জেনী ৰাকোটোমামনজি
জেনী ৰাকোটোমামনজি | |
---|---|
![]() পেৰিচৰ ডেলক’ৰ্ট উৎসৱত জেনী, ২০০৬ | |
জন্ম | ১৯৭৯ (বয়স ৪৫–৪৬) আণ্টানানাৰিভো, মাদাগাস্কাৰ |
ৰাষ্ট্ৰীয়তা | মাদাগাস্কাৰ |
পেচা | কাৰ্টুনিষ্ট |
জেনী ৰাকোটোমামনজি (ইংৰাজী: Jenny Rakotomamongy; জন্ম: ১৯৭৯), পৰিচিত নাম জেনী, এগৰাকী মালাগাছি জন্মৰ ফৰাচী কাৰ্টুনকাৰ আৰু এনিমেটৰ। তেওঁ চিবিমাগ কমিক্স ষ্টুডিঅ'ৰ সহ-প্ৰতিষ্ঠাপক।[1]
জীৱনী
[সম্পাদনা কৰক]১৯৭৯ চনত মাদাগাস্কাৰৰ আণ্টানানাৰিভোত জন্মগ্ৰহণ কৰা জেনী ৰাকোটোমামনজিয়ে ৩ বছৰ বয়সত পিতৃ-মাতৃৰ সৈতে দ্বীপটো এৰি পেৰিছৰ উপকণ্ঠ অঞ্চললৈ গুচি যায়।[1] পেৰিছ বিশ্ববিদ্যালয় ১ প্যান্থেয়ন-ছ'ৰবনৰ চেণ্ট-চাৰ্লছ চেণ্টাৰত তেওঁ শিল্প অধ্যয়ন কৰে, তাৰ পিছত গ'বেলিনছত এনিমেচনৰ ওপৰত দুবছৰীয়া কাৰ্যসূচী ল’ইক’ল ডি ল’ইমেজ সম্পূৰ্ণ কৰে।[2]
২০০২ চনত কেৱল নামৰ প্ৰথম অংশৰে নিজৰ কামত চহী কৰা জেনীয়ে এণ্টোৱান এণ্টিনৰ সৈতে তেওঁৰ প্ৰথম এনিমেটেড চুটি ছবি লে পেপিলন নিৰ্মাণ কৰে।[2] সেই বছৰৰ এন্নেচি আন্তঃৰাষ্ট্ৰীয় এনিমেচন চলচ্চিত্ৰ মহোৎসৱত কেনেল জে বঁটাৰ বাবে এই চুটি ছবিখন নিৰ্বাচিত কৰা হৈছিল।[3] ইয়াৰ কিছু সময়ৰ পিছতে মাৰাথন এনিমেচনে তেওঁক মাৰ্টিন মিষ্ট্ৰী ধাৰাবাহিকৰ চৰিত্ৰ ডিজাইন আৰু টটালি স্পাইছৰ ষ্ট'ৰীব'ৰ্ডৰ কাম কৰিবলৈ নিযুক্তি দিয়ে।[4]
জেনীয়ে ২০০৫ চনত তেওঁৰ প্ৰথম কমিক শ্বোজো মাংগা-শৈলীৰ পিংক ডায়েৰী মুকলি কৰে।[3] ফ্ৰান্সৰ ডেলক'ৰ্টৰ দ্বাৰা প্ৰকাশিত পিংক ডায়েৰী ছিৰিজে[5] ২০০৬ চনত ফৰাচী আলোচনী এনিমেলেণ্ডৰ পৰা শ্ৰেষ্ঠ মাংগা-শৈলীৰ বেণ্ডে ডেচিনিৰ বঁটা লাভ কৰে।[6] ই ২০০৮ চনলৈকে চলিছিল,[3] তাৰ পিছত জেনীয়ে এখন নতুন ধাৰাবাহিক মেথিল্ড[7] আৰম্ভ কৰে আৰু তাৰ পিছত চাৰা এট লেছ কণ্টেছ পাৰ্ডাছ।[8] পেট্ৰিচিয়া লাইফংৰ লা ৰোজ একাৰলেট ছিৰিজৰ স্পিন অফৰ কামো কৰিছে।[9]
২০০৩ চনত তেওঁ চিবিমাগ কমিক্স ষ্টুডিঅ'ৰ প্ৰতিষ্ঠাপক সদস্যও হয়, যাৰ জৰিয়তে তেওঁ বিভিন্ন কমিক ফেনজিনত সহযোগিতা আগবঢ়াইছে।[1]
জেনী ফ্ৰান্সৰ ইউৰে-এট-লয়ৰত থাকে,[10] য'ত তেওঁ সঘনাই তেওঁৰ স্বামী, সহযোগী কমিকছ সৃষ্টিকৰ্তা এলেক্সিছ ক'ৰিডুনৰ সৈতে সহযোগিতা কৰে।[1]
তথ্য সূত্ৰ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 "Jenny" (en ভাষাত). lambiek.net. https://www.lambiek.net/artists/j/jenny.htm। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ 2.0 2.1 "Jenny Rakotomamonjy – Jeune Afrique" (fr-FR ভাষাত). JeuneAfrique.com. 2008-03-31. https://www.jeuneafrique.com/56948/archives-thematique/jenny-rakotomamonjy/। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ 3.0 3.1 3.2 "Bio express : Jenny Rakotomamonjy – Jeune Afrique" (fr-FR ভাষাত). JeuneAfrique.com. 2008-03-31. https://www.jeuneafrique.com/57078/archives-thematique/bio-express-jenny-rakotomamonjy/। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ Raberanto, Aina Zo (2017-06-27). "Jenny Rakotomamonjy: "J’assume mes japonaiseries"". No Comment (89). https://www.nocomment.mg/jenny-rakotomamonjy-jassume-mes-japonaiseries/.
- ↑ "Pink Diary T01" (fr-fr ভাষাত). Pink Diary T01. Archived from the original on 2020-08-03. https://web.archive.org/web/20200803151546/https://www.editions-delcourt.fr/serie/pink-diary-t01.html। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ "14e Anime & Manga GRAND PRIX : les vainqueurs" (fr-FR ভাষাত). AnimeLand. 2007-05-04. https://animeland.fr/dossier/14e-anime-manga-grand-prix-les-vainqueurs/। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ "Mathilde T01 - Le Temps des soupirs" (fr-fr ভাষাত). Mathilde T01 - Le Temps des soupirs. https://www.editions-delcourt.fr/serie/mathilde-t01-le-temps-des-soupirs.html। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ "Sara et les contes perdus T01" (fr-fr ভাষাত). Sara et les contes perdus T01. https://www.editions-delcourt.fr/serie/sara-et-les-contes-perdus-t01.html। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ "La Rose Écarlate - Missions 3 : bande annonce" (fr-fr ভাষাত). www.editions-delcourt.fr. Archived from the original on 2015-10-23. https://web.archive.org/web/20151023004026/http://www.editions-delcourt.fr/actus/news/la-rose-ecarlate-missions-3-bande-annonce.html। আহৰণ কৰা হৈছে: 2020-09-02.
- ↑ "JENNY" (fr-fr ভাষাত). www.editions-delcourt.fr. https://www.editions-delcourt.fr/auteur/jenny.html। আহৰণ কৰা হৈছে: 2020-09-02.