জেনিফাৰ এনিষ্টন
| জেনিফাৰ এনিষ্টন Jennifer Aniston | |
|---|---|
২০১২ চনত এনিষ্টন | |
| জন্ম | জেনিফাৰ জোৱানা এনিষ্টন ১১ ফেব্ৰুৱাৰী, ১৯৬৯ (৫৬ বছৰ) লছ এঞ্জেলছ, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৮৭–বৰ্তমানলৈকে |
| দাম্পত্যসঙ্গী | ব্ৰেড পীট (বি. ২০০০; বিবি. ২০০৫) |
| অংশীদাৰ | জাষ্টিন থোৰু (২০১১-১৭) |
| পিতৃ-মাতৃ |
|
| স্বাক্ষৰ | |
জেনিফাৰ জোৱানা এনিষ্টন (ইংৰাজী: Jennifer Joanna Aniston ; জন্ম: ১১ ফেব্ৰুৱাৰী, ১৯৬৯) এগৰাকী আমেৰিকীয় অভিনেত্ৰী। ১৯৯৪ চনৰ পৰা ২০০৪ চনলৈকে টেলিভিছন চিটকম ফ্ৰেণ্ডছত ৰেচেল গ্ৰীণ নামৰ চৰিত্ৰত অভিনয় কৰি তেওঁ আন্তঃৰাষ্ট্ৰীয় খ্যাতি লাভ কৰে আৰু প্ৰাইমটাইম এমি, গোল্ডেন গ্ল’ব আৰু স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে। ২০২৩ চনৰ হিচাপত এনিষ্টনে ধাৰাবাহিকভাৱে বিশ্বৰ সৰ্বাধিক পাৰিশ্ৰমিক পোৱা অভিনেত্ৰীৰ ভিতৰত স্থান লাভ কৰিছে।[1][2]
অভিনেতা জন এনিষ্টন আৰু নেন্সি ডাউৰ কন্যা হিচাপে ১৯৮৮ চনৰ মেক এণ্ড মি ছবিখনত ক্ৰেডিটবিহীন ভূমিকা লৈ তেওঁ কৈশোৰ কালতেই অভিনেত্ৰী হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৯৩ চনৰ হৰৰ কমেডী লেপ্ৰেচানত তেওঁৰ প্ৰথমটো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ অফিচ স্পেচ (১৯৯৯), ব্ৰুচ অলমাইটি (২০০৩), দ্য ব্ৰেক-আপ (২০০৬), মাৰ্লি এণ্ড মি (২০০৮), জাষ্ট গ’ উইথ ইট (২০১১), হৰিবল বছছ (২০১১), উই আৰ দ্য মিলাৰ্ছ (২০১৩), ডাম্পলিন’ (২০১৮), আৰু মাৰ্ডাৰ মিষ্ট্ৰী (২০১৯) আদি সফল কমেডী ছবিত অভিনয় কৰে। এনিষ্টনে প্ৰশংসিত স্বতন্ত্ৰ ছবি দ্য গুড গাৰ্ল (২০০২), ফ্ৰেণ্ডছ উইথ মানি (২০০৬), আৰু কেক (২০১৪)তো অভিনয় কৰিছিল। ২০১৯ চনত টেলিভিছনলৈ ঘূৰি আহি তেওঁ এপল টিভি+ৰ ড্ৰামা ধাৰাবাহিক দ্য মৰ্নিং শ্ব’ৰ প্ৰযোজনা কৰাৰ লগতে অভিনয় কৰে, যাৰ বাবে তেওঁ স্ক্ৰীণ এক্টৰছ গিল্ড বঁটা লাভ কৰে।
এনিষ্টনক অসংখ্য আলোচনীয়ে বিশ্বৰ আটাইতকৈ ধুনীয়া মহিলাৰ তালিকাত অন্তৰ্ভুক্ত কৰিছে। তেওঁৰ সম্পত্তিৰ পৰিমাণ ৩০ কোটি মাৰ্কিন ডলাৰ আৰু বিশ্বজুৰি তেওঁৰ বক্স অফিচৰ উপাৰ্জন মুঠ ১.৬ বিলিয়ন ডলাৰৰ ওপৰত।[3] হলিউড ৱাক অৱ ফেমৰ তাৰকা লাভ কৰা এনিষ্টন ২০০৮ চনত স্থাপিত প্ৰডাকচন কোম্পানী ইকো ফিল্মছৰ সহ-প্ৰতিষ্ঠাপক।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "Jennifer Aniston's Net Worth Has Been Sky-High Since Starring in 'Friends'". Cosmopolitan. May 11, 2022. https://www.cosmopolitan.com/entertainment/celebs/a30893303/jennifer-aniston-net-worth/। আহৰণ কৰা হৈছে: February 3, 2023.
- ↑ "The Highest-Paid Actors Of 2023". Forbes. https://www.forbes.com/sites/mattcraig/2024/03/06/highest-paid-actors-2023-adam-sandler-margot-robbie/?sh=29f56d9863a0। আহৰণ কৰা হৈছে: March 26, 2024.
- ↑ "Jennifer Aniston - Career Summary". The Numbers. https://www.the-numbers.com/person/5370401-Jennifer-Aniston#tab=summary। আহৰণ কৰা হৈছে: March 12, 2021.