সমললৈ যাওক

জেণ্ডায়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেণ্ডায়া

২০১৯ চনত জেণ্ডায়া
জন্ম জেণ্ডায়া মেৰী ষ্টোৰমাৰ ক'লমেন
১ ছেপ্টেম্বৰ, ১৯৯৬ (২৯ বছৰ)
অ’কলেণ্ড, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ
পেচা অভিনেত্ৰী, গায়িকা
সক্ৰিয় হৈ থকা সময় ২০০৯–বৰ্তমান
অংশীদাৰ টম হগলেণ্ড (২০২১–বৰ্তমান)
বঁটা, সন্মান, পুৰস্কাৰ আদি সম্পূৰ্ণ তালিকা
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ আৰ এণ্ড বি (R&B), পপ
বাদ্যযন্ত্ৰ কণ্ঠসংগীত
লেবেল হলিউড ৰেকৰ্ডছ, ৰিপাব্লিক ৰেকৰ্ডছ[1]
স্বাক্ষৰ
ৱেবছাইট
zendaya.com

জেণ্ডায়া মেৰী ষ্টোৰমাৰ ক'লমেন (ইংৰাজী: Zendaya Maree Stoermer Coleman; জন্ম: ১ ছেপ্টেম্বৰ, ১৯৯৬) এগৰাকী আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। তেওঁ দুটাকৈ প্ৰাইমটাইম এমি বঁটা আৰু এটা গ’ল্ডেন গ্ল’ব বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে। ২০২২ চনত টাইম আলোচনীয়ে তেওঁক বিশ্বৰ ১০০ গৰাকী আটাইতকৈ প্ৰভাৱশালী ব্যক্তিৰ ভিতৰত এগৰাকী হিচাপে নামকৰণ কৰিছিল। মুখ্য অভিনেত্ৰী হিচাপে তেওঁৰ ছবিসমূহে বিশ্বজুৰি ৩.৯ বিলিয়ন ডলাৰতকৈও অধিক উপাৰ্জন কৰিছে।

কেলিফৰ্ণিয়াৰ অ’কলেণ্ডত জন্মগ্ৰহণ কৰা জেণ্ডায়াই শিশু মডেল আৰু বেকআপ ডান্সাৰ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ডিজনী চেনেলৰ ছিটক'ম শ্বেক ইট আপ (২০১০–২০১৩)ত ৰকি ব্লুৰ চৰিত্ৰত অভিনয় কৰি তেওঁ জনপ্ৰিয়তা লাভ কৰে। ইয়াৰ পিছত তেওঁ একেটা চেনেলৰে ছিটক'ম কে.চি. আণ্ডাৰকভাৰ (২০১৫–২০১৮)ত অভিনয় কৰাৰ লগতে ইয়াৰ প্ৰযোজনাও কৰিছিল। এইচ বি অ’ৰ কিশোৰ ড্ৰামা ধাৰাবাহিক ইউফ’ৰিয়াত (২০১৯–বৰ্তমান) ড্ৰাগছ আসক্ত কিশোৰী ৰু বেনেটৰ চৰিত্ৰত অভিনয় কৰি জেণ্ডায়াই ধাৰাবাহিক শিতানত শ্ৰেষ্ঠ মুখ্য অভিনেত্ৰীৰ দুটাকৈ প্ৰাইমটাইম এমি বঁটা লাভ কৰে। এই শিতানত জয়ী হোৱা তেওঁ কনিষ্ঠতম অভিনেত্ৰী হিচাপে পৰিগণিত হয়। এই চৰিত্ৰটোৰ বাবে তেওঁ এটা গ’ল্ডেন গ্ল’ব বঁটাও লাভ কৰে।

জেণ্ডায়াই মাৰ্ভেল চিনেমেটিক ইউনিভাৰ্ছৰ ছবি স্পাইডাৰ-মেন: হোমকামিং (২০১৭)ত মিচেলৰ চৰিত্ৰৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰে। ইয়াৰ পৰৱৰ্তী খণ্ড স্পাইডাৰ-মেন: ফাৰ ফ্ৰম হোম (২০১৯) আৰু স্পাইডাৰ-মেন: নো ৱে হোম (২০২১)তো তেওঁ অভিনয় কৰে, যি দুয়োখনে বিশ্বজুৰি ১ বিলিয়ন ডলাৰতকৈ অধিক উপাৰ্জন কৰিছিল। ইয়াৰ উপৰিও তেওঁ মিউজিকেল ছবি দ্য গ্ৰেটেষ্ট শ্ব'মেন (২০১৭), ৰোমান্টিক ড্ৰামা মেলকম এণ্ড মেৰী (২০২১) আৰু চেলেনজাৰ্ছ (২০২৪), আৰু বিজ্ঞান ভিত্তিক কল্পকাহিনী ছবি ড্যুন (২০২১) আৰু ড্যুন: পাৰ্ট টু (২০২৪)ত চানিৰ চৰিত্ৰত অভিনয় কৰিছে।

২০১১ চনত জেণ্ডায়াই "স্বেগ ইট আউট" আৰু "ৱাচ মি" নামৰ একক গীত মুকলি কৰে, যিবোৰৰ ভিতৰত দ্বিতীয়টো আছিল বেলা থৰ্ণৰ সৈতে এক সহযোগিতা। ২০১৩ চনত তেওঁ হলিউড ৰেকৰ্ডছৰ সৈতে চুক্তিবদ্ধ হৈ নিজৰ নামত প্ৰথমটো ষ্টুডিঅ' এলবাম মুকলি কৰে। ইয়াৰ মুখ্য গীত "ৰিপ্লে" আমেৰিকাৰ বিলবোৰ্ড হট ১০০ ৰ শীৰ্ষ ৪০ৰ ভিতৰত স্থান লাভ কৰিছিল। দ্য গ্ৰেটেষ্ট শ্ব'মেনৰ ছাউণ্ডট্ৰেক (২০১৭)ত জেক এফ্ৰনৰ সৈতে তেওঁৰ সংগীত সহযোগিতা "ৰি ৰাইট দ্য ষ্টাৰ্ছ" কেইবাখনো ৰেকৰ্ড চাৰ্টৰ শীৰ্ষ ২০ৰ ভিতৰত আছিল। তেওঁ ইউফ’ৰিয়াৰ বাবেও কেইবাটাও গীত লিখাৰ লগতে পৰিৱেশন কৰিছে।

প্ৰাৰম্ভিক জীৱন আৰু অভিনয়ৰ পটভূমি

[সম্পাদনা কৰক]

"মই জানিছিলোঁ যে মই এগৰাকী মনোৰঞ্জনকাৰী হ'ব বিচাৰোঁ। লাখ লাখ মানুহৰ সন্মুখত মই গান গোৱা আৰু নাচি থকাটো কল্পনা কৰিব পাৰিছিলোঁ।"

— জেণ্ডায়া, নিজৰ গ্ৰন্থ বিটুইন ইউ এণ্ড মি (২০১৩)ত[2]

জেণ্ডায়া মেৰী ষ্টোৰমাৰ ক'লমেনৰ জন্ম হৈছিল ১৯৯৬ চনৰ ১ ছেপ্টেম্বৰত কেলিফৰ্ণিয়াৰ অ’কলেণ্ডত।[3][4] তেওঁৰ নামটো শোনা ভাষাৰ শব্দ টেনডাইৰ পৰা লোৱা হৈছে (যাৰ অৰ্থ হ'ল 'ধন্যবাদ জনোৱা')।[5] জেণ্ডায়াৰ পিতৃ-মাতৃ দুয়োজনেই শিক্ষক আছিল;[6] তেওঁৰ পিতৃ কাজেম্বে আজামু ক'লমেন এজন আফ্ৰিকান-আমেৰিকান ব্যক্তি যাৰ পূৰ্বপুৰুষ নাইজেৰিয়াৰ আছিল,[7] আৰু তেওঁৰ মাতৃ ক্লেয়াৰ ষ্টোৰমাৰৰ জাৰ্মান আৰু স্কটিছ মূলৰ পূৰ্বপুৰুষ আছিল।[8] পিতৃৰ আগৰ সম্পৰ্কৰ পৰা জেণ্ডায়াৰ পাঁচগৰাকী জ্যেষ্ঠ অৰ্ধ-ভ্ৰাতৃ-ভগ্নী আছে।[9]

জেণ্ডায়াই ফ্ৰুটভেল এলিমেনটৰী স্কুলত পঢ়িছিল য'ত তেওঁৰ মাতৃয়ে শিক্ষকতা কৰিছিল।[10] তেওঁক ঘৰত অতি উৎসাহী আৰু সক্ৰিয় বুলি বৰ্ণনা কৰা হৈছিল যদিও স্কুলত তেওঁ শান্ত আৰু লাজকুৰীয়া আছিল। তেওঁৰ আত্মবিশ্বাস বৃদ্ধিত সহায় কৰিবলৈ পিতৃ-মাতৃয়ে তেওঁক কিন্ডাৰগাৰ্টেনত দুবছৰ পঢ়িবলৈ দিছিল।[4] পিতৃৰ বাস্কেটবলৰ প্ৰতি থকা চখৰ বাবে পিতৃ-মাতৃয়ে জেণ্ডায়াক স্থানীয় এটা বাস্কেটবল দলত ভৰ্তি কৰি দিছিল। খেলবিধৰ প্ৰতি আগ্ৰহ হেৰুওৱাৰ পিছত তেওঁ ফুটবল আৰু ট্ৰেক ইভেণ্টলৈ সলনি হয়, কিন্তু সেইবোৰতো তেওঁ বিশেষ সফলতা লাভ কৰা নাছিল।[11] এই সময়ছোৱাতে ছয় বছৰ বয়সত জেণ্ডায়া আৰু তেওঁৰ দুজন বন্ধুৱে 'ব্লেক হিষ্ট্ৰী মান্থ'ৰ বাবে স্কুলত এখন নাটক কৰিছিল।[12] আঠ বছৰ বয়সত তেওঁ ফিউচাৰ শ্বক অ’কলেণ্ড নামৰ এটা হিপ-হপ নৃত্য দলত যোগদান কৰে আৰু তিনি বছৰ তাত নৃত্য পৰিৱেশন কৰে।[13][14] ইয়াৰ উপৰিও তেওঁ একাডেমী অৱ হাৱাইয়ান আৰ্টছত দুবছৰ ধৰি হুলা (hula) নৃত্য শিকিছিল।[15][16]

অভিনয়ক কেৰিয়াৰ হিচাপে ল'বলৈ সিদ্ধান্ত লোৱাৰ পিছত জেণ্ডায়াই কেলিফৰ্ণিয়া শ্বেইকছপীয়েৰ থিয়েটাৰত মাকক কামত সহায় কৰি দিছিল, যিয়ে গ্ৰীষ্মকালত হাউচ মেনেজাৰ হিচাপে কাম কৰিছিল।[13] তাত তেওঁ দৰ্শকক আসন বিচাৰি পোৱাত সহায় কৰাৰ লগতে পুঁজি সংগ্ৰহৰ টিকট বিক্ৰী কৰিছিল, কিন্তু তেওঁৰ মূল আগ্ৰহ আছিল নাট্য প্ৰদৰ্শনৰ প্ৰতিহে।[10][17] তেওঁৰ প্ৰথম অভিনয়ৰ চৰিত্ৰ আছিল তেওঁৰ স্কুলৰ প্ৰযোজনা জেমছ এণ্ড দ্য জায়াণ্ট পিচত এটি ৰেচম পলুৰ চৰিত্ৰ।[13] এঘাৰ বছৰ বয়সত তেওঁ অ’কলেণ্ড স্কুল ফৰ দ্য আৰ্টছত ভৰ্তি হয়[10] আৰু ছাত্ৰী হৈ থকা অৱস্থাতে কেইবাখনো থিয়েটাৰত বিভিন্ন চৰিত্ৰত অভিনয় কৰে। বাৰ্কলে প্লেহাউছত জেণ্ডায়াই ৱান্স অন ডিচ আইলেণ্ডত লিটল টি মৌনৰ চৰিত্ৰত অভিনয় কৰিছিল আৰু থিয়েটাৰৱৰ্কছৰ পালো অল্টো প্ৰযোজনাৰ কেৰোলাইন অৰ চেঞ্জত জো নামৰ এটা চৰিত্ৰত অভিনয় কৰিছিল, যিটো চৰিত্ৰ প্ৰথমে এজন ল'ৰাৰ বাবে লিখা হৈছিল।[18]

ষষ্ঠ শ্ৰেণীত পঢ়ি থকা সময়ত জেণ্ডায়াই ৰিচাৰ্ড III নাটকত লেডী এন আৰু এজ ইউ লাইক ইটত চেলিয়াৰ চৰিত্ৰত অভিনয় কৰিছিল। ইয়াৰ উপৰিও তেওঁ টুৱেলফথ নাইট নাটকত অংশগ্ৰহণ কৰিছিল।[19][20] জেণ্ডায়া যেতিয়া সপ্তম শ্ৰেণীত আছিল, তেতিয়া তেওঁ আৰু তেওঁৰ পিতৃ লছ এঞ্জেলছৰ ডাউনটাউনৰ এটা সৰু এপাৰ্টমেণ্টলৈ গুচি আহে; আনহাতে তেওঁৰ মাতৃ অ’কলেণ্ডতে থাকি গৈছিল।[21][8] অতীতৰ কথাক সোঁৱৰি তেওঁ কৈছিল যে তেওঁৰ পিতৃয়ে জানিছিল যে তেওঁ পৃথিৱীৰ আন সকলো বস্তুতকৈ কি বেছিকৈ বিচাৰে, যদিও তেওঁ স্বীকাৰ কৰিছিল যে তেওঁ নিজৰ সপোন পূৰণ কৰিবলৈ যাওঁতে বহু আনন্দৰ মুহূৰ্ত হেৰুৱাইছিল আৰু মাতৃ তথা পোহনীয়া কুকুৰটোৰ সৈতে থাকিবলৈ নোপোৱাটো তেওঁৰ বাবে কঠিন আছিল।[21] ২০১৫ চনত তেওঁ ওক পাৰ্ক হাইস্কুলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[22][10]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Lipshutz, Jason (October 24, 2014). "After Selena Gomez's Exit and a Thawing 'Frozen,' Is Disney Headed for a Cold Spell?". Billboard. https://www.billboard.com/biz/articles/news/record-labels/6296641/after-selena-gomezs-exit-and-a-thawing-frozen-is-disney আহৰণ কৰা হৈছে: April 17, 2020.
  2. James 2023, পৃষ্ঠা. 13.
  3. Jang, Meena (June 10, 2015). "Zendaya Talks Cultural Roots, Family History for Immigrant Heritage Month". The Hollywood Reporter. https://www.hollywoodreporter.com/news/general-news/immigrant-heritage-month-zendaya-talks-801565/ আহৰণ কৰা হৈছে: October 25, 2025.
  4. 1 2 Perricone 2025, পৃষ্ঠা. 12.
  5. "Who and what Bay Area celebs are named after". San Francisco Chronicle. November 2, 2018. https://www.sfgate.com/entertainment/slideshow/Who-and-what-Bay-Area-celebs-are-named-after-186869.php.
  6. Caruso, Skyler; Hemmert, Kylie (October 1, 2024). "Meet Zendaya's Parents! All About Her Mom Claire Stoermer and Dad Kazembe Ajamu Coleman". People. https://people.com/all-about-zendaya-parents-claire-stoermer-kazembe-coleman-8721251 আহৰণ কৰা হৈছে: October 25, 2025.
  7. Lutkin, Aimée (January 6, 2025). "Who Are Claire Stoermer and Kazembe Coleman?". Elle. https://www.elle.com/culture/celebrities/a60652254/zendaya-parents-facts/ আহৰণ কৰা হৈছে: October 25, 2025.
  8. 1 2 Kim, Kristen Yoonsoo (December 2015). "Real Good". Complex. http://ca.complex.com/pop-culture/zendaya-interview-2015-cover-story আহৰণ কৰা হৈছে: July 9, 2020. "Being a young African-American woman, it's important to know where you come from. ... My mom and my grandma do tons of research on where we're from [on the maternal side]: Scotland and Germany.".
  9. Weaver, Emily (June 3, 2024). "Zendaya's 5 Siblings: All About Her Brothers and Sisters". People. https://people.com/all-about-zendaya-siblings-8655159 আহৰণ কৰা হৈছে: October 25, 2025.
  10. 1 2 3 4 James 2023, পৃষ্ঠা. 12.
  11. Perricone 2025, পৃষ্ঠা. 12–13.
  12. Field, Genevieve (February 6, 2016). "The Unstoppable Zendaya". Glamour. https://www.glamour.com/story/zendaya-speaks-on-unaids-work-supporting-young-fans আহৰণ কৰা হৈছে: August 2, 2017.
  13. 1 2 3 Perricone 2025, পৃষ্ঠা. 13.
  14. "Zendaya biography and filmography". Tribute. https://www.tribute.ca/people/biography/zendaya/45681/ আহৰণ কৰা হৈছে: October 25, 2025.
  15. James 2023, পৃষ্ঠা. 9.
  16. Perricone 2025, পৃষ্ঠা. 43.
  17. Ross, Martha (February 22, 2024). "Zendaya's $100,000 donation helps Cal Shakes make its summer return". The Mercury News. https://www.mercurynews.com/2024/02/22/zendayas-100000-donation-helps-cal-shakes-make-its-summer-return/ আহৰণ কৰা হৈছে: October 25, 2025.
  18. Perricone 2025, পৃষ্ঠা. 14.
  19. Janiak, Lily (November 4, 2020). "Zendaya was a shy, quiet child. Bay Area theater showed her a path to Euphoria". SFGate. https://datebook.sfchronicle.com/theater/zendaya-was-a-shy-quiet-child-bay-area-theater-showed-her-a-path-to-euphoria আহৰণ কৰা হৈছে: October 25, 2025.
  20. Cooney, Jenny (June 22, 2019). "Zendaya: 'People say, 'you've done a lot'. I'm just getting started'". The Sydney Morning Herald. https://www.smh.com.au/entertainment/celebrity/zendaya-people-say-you-ve-done-a-lot-i-m-just-getting-started-20190619-p51z76.html আহৰণ কৰা হৈছে: October 25, 2025.
  21. 1 2 James 2023, পৃষ্ঠা. 20.
  22. "Zendaya Coleman, Gabby Douglas graduate from Oak Park High School". ABC7 Los Angeles. June 12, 2015. https://abc7.com/779731/ আহৰণ কৰা হৈছে: March 11, 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]