সমললৈ যাওক

জেন এলিজাবেথ ওৱাটাৰষ্টন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেন এলিজাবেথ ওৱাটাৰষ্টন
জন্ম ১৮৪৩
ইনভাৰ্ণেচ, স্কটলেণ্ড
মৃত্যু ৭ ডিচেম্বৰ, ১৯৩২
কেপ টাউন, দক্ষিণ আফ্ৰিকা
ৰাষ্ট্ৰীয়তা বৃটিছ
জনা যায় দক্ষিণ আফ্ৰিকাৰ প্ৰথম মহিলা চিকিৎসক

জেন এলিজাবেথ ওৱাটাৰষ্টন (১৮৪৩ – ৭ ডিচেম্বৰ ১৯৩২) আছিল স্কটিছ শিক্ষয়িত্ৰী আৰু দক্ষিণ আফ্ৰিকাৰ প্ৰথম মহিলা চিকিৎসক। ডেভিদ লিভিংষ্টনৰ পৰা অনুপ্ৰাণিত হৈ তেওঁ চিকিৎসক আৰু মিছনেৰী হ’বলৈ প্ৰশিক্ষণ লয়। পক্ষপাতিত্বৰ বাবেই তেওঁ লিভিংষ্টনৰ পদাংক এৰি দক্ষিণ আফ্ৰিকাৰ দৰিদ্ৰসকলৰ সৈতে কাম কৰিবলৈ বাধ্য হয়।

১৮৪৩ চনত ইনভাৰ্নেছত জন্মগ্ৰহণ ওৱাটাৰষ্টনে জন্মগ্ৰহণ কৰিছিল। তেওঁৰ পিতৃয়ে ইনভাৰ্নেছত এটা কেলেডোনিয়ান বেংক চলাইছিল। স্কটিছ শিক্ষয়িত্ৰী হিচাপে দক্ষিণ আফ্ৰিকাৰ লাভডেল মিছনেৰী ইনষ্টিটিউটৰ নতুন ছোৱালীৰ শাখাৰ প্ৰথম অধীক্ষকৰ চাকৰি দিয়া হৈছিল। ১৮৬৭ চনৰ জানুৱাৰী মাহত এই অভিযানৰ নেতৃত্ব দিয়া ড° জেমছ ষ্টুৱেৰ্টৰ বাবে কাম কৰিবলৈ তেওঁ দক্ষিণ আফ্ৰিকাত উপস্থিত হয়। ১৮৬৮ চনৰ ২৩ আগষ্টত লাভডেল গাৰ্লছ ইনষ্টিটিউচন মুকলি কৰা হয়। [1]ওৱাটাৰষ্টন আছিল দক্ষিণ আফ্ৰিকাৰ প্ৰথম মহিলা চিকিৎসক।[2]

১৮৭৩ চনলৈকে তেওঁ তাত কাম কৰিছিল আৰু ইংলেণ্ডত চিকিৎসা প্ৰশিক্ষণ লাভৰ কঠিন কামটো হাতত ল’বলৈ উভতি আহিছিল। ডেভিদ লিভিংষ্টনৰ মৃত্যু আৰু মহিলাসকলক চিকিৎসক হ’বলৈ দিয়া খবৰৰ পৰাই ৱাটাৰষ্টনে অনুপ্ৰাণিত হৈছিল। ১৮৮০ চনত লণ্ডন স্কুল অৱ মেডিচিন ফৰ উইমেনত প্ৰশিক্ষণ লোৱা প্ৰথম মহিলাসকলৰ ভিতৰত অন্যতম হোৱাৰ সৌভাগ্য হৈছিল।[1]

প্ৰশিক্ষণৰ পিছত তেওঁ লিভিংষ্টোনিয়া ফ্ৰী চাৰ্চ মিছনলৈ যায় যিটো সেই সময়ত মালাউই হ্ৰদৰ পাৰৰ কেপ মেক্লিয়াৰত আছিল।[3]

তাত থকা মিছনেৰীসকলে আফ্ৰিকানসকলৰ প্ৰতি আৰু তেওঁৰ প্ৰতি থকা অসন্মানজনক মনোভাৱ দেখি লাভডেলে মোহভংগ হৈ পৰিল— পুৰুষ মিছনেৰীসকলে তেওঁক নিজলৈ স্বামী বিচাৰি মিছনলৈ অহাৰ অভিযোগ উত্থাপন কৰিছিল।[4] তেওঁ যে নিজৰ সম্ভাৱনাক অৰ্জন কৰা নাই সেই কথা উপলব্ধি কৰি তেওঁ তাৰ পৰা গুচি গ'ল।[4]

১৮৮০ চনত কেপ টাউনত চিকিৎসক হোৱাৰ আগতে তিনি বছৰ ধৰি লাভডেল মিছনত থাকে।[5] ১৮৭৮ চনত কেলেডোনিয়ান বেংকৰ বিফলতাৰ পিছত তেওঁ ব্যক্তিগত প্ৰেকটিছত যোগদান কৰে, আংশিকভাৱে সমাজসেৱী হিচাপে জীয়াই থাকে,[5] আৰু তেওঁৰ নিজৰ উপাৰ্জনহীন পৰিয়ালটোৰ বাবে স্কটলেণ্ডলৈ ধন পঠিয়াবলৈ সক্ষম হয়।[2]

ৱাটাৰষ্টনে দৰিদ্ৰসকলৰ সৈতে কাম কৰি "ফ্ৰী ডিচপেনচাৰীৰ লেডিজ ব্ৰাঞ্চ" স্থাপন কৰে। ইয়াক “বিনামূলীয়া’’ বুলি জনা গৈছিল, কিন্তু গ্ৰাহকৰ মৰ্যাদা নিশ্চিত কৰিবলৈ সদায় এটা সৰু চাৰ্জ লোৱা হৈছিল। ৱাটাৰষ্টনে লগতে জোৰ দি কয় যে, সেইসকল মাতৃয়ে লাভৱান হ’ব, যিসকল বিয়া হ’ব লাগে যদিও সন্তানটো হয়তো বিয়াৰ আগতেই জন্ম হৈছিল। সংস্থাটোৱে মাতৃসকলক চোৱা-চিতা কৰিছিল আৰু কামটো আগবঢ়াই নিবলৈ ধাত্ৰীসকলকো প্ৰশিক্ষণ দিছিল।[6]

ব্লুমফণ্টেইনত তেওঁ ব্ৰিটিছ যুদ্ধ মন্ত্ৰীয়ে কনচেনট্ৰেচন কেম্পৰ অৱস্থাৰ তদন্তৰ বাবে নিযুক্তি দিয়া ছয়জনীয়া সমিতিৰ অংশ আছিল (সমিতিখনৰ আন সদস্যসকলৰ ভিতৰত আছিল ভোটাধিকাৰী মিলিচেণ্ট ফ'চেট আৰু চিকিৎসক এলা কেম্পবেল স্কাৰলেট)।[6]


অক্লান্ত কামৰ বাবে ৱাটাৰষ্টনক দক্ষিণ আফ্ৰিকাৰ নাম নোকাটাকা দিয়া হয়, অৰ্থ "কৰ্মৰ মাতৃ"।[4] ১৯২৫ চনত তেওঁ আয়াৰলেণ্ডৰ ৰয়েল কলেজ অৱ ফিজিচিয়ানছৰ ফেলো হিচাপে নিযুক্তি পোৱা দ্বিতীয়গৰাকী মহিলা হিচাপে পৰিগণিত হয়।[7] ১৯২৯ চনত ৱাটাৰষ্টনক কেপ টাউন বিশ্ববিদ্যালয়ে আইন বিভাগৰ ডাক্তৰ হিচাপে নিযুক্তি দিয়ে।[3] ১৯৩২ চনত কেপ টাউনত ৱাটাৰষ্টনৰ মৃত্যু হয়।[3]

উত্তৰাধিকাৰ

[সম্পাদনা কৰক]

ৱাটাৰষ্টনে ১৮৬৬ চনত লাভডেলত প্ৰতিষ্ঠানটোৰ নেতৃত্ব দিয়া জেমছ ষ্টুৱেৰ্টলৈ লিখিছিল। ষ্টুৱেৰ্টৰ সৈতে তেওঁৰ চিঠিপত্ৰ ১৯০৫ চনলৈকে চলি থাকে।১৯৮৩ চনত সম্পাদনা আৰু প্ৰকাশ কৰা হয়।[7]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 সাঁচ:Cite ODNB
  2. 2.0 2.1 Van Heyningen, Elizabeth (1996). "Jane Elizabeth Waterston – Southern Africa's first woman doctor". Journal of Medical Biography খণ্ড 4 (4): 208–213. doi:10.1177/096777209600400404. PMID 11618389. 
  3. 3.0 3.1 3.2 Vernon, Gillian (1992). "'A vague vision of a legion of Mephistopheles': the attitudes of four women to class and race on the Eastern Cape Frontier, 1843–1878". Contree Journal for South African Urban and Regional History খণ্ড 32. 
  4. 4.0 4.1 4.2 Ewan, Elizabeth; Innes, Sue; Reynolds, Sian (2006). The Biographical Dictionary of Scottish Women: From the Earliest Times to 2004. Edinburgh University Press. পৃষ্ঠা. 367–8. ISBN 978-0-7486-1713-5. https://books.google.com/books?id=VfSkBgAAQBAJ&pg=PA367. 
  5. 5.0 5.1 Kalinga, Owen J. M. (2012). Historical Dictionary of Malawi. Rowman & Littlefield. ISBN 978-0-8108-5961-6. https://books.google.com/books?id=FuXPkCVjzasC&pg=PA472. 
  6. 6.0 6.1 Potgieter, S V (1998). "History of Medicine: Medicine in Bloemfontein - anecdotes from the turn of the century". South African Medical Journal খণ্ড 3 (88): 272–274. https://www.ajol.info/index.php/samj/article/viewFile/148964/138466. 
  7. 7.0 7.1 Waterston, Jane Elizabeth (1983). Bean, Lucy; Van Heyningen, Elizabeth. eds. The Letters of Jane Elizabeth Waterston, 1866–1905. Van Riebeeck Society, The. পৃষ্ঠা. 253–255. ISBN 978-0-620-07375-2. https://books.google.com/books?id=xaRiFo0ZNqAC&pg=PA253.