সমললৈ যাওক

জেনী হান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেনী হান

২০১৯ চনৰ জুন মাহত বুককনত হান
জন্ম ৩ ছেপ্টেম্বৰ, ১৯৮০ (৪৫ বছৰ)
ৰিচমণ্ড, ভাৰ্জিনিয়া, আমেৰিকা
পেচা লেখিকা
শিক্ষা চেপেল হিলত নৰ্থ কেৰ'লিনা বিশ্ববিদ্যালয় (বি এ)
দ্য নিউ স্কুল (এম এফ এ)
ধৰণ যুৱ প্ৰাপ্তবয়স্ক কল্পকাহিনী
উল্লেখনীয় কৰ্মৰাজি দ্য ছামাৰ আই টাৰ্ণড প্ৰিটি
টু অল দ্য বয়ছ আইভ লভড বিফোৰ
ৱেবছাইট jennyhan.com ৱিকিডে'টাত সম্পাদনা কৰক

জেনী হান ( ইংৰাজী : Jenny Han; জন্ম: ৩ ছেপ্টেম্বৰ, ১৯৮০) এগৰাকী আমেৰিকান লেখিকা, চিত্ৰনাট্যকাৰ, কাৰ্যবাহী প্ৰযোজক আৰু শ্ব'ৰানাৰ।[1] তেওঁ দ্য ছামাৰ আই টাৰ্ণড প্ৰিটি ট্ৰাইলজী লিখাৰ বাবে বেছিকৈ পৰিচিত, যাক তেওঁ প্ৰাইম ভিডিঅ'ৰ বাবে টিভি ধাৰাবাহিকলৈ ৰূপান্তৰিত কৰে। তেওঁ টু অল দ্য বয়ছ আইভ লভড বিফোৰ ট্ৰাইলজীও লিখিছিল, যাক নেটফ্লিক্সৰ এখন চলচ্চিত্ৰ ধাৰাবাহিকলৈ ৰূপান্তৰিত কৰা হয়।[2][3]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

হান ভাৰ্জিনিয়াৰ ৰিচমণ্ডত কোৰিয়ান-আমেৰিকান পিতৃ-মাতৃৰ ঘৰত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হৈছিল।[4][5] ১৯৯৮ চনত তেওঁ মেগী এল ৱাকাৰ গভৰ্ণৰ স্কুল ফৰ গভৰ্ণমেণ্ট এণ্ড ইণ্টাৰনেশ্যনেল ষ্টাডিজৰপৰা স্নাতক ডিগ্ৰী লাভ কৰে,[6][7] তাৰ পিছত চেপেল হিলত নৰ্থ কেৰ'লিনা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে।[8] ২০০৬ চনত তেওঁ দ্য নিউ স্কুলত সৃষ্টিশীল লেখাত সূক্ষ্ম কলাৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

কলেজত পঢ়ি থকাৰ সময়তে হানে তেওঁৰ প্ৰথমখন কিতাপ শিশু উপন্যাস শ্বুগ লিখিছিল।[9] শ্বুগ ২০০৬ চনত প্ৰকাশ পাইছিল আৰু জুনিয়ৰ হাইস্কুলৰ বিপদৰ সন্মুখীন হ'বলৈ চেষ্টা কৰা বাৰবছৰীয়া এন্নেমেৰী উইলকক্সৰ বিষয়ে।[10]

তেওঁৰ পৰৱৰ্তী প্ৰজেক্ট আছিল গ্ৰীষ্মকালীন বিৰতিৰ সময়ত এগৰাকী ছোৱালীৰ বয়স বৃদ্ধিৰ বিষয়ে লিখা এখন যুৱ প্ৰাপ্তবয়স্ক ৰোমাঞ্চ ট্ৰাইলজী। ২০০৯ চনৰপৰা ২০১১ চনলৈকে চাইমন এণ্ড শ্বুষ্টাৰে প্ৰকাশ কৰা তিনিখন উপন্যাস দ্য ছামাৰ আই টাৰ্ণড প্ৰিটি, ইটছ নট ছামাৰ উইদাউট ইউ আৰু উই'ল অলৱেজ হেভ ছামাৰ দ্ৰুতগতিত নিউয়ৰ্ক টাইমছৰ বেষ্ট চেলাৰ হিচাপে পৰিগণিত হয়।[11] এই ট্ৰাইলজীখন নায়ক-কথক বেলি কংকলিনৰ কাহিনী, যিয়ে গোটেই জীৱন চিনাকি দুজন ভাতৃৰ মাজৰপৰা বাছি ল'বলৈ সংগ্ৰাম কৰে আৰু এটা জটিল প্ৰেম ত্ৰিভুজৰ মাজেৰে আগবাঢ়ে।[12]

হানৰ দ্বিতীয়খন যুৱ প্ৰাপ্তবয়স্ক ট্ৰাইলজী ছিওভান ভিভিয়ানৰ সৈতে সহযোগীভাৱে লিখা হৈছিল আৰু ২০১২ চনত বাৰ্ন ফৰ বাৰ্ন প্ৰকাশৰ সৈতে আৰম্ভ হৈছিল। এই উপন্যাসখনত হাইস্কুলীয়া তিনিগৰাকী ছোৱালীয়ে নিজৰ দ্বীপ চহৰত প্ৰতিশোধ বিচাৰে আৰু ইয়াত অতিপ্ৰাকৃত আৰু ৰোমাঞ্চৰ উপাদান সন্নিৱিষ্ট কৰা হৈছে। এই ট্ৰাইলজীত আছে ফায়াৰ উইথ ফায়াৰ (২০১৩) আৰু এছেছ টু এছেছ (২০১৪)।

২০১৪ চনত হানে যুৱ প্ৰাপ্তবয়স্ক ৰোমাঞ্চ উপন্যাস টু অল দ্য বয়েজ আইভ লাভড বিফোৰ প্ৰকাশ কৰে। এই কাহিনীত হাইস্কুলীয়া ছাত্ৰী লাৰা জিন ছং ক’ভিৰ জীৱন ওলোটা হৈ পৰে যেতিয়া তেওঁৰ অতীতৰ পাঁচজন ক্ৰাছলৈ লিখা চিঠিবোৰ তেওঁৰ অজ্ঞাতে পঠোৱা হয়।[13] ইয়াৰ ছিকুৱেল পি এছ আই ষ্টিল লাভ ইউ পৰৱৰ্তী বছৰত প্ৰকাশ পায় আৰু ২০১৫–২০১৬ বৰ্ষৰ এছিয়ান/পেচিফিক আমেৰিকান সাহিত্য বঁটা লাভ কৰে।[14] তৃতীয়খন উপন্যাস অলৱেজ এণ্ড ফৰএভাৰ, লাৰা জিন ২০১৭ চনত প্ৰকাশ পায়।[15]

টেলিভিছন আৰু চলচ্চিত্ৰ

[সম্পাদনা কৰক]

হানে তেওঁৰ উপন্যাস টু অল দ্য বয়েজ আইভ লাভড বিফোৰ অৱলম্বনে নিৰ্মিত নেটফ্লিক্স চলচ্চিত্ৰ টু অল দ্য বয়েজ আইভ লাভড বিফোৰ-ৰ কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰে। চলচ্চিত্ৰখনত লানা কণ্ডৰে মুখ্য ভূমিকাত অভিনয় কৰে। ২০১৭ চনৰ জুলাই মাহত চিত্ৰগ্ৰহণ আৰম্ভ হয় আৰু ২০১৮ চনৰ আগষ্টত মুক্তি লাভ কৰে।[16] হানে চলচ্চিত্ৰখনত সংক্ষিপ্ত উপস্থিতিও কৰিছিল। তেওঁ ইয়াৰ ছিকুৱেল চলচ্চিত্ৰ টু অল দ্য বয়েজ: পি এছ আই ষ্টিল লাভ ইউ (২০২০) আৰু টু অল দ্য বয়েজ: অলৱেজ এণ্ড ফৰএভাৰ (২০২১)-তো কাৰ্যবাহী প্ৰযোজক আছিল।

২০২২ চনৰ জুন মাহত দ্য ছামাৰ আই টাৰ্ণড প্ৰিটি টেলিভিছন শৃংখলা আমাজন প্ৰাইম ভিডিঅ’ত মুক্তি পায়।[17] এই শৃংখলাখন তেওঁৰ একে নামৰ কিতাপ ট্ৰাইলজীৰ ওপৰত আধাৰিত আৰু তেওঁ সৃষ্টিকৰ্তা, শ'ৰণাৰ আৰু কাৰ্যবাহী প্ৰযোজক হিচাপে কাম কৰে।[18] শৃংখলাখন তৃতীয় আৰু অন্তিম ঋতুলৈ নবীকৰণ কৰা হয়, যি ২০২৫ চনৰ ১৬ জুলাইত মুক্তি পায়।[19]

২০২৩ চনৰ মে’ মাহত এক্সঅ’, কিটি নেটফ্লিক্সত মুক্তি পায়, যি টু অল দ্য বয়েজ চলচ্চিত্ৰ শৃংখলাৰ এটা স্পিন-অফ।[20] এই শৃংখলাখনত লাৰা জিনৰ ভনীয়েক কিটি ক’ভিৰ দক্ষিণ কোৰিয়াৰ ছিউলস্থিত বোৰ্ডিং স্কুলত অধ্যয়নৰ কাহিনী অনুসৰণ কৰা হৈছে। ২০২৩ চনৰ জুন মাহত ইয়াক দ্বিতীয় ঋতুলৈ নবীকৰণ কৰা হয় আৰু দ্বিতীয় ঋতু ২০২৫ চনৰ ১৬ জানুৱাৰীত মুক্তি পায়।[21]

কামসমূহ

[সম্পাদনা কৰক]

স্বতন্ত্ৰ উপন্যাস

[সম্পাদনা কৰক]
  • শ্বুগ (২০০৬)
  • ক্লাৰা লি আৰু এপল পাই সপোন (২০১১)
  • মোৰ প্ৰকৃত প্ৰেমে মোক দিলে: বাৰটা ছুটীৰ কাহিনী (২০১৪)

দ্য ছামাৰ আই টাৰ্ণড প্ৰিটি ট্ৰাইলজী

[সম্পাদনা কৰক]
  • দ্য ছামাৰ আই টাৰ্ণড প্ৰিটি (২০০৯)
  • ইটছ নট ছামাৰ উইদাউট ইউ (২০১০)
  • উই'ল অলৱেজ হেভ ছামাৰ (২০১১)

বাৰ্ন ফৰ বাৰ্ন ট্ৰাইলজী

[সম্পাদনা কৰক]
  • বাৰ্ন ফৰ বাৰ্ন (২০১২)
  • ফায়াৰ উইথ ফায়াৰ (২০১৩)
  • এছেছ টু এছেছ (২০১৪)

টু অল দ্য বয়জ আইভ লাভড বিফোৰ ট্ৰাইলজী

[সম্পাদনা কৰক]
  • টু অল দ্য বয়জ আইভ লাভড বিফোৰ (২০১৪)
  • পি এছ আই ষ্টিল লাভ ইউ (২০১৫)
  • অলৱেজ এণ্ড ফৰএভাৰ, লাৰা জিন (২০১৭)

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. Longeretta, Emily (2024-01-11). "The 50 Top TV Producers of 2023" (en-US ভাষাত). Variety. https://variety.com/lists/top-tv-producers-2023/ আহৰণ কৰা হৈছে: 2024-02-20.
  2. Gonzales, Erica (January 1, 2021). "To All the Boys: Always and Forever: What We Know So Far". Harper's Bazaar. https://www.harpersbazaar.com/culture/film-tv/a30878304/always-forever-lara-jean-news-cast-spoilers-date/.
  3. Peters, Fletcher (19 June 2022). "'The Summer I Turned Pretty' Proves Jenny Han Is Gen Z's Nancy Meyers". The Daily Beast. সাঁচ:ProQuest. https://www.thedailybeast.com/obsessed/the-summer-i-turned-pretty-on-amazon-prime-video-is-jenny-hans-new-crush-worthy-hit.
  4. "A Great Novel by Best Selling Author Jenny Han". WTVR-TV. April 15, 2014. http://wtvr.com/2014/04/15/a-great-novel-by-best-selling-author-jenny-han/.
  5. Grochowski, Sara (April 25, 2017). "Q & A with Jenny Han". Publishers Weekly. https://www.publishersweekly.com/pw/by-topic/childrens/childrens-authors/article/73432-q-a-with-jenny-han.html আহৰণ কৰা হৈছে: August 28, 2017.
  6. "Jenny Han" (en ভাষাত). Simon & Schuster. https://www.simonandschuster.com/authors/Jenny-Han/33419149 আহৰণ কৰা হৈছে: 2019-04-09.
  7. Kroll, Justin (March 21, 2018). "Netflix Acquires Rights to Adaptation of YA Novel 'To All the Boys I've Loved Before'". Variety. https://variety.com/2018/film/news/netflix-ya-novel-to-all-the-boys-ive-loved-before-exclusive-1202732565/.
  8. "Jenny Han, writer of books for kids and teens". DearJennyHan.com. Archived from the original on May 30, 2014. https://web.archive.org/web/20140530140527/http://www.dearjennyhan.com/bio.html আহৰণ কৰা হৈছে: June 12, 2014.
  9. Hong, Terry. "An Interview with Jenny Han". Bookslut. http://www.bookslut.com/features/2011_05_017614.php আহৰণ কৰা হৈছে: June 12, 2014.
  10. "Children's Book Review: Shug by Jenny Han". Publishers Weekly. April 17, 2006. http://www.publishersweekly.com/978-1-4169-0942-2 আহৰণ কৰা হৈছে: June 12, 2014.
  11. "Jenny Han; Official Publisher Page". Simon & Schuster. http://authors.simonandschuster.com/Jenny-Han/33419149 আহৰণ কৰা হৈছে: June 12, 2014.
  12. "Is 'The Summer I Turned Pretty' Show Based on a Book? Well, Yes and No" (en-US ভাষাত). Good Housekeeping. 2022-06-25. https://www.goodhousekeeping.com/life/entertainment/a40410014/the-summer-i-turned-pretty-book-show-amazon/ আহৰণ কৰা হৈছে: 2024-02-20.
  13. Han, Jenny (2014). To All the Boys I've Loved Before. Simon and Schuster. ISBN 978-1-4424-2670-2.
  14. "2015-2016 AWARDS WINNERS". Asian Pacific American Literature Awards. http://www.apalaweb.org/awards/literature-awards/winners/2015-2016-awards-winners/ আহৰণ কৰা হৈছে: July 10, 2017.
  15. Han, Jenny (2020). Always and Forever, Lara Jean. Simon and Schuster. ISBN 978-1-5344-9725-2.
  16. Spangler, Todd (July 21, 2017). "Lana Condor to Star in 'To All the Boys I've Loved Before' Movie Based on Jenny Han Novel". Variety. https://variety.com/2017/film/news/lana-condor-to-all-the-boys-ive-loved-before-jenny-han-novel-1202502572/.
  17. Moreland, Alex (14 June 2022). "The Summer I Turned Pretty: Prime Video release date, trailer and cast with Lola Tung". National World. https://www.nationalworld.com/culture/television/the-summer-i-turned-pretty-amazon-prime-release-date-trailer-cast-lola-tung-christopher-briney-jennie-han-3729366.
  18. "The Jenny Han Effect: How the YA rock star took charge of her own media empire" (en-US ভাষাত). Los Angeles Times. 2023-07-06. https://www.latimes.com/entertainment-arts/tv/story/2023-07-06/summer-i-turned-pretty-jenny-han-to-all-the-boys-xo-kitty আহৰণ কৰা হৈছে: 2024-02-20.
  19. Hailu, Selome (2023-08-03). "'The Summer I Turned Pretty' Renewed for Season 3 at Amazon Prime Video" (en-US ভাষাত). Variety. https://variety.com/2023/tv/news/summer-i-turned-pretty-renewed-season-3-amazon-prime-video-1235687385/ আহৰণ কৰা হৈছে: 2024-02-20.
  20. Zorrilla, Mónica Marie (October 18, 2021). "'To All the Boys' to Get TV Spinoff Starring Anna Cathcart". Variety. https://variety.com/2021/tv/news/to-all-the-boys-tv-show-xo-kitty-anna-cathcart-1235092047 আহৰণ কৰা হৈছে: October 19, 2021.
  21. Otterson, Joe (2023-06-14). "'XO, Kitty' Renewed for Season 2 at Netflix." (en-US ভাষাত). Variety. https://variety.com/2023/tv/news/xo-kitty-renewed-season-2-netflix-1235644163/ আহৰণ কৰা হৈছে: 2024-02-20.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]