সমললৈ যাওক

জেকব ডায়মণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেকব ডায়মণ্ড
ৰং বৰণহীন
গঢ় (Diamond cut) আয়তাকাৰ কুশ্বন-কাট
মূল দেশ ভাৰত ভাৰত
খনি গোলকোণ্ডা
আৱিষ্কাৰৰ তাৰিখ ১৮৮৪
মূল মালিক হায়দৰাবাদ ৰাজ্যৰ নিজাম
বৰ্তমানৰ মালিক ভাৰত চৰকাৰ
মূল্য ১০০ নিযুত পাউণ্ড (২০০৮)

জেকব ডায়মণ্ড (ইংৰাজী: Jacob Diamond), যাক ইম্পেৰিয়েল বা ভিক্টোৰিয়া ডায়মণ্ড বুলিও জনা যায়, হ’ল ভাৰতৰ (বা গোলকোণ্ডা খনিৰ) এক বৰণহীন হীৰা।[1] ই বিশ্বৰ পঞ্চম বৃহত্তম পালিশ কৰা হীৰা হিচাপে স্বীকৃত।[2][3] হায়দৰাবাদ ৰাজ্যৰ শেষ নিজাম মীৰ ওচমান আলী খানে এই হীৰাটো চৌমহল্লা পেলেচত তেওঁৰ পিতৃৰ (মেহবুব আলী খান) এটা জোতাৰ ভিতৰত পাইছিল আৰু বহুদিন ধৰি ইয়াক কাগজ থোৱা গধুৰ বস্তু (paperweight) হিচাপে ব্যৱহাৰ কৰিছিল। ১৯৯৫ চনত ভাৰত চৰকাৰে প্ৰায় ১৩ নিযুত আমেৰিকান ডলাৰত এই হীৰাটো ক্ৰয় কৰে। ই ৫৮টা ফাল থকা এক আয়তাকাৰ কুশ্বন-কাটত কটা হৈছে। ইয়াৰ দৈৰ্ঘ্য ৩৯.৫ মিলিমিটাৰ, প্ৰস্থ ২৯.২৫ মিলিমিটাৰ আৰু গভীৰতা ২২.৫ মিলিমিটাৰ। হীৰাটিৰ ওজন ১৮৪.৭৫ কেৰাট (৩৬.৯০ গ্ৰাম)। বৰ্তমান ইয়াক মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভল্টত ৰখা হৈছে। ২০০১ আৰু ২০০৭ চনত হায়দৰাবাদৰ ছালাৰ জং সংগ্ৰহালয়ত অনুষ্ঠিত নিজামৰ অলংকাৰ প্ৰদৰ্শনীত জেকব ডায়মণ্ড এক অন্যতম আকৰ্ষণ আছিল।

বিখ্যাত কোহিনুৰৰ বিপৰীতে, জেকব ডায়মণ্ড ইয়াৰ সমগ্ৰ ইতিহাসত মাত্ৰ দুবাৰহে মালিকানা সলনি হৈছে আৰু ইয়াৰ সৈতে কোনো ধৰণৰ হিংসাত্মক ঘটনা জড়িত হৈ থকা নাই।

ইউৰোপলৈ কটাৰ বাবে পঠিওৱাৰ আগতে এই কেঁচা হীৰাটিৰ ওজন ৪০০ কেৰাটতকৈ অধিক আছিল বুলি বিশ্বাস কৰা হয়।[4]

১৮৯১ চনত আলেকজেণ্ডাৰ মালকম জেকবে এই হীৰাটো বিক্ৰীৰ বাবে উলিয়াইছিল, যাৰ পৰা ইয়াৰ নাম জেকব ডায়মণ্ড হয়। ইয়াক হায়দৰাবাদৰ ষষ্ঠ নিজাম মেহবুব আলী খানক আগবঢ়োৱা হৈছিল। আৰম্ভণিতে নিজাম হীৰাটিৰ প্ৰতি বৰ আগ্ৰহী নাছিল আৰু ইয়াৰ বাবে মাত্ৰ ৪০ লাখ টকাৰ প্ৰস্তাৱ দিছিল। লেনদেনটো আগবঢ়াই নিবলৈ নিজামক এক আমানত ধন জমা দিবলৈ কোৱা হৈছিল। ইউৰোপীয় হীৰা কটা কাৰিকৰসকলে এই প্ৰস্তাৱটো ভাল পোৱা নাছিল, কিন্তু নিজামৰ আমানত ধনৰ হিচাপ হেৰুৱাই তেওঁলোক আদালতৰ কাষ চাপিবলৈ বাধ্য হৈছিল। অৱশেষত গোচৰটো নিষ্পত্তি হোৱাৰ পিছত নিজামে তেওঁৰ মূল প্ৰস্তাৱৰ প্ৰায় আধাতে অৰ্থাৎ ২৩ লাখ টকাত হীৰাটো লাভ কৰে। গোটেই প্ৰক্ৰিয়াটোত অসন্তুষ্ট হৈ আৰু হীৰাটো দুৰ্ভাগ্যজনক বুলি গণ্য কৰি নিজামে ইয়াক কাপোৰেৰে মেৰিয়াই লুকুৱাই থৈছিল।[5]

পিতৃৰ মৃত্যুৰ কেইবা বছৰৰ পিছত অন্তিম নিজাম ওচমান আলী খানে চৌমহল্লা পেলেচত তেওঁৰ পিতৃৰ জোতাৰ ভিতৰত জেকব ডায়মণ্ডটো উদ্ধাৰ কৰে। হীৰাটিৰ প্ৰকৃত মূল্য অনুভৱ নকৰালৈকে তেওঁ নিজেই ইয়াক বহুদিন ধৰি পেপাৰৱেট হিচাপে ব্যৱহাৰ কৰিছিল। পৰৱৰ্তী সময়ত পৰিয়ালটোৱে জেকবসহ অন্যান্য অলংকাৰ বিক্ৰী কৰিব বিচাৰিছিল, কিন্তু ভাৰত চৰকাৰে এইবোৰক ৰাষ্ট্ৰীয় সম্পদ বুলি অভিহিত কৰি বিদেশীৰ ওচৰত বিক্ৰী কৰাত বাধা দিয়ে।[5][6]

দীৰ্ঘদিনীয়া আইনী যুঁজৰ পিছত ১৯৯৫ চনত ভাৰত চৰকাৰে নিজামৰ ট্ৰাষ্টৰ পৰা প্ৰায় ১৩ নিযুত আমেৰিকান ডলাৰত এই হীৰাটো ক্ৰয় কৰে আৰু বৰ্তমান ই মুম্বাইৰ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ভল্টত সুৰক্ষিত হৈ আছে।[6] নিজামৰ বংশধৰ হিমায়ত আলী মিৰ্জা আৰু মুকাৰম জাহ আদিয়ে জেকব ডায়মণ্ড আৰু অন্যান্য অলংকাৰসমূহ ভাৰত চৰকাৰক অৰ্পণ কৰিছিল।[7]

২০০১ আৰু ২০০৭ চনত হায়দৰাবাদৰ ছালাৰ জং সংগ্ৰহালয়ত অনুষ্ঠিত নিজামৰ অলংকাৰ প্ৰদৰ্শনীত জেকব ডায়মণ্ড এক প্ৰধান আকৰ্ষণ আছিল।[8]

আৰু চাওক

[সম্পাদনা কৰক]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. ↑ Responsible Tourism & Human Accountability for Sustainable Business. Zenon Academic Publishing. 2016. পৃষ্ঠা. 129. ISBN 9789385886010. https://books.google.com/books?id=YMLnCwAAQBAJ। আহৰণ কৰা হৈছে: 7 October 2022.
  2. ↑ Bedi, Rahul (12 April 2008). "India finally settles £1million Nizam dispute". The Daily Telegraph (London). https://www.telegraph.co.uk/news/worldnews/1584818/India-finally-settles-1million-Nizam-dispute.html। আহৰণ কৰা হৈছে: 3 March 2018.
  3. ↑ "The Victoria". Famous, Historic and Notable Diamonds. http://famousdiamonds.tripod.com/victoriadiamond.html। আহৰণ কৰা হৈছে: 5 June 2006.
  4. ↑ Srivastava, Ahana (2019-04-29). "10 Interesting Facts About The Diamond That's Bigger Than The Kohinoor" (English ভাষাত). www.scoopwhoop.com. Archived from the original on 2021-09-15. https://web.archive.org/web/20210915134826/https://www.scoopwhoop.com/culture/jacob-diamond-facts/। আহৰণ কৰা হৈছে: 2021-03-29.
  5. 1 2 "Diamond in a Shoe: The Jacob Diamond" (en ভাষাত). www.livehistoryindia.com. Archived from the original on 2021-03-14. https://web.archive.org/web/20210314070010/https://www.livehistoryindia.com/cover-story/2019/04/21/diamond-in-a-shoe-the-jacob-diamond। আহৰণ কৰা হৈছে: 2021-03-29.
  6. 1 2 "The world's largest diamonds". business.rediff.com. http://business.rediff.com/slide-show/2009/jun/15/slide-show-9-the-worlds-largest-diamonds.htm। আহৰণ কৰা হৈছে: 2021-03-29.
  7. ↑ "Himayat Ali Mirza raises voice against negligence, illegal encroachments towards Nizam's properties" (en ভাষাত). www.daijiworld.com. https://www.daijiworld.com/news/newsDisplay?newsID=875626। আহৰণ কৰা হৈছে: 2022-01-09.
  8. ↑ "Heart In Diamond". www.heart-in-diamond.com. https://www.heart-in-diamond.com/। আহৰণ কৰা হৈছে: 2021-09-21.