জেন মাৰাজো
জেন মাৰিছা মাৰাজো (ইংৰাজী: Jeanne Marisa Marrazzo) এগৰাকী আমেৰিকান চিকিৎসক-বিজ্ঞানী আৰু সংক্ৰামক ৰোগ বিশেষজ্ঞ। তেওঁ ইউনিভাৰ্চিটি অৱ আলাবামা এট বাৰ্মিংহাম স্কুল অৱ মেডিচিনৰ সংক্ৰামক ৰোগ বিভাগৰ সঞ্চালিকা আছিল আৰু জৈৱ চিকিৎসা হস্তক্ষেপ ব্যৱহাৰ কৰি এইচআইভি (HIV) সংক্ৰমণ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব দিছিল। মাৰাজো আমেৰিকান কলেজ অৱ ফিজিতিঅ’নছ আৰু ইনফেকশ্বাছ ডিজিজ ছ’চাইটি অৱ আমেৰিকাৰ এগৰাকী ফেলো। ২০২৩ চনৰ ২ আগষ্টত নেচনেল ইনষ্টিটিউট অৱ হেলথৰ (NIH) ভাৰপ্ৰাপ্ত সঞ্চালক লৰেন্স এ. টাবাকে জেন এম. মাৰাজোক এনআইএইচৰ অন্তৰ্গত নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকশ্বাছ ডিজিজৰ ষষ্ঠ সঞ্চালিকা হিচাপে নিযুক্তি দিয়ে।
প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
[সম্পাদনা কৰক]পেনচিলভেনিয়াৰ ডানমৰত ডাঙৰ-দীঘল হোৱা[1][2] মাৰাজোৱে চিকিৎসা বিজ্ঞানক পেচা হিচাপে বাছি লৈছিল কাৰণ তেওঁৰ মাতৃ এগৰাকী নাৰ্ছ আছিল আৰু তেওঁৰ আদৰ্শ আছিল।[3] তেওঁ ৰেডক্লিফ কলেজৰ পৰা জীৱবিজ্ঞানত স্নাতক ডিগ্ৰী আৰু থমাছ জেফৰচন বিশ্ববিদ্যালয়ৰ জেফৰচন মেডিকেল কলেজৰ পৰা চিকিৎসা বিজ্ঞানৰ ডিগ্ৰী লাভ কৰে। মাৰাজোৱে পৰৱৰ্তী সময়ত য়েল-নিউ হেভেন হাস্পতালত ইণ্টাৰ্নেল মেডিচিনত ৰেচিডেন্সী প্ৰশিক্ষণ আৰু চীফ ৰেচিডেন্সী সম্পূৰ্ণ কৰে।[4]
কৰ্মজীৱন
[সম্পাদনা কৰক]মাৰাজোৱে ১৯৯৫ চনত ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ স্কুল অৱ মেডিচিনৰ ফেকাল্টিত যোগদান কৰে।[5] তাত থকাৰ সময়তে, মধ্যবয়সীয়া মহিলাৰ মাজত অস্বাভাৱিক হাৰত পেপ স্মিয়াৰ ৰিপৰ্ট অহা লক্ষ্য কৰি তেওঁ নাৰ্ছ প্ৰেক্টিচনাৰ কেথলিন ষ্টাইনৰ সৈতে মিলি 'লেচবিয়ান/বাইচেক্সুৱেল উইমেনছ হেল্থ ষ্টাদী'ৰ সহ-প্ৰতিষ্ঠা কৰে। তেওঁলোকৰ এই ফলাফলৰ ওপৰত ভিত্তি কৰি নেচনেল ইনষ্টিটিউট অৱ এলাৰ্জী এণ্ড ইনফেকশ্বাছ ডিজিজৰ (NIAID) পৰা লেচবিয়ান আৰু উভকামী মহিলাৰ মাজত বিভিন্ন যৌন সংক্ৰামক ৰোগৰ প্ৰসাৰ আৰু সংক্ৰমণৰ পথসমূহ অনুসন্ধান কৰিবলৈ পুঁজি লাভ কৰে।[6] ইয়াৰ ফলশ্ৰুতি স্বৰূপেই পেপ স্মিয়াৰ স্ক্ৰীনিং এণ্ড প্ৰিভিলেন্স অৱ জেনিটেল হিউমেন পেপিল’মাভাইৰাছ ইনফেকশ্বন ইন উইমেন হু হেভ চেক্স উইথ উইমেন শীৰ্ষক এটা সহ-গৱেষণা পত্ৰ প্ৰকাশ পায়। এই গৱেষণাত দেখা গৈছিল যে ছিয়েটল অঞ্চলৰ ৩০০ গৰাকী মহিলাৰ ভিতৰত ১৩ শতাংশৰ এইচপিভি (HPV) পজিটিভ আছিল আৰু ৪ শতাংশৰ পেপ পৰীক্ষাত কেন্সাৰৰ পূৰ্ববৰ্তী লক্ষণ ধৰা পৰিছিল।[7] পৰৱৰ্তী বছৰত তেওঁ আমেৰিকান কলেজ অৱ ফিজিতিঅ’নছৰ ফেলো নিৰ্বাচিত হয়।[5]
২০০৫ চনত মাৰাজোৱে ডেভিড এন. ফ্ৰেডৰিকছ আৰু টিনা এল. ফিডলাৰৰ সৈতে মিলি বেক্টেৰিয়েল ভেজাইনোছিছৰ কাৰণসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰি মলিকিউলাৰ আইডেণ্টিফিকেশ্বন অৱ বেক্টেৰিয়া এছ’চিয়েটেড উইথ বেক্টেৰিয়েল ভেজাইনোছিছ শীৰ্ষক এটি গৱেষণা পত্ৰ লিখিছিল।[8] ২০০৮ চনত মাৰাজোক আমেৰিকান বোৰ্ড অৱ ইণ্টাৰনেল মেডিচিনৰ (ABIM) সংক্ৰামক ৰোগ সম্পৰ্কীয় উপ-পৰিষদৰ সদস্য হিচাপে নিযুক্তি দিয়া হয়[9] আৰু চাৰি বছৰৰ পিছত তেওঁক ইয়াৰ অধ্যক্ষ হিচাপে মনোনীত কৰা হয়।[10] এই সময়ছোৱাতে মাৰাজো ইনফেকশ্বাছ ডিজিজ ছ’চাইটি অৱ আমেৰিকাৰ ফেলো আৰু টেম্পল ইউনিভাৰ্চিটিৰ বেনেট লৰ্বাৰ ভিজিটিং প্ৰফেচৰ নিৰ্বাচিত হয়।[5] ২০০৯ চনৰ পৰা ২০১২ চনলৈকে মাৰাজোৱে মাইক্ৰ’বিচাইড ট্ৰায়েল নেটৱৰ্কৰ জৰিয়তে ভইচ (Vaginal and Oral Interventions to Control the Epidemic) অধ্যয়ন পৰিচালনা কৰিছিল। এই অধ্যয়নটো এক যাদৃচ্ছিক (randomized) আৰু প্লেচেবো-নিয়ন্ত্ৰিত পৰীক্ষণ আছিল, য’ত দক্ষিণ আফ্ৰিকা, উগাণ্ডা আৰু জিম্বাবুৱেৰ ১৫টা স্থানৰ ৫,০০০তকৈও অধিক মহিলাৰ ওপৰত দৈনিক মৌখিক টেনোফ’ভিৰ ডিচ’প্ৰ’ক্সিল ফিউমাৰেট ব্যৱহাৰৰ প্ৰভাৱ পৰীক্ষা কৰা হৈছিল।[11] অৱশ্যে প্ৰকাশিত চুড়ান্ত গৱেষণা পত্ৰখনত এইচআইভিৰ বিপদাশংকা হ্ৰাস কৰাত প্ৰি-এক্সপোজিশ্যৰ প্ৰফাইলেক্সিছ (PrEP) বা টেনোফ’ভিৰযুক্ত ভেজাইনাল মাইক্ৰ’বিচাইড জেল ফলপ্ৰসূ বুলি প্ৰমাণিত নহ’ল।[12]
এইচআইভি প্ৰতিৰোধৰ ক্ষেত্ৰত এগৰাকী বিশেষজ্ঞ হিচাপে গণ্য কৰি এইডছমুক্ত প্ৰজন্ম গঢ়ি তোলাৰ বাবে এক নিৰ্দেশনা প্ৰস্তুত কৰিবলৈ মাৰাজোক বিশেষজ্ঞসকলৰ এক আন্তঃশাখা পেনেলৰ সহ-অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। এই নিৰ্দেশনাসমূহ পৰৱৰ্তী সময়ত জাৰ্নেল অৱ দ্য আমেৰিকান মেডিকেল এছ’চিয়েচনত প্ৰকাশ পাইছিল।[13] এইচআইভি প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁ কৰা প্ৰচেষ্টাৰ বাবে তেওঁক ২০১৫ চনৰ আমেৰিকান চেক্সুৱেলী ট্ৰেন্সমিটেড ডিজিজেছ এছ’চিয়েচন (ASTDA) এচিভমেণ্ট এৱাৰ্ড প্ৰদান কৰা হয়[14] আৰু আমেৰিকান বোৰ্ড অৱ ইণ্টাৰনেল মেডিচিন কাউন্সিলৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়।[15]
২০১৬ চনত মাৰাজোৱে এডৱাৰ্ড ডব্লিউ হুক ৩য়ৰ উত্তৰাধিকাৰী হিচাপে ইউনিভাৰ্চিটি অৱ আলাবামা স্কুল অৱ মেডিচিনৰ সংক্ৰামক ৰোগ বিভাগৰ সঞ্চালিকা হিচাপে দায়িত্ব গ্ৰহণ কৰে।[16] ইণ্টাৰনেশ্যনেল ছ’চাইটি ফৰ এছটিডি ৰিচাৰ্ছৰ সভাপতি পদৰ পৰা অব্যাহতি লোৱাৰ পিছত তেওঁক ইনফেকশ্বাছ ডিজিজ ছ’চাইটি অৱ আমেৰিকাৰ পৰিচালনা সমিতিৰ সদস্য হিচাপে মনোনীত কৰা হয়।[17] ২০১৯ চনৰ ২৩ অক্টোবৰত তেওঁক এনআইএআইডিৰ পৰা ৩.৫ নিযুত ডলাৰৰ এক অনুদানৰ অধীনত ব্ৰেগচেৰ’ ভেকচিনৰ জৰিয়তে গনোৰিয়া প্ৰতিৰোধৰ ফলপ্ৰসূতা পৰীক্ষা কৰাৰ মুখ্য অনুসন্ধানকাৰী হিচাপে মনোনীত কৰা হয়।[18] ক’ভিড-১৯ মহামাৰীৰ সময়ত মাৰাজোৱে ৰক্ত গোট মৰা কাৰ্যই মানুহৰ শৰীৰত এই ভাইৰাছটোৰ প্ৰসাৰ ঘটাব পাৰে নেকি সেই বিষয়ে অধ্যয়ন কৰিছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Horvath, Jeff (May 11, 2020). "Doctor, Dunmore native overseeing team in clinical trials of potential coronavirus teatment" (en-US ভাষাত). The Times-Tribune. https://www.thetimes-tribune.com/news/doctor-dunmore-native-overseeing-team-in-clinical-trials-of-potential-coronavirus-teatment-1.2627108। আহৰণ কৰা হৈছে: 2020-05-27.
- ↑ "Marrazzo, Casey Earn DHS Honors". Scrantonian Tribune: পৃষ্ঠা 4. 1980-06-08. https://www.newspapers.com/clip/52219667/marrazzo-casey-earn-dhs-honors/.
- ↑ "Women in Medicine Spotlight: Jeanne Marrazzo". uabmedicine.org. Archived from the original on March 12, 2020. https://web.archive.org/web/20200312180524/https://www.uabmedicine.org/-/women-in-medicine-spotlight-jeanne-marrazzo। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ "Jeanne Marrazzo". revive.gardp.org. https://revive.gardp.org/jeanne-marrazzo/। আহৰণ কৰা হৈছে: May 22, 2020.
- 1 2 3 "JEANNE MARRAZZO Curriculum Vitae". uab.edu. https://www.uab.edu/medicine/obgyn/images/Scientist-CVs/Marrazzo_CV_UAB_2019.pdf। আহৰণ কৰা হৈছে: May 22, 2020.[সংযোগবিহীন উৎস]
- ↑ Neary, Walter (October 12, 1999). "Study examines STDs among women-to-women sex partners". washington.edu. https://www.washington.edu/news/1999/10/12/study-examines-stds-among-women-to-women-sex-partners/। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Neary, Walter (May 31, 2001). "Women should have regular Pap smears regardless of sex partner's gender". washington.edu. https://www.washington.edu/news/2001/05/31/women-should-have-regular-pap-smears-regardless-of-sex-partners-gender/। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Fredricks, David n.; Fiedler, Tina l.; Marrazzo, Jeanne m. (November 3, 2005). "Molecular Identification of Bacteria Associated with Bacterial Vaginosis". New England Journal of Medicine খণ্ড 353 (18): 1899–1911. doi:10.1056/nejmoa043802. PMID 16267321.
- ↑ "ABIM Announces Members Of Its Subspecialty Board On Infectious Diseases". American Board of Internal Medicineabim.org. July 1, 2008. https://www.abim.org/media-center/press-releases/infectious-disease-subspecialty-board.aspx। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ "ABIM Elects Jeanne Marrazzo, MD, Chair Of Its Subspecialty Board on Infectious Diseases". abim.org. July 1, 2012. https://www.abim.org/media-center/press-releases/jeanne-marrazzo-chair-subspecialty-board-infectious-disease.aspx। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ "VOICE trial shows low PrEP adherence, efficacy among women". healio.com. February 5, 2015. https://www.healio.com/infectious-disease/hiv-aids/news/online/%7B77f2a3f8-3a2c-498f-8bea-6f48aa32e23f%7D/voice-trial-shows-low-prep-adherence-efficacy-among-women। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Cairns, Gus (February 9, 2015). "VOICE trial: Microbicide gel may have stopped two out of three HIV infections – in the women who used it". aidsmap.com. https://www.aidsmap.com/news/feb-2015/voice-trial-microbicide-gel-may-have-stopped-two-out-three-hiv-infections-women-who। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Nodell, Bobbi (July 21, 2014). "AIDS-free generation is aim of new guidelines for clinicians". newsroom.uw.edu. Archived from the original on March 1, 2023. https://web.archive.org/web/20230301095813/https://newsroom.uw.edu/story/aids-free-generation-aim-new-guidelines-clinicians। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ "Marrazzo and Wald receive recognition awards". medicine.uw.edu. October 14, 2015. Archived from the original on May 13, 2020. https://web.archive.org/web/20200513235018/https://medicine.uw.edu/news/marrazzo-and-wald-receive-recognition-awards। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ "American Board of Internal Medicine Announces New Members and Officers on Board of Directors and Council". Press Release Distributionprleap.com. July 6, 2015. https://www.prleap.com/pr/237203/american-board-of-internal-medicine-announces। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Alexander, Alan (March 7, 2016). "Top HIV/AIDS researcher recruited to UAB for leadership post". Business Journalbizjournals.ca. http://www.bizjournals.com/birmingham/news/2016/03/07/top-hiv-aids-researcher-recruited-to-uab-for.html। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Koplon, Savannah (October 9, 2018). "Marrazzo named to national infectious disease organization board". uab.edu. Archived from the original on October 21, 2020. https://web.archive.org/web/20201021022840/https://www.uab.edu/news/people/item/9828-marrazzo-named-to-national-infectious-disease-organization-board। আহৰণ কৰা হৈছে: May 22, 2020.
- ↑ Koplon, Savannah (October 23, 2019). "NIH study to explore vaccine for gonorrhea prevention". uab.edu. https://www.uab.edu/news/health/item/10852-nih-study-to-explore-vaccine-for-gonorrhea-prevention। আহৰণ কৰা হৈছে: May 22, 2020.[সংযোগবিহীন উৎস]