সমললৈ যাওক

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(জেএনইউৰ পৰা পুনঃনিৰ্দেশিত)
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়
জৱহৰলাল নেহাৰু বিশ্ববিদ্যালয়
Jawaharlal_Nehru_University_Logo_vectorized.svg
স্থাপিত ২২ এপ্ৰিল ১৯৬৯; ৫৭ বছৰ আগত (22 April 1969)[1]
ধৰণ ৰাজহুৱা বিশ্ববিদ্যালয়
বাজেট ২০০ কোটি (২৮.০৪ মিলিয়ন ডলাৰ) [2]
আচাৰ্য কানৱাল ছিবাল[3]
উপাচাৰ্য সান্তিশ্ৰী ধূলিপুডী পণ্ডিত[4]
দৰ্শক ভাৰতৰ ৰাষ্ট্ৰপতি
শৈক্ষিক কৰ্মচাৰী ৬৩১ (2021)[5]
শিক্ষাৰ্থী ৮,৮৪৭ (২০২১)[5]
স্নাতক শিক্ষাৰ্থী ১,১১৭ (২০২১)[5]
স্নাতকোত্তৰ শিক্ষাৰ্থী ৩,৪৯৮ (২০২১)[5]
ডক্টৰেট শিক্ষাৰ্থী ৪,২৩২ (২০২১)[5]
স্থান
দক্ষিণ পশ্চিম দিল্লী
,
দিল্লী
,
ভাৰত
চৌহদ নগৰাঞ্চল, মুঠ ১,০১৯ একৰ (4.12 বৰ্গ কি.মি.)
ৱেবছাইট www.jnu.ac.in
Jawaharlal Nehru University Logo.svg

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (ইংৰাজী: Jawaharlal Nehru University, ISO: Javāharalāla Neharū Viśvavidyālaya) ভাৰতৰ দিল্লীত অৱস্থিত এখন ৰাজহুৱা গৱেষণা বিশ্ববিদ্যালয়। এইখন ১৯৬৯ চনত প্ৰতিষ্ঠা কৰা হয় আৰু ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে নামাকৰণ কৰা হয়। এই বিশ্ববিদ্যালয়খন বিজ্ঞান, সামাজিক বিজ্ঞান, মানৱিকীবিদ্যা, আন্তৰ্জাতিক অধ্যয়ন আদি বিষয়ত উচ্চ মানৰ শিক্ষা আৰু গৱেষণাৰ ক্ষেত্ৰত গোটেই ভাৰতৰ শীৰ্ষস্থানীয় অনুষ্ঠানসমূহৰ ভিতৰত অন্যতম।

Administration building at JNU campus
জে এন ইউত প্ৰশাসনিক ভৱন

১৯৬৯ চনত সংসদৰ আইন অনুসৰি জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হয়।[6] ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ নামেৰে ইয়াৰ নামকৰণ কৰা হৈছিল। জি পাৰ্থসাৰথি আছিল প্ৰথম উপাচাৰ্য।[7] অধ্যাপক মুনিছ ৰাজা আছিল প্ৰতিষ্ঠাপক চেয়াৰমেন আৰু ৰেক্টৰ৷[8][9] জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় স্থাপনৰ বিধেয়কখন ১৯৬৫ চনৰ ১ ছেপ্টেম্বৰত ৰাজ্যসভাত দাখিল কৰে তেতিয়াৰ শিক্ষামন্ত্ৰী এম চি চাগলাই। ইয়াৰ পিছত হোৱা আলোচনাৰ সময়ত সংসদৰ সদস্য ভূষণ গুপ্তাই এইখন আন এখন বিশ্ববিদ্যালয় হ’ব নালাগে বুলি মতামত প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনে বৈজ্ঞানিক সমাজবাদকে ধৰি নতুন অনুষদৰ সৃষ্টি কৰা উচিত আৰু এই বিশ্ববিদ্যালয়খনে‍ নিশ্চিত কৰা উচ্চ ধাৰণাবোৰ মনত ৰখা আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীক সুলভতা প্ৰদান কৰা। ১৯৬৬ চনৰ ১৬ নৱেম্বৰত লোকসভাত জে এন ইউ বিধেয়ক গৃহীত হয় আৰু ১৯৬৯ চনৰ ২২ এপ্ৰিলৰ পৰা জে এন ইউ আইন বলবৎ কৰা হয়।[10]

১৯৭০ চনৰ জুন মাহত ইণ্ডিয়ান স্কুল অৱ ইণ্টাৰনেশ্যনেল ষ্টাডিজক জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ সৈতে একত্ৰিত কৰা হয়। একত্ৰীকৰণৰ পিছত বিদ্যালয়খনৰ নামৰ পৰা "ভাৰতীয়" উপসৰ্গটো বাদ দিয়া হয় আৰু ই জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক অধ্যয়ন বিদ্যালয়ত পৰিণত হয়।[11]

ভাষাসমূহ

[সম্পাদনা কৰক]

জে এন ইউয়ে তলত দিয়া ভাষাসমূহত শিক্ষা প্ৰদান কৰে:[12]

ইন্দো আৰ্য্য
অংগিকা
অৰুণাচলী
অসমীয়া
আৱাধি
বাগৰি
বজ্জিকা
বাংগানী
বাংলা
ভোজপুৰী
বীৰজিয়া
ব্ৰজ
চত্তিশগড়ী
দাখিনী
ডোগৰি
গড়ৱালি
গুজৰাটী
হিন্দী
কাশ্মীৰী
কোংকনী
কুমাওনি
লাৰিয়া
মইথিলি
মাৰাঠী
মাৰোৱাৰী
নেপালী
উড়িয়া
পাঞ্জাবী
ৰাজস্থানী
সদাৰী
সম্বলপুৰী
সিন্ধী
উৰ্দু
সিংহল
অষ্ট্ৰ' এছিয়াটিক
খৰিয়া
খাচী
মুণ্ডাৰী
প্নাৰ
সন্তালী
দ্ৰাবিড়ীয়
কানাড়া ভাষা
কোদাগু
কুৰক্স
মালয়ালম
তামিল
তেলেগু
আন্দামানী
গ্ৰেট আন্দামানীজ
অংগে
জৰাৱা
জেৰো
তিব্বত-বৰ্মা
আদি (পাছি)
নিছি
বডে়া
পাইতে
ডেক্ৰি
ৰংবোলি
পাহাৰ মিৰি
টাই আহোম
কবুই
টাংখুল নগা
কিৰান্তি-কইন্টছ
কোৰেন
থাডো
লাহুলী
তিৱা
মেইথেই
ৰংমেই
আন কিছুমান
একেগুছি
আৰবী
ইংৰাজী
মংগোলীয়
থাই
ভাৰতীয় সাংকেতিক ভাষা

সংগঠন আৰু প্ৰশাসন

[সম্পাদনা কৰক]

শাসন ব্যৱস্থা

[সম্পাদনা কৰক]

ভাৰতৰ ৰাষ্ট্ৰপতি বিশ্ববিদ্যালয়ৰ আচাৰ্য তথা মুৰব্বী। আচাৰ্য বিশ্ববিদ্যালয়ৰ নামমাত্ৰ মুৰব্বী আৰু উপাচাৰ্য বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী মুৰব্বী। কাৰ্যনিৰ্বাহক পৰিষদৰ পৰামৰ্শ অনুসৰি দুয়োকে নিযুক্তি দিয়া হয়। ক'ৰ্ট, কাৰ্যনিৰ্বাহক পৰিষদ, শৈক্ষিক পৰিষদ আৰু বিত্ত সমিতি বিশ্ববিদ্যালয়খনৰ প্ৰশাসনিক কৰ্তৃপক্ষ।

বিশ্ববিদ্যালয় ক'ৰ্ট বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ কৰ্তৃত্ব আৰু ইয়াৰ কাৰ্যবাহী পৰিষদ আৰু শৈক্ষিক পৰিষদৰ আইনসমূহ পুনৰীক্ষণ কৰাৰ ক্ষমতা আছে। কাৰ্যনিৰ্বাহক পৰিষদ হৈছে বিশ্ববিদ্যালয়খনৰ সৰ্বোচ্চ কাৰ্যবাহী সংস্থা। একাডেমিক কাউন্সিল বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ শৈক্ষিক সংস্থা আৰু ই বিশ্ববিদ্যালয়ৰ ভিতৰৰ নিৰ্দেশনা, শিক্ষা আৰু পৰীক্ষাৰ মান বজাই ৰখাৰ দায়িত্ব লয়। ইয়াৰ সকলো শৈক্ষিক বিষয়ত কাৰ্যবাহী পৰিষদক পৰামৰ্শ দিয়াৰ অধিকাৰ আছে। বিত্তীয় নীতি, লক্ষ্য আৰু বাজেটৰ পৰামৰ্শ দিয়াৰ দায়িত্ব বিত্ত সমিতিৰ।[13]

অনুষদ আৰু কেন্দ্ৰ

[সম্পাদনা কৰক]

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ শৈক্ষিক বিভাগসমূহ ২০টা অনুষদ আৰু কেন্দ্ৰত বিভক্ত।[14]

  • স্কুল অৱ আৰ্টছ এণ্ড এষ্টেটিক্স
  • জৈৱ প্ৰযুক্তিবিদ্যাৰ বিদ্যালয়
  • স্কুল অৱ কম্পিউটেচনেল এণ্ড ইন্টিগ্ৰেটিভ ছায়েন্স
  • কম্পিউটাৰ আৰু চিষ্টেম বিজ্ঞান বিদ্যালয়
  • স্কুল অৱ ইঞ্জিনিয়াৰিং
  • পৰিৱেশ বিজ্ঞান বিদ্যালয়
  • আন্তৰ্জাতিক অধ্যয়ন বিদ্যালয়
  • ভাষা সাহিত্য আৰু সংস্কৃতি অধ্যয়ন বিদ্যালয়
  • জীৱবিজ্ঞান বিদ্যালয়
  • অটল বিহাৰী বাজপেয়ী স্কুল অৱ মেনেজমেণ্ট এণ্ড এণ্টাৰপ্ৰেনিউৰশ্বিপ
  • ভৌতিক বিজ্ঞান বিদ্যালয়
  • সংস্কৃত আৰু ভাৰতীয় অধ্যয়ন বিদ্যালয়
  • সমাজ বিজ্ঞান বিদ্যালয়
  • চেণ্টাৰ ফৰ দ্য ষ্টাডি অৱ ল এণ্ড গভৰ্নেন্স
  • দুৰ্যোগ গৱেষণাৰ বিশেষ কেন্দ্ৰ
  • ই-লাৰ্নিঙৰ বাবে বিশেষ কেন্দ্ৰ
  • আণৱিক চিকিৎসাৰ বাবে বিশেষ কেন্দ্ৰ
  • নেন'বিজ্ঞানৰ বাবে বিশেষ কেন্দ্ৰ
  • ৰাষ্ট্ৰীয় নিৰাপত্তা অধ্যয়নৰ বিশেষ কেন্দ্ৰ
  • উত্তৰ-পূব ভাৰতৰ অধ্যয়নৰ বাবে বিশেষ কেন্দ্ৰ

স্বীকৃতিপ্ৰাপ্ত প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

জে এন ইউয়ে সমগ্ৰ দেশৰ তলত উল্লেখ কৰা প্ৰতিষ্ঠানসমূহক মূল্যায়ন আৰু স্বীকৃতি প্ৰদান কৰিছে।[15]

জে এন ইউৰ অধীনত স্বীকৃতি প্ৰদান কৰা প্ৰতিৰক্ষা প্ৰতিষ্ঠানৰ তালিকা

[সম্পাদনা কৰক]

গৱেষণা আৰু উন্নয়ন প্ৰতিষ্ঠান

[সম্পাদনা কৰক]

ইয়াৰ উপৰিও বিশ্ববিদ্যালয়খনে বিশ্বৰ ৭১খন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰৰ জৰিয়তে বিনিময় কাৰ্যসূচী আৰু শৈক্ষিক সহযোগিতা আগবঢ়ায়। বিশ্ববিদ্যালয়খনে বিহাৰত এটা কেন্দ্ৰ স্থাপনৰ প্ৰস্তাৱো প্ৰেৰণ কৰিছে।[16] ভাৰতীয় প্ৰশাসনিক সেৱা (আই এ এছ)ৰ প্ৰশিক্ষাৰ্থী বিষয়াসকলক দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (জে এন ইউ)ৰ পৰা ৰাজহুৱা ব্যৱস্থাপনাত এম এ ডিগ্ৰী প্ৰদান কৰা হ’ব।[17]

একাডেমিক প্ৰফাইল

[সম্পাদনা কৰক]

ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ২০১৭ "শ্ৰেষ্ঠ বিশ্ববিদ্যালয়"ৰ বাবে জে এন ইউক "দৰ্শনাৰ্থী বঁটা" প্ৰদান কৰিছিল।[18][19]

ভাৰতৰ নতুন দিল্লীৰ জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে (JNU) কিউএছ বিশ্ব বিশ্ববিদ্যালয় ৰেংকিং ২০২৫ অনুসৰি বিশ্বৰ ভিতৰতে ৫৮০ নম্বৰ স্থান লাভ কৰিছে।[20]

বিশ্ববি‍দ্যালয় মূল্যাংকন
সাধাৰণ – আন্তঃৰাষ্ট্ৰীয়
ARWU (২০২০)[21] ৭০১-৮০০
QS (গোলকীয়) (২০২২)[22] ৫৬১-৫৭০
Times (গোলকীয়) (২০২১)[23] ৬০১–৮০০
Times (এছিয়া) (২০২০)[24] ১৮৭
Times (উদীয়মান) (২০২০)[25] ১৫১
সাধাৰণ – ভাৰত
আউটলুক ইণ্ডিয়া (বিশ্ববিদ্যালয়) (২০২০)[26]

কিউএছ ৱৰ্ল্ড ইউনিভাৰ্চিটি ৰেংকিং ২০২২ তালিকাৰ দ্বাৰা জেএনইউক ৫৬১-৫৭০ স্থানত স্থান দিয়া হৈছিল।[22]

২০২৪ চনত ৰাষ্ট্ৰীয় প্ৰতিষ্ঠানিক ৰেংকিং কাঠামো (এন আই আৰ এফ)ৰ দ্বাৰা ভাৰতৰ সকলো বিশ্ববিদ্যালয়ৰ ভিতৰত জে এন ইউক দ্বিতীয় আৰু সামগ্ৰিক শাখাত দশম স্থান প্ৰদান কৰিছিল।[27]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Stastistical Data Of Central Universities – Jawaharlal Nehru University". https://www.jnu.ac.in/datafactsheet আহৰণ কৰা হৈছে: 26 December 2019.
  2. "Everything you need to know about how JNU uses taxpayers' money, in 5 charts". 18 February 2016. https://qz.com/india/618333/jnu-really-doesnt-burn-a-lot-of-tax-payers-money-so-why-the-wrath-against-it/ আহৰণ কৰা হৈছে: 16 September 2018.
  3. "Ex-foreign secretary Kanwal Sibal appointed new chancellor of JNU" (en ভাষাত). Education Times. https://www.educationtimes.com/article/campus-beat-college-life/99733731/ex-foreign-secretary-kanwal-sibal-appointed-new-chancellor-of-jnu আহৰণ কৰা হৈছে: 2023-10-04.
  4. "Vice Chancellor". Jawaharlal Nehru University, Delhi. http://www.jnu.ac.in/Administration/ViceChancellor.asp আহৰণ কৰা হৈছে: 26 July 2017.
  5. 1 2 3 4 5 "NIRF 2021-Data". Jawaharlal Nehru University. http://www.jnu.ac.in/sites/default/files/nirf/NIRF2021-Data.pdf.
  6. "Jawaharlal Nehru University Act 1966". http://www.jnu.ac.in/RTI/Act%20&%20Statutes/ACT.pdf আহৰণ কৰা হৈছে: 7 September 2012.
  7. AP Venkitewaran, Kapila Vatsyayan (7 July 2012). "Remembering GP, the gentle colossus". The Hindu. http://www.thehindu.com/opinion/op-ed/remembering-gp-the-gentle-colossus/article3610515.ece.
  8. "We need a sustainable framework that synthesizes human and environmental elements of security: Vice President". Press Information Bureau Government of India Vice President's Secretariatpib.nic.in. 27 February 2017. http://pib.nic.in/newsite/PrintRelease.aspx?relid=158713 আহৰণ কৰা হৈছে: 18 November 2018.
  9. Raza, Moonis; Nangia, Sudesh (27 November 1986). "Atlas of the Child in India". Concept Publishing Company. https://books.google.com/books?id=IsDwyTK4nnQC&q=national+professor+india+geography+moonis+raza&pg=PA477 আহৰণ কৰা হৈছে: 26 October 2020.
  10. "Jawaharlal Nehru University Vision". http://www.jnu.ac.in/AboutJNU/vision.asp আহৰণ কৰা হৈছে: 7 March 2017.
  11. "School of International Studies | Welcome to Jawaharlal Nehru University". https://www.jnu.ac.in/sis আহৰণ কৰা হৈছে: 11 December 2017.
  12. "CL Language | Welcome to Jawaharlal Nehru University". www.jnu.ac.in. https://www.jnu.ac.in/sllcs/cl_language আহৰণ কৰা হৈছে: 2023-03-19.
  13. "Jawaharlal Nehru University Act, 1966". https://www.jnu.ac.in/sites/default/files/ACT.pdf আহৰণ কৰা হৈছে: 25 November 2020.
  14. "Welcome to Jawaharlal Nehru University". www.jnu.ac.in. https://www.jnu.ac.in/node#school_center আহৰণ কৰা হৈছে: 2020-11-25.
  15. "Recognised Institutes". Jawaharlal Nehru Universitywww.jnu.ac.in. https://www.jnu.ac.in/institute আহৰণ কৰা হৈছে: 2 December 2017.
  16. "After BHU, JNU submits proposal to set up a Campus in Bihar". IANS. news.biharprabha.com. Archived from the original on 25 December 2018. https://web.archive.org/web/20181225084336/http://news.biharprabha.com/2014/02/after-bhu-jnu-submits-proposal-to-set-up-a-campus-in-bihar/ আহৰণ কৰা হৈছে: 19 February 2014.
  17. Gohain, Manash Pratim (24 November 2015). "IAS trainees to get MA degrees from Jawaharlal Nehru University". The Times of India. http://timesofindia.indiatimes.com/india/IAS-trainees-to-get-MA-degrees-from-Jawaharlal-Nehru-University/articleshow/49900568.cms আহৰণ কৰা হৈছে: 13 March 2016.
  18. "JNU wins Visitor's Awards 2017 for best university". Business Standard. 2 March 2017. http://www.business-standard.com/article/current-affairs/jnu-wins-visitor-s-awards-2017-for-best-university-117030200808_1.html.
  19. "JNU wins Visitor's Awards 2017 for best university". Business Standard. 2 March 2017. http://www.business-standard.com/article/current-affairs/jnu-wins-visitor-s-awards-2017-for-best-university-117030200808_1.html আহৰণ কৰা হৈছে: 12 June 2017.
  20. "QS Ranking 2025 - India - Results" (en ভাষাত). universityrankings.ch. https://www.universityrankings.ch/results/QS/2025?ranking=QS&year=2025&region=&q=India আহৰণ কৰা হৈছে: 2025-02-11.
  21. "Academic Ranking of World Universities 2020". Institute of Higher Education, Shanghai Jiao Tong University. 2020. http://www.shanghairanking.com/ARWU2020.html আহৰণ কৰা হৈছে: 2 December 2020.
  22. 1 2 "QS World University Rankings 2022". QS Quacquarelli Symonds Limited. 2021. https://www.topuniversities.com/university-rankings/world-university-rankings/2022 আহৰণ কৰা হৈছে: 9 June 2021.
  23. "Top 1000 World University Rankings 2021". Times Higher Education. 2020. https://www.timeshighereducation.com/world-university-rankings/2021/world-ranking.
  24. "Times Higher Education Asia University Rankings (2020)". Times Higher Education. 2020. https://www.timeshighereducation.com/world-university-rankings/2020/regional-ranking আহৰণ কৰা হৈছে: 4 June 2020.
  25. "Times Higher Education Emerging Economies University Rankings (2020)". Times Higher Education. 2020. https://www.timeshighereducation.com/world-university-rankings/2020/emerging-economies-university-rankings আহৰণ কৰা হৈছে: 13 March 2020.
  26. "Top 75 Universities In India In 2020" (en ভাষাত). The Outlook. 8 October 2020. https://magazine.outlookindia.com/story/education-news-top-75-universities-in-india-in-2020/303692 আহৰণ কৰা হৈছে: 2020-10-08.
  27. "NIRF Ranking 2024". https://www.nirfindia.org/nirfpdfcdn/2024/pdf/Report/IR2024_Report.pdf.