সমললৈ যাওক

জেব-উন-নিছা (গায়িকা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেব-উন-নিছা
Sindhi: زيب النساء
পৃষ্ঠভূমি
জন্ম নাম কোৱাইম খাটুন
জন্ম ২৪ ছেপ্টেম্বৰ, ১৯৩৯
নবাব শ্বাহ, সিন্ধ, বিট্ৰিছ ভাৰত
মৃত্যুৰ তাৰিখ ১৯ ডিচেম্বৰ, ২০১৯ (৮০ বছৰ)
নবাব শ্বাহ, সিন্ধ, পাকিস্তান
সংগীতৰ ধৰণ সিন্ধী
পেচা লোক-গায়িকা
সক্ৰিয়তাৰ বছৰ ১৯৫৮ – ২০১০
জেব-উন-নিছা (গায়িকা)
সন্তান ছামিনা কাঁৱাল (কন্যা)

জেব-উন-নিছা (ইংৰাজী: Zeb-un-Nissa; মৃত্যু: ১৯ ডিচেম্বৰ ২০১৯) এগৰাকী পাকিস্তানী লোক-গায়িকা৷ ১৯৬০ চনৰ পৰা ১৯৯০ চনলৈকে তেওঁ সিন্ধৰ আগশাৰীৰ মহিলা গায়িকাসকলৰ ভিতৰত অন্যতম আছিল।[1] তেওঁ শতাধিক চুফী গীত গাইছিল যিবোৰ ৰেডিঅ’ পাকিস্তান, হায়দৰাবাদে বাণীবদ্ধ কৰিছিল।[2]

প্ৰাৰম্ভিক জীৱন আৰু শৈশৱ

[সম্পাদনা কৰক]

জেব-উন-নিছাৰ জন্ম হৈছিল নৱাবশ্বাহ সিন্ধত বাচু ছেইখৰ ঘৰত। তেওঁৰ প্ৰকৃত নাম আছিল কোৱাইম খাটুন। তেওঁ গায়ক বা সংগীতজ্ঞৰ পৰিয়ালৰ নাছিল যদিও মাকে স্থানীয় বিবাহ অনুষ্ঠান আৰু সামাজিক সভাত গান গাইছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

১৯৫৮ চনত ৰেডিঅ' পাকিস্তান, হায়দৰাবাদৰ পৰা জেব-উন-নিছাই সংগীত জীৱন আৰম্ভ কৰে।[3] প্ৰখ্যাত সিন্ধী গায়ক মহম্মদ জুমনৰ পৰা তেওঁ সংগীতৰ পাঠ গ্ৰহণ কৰিছিল। তেওঁৰ কণ্ঠ অতি শুৱলা আছিল।[4] ৰেডিঅ’ পাকিস্তানে তেওঁৰ কণ্ঠত চুফী কবিৰ অসংখ্য গীত বাণীবদ্ধ কৰিছিল। সেই চুফী কবিসকলৰ ভিতৰত আছিল শ্বাহ আব্দুল লতিফ ভিতাই, সচাল সৰমাষ্ট, মিশ্ৰী শ্বাহ, মন্থাৰ ফকিৰ, বুধল ফকিৰ আদি। তেখেতে গোৱা গীতৰ এক সমৃদ্ধ সংকলন ৰেডিঅ' পাকিস্তানৰ সংগীত পুথিভঁৰালত উপলব্ধ। সিন্ধী ভাষাত "সেহৰা" বা "লাডা" নামৰ বিবাহ গীতৰ বাবেও তেওঁ জনপ্ৰিয় আছিল। প্ৰখ্যাত মহিলা গায়িকা জেৰিনা বালোচ, আমিনা আৰু ৰুবিনা কুৰেছিৰ সৈতে তেওঁ বিবাহ গীত বাণীবদ্ধ কৰে। উস্তাদ মহম্মদ জুমন আৰু উস্তাদ মহম্মদ ইউছুফৰ সৈতে তেওঁৰ দ্বৈত গীতসমূহো অতি জনপ্ৰিয়। পাকিস্তান টেলিভিছন চেণ্টাৰ কৰাচীয়েও আন মহিলা গায়িকাসকলৰ সৈতে তেওঁৰ কণ্ঠত ৫০টাতকৈও অধিক গীত বাণীবদ্ধ কৰিছিল।[5]

২০১৯ চনৰ ১৯ ​​ডিচেম্বৰত নৱাবশ্বাহত জেব-উন-নিছাৰ মৃত্যু হয়।[2] পাঁচগৰাকী কন্যা আৰু দুজন পুত্ৰৰ ভিতৰত মাত্ৰ এগৰাকী কন্যা সমীনা কাঁৱাল এগৰাকী গায়িকা।[1]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. 1.0 1.1 سنڌ جي لوڪ فنڪاره زيب النساءِ ڪافي عرصو بيمار رهڻ بعد نوابشاهه ۾ ۸۰ سالن جي ڄمار ۾ لاڏاڻو ڪري وئي, Daily Panhinji Akhbar, 19 December 2019.
  2. 2.0 2.1 2.2 لوڪ گيتن جي راڻي زيب النساءِ لاڏاڻو ڪري وئي، روزاني سنڌيار، 20 ڊسمبر 2019, Daily Sindhyar.
  3. Unar Mukhtiar: Ajoko Deenhin, Daily Column, Daily Ibrat, Hyderabad, Sindh, Pakistan, December 19, 2024.
  4. زيب النساءِ گمناميءَ ۾ گذاري ويل سھرا لاڏا ڳائيندڙ ھڪ لوڪ گائڪا, Daily Kawish, Hyderabad, 21 December 2019.
  5. ٰمصطفيٰ ملاح: خوبصورت آواز جي مالڪ گائڪا زيب النساء اسان کان وڇڙي وئي، روزاني ڪاوش، 21 ڊسمبر 2019, Daily Kawish, Hyderabad.