সমললৈ যাওক

জেনোভেফা ফ্ৰাঞ্চিনি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেনোভেফা ফ্ৰাঞ্চিনি

ক্ষেত্ৰ ৰক্তবিজ্ঞান, ৰেট্ৰ’ভাইৰ’লজী।
কৰ্মস্থান ৰাষ্ট্ৰীয় কৰ্কট প্ৰতিষ্ঠান
শিক্ষানুষ্ঠান মডেনা আৰু ৰেজিঅ' এমিলিয়া বিশ্ববিদ্যালয় (MD)

জেনোভেফা ফ্ৰাঞ্চিনি এগৰাকী ইটালীয়-আমেৰিকান ৰক্ত বিশেষজ্ঞ আৰু ৰেট্ৰ’ভাইৰ’লজিষ্ট। ভেকচিন শাখাৰ জ্যেষ্ঠ অনুসন্ধানকাৰী আৰু নেশ্যনেল কেন্সাৰ ইনষ্টিটিউটৰ এনিমেল মডেল আৰু ৰেট্ৰ’ভাইৰেল ভেকচিন বিভাগৰ মুৰব্বী। ফ্ৰাঞ্চিনিয়ে অংকোজিন আৰু মানৱ ৰেট্ৰ’ভাইৰাছৰ ওপৰত গৱেষণাৰ পথ-প্ৰদৰ্শক। এইচ আই ভি ভেকচিন প্ৰস্তুত আৰু ৰোগ প্ৰতিৰোধৰ অনুবাদ পদ্ধতিৰ ওপৰত গৱেষণা কৰে।

প্ৰাথমিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

ইটালীত কিশোৰ অৱস্থাত ফ্ৰাঞ্চিনিয়ে মিছনেৰী নন হিচাপে সেৱাৰ কাম চলোৱাৰ উদ্দেশ্য লৈছিল। পিছলৈ তেওঁৰ মনোযোগ ৰোগীক সহায় কৰাৰ উপায় হিচাপে জীৱবিজ্ঞান আৰু চিকিৎসা বিজ্ঞানলৈ স্থানান্তৰিত হয়।[1] ১৯৭৭ চনত তেওঁ মডেনা বিশ্ববিদ্যালয় আৰু ৰেজিঅ' এমিলিয়াত চিকিৎসা বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী লাভ কৰে।[2] ১৯৭৭ চনৰপৰা ১৯৭৯ চনলৈকে ৰক্তবিজ্ঞান প্ৰতিষ্ঠানৰ আলমা মেটাৰত পোষ্ট ডক্টৰেট ফেলো আছিল।[2]

কেৰিয়াৰ

[সম্পাদনা কৰক]

ফ্ৰাঞ্চিনি এজন ৰক্ত বিশেষজ্ঞ আৰু ৰেট্ৰ'ভাইৰ'লজিষ্ট।[3] ১৯৭৯ চনত তেওঁ নেচনেল কেন্সাৰ ইনষ্টিটিউট (এন চি)ত গৱেষক হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে।[1] ফ্ৰাঞ্চিনি এনচিআইৰ চেণ্টাৰ ফৰ কেন্সাৰ ৰিচাৰ্চৰ ভেকচিন শাখাৰ জ্যেষ্ঠ অনুসন্ধানকাৰী। ১৯৯৭ চনৰপৰা ফ্ৰাঞ্চিনি প্ৰাণী মডেল আৰু ৰেট্ৰ'ভাইৰেল ভেকচিন বিভাগৰ মুৰব্বী।[3][2]

ফ্ৰাঞ্চিনিয়ে অংকোজিন আৰু মানৱ ৰেট্ৰ’ভাইৰাছ (এইচটিএলভি আৰু এইচ আই ভি)ৰ ওপৰত গৱেষণাৰ পথ-প্ৰদৰ্শক। ৰেট্ৰ’ভাইৰাছৰদ্বাৰা হোৱা মানুহৰ ৰোগ প্ৰতিৰোধৰ বাবে ভাইৰ’লজী আৰু অনুবাদ পদ্ধতিত তেওঁ অসংখ্য কৃতিত্ব অৰ্জন কৰিছে। তেওঁৰ কামে এইচ আই ভি আৰু এইচ টি এল ভি-১ ৰোগজন্মৰ বিষয়ে বুজাত অধিক সহায় কৰিছে, যাৰ ফলত এইচ আই ভি আৰু এইচ টি এল ভি-১ৰ বাবে নতুন ভাইৰাছৰ জিন আৰু ইয়াৰ কাৰ্য্য চিনাক্তকৰণ আৰু বৈশিষ্ট্য নিৰ্ণয় কৰা হৈছে। এইচ আই ভি ভেকচিন প্ৰস্তুতৰ ক্ষেত্ৰত ফ্ৰাঞ্চিনিৰ সাফল্যৰ ভিতৰত আছে প্ৰি-ক্লিনিকেল যিয়ে থাইলেণ্ডত ১৬,০০০ স্বেচ্ছাসেৱকৰ ওপৰত প্ৰথম ভেকচিন পৰীক্ষাৰ সূচনা কৰিছিল, যিয়ে এইচ আই ভি আহৰণৰ বিৰুদ্ধে উল্লেখযোগ্য যদিও সীমিত সুৰক্ষা প্ৰদৰ্শন কৰিছে। সুৰক্ষাৰ প্ৰতিৰোধ ক্ষমতা ব্যৱস্থাৰ ক্ষেত্ৰত তেওঁৰ মৌলিক কামে প্ৰাইমেটত বৰ্তমান উপলব্ধ ছমপক্স ভেকচিনৰ কাৰ্যকাৰিতা অধিক বুজাত সহায় কৰিছিল। এইচ আই ভি সংক্ৰমণৰ মেকাক মডেল ব্যৱহাৰ কৰি এইচ আই ভি-১ সংক্ৰমিত ব্যক্তিৰ প্ৰতিৰোধ ক্ষমতাৰ নিয়ন্ত্ৰকসমূহ ডাউন-মডুলেট কৰাৰ বাবেও তেওঁ কৌশলৰ পথ-প্ৰদৰ্শক হৈছে।[3]

বঁটা আৰু সন্মান

[সম্পাদনা কৰক]

১৯৯০ চনত ফ্ৰাঞ্চিনি আমেৰিকান ছ’চাইটি ফৰ ক্লিনিকেল ইনভেষ্টিগেশ্যনলৈ নিৰ্বাচিত হয়। ২০০৭ চনত তেওঁ এছ'চিয়েচন অৱ আমেৰিকান ফিজিচিয়ানছলৈ নিৰ্বাচিত হয়।[2] ২০১৬ চনত ফ্ৰাঞ্চিনিক অহাইঅ' ষ্টেট ইউনিভাৰ্চিটিৰদ্বাৰা চেণ্টাৰ ফৰ ৰেট্ৰ'ভাইৰাছ ৰিচাৰ্চ ডিষ্টিংচড কেৰিয়াৰ বঁটা প্ৰদান কৰা হয়।[4] ২০১৯ চনত পোলেণ্ডৰ বিয়ালিষ্টক মেডিকেল ইউনিভাৰ্চিটিৰপৰা তেওঁক সন্মানীয় বিজ্ঞানৰ ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয়।[5]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Federal Faces: Genoveffa Franchini". Washington Post. 2012-06-18. https://www.washingtonpost.com/local/dc-politics/federal-faces-genoveffa-franchini/2012/06/18/gJQANMgcmV_story.html.
  2. 1 2 3 4 "CV". Osservatorio Nazionale sulla Salute della Donna. 2017. Archived from the original on 2019-06-03. https://web.archive.org/web/20190603090706/https://www.ondaosservatorio.it/ondauploads/2017/11/CV_Franchini.pdf আহৰণ কৰা হৈছে: 2020-04-02.
  3. 1 2 3 "Genoveffa Franchini, M.D." (en ভাষাত). Center for Cancer Research. 2014-08-12. https://ccr.cancer.gov/Vaccine-Branch/genoveffa-franchini আহৰণ কৰা হৈছে: 2020-04-02.
  4. "Distinguished Research Career Award | College of Veterinary Medicine" (en ভাষাত). vet.osu.edu. 2026. https://vet.osu.edu/research/center-retrovirus-research/distinguised-research-career-award আহৰণ কৰা হৈছে: 2026-02-18.
  5. "Awards & Honors | Center for Cancer Research" (en ভাষাত). ccr.cancer.gov. https://ccr.cancer.gov/news/milestones-2020/article-awards-honors আহৰণ কৰা হৈছে: 2026-02-18.