৰিয়ালৰ পটভূমিৰ।[17] তেওঁ ২০০৯ চনৰ ১৫ ফেব্ৰুৱাৰীত জয়পুৰৰ এটা প্ৰাসাদত সিন্ধী ব্যৱসায়ী তথা অভিনেতা শচীন শ্ৰফৰ সৈতে বিবাহপাশত আবদ্ধ হয়।[18] দম্পতীটোৰ ২০১৩ চনৰ ২৭ জানুৱাৰীত জন্ম হোৱা ছামাইৰা পৰমাৰ নামৰ এজনী কন্যা সন্তান আছে।[19][20]
২০১৮ চনৰ জানুৱাৰী মাহৰ আৰম্ভণিতে পৰমাৰে নিশ্চিত কৰিছিল যে তেওঁলোকে শেহতীয়াকৈ বিবাহ বিচ্ছেদৰ বাবে আবেদন জনাইছে।[21] কেইমাহমানৰ তৰ্ক-বিতৰ্কৰ অন্তত,[22][23][24] ২০১৮ চনৰ জুলাই মাহত তেওঁলোকক বিবাহ বিচ্ছেদৰ অনুমতি প্ৰদান কৰা হয়।[25] পৰমাৰক তেওঁলোকৰ কন্যাৰ জিম্মা প্ৰদান কৰা হৈছিল।[26]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "EXCLUSIVE: Birthday girl Juhi Parmar on her show Tantra and being a single mother to Samairra". Pinkvilla. 15 December 2018. Archived from the original on 12 July 2019. https://web.archive.org/web/20190712133250/http://www.pinkvilla.com/tv/news-gossip/exclusive-birthday-girl-juhi-parmar-her-show-tantra-and-being-single-mother-samairra-434343। আহৰণ কৰা হৈছে: 30 March 2026.
- ↑ "Juhi Parmar wins 'Bigg Boss 5'". Hindustan Times. 8 January 2012. https://www.hindustantimes.com/tv/juhi-parmar-wins-bigg-boss-5/story-24qNiPbKytDZUlkDGrx5pI.html.
- ↑ "Juhi Parmar makes her comeback with 'Hamari Wali Good News' on Zee Tv". India Today. 14 September 2020. https://www.indiatoday.in/television/soaps/story/hamari-wali-good-news-juhi-parmar-to-play-saas-who-conceives-her-bahu-s-child-1721676-2020-09-14/। আহৰণ কৰা হৈছে: 2020-09-28.
- ↑ "EXCLUSIVE: Birthday girl Juhi Parmar on her show Tantra and being a single mother to Samairra". Pinkvilla. 15 December 2018. https://www.pinkvilla.com.
- ↑ "Juhi Parmar and Sachin Shroff set to tie the knot". Khaleej Times. 20 November 2008. https://www.khaleejtimes.com। আহৰণ কৰা হৈছে: 12 July 2019.
- ↑ "We wanted to be together: Sachin Shroff and Juhi Parmar". Deccan Chronicle. 6 December 2015. https://www.deccanchronicle.com.
- ↑ "Juhi Parmar is now a mom". India Today. 28 January 2013. https://www.indiatoday.in.
- ↑ "It's a baby girl for Juhi Parmar". Hindustan Times. 28 January 2013. https://www.hindustantimes.com.
- ↑ "Sachin Shroff Opens Up About His Failed Marriage, Says Juhi Parmar Never Loved Him". News 18. 17 July 2018. https://www.news18.com.
- ↑ "Juhi Parmar was never in love with me, says Sachin Shroff on divorce". Hindustan Times. 16 July 2018. https://www.hindustantimes.com.
- ↑ "Indian Telly Awards 2005- list of winners". Biz Asia Live. 29 November 2005. https://www.bizasialive.com.
- ↑ "Juhi Parmar and Sachin Shroff granted divorce". Times of India. 6 July 2018. https://timesofindia.indiatimes.com.
- ↑ "Kumkum Actress Juhi Parmar Is Unrecognisable In This Throwback Pic". NDTV. 29 August 2018. https://www.ndtv.com.
- ↑ "'I was lucky to have a partner like VIP'". Rediff. 11 September 2008. https://www.rediff.com.
- ↑ "Juhi Parmar wins 'Bigg Boss 5'". Hindustan Times. 8 January 2012. https://www.hindustantimes.com.
- ↑ "Juhi Parmar: I will be more than happy if I get to play more negative roles in the future". Pinkvilla. 27 November 2018. https://www.pinkvilla.com.
- ↑ "Juhi Parmar and Sachin Shroff set to tie the knot". Khaleej Times. 20 November 2008. Archived from the original on 12 July 2019. https://web.archive.org/web/20190712133231/https://www.khaleejtimes.com/article/20081120/ARTICLE/311209942/1057। আহৰণ কৰা হৈছে: 12 July 2019.
- ↑ "We wanted to be together: Sachin Shroff and Juhi Parmar". Deccan Chronicle. 6 December 2015. https://www.deccanchronicle.com/151205/entertainment-tvmusic/article/we-wanted-be-together-sachin-shroff-and-juhi-parmar.
- ↑ "Juhi Parmar is now a mom". India Today. 28 January 2013. https://www.indiatoday.in/movies/celebrities/story/bigg-boss-winner-juhi-parmar-a-mom-now-152676-2013-01-27.
- ↑ "It's a baby girl for Juhi Parmar". Hindustan Times. 28 January 2013. https://www.hindustantimes.com/tv/it-s-a-baby-girl-for-juhi-parmar/story-slnRnpuk1ifaojLQlmjoSN.html.
- ↑ "Juhi Parmar confirms she divorced husband Sachin Shroff for daughter's well-being". Times Now News. 3 January 2018. http://www.timesnownews.com/entertainment/news/bollywood-news/article/juhi-parmar-sachin-shroff-tv-stars-divorce-official-statement-out/184881.
- ↑ "Juhi Parmar was never in love with me, says Sachin Shroff on divorce". Hindustan Times. 16 July 2018. https://www.hindustantimes.com/tv/juhi-parmar-was-never-in-love-with-me-says-sachin-shroff-on-divorce/story-WLpXIsXf62uLMdtiNOgNjP.html.
- ↑ "Sachin Shroff Opens Up About His Failed Marriage, Says Juhi Parmar Never Loved Him". News 18. 17 July 2018. https://www.news18.com/news/movies/sachin-shroff-opens-up-about-his-failed-marriage-with-juhi-parmar-1814607.html.
- ↑ "Juhi Parmar hits back at ex-husband Sachin Shroff through an open letter". Indian Express. 21 July 2018. https://indianexpress.com/article/entertainment/television/juhi-parmar-sachin-shroff-5268800/.
- ↑ "Juhi Parmar and Sachin Shroff granted divorce". Times of India. 6 July 2018. https://timesofindia.indiatimes.com/tv/news/hindi/juhi-parmar-and-sachin-shroff-granted-divorce/articleshow/64875788.cms.
- ↑ "I had to explain the divorce to my child, says single mom Juhi Parmar". Indian Express. 9 August 2018. https://indianexpress.com/article/parenting/family/juhi-parmar-actress-single-mom-spend-quality-time-child-5295928/.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- জুহী পৰমাৰ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
- জুহী পৰমাৰ সম্পৰ্কে বলিউড হাংগামাত থকা তথ্য
