সমললৈ যাওক

জেন আনয়াংগো

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জেন আনয়াংগো অডংগো (ইংৰাজী: Jane Anyango) শান্তিৰ বাবে আৰু মহিলা আৰু ছোৱালীৰ অধিকাৰৰ বাবে কৰ্মৰত কেনিয়াৰ এগৰাকী সমাজকৰ্মী।[1][2][3][4][5] তেখেত এগৰাকী তৃণমূল পৰ্যায়ৰ কৰ্মী আৰু শান্তিপ্ৰেমী৷ তেওঁ কেনিয়াৰ অন্যতম বৃহৎ বস্তিত বাস কৰে।[4] ২০০৭ আৰু ২০১৩ চনৰ নিৰ্বাচনত নিৰ্বাচনৰ পিছৰ হিংসা হ্ৰাস কৰাত সহায় কৰা শ-শ মহিলাক সংগঠিত কৰাৰ বাবে তেওঁ পৰিচিত। তেওঁৰ কৌশলসমূহৰ ভিতৰত আছিল হিংসাৰ লগত জড়িত পুৰুষসকলৰ মহিলাৰ দ্বাৰা প্ৰভাৱিত কৰা৷ তেওঁৰ শ্লোগান হৈছে 'যুঁজাৰু পুৰুষসকলক হিংসা বন্ধ কৰিবলৈ দিয়ক'। প্ৰকল্পটোৱে পৰিষ্কাৰ-পৰিচ্ছন্নতা, জলবায়ু পৰিৱৰ্তন, সংহতি, তৃণমূল পৰ্যায়ৰ সংগঠন আদি বিষয়ৰ ওপৰত গুৰুত্ব আৰোপ কৰে।[6] দীৰ্ঘম্যাদীভাৱে তেওঁৰ মূল ফলাফল হৈছে ৰাষ্ট্ৰসংঘবহনক্ষম উন্নয়নৰ লক্ষ্য ১০ লাভ কৰা, যাৰ ফলত বৈষম্য হ্ৰাস কৰা হয়। ২০১৬ চনত তেওঁ ইউনিভাৰ্চিটি অৱ ছান ডিয়েগোলৈ বাৰ্ষিক মহিলা শান্তি নিৰ্মাতা আঁচনিৰ জৰিয়তে দুমাহৰ বাবে আমন্ত্ৰিত হোৱা চাৰিগৰাকী মহিলাৰ ভিতৰত অন্যতম আছিল।[7][8]

প্ৰাৰম্ভিক জীৱন আৰু কেৰিয়াৰ

[সম্পাদনা কৰক]

১৯৭০ চনৰ ১৭ মাৰ্চত কেনিয়ানাইৰোবিত জন্মগ্ৰহণ কৰা আনয়াংগো ১৯৮৯ চনত কিবেৰালৈ গুচি যায়।২০০৭ চনৰ কেনিয়াৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ফলত হোৱা হিংসাত্মক পৰিস্থিতিৰ প্ৰতি সঁহাৰি জনাই; আনয়াংগোৱে কিবেৰাত মহিলাসকলক সংগঠিত কৰি হিংসাত্মক পৰিস্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। কিছু সময়ৰ পিছতে "কিবেৰা মহিলা শান্তিৰ বাবে" সংগঠন গঠন কৰা হয়।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Slum woman with a big heart". Standard Digital. 10 April 2011. https://www.standardmedia.co.ke/lifestyle/article/2000032912/slum-woman-with-a-big-heart। আহৰণ কৰা হৈছে: 1 August 2017. 
  2. Orlale, Odhiambo (1 December 2014). "Jane Anyango – Community activist mobilises slum women in peace building". Kenyan Woman. Archived from the original on 2 August 2017. https://web.archive.org/web/20170802000220/http://kw.awcfs.org/article/jane-anyango-community-activist-mobilises-slum-women-in-peace-building/। আহৰণ কৰা হৈছে: 1 August 2017. 
  3. "Jane Anyango Odongo, Global Peace Ambassador, key note speaker". Female Wave of Change. 6 February 2017. Archived from the original on 2 August 2017. https://web.archive.org/web/20170802010124/http://www.femalewaveofchange.com/jane-anyango-odongo-speaker-at-the-wave/। আহৰণ কৰা হৈছে: 1 August 2017. 
  4. 4.0 4.1 "Jane Anyango – Kenya". iVOW:Voices of Women. http://voicesofwomen.org/podcasts/jane-anyango-kenya/। আহৰণ কৰা হৈছে: 1 August 2017. 
  5. "Jane Anyango". University of San DiegoJoan B. Kroc Institute for Peace and Justice. http://www.sandiego.edu/peace/institutes/ipj/women-peace-security/women-peacemakers/profile.php?name=jane+anyango&country=kenya। আহৰণ কৰা হৈছে: 1 August 2017. 
  6. "Our Team". Polycom Development Project. Archived from the original on 28 August 2017. https://web.archive.org/web/20170828115541/http://polycomgirls.org/our-team/। আহৰণ কৰা হৈছে: 1 August 2017. 
  7. "2010 Community Peacebuilder: Anyango Jane Odongo". Peace X Peace. 23 November 2010. Archived from the original on 7 June 2017. https://web.archive.org/web/20170607174716/http://www.peacexpeace.org/2010/11/2010-community-peacebuilder-anyango-jane-odongo/। আহৰণ কৰা হৈছে: 1 August 2017. 
  8. "USD's 'Women PeaceMakers' offer messages that hit home". The San Diego Union-Tribune. 1 October 2016. http://www.sandiegouniontribune.com/lifestyle/people/sd-me-peacemakers-20160926-story.html। আহৰণ কৰা হৈছে: 1 August 2017.