সমললৈ যাওক

জেচিকা লাল হত্যাকাণ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেচিকা লাল
জন্ম ৫ জানুৱাৰী, ১৯৬৫
ভাৰত
মৃত্যু ৩০ এপ্ৰিল, ১৯৯৯ (৩৪ বছৰ)
নতুন দিল্লী
মৃত্যুৰ কাৰণ মূৰত গুলি লাগি মৃত্যু
পেচা মডেল

জেচিকা লাল (ইংৰাজী: Jessica Lal; ৫ জানুৱাৰী ১৯৬৫ – ৩০ এপ্ৰিল ১৯৯৯) নতুন দিল্লীৰ এগৰাকী মডেল আছিল। তেওঁ যথেষ্ঠ লোক সমবেত হোৱা এটা ছ’চিয়েলাইট পাৰ্টিত চেলিব্ৰিটি বাৰমেইড হিচাপে কাম কৰি থাকোঁতে ১৯৯৯ চনৰ ৩০ এপ্ৰিলৰ দিনৰ প্ৰায় ২:০০ বজাত তেওঁক গুলীয়াই হত্যা কৰা হয়। বহুতো প্ৰত্যক্ষদৰ্শীয়ে সিদ্ধাৰ্থ বশিষ্ঠক হত্যাকাৰী ৰূপে উল্লেখ কৰে। মনু শৰ্মা নামেৰেও জনাজাত হত্যাকাৰীজন হাৰিয়ানাৰ প্ৰভাৱশালী সাংসদ বিনোদ শৰ্মাৰ পুত্ৰ আছিল। পিছত মনু শৰ্মাক হত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ড বিহা হয়।[1][2]

প্ৰথম বিচাৰত মনু শৰ্মাক দোষমুক্ত কৰা হয়, যাৰ বাবে সমগ্ৰ দেশতে বৃহৎ হুলস্থুলৰ সৃষ্টি হয়। কিয়নো অভিযুক্তক দোষী সাব্যস্ত কৰিবলৈ শক্তিশালী পৰিস্থিতিগত প্ৰমাণ পোৱা গৈছিল। দোষমুক্ত হোৱা সংক্ৰান্তত বিভিন্ন প্ৰশ্নৰ উত্থাপন হয়। গোচৰৰ ৰায়দান যোগ্যতাৰ ভিত্তিত নাছিল বুলি দাবী কৰা হয়।[3] সংবাদ মাধ্যম আৰু জনসাধাৰণৰ তীব্ৰ হেঁচাত বাদীপক্ষই পুনৰ বিচাৰৰ বাবে আবেদন জনায়। দিল্লী উচ্চ ন্যায়ালয়ে দৈনিক শুনানী লৈ ২৫ দিনত দ্ৰুতগতিত বিচাৰ প্ৰক্ৰিয়া চলায়। বিচাৰত আদালতৰ পূৰ্বৰ ৰায় বাতিল হৈ মনু শৰ্মাক লালক হত্যা কৰা গোচৰত দোষী সাব্যস্ত কৰা হয়। ২০০৬ চনৰ ২০ ডিচেম্বৰত আদালতে তেওঁক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। ২ জুন ২০২০ তাৰিখে ভাল আচৰণৰ দোহাই দি দিল্লীৰ লেফটেনেণ্ট গৱৰ্ণৰে মনু শৰ্মাক তিহাৰ জেলৰ পৰা মুকলি কৰি দিয়ে।[4]

জনপ্ৰিয় সংস্কৃতিত

[সম্পাদনা কৰক]

২০১১ চনত ৰাণী মুখাৰ্জী আৰু বিদ্যা বালান অভিনীত হিন্দী ছবি “নো ৱান কিল্ডড্ জেচিকা” এই ঘটনাৰ দ্বাৰা পৰা অনুপ্ৰাণিত হৈছিল।[5] বিকাশ স্বৰূপৰ ২০১৬ চনৰ উপন্যাস “ছিক্স চাচপেক্টছ”ও একে ধৰণৰ হত্যাকাণ্ডৰ ওপৰত কেন্দ্ৰীভূত।

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]