সমললৈ যাওক

জেনিফাৰ হকিংছ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জে্নিফাৰ হকিংছ

২০১৫ চনত হকিংছ
জন্ম জে্নিফাৰ লুইচ হকিংছ
২২ ডিচেম্বৰ, ১৯৮৩ (৪২ বছৰ)
নিউকেচেল, নিউ চাউথ ৱেলছ, অষ্ট্ৰেলিয়া[1]
পেচা মডেল, ঘোষিকা
উচ্চতা ১৮০ চেণ্টিমিটাৰ
দাম্পত্যসঙ্গী জেক ৱাল (বিবাহ ২০১৩)
সন্তান ২
'Beauty pageant titleholder'
Title মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০০৪
মিছ ইউনিভাৰ্ছ ২০০৪
Years active ২০০৩–বৰ্তমান
Hair color সোণালী
Eye color নীলা
Major
competition(s)
মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়া ২০০৪ (বিজয়ী)
মিছ ইউনিভাৰ্ছ ২০০৪ (বিজয়ী)

জে্নিফাৰ লুইচ হকিংছ-ৱাল (ইংৰাজী: Jennifer Louise Hawkins-Wall; জন্ম: ২২ ডিচেম্বৰ ১৯৮৩) এগৰাকী অষ্ট্ৰেলিয়ান টেলিভিছন ঘোষিকা, মডেল আৰু সৌন্দৰ্য ৰাণী, যিয়ে ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ খিতাপ জয় কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ২০০৪ চনৰ মিছ ইউনিভাৰ্ছ অষ্ট্ৰেলিয়াৰ মুকুট লাভ কৰিছিল। তেওঁ অষ্ট্ৰেলিয়াছ নেক্সট টপ মডেলৰ ঘোষিকা আছিল আৰু লাভবল ইনটিমেটছ, মাউণ্ট ফ্ৰেংকলিন লাইটলি স্পাৰ্কলিং আৰু ৰেঞ্জ ৰভাৰৰ ব্ৰেণ্ড এম্বেছাদৰ আছিল। তেওঁ অষ্ট্ৰেলিয়ান ডিপাৰ্টমেণ্ট ষ্টোৰ মায়াৰৰ মুখ (face of the brand) আছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

হকিংছৰ জন্ম নিউ চাউথ ৱেলছৰ হোমছভিলত গেইল আৰু ৰবাৰ্টৰ ঘৰত হৈছিল।[1] তেওাকাল নিউ চাউথ ৱেলছৰ ৱেষ্ট ৱালচেণ্ডত অৱস্থিত ৱেষ্ট ৱালচেণ্ড হাইস্কুলত অধ্যয়ন কৰিছিল। তেওঁ চাৰিজন ভাই-ভনীৰ ভিতৰত এজন। হকিংছ নিউকেচেল নাইটছ ৰাগবী লীগ দল[2] আৰু হাণ্টাৰ পাইৰেটছ বাস্কেটবল দলৰ এগৰাকী চিয়াৰলিডাৰ আছিল আৰু মডেল হিচাপেও কাম কৰিছিল। মডেল হিচাপে কাম কৰি থকাৰ সময়তে তেওঁ মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বাবে মিছ অষ্ট্ৰেলিয়া হিচাপে নিৰ্বাচিত হৈছিল।[3] হকিংছে অষ্ট্ৰেলিয়া ভ্ৰমণ কৰা এটা নৃত্য দলৰ কৰিঅ’গ্ৰাফাৰ হিচাপেও কাম কৰিছিল, যিটো দল হিপ হপ আৰু বেলে নৃত্যত বিশেষজ্ঞ আছিল।

ৰাজহুৱা ছবি

[সম্পাদনা কৰক]

জনপ্ৰিয়তা লাভ কৰাৰ পাছত হকিংছে পোনপ্ৰথমে বাথাৰ্ষ্ট স্কুলৰ ছাত্ৰ ডেনিয়েল ডিবলীৰ আমন্ত্ৰণ ৰক্ষা কৰি ২০০৬ চনৰ আগষ্ট মাহত তেওঁৰ দ্বাদশ শ্ৰেণীৰ গ্ৰেজুৱেশ্যন বলত সংগ দিবলৈ সন্মত হৈছিল।[4] অৱশ্যে পিছলৈ তেওঁ সেই প্ৰস্তাৱ প্ৰত্যাখ্যান কৰে, কাৰণ তেওঁ আন দম্পতীসকলৰপৰা দৃষ্টি আকৰ্ষণ কৰিব বিচৰা নাছিল। অৱশ্যে তেওঁ ডিবলীৰ সৈতে এটা ব্যক্তিগত ডেটত যাবলৈ সন্মত হৈছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

২০১৩ চনৰ ৪ জুনত হকিংছে আঠবছৰীয়া প্ৰেমিক জেক ৱালৰ সৈতে ইণ্ডোনেছিয়াৰ বালি দ্বীপৰ এটা ৰিজৰ্টত এক চুটি অনুষ্ঠানৰ জৰিয়তে বিবাহপাশত আবদ্ধ হয়। নিউজিলেণ্ডত ৱালে বিয়াৰ প্ৰস্তাৱ আগবঢ়োৱাৰ ১৮ মাহৰ পিছত এই দম্পতীটোৰ বাগদান সম্পন্ন হৈছিল।[5] ২০১৯ চনৰ মে' মাহত হকিংছে ঘোষণা কৰে যে তেওঁ আৰু ৱালে তেওঁলোকৰ প্ৰথম সন্তানৰ আশা কৰিছে। গৰ্ভাৱস্থাৰ সময়ত হকিংছে তেওঁৰ সন্তান জন্মৰ সমস্যাৰ বিষয়ে আলোচনা কৰিছিল আৰু ২০১৯ চনৰ অক্টোবৰ মাহত তেওঁলোকৰ কন্যা সন্তান জন্ম হোৱাৰ কথা জনাইছিল।[6] ২০১৯ চনৰ ২২ অক্টোবৰত হকিংছে এটি কন্যা সন্তান জন্ম হোৱাৰ কথা ঘোষণা কৰে। হকিংছ ছিডনীত বাস কৰে। ২০২১ চনৰ ২০ অক্টোবৰত হকিংছে তেওঁলোকৰ দ্বিতীয় সন্তান এটি পুত্ৰ জন্ম হোৱাৰ কথা ঘোষণা কৰে।[7]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Gadd, Michael (10 May 2004). "The Universe Is Her Oyster". The Newcastle Herald.
  2. ↑ "Jenny's universal appeal". Sunday Telegraph. 16 May 2004.
  3. ↑ Jameson, Julietta (3 June 2004). "Aussie charm conquers universe". The Courier Mail.
  4. ↑ "Miss Universe gives Daniel a formal 'yes'". Herald Sun (Australia). 27 August 2006. http://www.news.com.au/heraldsun/story/0,,20263604-661,00.html.
  5. ↑ "Jennifer Hawkins marries Jake Wall in Bali". news.com.au. http://www.news.com.au/entertainment/celebrity-life/myer-model-jennifer-hawkins-marrying-jake-wall-i-bali/story-e6frfmqi-1226657273815। আহৰণ কৰা হৈছে: 24 February 2014.
  6. ↑ "Jennifer Hawkins reveals secret heartbreak". News.com.au. 23 August 2019. https://www.news.com.au/entertainment/celebrity-life/i-almost-broke-jennifer-hawkins-reveals-secret-heartbreak/news-story/1ea689172a2408bbe6b59daeb725b88d.
  7. ↑ "Jennifer Hawkins welcomes second child, Hendrix Hawkins-Wall" (en ভাষাত). News.com.au. 28 October 2021. https://www.news.com.au/lifestyle/parenting/babies/jennifer-hawkins-welcomes-second-child-hendrix-hawkinswall/news-story/8d401bca94a591204338feacd30e7eb5। আহৰণ কৰা হৈছে: 7 November 2021.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]