জুৰী বৰা বৰগোহাঞি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জুৰি বৰা বৰগোঁহাঞিৰ পৰা পুনঃনিৰ্দেশিত)
জুৰী বৰা বৰগোহাঞি
জন্ম ২০ চেপ্তেম্বৰ, ১৯৭৮
মাজুলী, অসম
পেচা ঔপন্যাসিক, কবি, গল্পকাৰ
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰতীয়
শিক্ষা স্নাতকোত্তৰ
সময় ২০০৪-বৰ্তমানলৈ
উল্লেখনীয় কৰ্মৰাজি নাংফা
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী
উল্লেখযোগ্য বঁটা হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতি বঁটা(২০০৯),
আধাৰশিলা নতুল প্ৰজন্মৰ সাহিত্যিক বঁটা(২০১১)
দাম্পত্যসংগী লক্ষীণন্দন বৰগোহাঞি

জুৰী বৰা বৰগোহাঞি (ইংৰাজী: Juri Borah Borgohain; জন্ম:১৯৭৮ - ) অসমীয়া সাহিত্য জগতৰ এগৰাকী ঔপন্যাসিক আৰু প্ৰবন্ধকাৰ[1]। তেখেতৰ জন্ম অসমমাজুলীত হৈছিল। পিতৃৰ নাম মহেন্দ্ৰ বৰা আৰু মাতৃৰ নাম বীণা বৰা। কিছুদিন সংবাদ মাধ্যমৰ লগত জড়িত হৈ থকাৰ পাছত তেখেতে বৰ্তমান স্বাধীনভাৱে সাহিত্যৰচনাত মনোনিৱেশ কৰিছে আৰু লগতে পঢ়াশুনাও চলাই আহিছে।

শিক্ষা জীৱন[সম্পাদনা কৰক]

বৰ্তমান শিৱসাগৰৰ বোৱাৰী জুৰী বৰা বৰগোহাঞিয়ে জন্মস্থান মাজুলীৰ কাণকুৰিকা উচ্চ মাধ্যমিক বিদ্যালয়ত শিক্ষাজীৱন আৰম্ভ কৰি, আউনিআটি উচ্চ মাধ্যমিক বিদ্যালয় আৰু তাৰ পাছত মাজুলী মহাবিদ্যালয়ৰ পৰা স্নাতক হয় আৰু পৰবৰ্তী সময়ত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানৰ প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ আৰু এম ফিল ডিগ্ৰী আহৰণ কৰে। ইয়াৰ লগে লগে তেখেতে শ্লেট, নেট পৰীক্ষাতো উত্তীৰ্ণ হয় আৰু বৰ্তমান ৰাজনীতি বিজ্ঞান (পি এইচ ডি)ৰ গৱেষণাত ব্ৰতী হৈ আছে[1]

কৰ্ম জীৱন[সম্পাদনা কৰক]

১৯৯৮-২০০৫ চনৰ সময়ছোৱাত জুৰী বৰা বৰগোহাঞি আমাৰ অসম, দৈনিক জনমভূমি আদি কাকতৰ সংবাদিকতাত জড়িত থাকে। [2]। তাৰ পাছত ২০০৩ চনত শিৱসাগৰ জুনিয়ৰ কলেজত প্ৰবক্তা আৰু ২০০৯ চনত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ মহাবিদ্যালয়ত অংশকালীন প্ৰবক্তা হিচাপে কাৰ্যনিৰ্বাহ কৰে। বৰ্তমান তেখেতে সম্পূৰ্ণৰূপে সাহিত্য ৰচনাত মনোনিবেশ কৰিছে। ইয়াৰ উপৰিও সাহিত্যিক গৰাকীয়ে অবৈধ মানৱ সৰবৰাহ, আন্তঃৰাজ্যিক সীমা সমস্যা, ব্ৰহ্মপুত্ৰৰ ওপৰত মাজুলী আৰু যোৰহাট সংযোগী দলং নিৰ্মাণ[উদ্ধৃতিৰ প্ৰয়োজন] আদি গুৰুত্বপূৰ্ণ বিষয় কিছুমানৰ ওপৰত কাম কৰি সামাজিক দায়বদ্ধতা প্ৰকাশ কৰি আহিছে[3]

সাহিত্যকৃতি[সম্পাদনা কৰক]

২০০৪ চনত প্ৰকাশ হোৱা 'ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী' জুৰী বৰা বৰগোহাঞিৰ প্ৰথম উপন্যাস। মহীয়সী নাৰী জয়মতীৰ জীৱনগাঁথাৰে লিখা উপন্যাস 'নাং-ফা'ৰ যোগে তেখেতে অসমৰ সাহিত্য জগতত এক গুৰুত্বপূৰ্ণ স্থান দখল কৰিবলৈ সক্ষম হয়[1]। ঐতিহাসিক ষ্টিলৱেল ৰোড নিৰ্মাণৰ আঁৰৰ কাহিনীৰে লিখা উপন্যাস ‘লিড’লাম’ তেখেতৰ আন এক কালজয়ী সৃষ্টি। এতিয়ালৈকে ৭খন উপন্যাস, ১খন উদ্ভিদ বিষয়ক গ্ৰন্থ, ১খন সম্পাদিত গ্ৰন্থ প্ৰকাশ হোৱা জুৰী বৰা বৰগোহাঞিৰ ১৯খন উপন্যাসিকা, অৰ্ধ শতাধিক গল্প, ভ্ৰমণ সাহিত্য, প্ৰবন্ধ তথা অন্যান্য লেখা বিভিন্ন কাকত আলোচনীত প্ৰকাশ পোৱাৰ লগতে দূৰদৰ্শন, অনাতাঁৰ যোগে বিভিন্ন বিষয়ৰ তথ্যচিত্ৰ, প্ৰবন্ধ, কথিকা আদি প্ৰচাৰিত হোৱা জুৰী বৰা বৰগোহাঞি অসমীয়া সাহিত্য জগতৰ এক চিনাকি নাম[1]। প্ৰথম অসমীয়া ছফ্টৱেৰ অভিধান আৰু বিশ্বকোষতো বৰগোহাঞিয়ে শতাধিক ছবি আৰু লিখনিৰে অৱদান আগবঢ়াইছে। সাহিত্য অকাডেমি, নেশ্যনেল বুক ট্ৰাষ্ট (এন বি টি), বিশ্ববিদ্যালয়, কলেজকে ধৰি ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক বহু অনুষ্ঠান-সন্মিলনলৈ সমল ব্যক্তি, মুখ্য অতিথি, বিশিষ্ট অতিথি, নিৰ্দিষ্ট বক্তা, উন্মোচক হিচাপে আমন্ত্ৰিত হৈ সন্মানিত হৈছে। সাহিত্যিক গৰাকীৰ উপন্যাসক গৱেষণাৰ মূল বিষয় হিচাপে লৈ গৱেষণা ডিগ্ৰী ল'বলৈ গৱেষকে বিশ্ববিদ্যালয়ত গৱেষণা কৰিছে। ভাৰতৰ বিভিন্ন প্ৰান্তত আয়োজিত আন্তৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় আলোচনা চক্ৰত তেখেতৰ শেহতীয়া উপন্যাস কেইখন বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ পণ্ডিত-অধ্যাপক, সমল ব্যক্তি, গৱেষকৰ আলোচনা পত্ৰৰ বিষয় হোৱাৰ লগতে প্ৰসঙ্গ-গ্ৰন্থ হৈ পৰিছে[3]


উপন্যাস[সম্পাদনা কৰক]

  1. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নন্দিনী(২০০৪, বনলতা)
  2. আপোনজনৰ ঠিকনা (২০০৭‌, বনলতা)
  3. অভিলাষী যাত্ৰা (২০০৮, বনলতা)
  4. ৰাগ... ইমন (২০০৯, চন্দ্ৰ প্ৰকাশ)
  5. নাং-ফা (২০১০, বনলতা)
  6. লিড’লাম (২০১২, বনফুল প্ৰকাশন)
  7. ভোক (২০১৫, বনলতা)
  8. আংকুশ (২০১৮, বনলতা)
  9. সিহঁত (২০২০, বনলতা)
  10. চিঞৰ (২০২২, বনলতা)
  11. কেম’ফ্লেজ(ছেপ্টেম্বৰ,২০২৩,জ্যোতি প্ৰকাশন)

অন্যান্য গ্ৰন্থ[সম্পাদনা কৰক]

  1. বনশাক আৰু ইয়াৰ ব্যৱহাৰ ( ২০১০, বনলতা)

সম্পাদিত গ্ৰন্থ[সম্পাদনা কৰক]

  1. সয়ম্বৰ ঘৰফলীয়া এক সন্ধান যাত্ৰা ( ২০১২, শব্দ প্ৰকাশ)

আলোচনীৰ যোগে প্ৰকাশিত উপন্যাসিকা[সম্পাদনা কৰক]

  1. নিৰুদিষ্ট প্ৰেমিকজনৰ সন্ধানত (শাৰদীয় দৈনিক জনমভূমি, ২০০৮)
  2. বাঁহী বজোৱা ল’ৰাটো (শাৰদীয় দৈনিক জনমভূমি, ২০১০)
  3. অকাৰণে, নিস্পাপ চকুহালত (ইত্যাদি, জনসাধাৰণ, ৯ জানুৱাৰী, ২০১১)
  4. এটা নষ্ট ল’ৰাৰ মালিতা (সাপ্তাহিক জনমভূমি, ৰঙালী বিহু বিশেষ সংখ্যা, ১৩ এপ্ৰিল ২০১১)
  5. চিনাকি গাঁৱৰ অচিনাকি পদূলি (জনসাধাৰণ, বসন্ত উপাচাৰ, এপ্ৰিল ২০১১)
  6. পিতা (শাৰদীয় দৈনিক জনমভূমি, ২০১১)
  7. বৃত্তৰ বাহিৰত (অসম বাণী, বিহু আলোচনী, ২০১২)
  8. সপোনবোৰ (বিহু আলোচনী, দৈনিক জনমভূমি, ২০১২)
  9. এনাজৰী (শাৰদীয় আলোচনী, দৈনিক জনমভূমি, ২০১২)
  10. গাঁজ মেলা সপোন (শাৰদীয় আলোচনী, জনসাধাৰণ, ২০১২)
  11. দাগ (ভোগালী, মাঘ বিহু বিশেষ সংখ্যা আলোচনী, দৈনিক জনমভূমি, ২০১৩)
  12. যাত্ৰা (ৰঙালী বিহু বিশেষ সংখ্যা,অসমীয়া নাৰীযুগ, মাৰ্চ-এপ্ৰিল ২০১৩)
  13. শাশ্বতিক (শাৰদীয় আলোচনী, দৈনিক জনমভূমি, ২০১৩)
  14. আধৰুৱা সপোন এটা (শৰদীয় সম্ভাৰ, জনসাধাৰণ, ২০১৩)
  15. তুমি অথবা তুমিহীনতা (বিহু আলোচনী, অসম বাণী, ২০১৪)
  16. শাশ্বতিকঃ এটা অসমাপ্ত কাহিনী (শাৰদীয় দৈনিক অসম, ২০১৪)
  17. শাশ্বতিকঃ এক অপ্ৰকাশিত সত্য (ভোগালী, মাঘ বিহু বিশেষ সংখ্যা আলোচনী, দৈনিক জনমভূমি, ২০১৫)
  18. গ্লেমাৰ (বিহু আলোচনী, অসম বাণী, ২০১৫)
  19. চিনাকি-অচিনাকি (মাহেকীয়া অনুভূতি, বসন্ত বিশেষ সংখ্যা, ২০১৫)
  20. স্বৰ্গৰ সাধুকথা (শাৰদীয় আলোচনী, দৈনিক জনমভূমি, ২০১৫)

আলোচনীত প্ৰকাশিত ধাৰাবাহিক[সম্পাদনা কৰক]

  1. আমাৰ শাক চিনাকি (উদ্ভিদ বিষয়ক সচিত্ৰ ধাৰাবাহিক, সাতসৰী, জুলাই ২০১০ ৰ পৰা জুলাই ২০১৪ লৈকে)
  2. জলজ (ধাৰাবাহিক উপন্যাস, বসুন্ধৰা, দৈনিক জনমভূমি, ১৭ মাৰ্চ ২০১৩ ৰ পৰা ২২ ডিচেম্বৰ ২০১৩ লৈকে)
  3. আমাৰ মাছ চিনাকি (মাছ বিষয়ক সচিত্ৰ ধাৰাবাহিক, সাতসৰী, চেপ্তেম্বৰ ২০১৪ ৰ পৰা বৰ্তমানলৈকে)

দূৰদৰ্শন যোগে প্ৰচাৰিত তথ্যচিত্ৰ/আলেখ্য[সম্পাদনা কৰক]

  1. মাঘ আমাৰ ভোগালী
  2. বিহু থাকে মানে বিহুকে বিনাবা...

বঁটা/সন্মান[সম্পাদনা কৰক]

  1. ২০০৯ চনৰ ‘হৰেন্দ্ৰ চন্দ্ৰ বৰকাকতী উপন্যাস বঁটা' ( ৰাগ... ইমনৰ পাণ্ডুলিপিৰ বাবে)[4]
  2. ২০১০ চনত উত্তৰ পূব ভাৰতৰ পৰা প্ৰকাশিত ১০খন গ্ৰন্থৰ এখন হিচাপে 'নাং-ফা'লৈ "গ্ৰন্থ বান্ধৱৰ" বিশেষ স্বীকৃতি[5]
  3. ২০১১ চনত আধাৰশিলালৈ নতুন প্ৰজন্মৰ লেখিকা হিচাপে নিৰ্বাচিত[6]
  4. স্বেচ্ছাসেৱী সংস্থা 'জীৱন ইনিচিয়েটিভ'ৰ ২০১২ চনৰ 'বছৰৰ বিশেষ ১০' গৱেষক, গায়ক, কৃষক, সংবাদ গোষ্ঠী, সমবায়, চিনেমা, গ্ৰন্থৰ তালিকাত অন্তৰ্ভুক্ত একমাত্ৰ গ্ৰন্থ লিড'লাম[7]
  5. ২০১২ চনত উত্তৰ পূব ভাৰতৰ পৰা প্ৰকাশিত ১০খন গ্ৰন্থৰ এখন হিচাপে 'লিড'লাম'লৈ "গ্ৰন্থ বান্ধৱৰ" বিশেষ স্বীকৃতি[8]
  6. ২০১৩ 'যুৱ প্ৰেৰণা বঁটা'(দৈৱকী হাজৰিকা স্মৃতি ন্যাস)[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 " প্ৰতিশ্ৰুতিসম্পন্না লেখিকা জুৰী বৰা বৰগোহাঞি", কুশল হালৈ, দেওবৰীয়া চ'ৰা দৈনিক অসম, ৮ এপ্ৰিল ২০১২
  2. নন্দিনী, আগষ্ট ২০১৫
  3. 3.0 3.1 "JURI BORAH BORGOHAIN at Simplesite". Archived from the original on 2018-10-13. https://web.archive.org/web/20181013040023/http://juriborahborgohain.simplesite.com/। আহৰণ কৰা হৈছে: November20, 2018. 
  4. "Harendra Chandra Borkakaty Award given away"- By Staff Reporter, The Sentinel, 9th December, 2010,
  5. "গ্ৰন্থ পৰিচিতি ২০১০-১১" www.ruchiraarts.in
  6. "LITERARY FORUM ADHARSHILA STARTED". Northeast Today. July 26, 2011. http://www.northeasttoday.in/our-states/assam/literary-forum-adharshila-started/। আহৰণ কৰা হৈছে: November 20, 2012. 
  7. "জীৱন" Edition 36, 2013, jeevaninitiative, a voluntary association
  8. "গ্ৰন্থ পৰিচিতি ২০১২-১৩" www.ruchiraarts.in
  9. ঔপন্যাসিক জুৰী বৰা বৰগোহাঞিলৈ যুৱ প্ৰেৰণা বঁটা "অসমীয়া খবৰ" 1st October, 2013,Page No. 8