সমললৈ যাওক

জেনেট য়েলেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেনেট য়েলেন

অফিচিয়েল প’ৰ্ট্ৰেইট, ২০২১
৭৮ সংখ্যক আমেৰিকাৰ কোষাগাৰ সচিব
কাৰ্যকাল
২৬ জানুৱাৰী, ২০২১ – ২০ জানুৱাৰী, ২০২৫
ৰাষ্ট্ৰপতি জো বাইডেন
সহকাৰী ৱালী আদেয়েমো
পূৰ্বসূৰী ষ্টিভেন ম্নুচিন
উত্তৰসূৰী স্কট বেচেণ্ট
ফেডাৰেল ৰিজাৰ্ভৰ ১৫ নং অধ্যক্ষ
কাৰ্যকাল
৩ ফেব্ৰুৱাৰী, ২০১৪ – ৩ ফেব্ৰুৱাৰী, ২০১৮
ৰাষ্ট্ৰপতি বাৰাক অ'বামা
ডোনাল্ড ট্ৰাম্প
সহকাৰী ষ্টেনলি ফিচাৰ
পূৰ্বসূৰী বেন বাৰ্নাংকে
উত্তৰসূৰী জেৰম পাৱেলে
ফেডাৰেল ৰিজাৰ্ভৰ ১৯ নং ভাইচ চেয়াৰ
কাৰ্যকাল
৪ অক্টোবৰ, ২০১০ – ৩ ফেব্ৰুৱাৰী, ২০১৪
ৰাষ্ট্ৰপতি বাৰাক অ'বামা
পূৰ্বসূৰী ড’নাল্ড কন
উত্তৰসূৰী ষ্টেনলি ফিচাৰ
ফেডাৰেল ৰিজাৰ্ভ ব’ৰ্ড অৱ গভৰ্ণৰৰ সদস্য
কাৰ্যকাল
৪ অক্টোবৰ, ২০১০ – ৩ ফেব্ৰুৱাৰী, ২০১৮
ৰাষ্ট্ৰপতি বাৰাক ওবামা
ডোনাল্ড ট্ৰাম্প
পূৰ্বসূৰী মাৰ্ক ডব্লিউ অলছন
উত্তৰসূৰী লিজা কুক
কাৰ্যকাল
১৯৯৪ চনৰ ১২ আগষ্ট – ১৯৯৭ চনৰ ১৭ ফেব্ৰুৱাৰী
ৰাষ্ট্ৰপতি বিল ক্লিণ্টন
পূৰ্বসূৰী ৱেইন এঞ্জেল
উত্তৰসূৰী এডৱাৰ্ড গ্ৰেমলিচে
ছান ফ্ৰান্সিস্কোৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ ১১ সংখ্যক সভাপতি
কাৰ্যকাল
১৪ জুন, ২০০৪ – ৪ অক্টোবৰ, ২০১০
পূৰ্বসূৰী ৰবাৰ্ট পেৰীয়ে
উত্তৰসূৰী জন উইলিয়ামছ
অৰ্থনৈতিক উপদেষ্টা পৰিষদৰ ১৮ সংখ্যক অধ্যক্ষ
কাৰ্যকাল
১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰী – ১৯৯৯ চনৰ ৩ আগষ্ট
ৰাষ্ট্ৰপতি বিল ক্লিণ্টন
পূৰ্বসূৰী জোচেফ ষ্টিগ্লিটজ
উত্তৰসূৰী মাৰ্টিন নীল বেইলীয়ে
ব্যক্তিগত তথ্য
জন্ম
জেনেট লুইজ য়েলেন

১৩ আগষ্ট, ১৯৪৬ (৭৯ বছৰ)
নিউয়ৰ্ক চহৰ, নিউয়ৰ্ক, আমেৰিকা
ৰাজনৈতিক দল ডেম'ক্ৰেটিক[1]
দাম্পত্যসঙ্গী জৰ্জ আকাৰলফ (বি. ১৯৭৮)
সন্তান
শিক্ষা ব্ৰাউন বিশ্ববিদ্যালয় (BA)
ইয়েল বিশ্ববিদ্যালয় (এম এ, পি এইচ ডি)
স্বাক্ষৰ
ক্ষেত্ৰ সামষ্টিক অৰ্থনীতি
শ্ৰম অৰ্থনীতি
নিউ কেনিজিয়ান অৰ্থনীতি
কৰ্মস্থান
  • হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়
  • লণ্ডন স্কুল অৱ ইকনমিক্স
  • কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়, বাৰ্কলে
  • নেচনেল ব্যুৰো অৱ ইকনমিক ৰিচাৰ্চ
  • ব্ৰুকিংছ ইনষ্টিটিউচন
ডক্তৰেল পৰামৰ্শদাতা জেমছ টবিন
আন শৈক্ষিক পৰামৰ্শদাতা জোচেফ ষ্টিগ্লিটজ
ডক্তৰেল বিদ্যাৰ্থী চাৰ্লছ এংগেল
সাঁচ:Infobox economist

জেনেট লুইজ য়েলেন (ইংৰাজী: Jenet Louise Yelen; জন্ম: ১৩ আগষ্ট, ১৯৪৬) এগৰাকী আমেৰিকান অৰ্থনীতিবিদ যিয়ে ২০২১ চনৰ পৰা ২০২৫ চনলৈকে আমেৰিকাৰ কোষাগাৰৰ ৭৮ সংখ্যক সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ ২০১৪ চনৰ পৰা ২০১৮ চনলৈকে ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। য়েলেন বাৰ্কলেৰ কেলিফৰ্ণিয়া বিশ্ববিদ্যালয়ৰ ব্যৱসায় প্ৰশাসন আৰু অৰ্থনীতিৰ ইউজিন ই আৰু কেথেৰিন এম ট্ৰেফেথেন অধ্যাপিকা।

ব্ৰুকলিনৰ বে ৰিজত জন্মগ্ৰহণ কৰি ডাঙৰ-দীঘল হোৱা য়েলেনে ১৯৬৭ চনত ব্ৰাউন বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে আৰু পি এইচ ডি লাভ কৰে। ১৯৭১ চনৰ পৰা ১৯৭৬ চনলৈকে হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপিকা হিচাপে অধ্যাপনা কৰিছিল। ১৯৭৭ চনৰ পৰা ১৯৭৮ চনলৈকে ফেডাৰেল ৰিজাৰ্ভ ব'ৰ্ডৰ কৰ্মচাৰী অৰ্থনীতিবিদ আছিল আৰু ১৯৭৮ চনৰ পৰা ১৯৮০ চনলৈকে লণ্ডন স্কুল অৱ ইকনমিক্সৰ অধ্যাপক সদস্য আছিল বাৰ্কলেৰ কেলিফৰ্ণিয়াত ১৯৮০ চনৰ পৰা অধ্যাপক হিচাপে কাম কৰি ইউজিন ই আৰু কেথেৰিন এম ট্ৰেফেথেন ব্যৱসায় প্ৰশাসনৰ অধ্যাপিকা আৰু অৰ্থনীতিৰ অধ্যাপিকা হয়।

১৯৯৪ চনৰ পৰা ১৯৯৭ চনলৈকে ফেডাৰেল ৰিজাৰ্ভ ব’ৰ্ড অৱ গভৰ্ণৰৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰা য়েলেনক ৰাষ্ট্ৰপতি বিল ক্লিণ্টনে এই পদত মনোনীত কৰিছিল আৰু তাৰ পিছত তেওঁ ১৯৯৭ চনৰ পৰা ১৯৯৯ চনলৈকে কাউন্সিল অৱ ইকনমিক এডভাইজাৰছৰ অধ্যক্ষ নিযুক্তি দিছিল। ইয়াৰ পিছত তেওঁ পুনৰ শিক্ষাবিদ্যালৈ আহে আৰু ২০০৪ চনৰ পৰা ২০১০ চনলৈকে ছান ফ্ৰান্সিস্কোৰ ফেডাৰেল ৰিজাৰ্ভ বেংকৰ সভানেত্ৰী আৰু মুখ্য কাৰ্যবাহী বিষয়া আছিল। ইয়াৰ পিছত ৰাষ্ট্ৰপতি বাৰাক ওবামাই তেওঁক ড’নাল্ড কনৰ পিছত ২০১০ চনৰ পৰা ২০১৪ চনলৈকে ফেডাৰেল ৰিজাৰ্ভৰ ভাইচ চেয়াৰ হিচাপে নিৰ্বাচিত কৰে, আৰু তিনি বছৰৰ পাছত বেন বাৰ্নাংকেৰ ঠাইত ফেডাৰেল ৰিজাৰ্ভৰ অধ্যক্ষ হিচাপে মনোনীত হয়। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁক দ্বিতীয়বাৰৰ বাবে পুনৰ মনোনীত কৰিবলৈ অস্বীকাৰ কৰাৰ পিছত জেৰম পাৱেলে তেওঁৰ উত্তৰাধিকাৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে। ফেডাৰেল ৰিজাৰ্ভ এৰি যোৱাৰ পিছত য়েলেনে ২০১৮ চনৰ পৰা ২০২০ চনলৈকে ব্ৰুকিংছ ইনষ্টিটিউচনত ডিষ্টিংচড ফেলো ইন ৰেচিডেন্স হিচাপে যোগদান কৰে আৰু তাৰ পৰাই তেওঁ পুনৰ জনসেৱালৈ আহে।[2]

২০২০ চনৰ ৩০ নৱেম্বৰত নিৰ্বাচিত ৰাষ্ট্ৰপতি জো বাইডেনে য়েলেনক কোষাগাৰ সচিব হিচাপে মনোনীত কৰে; ২০২১ চনৰ ২৫ জানুৱাৰীত আমেৰিকাৰ চেনেটে তেওঁক নিশ্চিত কৰে আৰু পিছদিনা উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছে শপত গ্ৰহণ কৰে।[3]

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

১৯৪৬ চনৰ ১৩ আগষ্টত [4] নিউয়ৰ্ক চহৰৰ ব্ৰুকলিনৰ বে ৰিজ চুবুৰীত পোলেণ্ডৰ ইহুদী[5] বংশৰ পৰিয়ালত জন্মগ্ৰহণ কৰা য়েলেনে তাতেই ডাঙৰ-দীঘল হৈছিল।[6] তেওঁৰ মাতৃ আছিল আন্না ৰুথ (জন্ম ব্লুমেন্থাল; ১৯০৭–১৯৮৬), এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী আৰু তেওঁ শিক্ষকতাৰ চাকৰি এৰি পিছলৈ তেওঁ ঘৰত থাকি ঘৰ চম্ভাছিল। তেওঁৰ পিতৃ আছিল জুলিয়াছ য়েলেন (১৯০৬–১৯৭৫), এজন পৰিয়ালৰ চিকিৎসক যিয়ে তেওঁলোকৰ ঘৰৰ তলৰ মহলাৰ পৰা কাম কৰিছিল। জেনেটৰ এজন ডাঙৰ ভাতৃ জন (জন্ম ১৯৪২) আছে, যি নেচনেল চাইন্স ফাউণ্ডেশ্যনৰ প্ৰত্নতত্ত্বৰ প্ৰগ্ৰেম ডাইৰেক্টৰ।[7] [8]

পোলিন মিউজিয়াম অৱ দ্য হিষ্ট্ৰী অৱ পোলেণ্ডৰ ইহুদীত দিয়া ভাষণত য়েলেনে কয় যে তেওঁৰ পিতৃৰ পৰিয়ালে ৱাৰ্ছৰ পৰা প্ৰায় ৫০ মাইল বাহিৰৰ সৰু চহৰ ছ’ক’ল’ভ পডলাস্কিৰ পৰা আমেৰিকালৈ প্ৰব্ৰজন কৰিছিল। তেখেতে আৰু কয় যে তেওঁৰ বহু আত্মীয়কে ধৰি ইয়াৰ প্ৰায় সমগ্ৰ ইহুদী জনসংখ্যাক হ'ল'কাষ্টৰ সময়ত বিতাড়িত বা হত্যা কৰা হৈছিল।[9]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Solomon, Brian (January 6, 2014). "She's Confirmed: Janet Yellen Is First Woman Federal Reserve Chair". Forbes. ISSN 0015-6914. https://www.forbes.com/sites/briansolomon/2014/01/06/janet-yellen-confirmed-as-federal-reserve-chair/. 
  2. "Janet Yellen, Brookings scholar and former Federal Reserve Board Chair, picked to be U.S. Treasury Secretary" (Press release). প্ৰকাশক Washington, D.C.: Brookings. November 30, 2020. https://www.brookings.edu/news-releases/janet-yellen-brookings-scholar-and-former-federal-reserve-board-chair-picked-to-be-u-s-treasury-secretary/। আহৰণ কৰা হৈছে: December 1, 2020. 
  3. "Janet L. Yellen Sworn In As 78th Secretary of the United States Department of the Treasury" (Press release). প্ৰকাশক Washington, D.C.: U.S. Department of the Treasury. January 26, 2021. https://home.treasury.gov/news/press-releases/jy0002। আহৰণ কৰা হৈছে: January 28, 2021. 
  4. "Dr. Janet L. Yellen, Chair – Council of Economic Advisers". clintonwhitehouse2.archives.gov. August 3, 1999. Archived from the original on April 7, 2021. https://web.archive.org/web/20210407212824/https://clintonwhitehouse2.archives.gov/WH/EOP/CEA/html/yellen.html। আহৰণ কৰা হৈছে: January 21, 2001. 
  5. Kornbluh, Jacob (January 18, 2021). "Enough for a minyan: A Jewish Who's Who of Biden's Cabinet-to-Be". The Forward. ISSN 1051-340X. https://forward.com/news/462330/enough-for-a-minyan-a-jewish-whos-who-of-bidens-cabinet-to-be/. 
  6. "It's official: Bay Ridge's Janet Yellen confirmed as treasury secretary". Brooklyn Eagle. January 28, 2021. https://brooklyneagle.com/articles/2021/01/28/its-official-bay-ridges-janet-yellen-confirmed-as-treasury-secretary/। আহৰণ কৰা হৈছে: January 29, 2021. 
  7. Lemann, Nicholas (July 21, 2014). "The Hand on the Lever". The New Yorker. ISSN 0028-792X. https://www.newyorker.com/magazine/2014/07/21/the-hand-on-the-lever. 
  8. Kolhatkar, Sheelah; Philips, Matthew (September 20, 2013). "Who Is Janet Yellen? A Look at the Front-Runner for the Next Fed Chairman". Bloomberg News. https://www.bloomberg.com/news/articles/2013-09-19/who-is-janet-yellen-a-look-at-the-front-runner-for-the-next-fed-chairman। আহৰণ কৰা হৈছে: September 21, 2013. 
  9. Deutch, Gabby (May 16, 2022). "Speaking at Warsaw Jewish museum, Yellen urges 'fierce resistance' to Putin". Jewish Insider. https://jewishinsider.com/2022/05/janet-yellen-warsaw-poland-ukraine-russia/। আহৰণ কৰা হৈছে: May 17, 2022.