সমললৈ যাওক

জেচিকা আলুপো

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মহামহিম

জেচিকা আলুপো

২০২৫ত জেচিকা আলুপো
উগাণ্ডাৰ উপৰাষ্ট্ৰপতি
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২১ জুন ২০২১
ৰাষ্ট্ৰপতি যোৱেৰী মুছেভেনি
প্ৰধানমন্ত্ৰী বৰীনাহ নিবাঞ্জা
পূৰ্বসূৰী এডৱাৰ্ড ছেকান্দি
উগাণ্ডাৰ শিক্ষা আৰু ক্ৰীড়া মন্ত্ৰ্যালয়
কাৰ্যকাল
২৭ মে ২০১১  ৬ জুন ২০১৬
ৰাষ্ট্ৰপতি যোৱেৰী মুছেভেনি
প্ৰধানমন্ত্ৰী আমামা এম্বাবাজী
ৰুহাকানা ৰুগুণ্ডা
পূৰ্বসূৰী নামিৰেম্বে বিতামাজিৰে
উত্তৰসূৰী জেনেট মুছেভেনি
যুৱ আৰু শিশু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী
কাৰ্যকাল
২০০৯  ২৭ মে ২০১১
ৰাষ্ট্ৰপতি যোৱেৰী মুছেভেনি
প্ৰধানমন্ত্ৰী এপোলো এচিবাম্বি
আমামা এম্বাবাজী
উগাণ্ডাৰ সংসদৰ সদস্য
পদাধিকাৰ
কাৰ্যভাৰ গ্ৰহণ
২০০১
সমষ্টি কাতকৱি
ব্যক্তিগত তথ্য
জন্ম ২৩ মে', ১৯৭৪ (৫২ বছৰ)
কাতকৱি, উগাণ্ডা
ৰাজনৈতিক দল ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন
দাম্পত্যসঙ্গী মেজৰ ইনোচেণ্ট টুকাছাবা
শিক্ষা মাকেৰেৰে বিশ্ববিদ্যালয়
স্নাতক (ৰাজনীতি বিজ্ঞান)
(স্নাতকোত্তৰ, (আন্তৰাষ্ট্ৰীয় সম্পৰ্ক)[1]
উগাণ্ডা মেনেজমেণ্ট ইনষ্টিটিউচন
ৰাজহুৱা প্ৰশাসন আৰু পৰিচালনাত ডিপ্লমা
ৰাজহুৱা প্ৰশাসন আৰু পৰিচালনাত এম.এ

জেচিকা ৰোজ এপেল আলুপো (জন্ম ২৩ মে' ১৯৭৪) সাধাৰণতে জেচিকা আলুপো নামেৰে জনাজাত উগাণ্ডাৰ এগৰাকী ৰাজনীতিবিদ যি ২০২১ চনৰ পিছত উগাণ্ডাৰ নৱম আৰু বৰ্তমানৰ উপ-ৰাষ্ট্ৰপতি। তেওঁ এগৰাকী শিক্ষাবিদ, আৰু প্ৰাক্তন সামৰিক বিষয়াও। ইয়াৰ পূৰ্বে ২০১১ চনৰপৰা ২০১৬ চনৰ ভিতৰত উগাণ্ডাৰ কেবিনেটত শিক্ষা মন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। উগাণ্ডাৰ একাদশ সংসদত কাতকৱি জিলাৰ মহিলা প্ৰতিনিধি হিচাপেও নিৰ্বাচিত সংসদৰ সদস্য।[2]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৭৪ চনৰ ২৩ মে’ত কাতকৱি জিলাত জন্মগ্ৰহণ কৰিছিল জেচিকা আলুপোৱে। আপুটন প্ৰাথমিক বিদ্যালয়ত পঢ়িছিল। ইয়াৰ পিছত তেওঁ অ-লেভেলৰ পঢ়া-শুনাৰ বাবে কাংগোলে গাৰ্লছ স্কুলত পঢ়িবলৈ লয়। এ লেভেল শিক্ষাৰ বাবে নোগোৰা হাইস্কুলত অধ্যয়ন কৰিছিল। জিঞ্জাৰ উগাণ্ডাৰ জুনিয়ৰ ষ্টাফ কলেজত অফিচাৰ কেডেট পাঠ্যক্ৰম গ্ৰহণ কৰাৰ পূৰ্বে আলুপোৱে হাইস্কুলৰ কেণ্টিন এটেণ্ডেণ্ট হিচাপে প্ৰশিক্ষণ লৈছিল। ৰাজনীতি বিজ্ঞান আৰু ভাষাবিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰা জেচিকাই ১৯৯৭ চনত মাকেৰেৰ বিশ্ববিদ্যালয়ৰপৰা লাভ কৰে। তেওঁৰ প্ৰথম স্নাতকোত্তৰ ডিগ্ৰী, আন্তঃৰাষ্ট্ৰীয় সম্পৰ্ক আৰু কূটনীতিৰ স্নাতকোত্তৰ, ২০০৮ চনত মাকেৰেৰ বিশ্ববিদ্যালয়ৰপৰাও লাভ কৰে। ২০০৮ চনত উগাণ্ডা মেনেজমেণ্ট ইনষ্টিটিউট (ইউএমআই)ৰপৰা লাভ কৰা ৰাজহুৱা প্ৰশাসন আৰু পৰিচালনাৰ ডিপ্লমাও লাভ কৰিছে। তেওঁৰ দ্বিতীয় স্নাতকোত্তৰ ডিগ্ৰী হৈছে ৰাজহুৱা প্ৰশাসন আৰু পৰিচালনাত স্নাতকোত্তৰ, ২০০৯ চনত লাভ কৰে আৰু এয়াও মাকেৰেৰ বিশ্ববিদ্যালয়ৰ পৰা।[3]

কেৰিয়াৰ

[সম্পাদনা কৰক]

বছৰ বছৰ ধৰি জেচিকাই বিভিন্ন পদবীত নিয়োজিত হৈ আহিছে, য’ত আছে:

  • উগাণ্ডাৰ পূব অঞ্চলৰ কাটাকৱি জিলাৰ কাটাকৱি চহৰৰ কাটাকৱি প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষক হিচাপে।
  • উগাণ্ডাৰ মধ্য অঞ্চলৰ নাকাচেকে জিলাৰ চিংগোৰ উগাণ্ডা নগৰ যুদ্ধ প্ৰশিক্ষণ বিদ্যালয়ত প্ৰশিক্ষক হিচাপে।
  • উগাণ্ডাৰ ৰাজধানী চহৰ কাম্পালাৰ মুখ্য চোৰাংচোৱা বিভাগৰ চোৰাংচোৱা বিষয়া হিচাপে।

২০০১ চনত কাতকৱি জিলাৰ মহিলা প্ৰতিনিধিৰ প্ৰাৰ্থী হিচাপে ৰাজনীতিত প্ৰৱেশ কৰে। ৰাষ্ট্ৰীয় প্ৰতিৰোধ আন্দোলন (এন আৰ এম) ৰাজনৈতিক দলৰ টিকটত প্ৰতিদ্বন্দ্বিতা কৰিছিল। ২০০৬ চনত জয়ী হৈ পুনৰ নিৰ্বাচিত হয়। ২০০৯ চনত তেওঁক যুৱ আৰু শিশু পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে নিযুক্তি দিয়া হয়।[4] ২০১১ চনত পুনৰ সংসদীয় সমষ্টিলৈ নিৰ্বাচিত হয়। ২০১১ চনৰ ২৭ মে'ৰ মন্ত্ৰীসভাৰ সালসলনিত তেওঁক শিক্ষা আৰু ক্ৰীড়া মন্ত্ৰী পদলৈ পদোন্নতি দিয়া হয়।[5] মন্ত্ৰীসভাৰপৰা বাদ দিয়া নামিৰেম্বে বিটামাজিৰেৰ ঠাইত তেওঁ নিযুক্তি দিয়ে।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

আলুপোৰ বিবাহ ইনোচেণ্ট টুকাছাবাৰ সৈতে হয়।[6] তেওঁ পঢ়া, সম্প্ৰদায়ৰ সংগঠন আৰু ভ্ৰমণ ভাল পোৱা বুলি কোৱা হৈছে।[7][8]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Daily Monitor Reporter (31 May 2011). "Is Lieutenant Alupo Punching Above Her Weight?". Archived from the original on 7 December 2014. https://web.archive.org/web/20141207201013/http://www.monitor.co.ug/News/National/-/688334/1172272/-/c0wyomz/-/index.html আহৰণ কৰা হৈছে: 6 December 2014.
  2. Samuel Muhimba (14 June 2021). "Parliament approves Jessica Alupo as Vice President of Uganda". Nile Post Uganda. প্ৰকাশক Kampala. https://nilepost.co.ug/2021/06/14/parliament-approves-jessica-alupo-as-vice-president-of-uganda/ আহৰণ কৰা হৈছে: 16 June 2021.
  3. Uganda Parliament (2011). "Profile of Alupo Jessica Rose Epel". Parliament of Uganda. http://www.parliament.go.ug/mpdata/mps.hei?p=f&n=t&details=t&j=364&const=Woman+Representative&dist_id=22&distname=Katakwi আহৰণ কৰা হৈছে: 6 December 2014.
  4. Vision Reporters (17 February 2009). "New Appointees Excited About Jobs". http://www.newvision.co.ug/D/8/30/671826 আহৰণ কৰা হৈছে: 6 December 2014.
  5. Mukasa, Henry (28 May 2011). "Museveni Names New Cabinet". http://www.newvision.co.ug/E/8/12/755941 আহৰণ কৰা হৈছে: 6 December 2014.
  6. Katende, Norman (9 July 2011). "Minister Jessica Alupo Introduces Today". http://www.newvision.co.ug/D/8/13/759774 আহৰণ কৰা হৈছে: 6 December 2014.
  7. "Minister Jessica Alupo introduces today". www.newvision.co.ug. http://www.newvision.co.ug/new_vision/news/1008465/minister-jessica-alupo-introduces আহৰণ কৰা হৈছে: 2019-06-01.
  8. "Wedding album". www.newvision.co.ug. http://www.newvision.co.ug/new_vision/news/1007803/wedding-album আহৰণ কৰা হৈছে: 2019-06-01.