সমললৈ যাওক

জেনেভিভ নাজি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেনেভিভ নাজি
ফেডাৰেল ৰিপাব্লিকৰ অৰ্ডাৰৰ সদস্য

উইকেণ্ড গেটৱে ত জেনেভিভ নাজি
জন্ম ৩ মে', ১৯৭৯ (৪৬ বছৰ)
এমবাইছে, ইমো, নাইজেৰিয়া
শিক্ষানুষ্ঠান লাগোছ বিশ্ববিদ্যালয়
পেচা অভিনয়-শিল্পী, পৰিচালক
সক্ৰিয় হৈ থকা সময় ১৯৮৭–বৰ্তমান
বঁটা, সন্মান, পুৰস্কাৰ আদি ২০০৫ চনত মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে আফ্ৰিকা মুভি একাডেমী বঁটা

জেনেভিভ নাজি (ইংৰাজী: Genevieve Nnaji[1] জন্ম ৩ মে' ১৯৭৯)[2] এগৰাকী নাইজেৰিয়ান অভিনেত্ৰী, প্ৰযোজক আৰু পৰিচালক৷ [3][4][5] ২০০৫ চনত তেওঁ মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেত্ৰীৰ বাবে আফ্ৰিকা মুভি একাডেমী বঁটা লাভ কৰে আৰু এই বঁটা লাভ কৰা তেওঁ প্ৰথম অভিনয়-শিল্পী হিচাপে পৰিগণিত হয়।[6][7][8] ২০১১ চনত নলীউডলৈ আগবঢ়োৱা অৱদানৰ বাবে নাইজেৰিয়া চৰকাৰে তেওঁক অৰ্ডাৰ অৱ দ্য ফেডাৰেল ৰিপাব্লিকৰ সদস্য হিচাপে সন্মানিত কৰে।[9]তেওঁৰ পৰিচালনাৰ প্ৰথম ছবি লায়নহাৰ্ট নাইজেৰিয়াৰ প্ৰথমখন নেটফ্লিক্স ছবি আৰু অস্কাৰৰ বাবে প্ৰেৰণ কৰা প্ৰথমখন নাইজেৰিয়ান ছবি। চিনেমাখনৰ বেছিভাগ সংলাপ ইংৰাজীত হোৱাৰ বাবে অযোগ্য ঘোষণা কৰা হৈছিল।[10][11] কেইবাটাও দশক চিনেমা জগতত কটোৱাৰ পিছত ২০২০ চনত য়েছ ইণ্টাৰনেশ্যনেলৰ প্ৰকাশক আৰু মুখ্য সম্পাদকে দুখন নতুন কিতাপত কিছুসংখ্যক চেলিব্ৰিটি আৰু ব্যৱসায়িক কাৰ্যবাহীৰ সৈতে তেওঁক একেলগে প্ৰফাইল কৰিছিল।[12]

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

নাইজেৰিয়াৰ দক্ষিণ-পূব অঞ্চলত অৱস্থিত ইমো ৰাজ্যৰ এমবাইছেত জন্মগ্ৰহণ কৰা নাজিয়ে দক্ষিণ-পশ্চিম নাইজেৰিয়াৰ লাগোছত ডাঙৰ-দীঘল হৈছিল। আঠটা সন্তানৰ ভিতৰত চতুৰ্থগৰাকী নাজিয়ে মধ্যবিত্ত পৰিয়ালত ডাঙৰ-দীঘল হৈছিল৷ তেওঁৰ পিতৃ অভিযন্তা আৰু মাক নাৰ্চাৰী স্কুলৰ শিক্ষয়িত্ৰী আছিল।[13]

মেথডিষ্ট গাৰ্লছ কলেজ (য়াবা, লাগোছ)ত পঢ়িছিল, তাৰ পিছত লাগোছ বিশ্ববিদ্যালয়লৈ গৈছিল, য'ত তেওঁ সৃষ্টিশীল কলাত স্নাতক ডিগ্ৰী লাভ কৰিছিল। বিশ্ববিদ্যালয়ত থকাৰ সময়তে তেওঁ নলীউডত অভিনয়ৰ চাকৰিৰ বাবে অডিচন দিবলৈ আৰম্ভ কৰে।[8]

তথ্যসংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Pedro Pinto from CNN's 'African Voices' pronouncing Nnaji's name at 00:31 into the video". CNN. 29 March 2011. Archived from the original on 29 September 2018. https://web.archive.org/web/20180929125500/http://edition.cnn.com/2011/WORLD/africa/03/29/nigeria.genevieve.nnaji/index.html. 
  2. "Nollywood's finest". New Vision (Kampala, Uganda: New Vision Printing & Publishing Company Limited). 1 May 2005. Archived from the original on 1 October 2011. https://web.archive.org/web/20111001100208/http://www.sundayvision.co.ug/detail.php?mainNewsCategoryId=7&newsCategoryId=453&newsId=432104. 
  3. Orjinmo, Nduka (17 November 2019). "From Nollywood to Netflix: Genevieve Nnaji's rise". BBC News. https://www.bbc.com/news/world-africa-50304472. 
  4. "Star Actress Genevieve Nnaji Reveals Success Secrets". Leadership (Abuja, Nigeria). 8 December 2011. Archived from the original on 21 January 2012. https://web.archive.org/web/20120121001010/http://www.leadership.ng/nga/articles/9936/2011/12/08/star_actress_genevieve_nnaji_reveals_success_secrets.html. 
  5. "Nigeria actress Genevieve ready to visit Zambia". Zambian Watchdog. 21 November 2011. http://www.zambianwatchdog.com/archives/26709. 
  6. Clayton, Jonathan (3 April 2010). "Nollywood success puts Nigeria's film industry in regional spotlight". The Times Online (London, UK: Times Newspapers Ltd). Archived from the original on 21 June 2020. https://web.archive.org/web/20200621150127/https://www.thetimes.co.uk/#cid=OTC-RSS&attr=797093. 
  7. Ezenna, Uchenna. "Elan Personality: Genevieve Nnaji". প্ৰকাশক Lagos, Nigeria: Timbuktu Media. http://234next.com/csp/cms/sites/Next/ArtsandCulture/Elan/5471637-147/story.csp। আহৰণ কৰা হৈছে: 6 August 2010. 
  8. 8.0 8.1 "100 Most Influentials Africans". প্ৰকাশক Kent, UK: Newstime Africa. 21 August 2009. https://newafricanmagazine.com/2962/। আহৰণ কৰা হৈছে: 19 October 2009. 
  9. "6 Nollywood Stars Receive Nigerian National Honours". nollywoodmindspace.com. http://nollywoodmindspace.com/2011/11/18/6-nollywood-stars-receive-nigerian-national-honours। আহৰণ কৰা হৈছে: 24 September 2014. 
  10. "Genevieve Nnaji's Lionheart disqualified from Oscars" (en-gb ভাষাত). Graphic Online. 5 November 2019. https://www.graphic.com.gh/entertainment/showbiz-news/genevieve-nnaji-s-lionheart-disqualified-from-oscars.html। আহৰণ কৰা হৈছে: 11 November 2019. 
  11. "Nigeria Oscar choice ruled out for English script". BBC News. 5 November 2019. https://www.bbc.com/news/world-africa-50300862. 
  12. "Omotola, Genevieve profiled in new books on leadership, success" (en-US ভাষাত). Vanguard News. 2020-07-04. https://www.vanguardngr.com/2020/07/omotola-genevieve-profiled-in-new-books-on-leadership-success/। আহৰণ কৰা হৈছে: 2021-02-09. 
  13. "Genevieve Nnaji – Bio, Daughter, Age, Married, Husband, Net Worth" (en-US ভাষাত). BuzzNigeria - Famous People, Celebrity Bios, Updates and Trendy News. 2015-10-05. https://buzznigeria.com/everything-you-must-know-about-the-legendary-genevieve-nnaji/। আহৰণ কৰা হৈছে: 2021-03-23.