জেন গ্ৰীণ
অৱয়ব
| জেন গ্ৰীণ | |
|---|---|
| জন্ম | ১৯৫৫ (বয়স ৭০–৭১) |
| পেচা | লেখিকা |
| ৰাষ্ট্ৰীয়তা | ব্ৰিটিছ |
| মাতৃশিক্ষায়তন | ছাচেক্স বিশ্ববিদ্যালয় |
জেন গ্ৰীণ (ইংৰাজী: Jen Green; জন্ম ১৯৫৫) হ'ল শিশু আৰু প্ৰাপ্তবয়স্কৰ বাবে অ-কল্পকাহিনী কিতাপৰ স্ৰষ্টা আৰু এগৰাকী ব্ৰিটিছ লেখিকা। ৩০০ৰো অধিক গ্ৰন্থ তেখেতে লিখিছে।[1]
জীৱন
[সম্পাদনা কৰক]জেন গ্ৰীণৰ জন্ম যমজ সন্তান হিচাপে আৰু তেখেত ডাঙৰ-দীঘল হৈছিল দক্ষিণ লণ্ডন আৰু ছাচেক্সত।[1] ছাচেক্স বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী সাহিত্যত তেখেতে ডক্টৰেট ডিগ্ৰী লাভ কৰে। ১৯৮১ চনৰ পৰা ১৯৯৬ চনলৈ প্ৰকাশন বিভাগত কাম কৰাৰ পাছত তেখেত এগৰাকী পূৰ্ণকালীন লেখিকা হিচাপে পৰিগণিত হয়।[2] ২০১২-১৩ চনত ছাচেক্স বিশ্ববিদ্যালয়ৰ ৰয়েল লিটাৰেৰী ফাণ্ড ফেলো আছিল। ছাচেক্স ডাউনছৰ ওচৰতে তেখেত থাকে।[1]