জুৰিনাহ হাছান
জুৰিনাহ হাছান (জন্ম ১৩ জুন ১৯৪৯) এগৰাকী মালয়েছিয়ান ৰাষ্ট্ৰীয় সাহিত্যিক। তেওঁ মালয়েছিয়াত আনুষ্ঠানিকভাৱে সাস্তেৰাৱান নেগাৰা নামেৰে জনাজাত ৰাষ্ট্ৰীয় সাহিত্যিক উপাধি লাভ কৰা প্ৰথমগৰাকী মহিলা লেখিকা।
জীৱনী
[সম্পাদনা কৰক]জুৰিনাহ হাছানৰ জন্ম আলৰ ষ্টাৰ, কেদাহত হৈছিল। তেওঁ ইউনিভাৰ্চিটি চাইন্স মালেইছিয়াৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। প্ৰায় পোন্ধৰ বছৰ চাকৰি কৰাৰ পাছত সাহিত্য সৃষ্টিৰ বাবে সময় উৎসৰ্গা কৰিবলৈ তেওঁ আগতীয়াকৈ অৱসৰ গ্ৰহণ কৰে। লেখালেখিৰ লগতে তেওঁ ইউনিভাৰ্চিটি পুত্ৰা মালেইছিয়াৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী আৰু পাছত ইউনিভাৰ্চিটি অৱ মালায়াৰ পৰা পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।[1]
১৯৭৪ চনত হাছানে সেসায়ুপ জালান শীৰ্ষক গ্ৰন্থখন ৰচনা কৰে। ইয়াৰ পাছত তেওঁ বহু কবিতা, চুটি গল্প আৰু উপন্যাস প্ৰকাশ কৰে, যাৰ কিছুমান ফৰাছী, স্পেনিছ আৰু ৰাছিয়ান ভাষালৈ অনুবাদ কৰা হৈছে। ১৯৮৪ চনত তেওঁ পুত্ৰা পয়েট্ৰী এৱাৰ্ড লাভ কৰে। তেওঁ বিশেষভাৱে ফেচিং দা হাৰ্বাৰ,[2] মেম’ৰাইজিং জুৰিনাহ হাছান: ট্ৰেকিং পয়েট্ৰী, ডিচিছনছ, দাৱাই দাৱাই আৰু ফ্ৰম মাউণ্ট জে’ৰাই টু পেকান ৰাবু আদি গ্ৰন্থৰ বাবে পৰিচিত।[1][3]
বঁটা আৰু সন্মান
[সম্পাদনা কৰক]২০১৩ চনত তেওঁ ASEAN Poetry Award লাভ কৰি প্ৰথমগৰাকী মালয়েছিয়ান Sunthorn Phu Poet Laureate হিচাপে স্বীকৃতি লাভ কৰে।[2] ২০১৫ চনত মালয়েছিয়াৰ শিক্ষা মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰদান কৰা ১৩তম ৰাষ্ট্ৰীয় সাহিত্য বঁটাত তেওঁ মালয়েছিয়াৰ ৰাষ্ট্ৰীয় সাহিত্য বঁটা লাভ কৰা প্ৰথমগৰাকী মহিলা লেখিকা হয়।[3] এই সন্মানৰ সৈতে তেওঁ RM60,000 নগদ ধন আৰু নিজৰ ৰচনাৰ ৫০,০০০ কপি প্ৰকাশ কৰি গ্ৰন্থাগাৰ, বিদ্যালয় আৰু বিভিন্ন সংস্থালৈ বিতৰণ কৰাৰ বাবে RM500,000 অনুদান লাভ কৰে।[3]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 Anthology of Short Stories: Malaysia–Taiwan. ITBM. 2014. পৃষ্ঠা. 71. ISBN 9789674306984. https://books.google.com/books?id=0lrUBAAAQBAJ&q=Zurinah+Hassan&pg=PA71। আহৰণ কৰা হৈছে: 8 November 2017.
- ↑ 2.0 2.1 "Zurinah Hassan receives 13th National Laureate Award". New Straits Times. 27 April 2016. https://www.nst.com.my/news/2016/04/141798/zurinah-hassan-receives-13th-national-laureate-award.
- ↑ 3.0 3.1 3.2 "Zurinah Hassan wanita pertama dipilih sasterawan negara" (ms ভাষাত). The Malay Mail Online. 13 October 2015. http://www.themalaymailonline.com/projekmmo/berita/article/zurinah-hassan-wanita-pertama-dipilih-sasterawan-negara.