জেকলিন কালিমুণ্ডা
| জেকলিন কালিমুণ্ডা | |
|---|---|
| জন্ম | ১৯৭৪ কিগালি, ৰুৱাণ্ডা |
| ৰাষ্ট্ৰীয়তা | ৰুৱাণ্ডান |
| পেচা | চলচ্চিত্ৰ প্ৰযোজক, তথ্যচিত্ৰ নিৰ্মাতা, পৰিচালিকা আৰু লেখিকা |
জাকলিন কালিমুণ্ডা (জন্ম ১৯৭৪)[1] ৰুৱাণ্ডাৰ এগৰাকী চলচ্চিত্ৰ প্ৰযোজক, তথ্যচিত্ৰ নিৰ্মাতা, পৰিচালিকা আৰু লেখিকা।
জীৱনী
[সম্পাদনা কৰক]জছকলিন কালিমুণ্ডাৰ জন্ম কিগালি, ৰুৱাণ্ডাত হৈছিল। তেওঁ কেনিয়া, মাদাগাস্কাৰ আৰু ইংলেণ্ডত বাস কৰাৰ পিছত ফ্ৰান্সলৈ গৈছিল। বিদ্যালয়ত অধ্যয়নৰ সময়ত, তেওঁ ব্যৱস্থাপনাৰ সৈতে আফ্ৰিকাৰ ইতিহাসো পঢ়িছিল। পিছত তেওঁ চলচ্চিত্ৰ প্ৰযোজনা আৰু বিতৰণত বিশেষত্ব লাভ কৰে। তেওঁ সম্পাদক হিচাপে প্ৰশিক্ষণ লৈছিল আৰু এই দক্ষতা ব্যৱহাৰ কৰি তথ্যচিত্ৰ আৰু টেলিভিছন চলচ্চিত্ৰৰ কাম কৰিছিল। তেওঁৰ সৃষ্টি শক্তিশালী মৌলিক গল্প আৰু বিষয়ৰ ওপৰত কেন্দ্ৰিত।[2]
চলচ্চিত্ৰ তালিকা
[সম্পাদনা কৰক]২০০২ চনত, তেওঁ নিজৰ প্ৰথমখন চলচ্চিত্ৰ Histoire de tresses (হিস্তৱাৰ দে ত্ৰেছ) লিখি, পৰিচালনা কৰি সহ-প্ৰযোজনা কৰিছিল। এই ২৩ মিনিট দৈৰ্ঘ্যৰ চলচ্চিত্ৰ ২০০৩ চনৰ জাঞ্জিবাৰ আন্তৰ্জাতিক চলচ্চিত্ৰ উৎসৱত সৰ্বশ্ৰেষ্ঠ চুটি চলচ্চিত্ৰ ৰূপে ভোট লাভ কৰিছিল।[3] এই চলচ্চিত্ৰ ব্ৰিটিছ ফিল্ম ইনষ্টিটিউট আৰু নিউয়ৰ্ক আফ্ৰিকান চলচ্চিত্ৰ মহোৎসৱৰ দ্বাৰা যুক্তৰাষ্ট্ৰ আৰু যুক্তৰাজ্যত বিতৰণ কৰা হৈছিল।
তথ্যচিত্ৰ হ'মলেণ্ড ৰুৱাণ্ডাৰ ছবি সংগ্ৰহ সম্পৰ্কে ইতিহাসবিদ জিন-পিয়েৰ ক্ৰেটিয়েন আৰু হেলেন ডি’আলমেইডা-ট’প’ৰৰ সৈতে কৰা গৱেষণাৰ ফল। এই কামৰ বাবে, জাকলিন কালিমুণ্ডাই ৰুৱাণ্ডাৰ ৮০ বছৰৰ অপ্ৰকাশিত চলচ্চিত্ৰ আৰ্খাইভ উন্মোচন কৰিছিল। এই চলচ্চিত্ৰ ২০০৭ চনৰ FESPACO উৎসৱত প্ৰদৰ্শিত হৈছিল।[4]
২০০৭ আৰু ২০০৮ চনত, তেওঁ ইমেজিন আফ্ৰিকা নামৰ টিভি শৃংখলাৰ প্ৰথম আৰু দ্বিতীয় পৰ্ব সহ-পৰিচালনা কৰিছিল, যি ইংৰাজী, ফ্ৰেন্স, স্বাহিলি, জুলু, পৰ্তুগীজ আৰু অন্যান্য আফ্ৰিকান ভাষাত ৩৫খন আফ্ৰিকান দেশত সম্প্ৰচাৰ কৰা হৈছিল। তাৰ পিছত, তেওঁ হাই লাইফ নামৰ চলচ্চিত্ৰ কেনেল প্লাচ হ'ৰাইজনৰ সৈতে সহ-প্ৰযোজনা কৰি ২০১১ চনত মুক্তি দিয়িছিল।
তেওঁ ব্ৰিলিয়াণ্ট টেলেণ্ট কেম্পাচৰ ছাত্ৰী আছিল। ২০১২ চনত, তেওঁ Focus Features Africa Firstৰ সহায়ত বাৰ্নিং ডাউন নামৰ এক চুটি চলচ্চিত্ৰ প্ৰযোজনা আৰু পৰিচালনা কৰিছিল, য'ত "এৰিক এবৌয়ানে" আৰু "চাইৰিল গুই"য়ে অভিনয় কৰিছিল।
২০১৬ চনত, কালিমুণ্ডাই ফ্ল'ৰিছ নামৰ কিনিয়াৰুৱাণ্ডা ভাষাৰ তথ্যচিত্ৰ লিখি পৰিচালনা কৰিছিল।[5]
| বছৰ | শীৰ্ষক |
|---|---|
| ২০০২ | হিস্তৱাৰ দে ত্ৰেছ |
| ২০০৫ | হ'মলেণ্ড |
| ২০০৭ | ইমেজিন আফ্ৰিকা - প্ৰথম খণ্ড |
| ২০০৮ | ইমেজিন আফ্ৰিকা - দ্বিতীয় খণ্ড |
| ২০০৯ | হাই লাইফ / লালা এণ্ড দ্য গাউছ |
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- জেকলিন কালিমুণ্ডা সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ ""Homeland", una visión personal sobre el genocidio de Ruanda". Rebelión. 29 March 2007. http://www.rebelion.org/noticia.php?id=48949.
- ↑ "Africiné". www.africine.org. http://www.africine.org/?menu=fiche&no=5319। আহৰণ কৰা হৈছে: 2019-11-12.
- ↑ "Le festival du film de Zanzibar a couronné "Histoire de tresses"". Africultures. 11 September 2003. http://www.africultures.com/php/index.php?nav=article&no=3061.
- ↑ "In pictures: Africa's Oscars" (select picture number 7). BBC News. 2 March 2007. http://news.bbc.co.uk/1/hi/in_pictures/6407783.stm.
- ↑ "Floris (2016)". IMDb. https://www.imdb.com/title/tt6391094/?ref_=nm_flmg_dr_1। আহৰণ কৰা হৈছে: 5 April 2018.