জেমি লী কাৰ্টিছ
| জেমি লী কাৰ্টিছ | |
|---|---|
২০২৫ চনত কাৰ্টিছ | |
| জন্ম | ২২ নৱেম্বৰ, ১৯৫৮ (৬৭ বছৰ) ছাণ্টা মনিকা, কেলিফৰ্ণিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ |
| পেচা |
|
| সক্ৰিয় হৈ থকা সময় | ১৯৭৭–বৰ্তমান |
| দাম্পত্যসঙ্গী | ক্ৰিষ্টোফাৰ গেষ্ট (বি. ১৯৮৪) |
| সন্তান | ২ |
| আত্মীয়-স্বজন |
|
| বঁটা, সন্মান, পুৰস্কাৰ আদি | জেমি লী কাৰ্টিছে লাভ কৰা বঁটা আৰু মনোনয়নৰ তালিকা |
| স্বাক্ষৰ | |
জেমি লী কাৰ্টিছ (ইংৰাজী: Jamie Lee Curtis; জন্ম: ২২ নৱেম্বৰ, ১৯৫৮)[1] এগৰাকী আমেৰিকান অভিনেত্ৰী, প্ৰযোজক আৰু শিশু সাহিত্যিক। হৰৰ আৰু শ্লেচাৰ ধৰণৰ চলচ্চিত্ৰৰ লগতে কেইবাখনো কমেডী ছবিত কৰা অভিনয়ৰ বাবে তেওঁক "স্ক্ৰীম কুইন" হিচাপে গণ্য কৰা হয়।[2] ২০২৩ চনলৈকে তেওঁৰ ছবিসমূহে বক্স অফিচত ২.৫ বিলিয়ন ডলাৰতকৈও অধিক উপাৰ্জন কৰিছে।[3] কাৰ্টিছে এটা একাডেমী বঁটা (অস্কাৰ), এটা বাফ্টা (BAFTA) বঁটা, এটা প্ৰাইমটাইম এমি বঁটা, দুটা গোল্ডেন গ্ল’ব আৰু দুটা এক্টৰ বঁটাকে ধৰি বহুতো সন্মান লাভ কৰিছে। ইয়াৰ উপৰিও তেওঁ এটা গ্ৰেমী বঁটাৰ বাবেও মনোনয়ন লাভ কৰিছিল।
বিখ্যাত অভিনেতা টনি কাৰ্টিছ আৰু জেনেট লেইৰ কনিষ্ঠ কন্যা জেমিয়ে ১৯৭৭ চনত ধাৰাবাহিক 'কুইঞ্চি, এম.ই.'ৰ এটা খণ্ডৰ জৰিয়তে পৰ্দাত আত্মপ্ৰকাশ কৰে। জন কাৰ্পেণ্টাৰৰ হৰৰ ছবি 'হেল’উইন'ত (১৯৭৮) লৰী ষ্ট্ৰোডৰ চৰিত্ৰৰ জৰিয়তে তেওঁ চলচ্চিত্ৰ জগতত খোজ পেলায়; এই চৰিত্ৰটোৱে তেওঁক বিশেষ সফলতা প্ৰদান কৰাৰ লগতে এগৰাকী আগশাৰীৰ "স্ক্ৰীম কুইন" হিচাপে প্ৰতিষ্ঠা কৰে। ইয়াৰ পিছত তেওঁ 'দ্য ফগ', 'প্ৰম নাইট' আৰু 'টেৰৰ ট্ৰেইন' (সকলোবোৰ ১৯৮০ চনত মুক্তিপ্ৰাপ্ত) আদি হৰৰ ছবিত অভিনয় কৰে। তেওঁ 'হেল’উইন' ফ্ৰেঞ্চাইজিৰ ছয়টা ছিকুৱেলতো অভিনয় কৰিছে, যাৰ সামৰণি পৰে 'হেল’উইন এণ্ডছ'ৰ (২০২২) জৰিয়তে। ১৯৮৫ চনৰ ছবি 'পাৰফেক্ট'ত এগৰাকী ফিটনেছ ইনষ্ট্ৰাক্টৰৰ চৰিত্ৰত অভিনয় কৰি তেওঁ চৰ্চালৈ আহে আৰু 'এনিথিং বাট লাভ' (১৯৮৯-১৯৯২) নামৰ চিটকমখনৰ বাবে নিজৰ প্ৰথমটো গোল্ডেন গ্ল’ব বঁটা লাভ কৰে।
হৰৰ ধাৰাৰ বাহিৰে কাৰ্টিছৰ আটাইতকৈ সফল ছবিসমূহ হৈছে কমেডী ছবি 'ট্ৰেডিং প্লেচেছ' (১৯৮৩), 'ট্ৰু লাইজ' (১৯৯৪) আৰু 'এভ্ৰিথিং এভ্ৰিৱেৰ অল এট ৱান্স' (২০২২); এই ছবিকেইখনে তেওঁক ক্ৰমান্বয়ে বাফ্টা, গোল্ডেন গ্ল’ব আৰু একাডেমী বঁটা প্ৰদান কৰে। তেওঁৰ অন্য উল্লেখযোগ্য ছবিসমূহ হ'ল 'এ ফিশ্ব কল্ড ৱাণ্ডা' (১৯৮৮), 'ব্লু ষ্টীল' (১৯৯০), 'মাই গাৰ্ল' (১৯৯১), 'ফ্ৰীকি ফ্ৰাইডে (২০০৩), 'নাইভছ আউট' (২০১৯) আৰু 'দ্য লাষ্ট শ্ব’গাৰ্ল' (২০২৪)। কাৰ্টিছে 'নিকোলাছ গিফ্ট' (১৯৯৮) নামৰ টেলিভিছন ছবিখনৰ বাবে প্ৰথমটো এমি মনোনয়ন লাভ কৰিছিল আৰু পিছলৈ 'দ্য বিয়েৰ' (২০২২–বৰ্তমান) ধাৰাবাহিকখনৰ বাবে শ্ৰেষ্ঠ অতিথি অভিনেত্ৰীৰ প্ৰাইমটাইম এমি বঁটা লাভ কৰে।
কাৰ্টিছে কেইবাখনো শিশু উপযোগী কিতাপ লিখিছে যিবোৰে 'দ্য নিউয়ৰ্ক টাইমছ'ৰ বেষ্ট-চেলাৰ তালিকাত স্থান লাভ কৰিছে।[4]
প্ৰাৰম্ভিক জীৱন
[সম্পাদনা কৰক]
কাৰ্টিছৰ জন্ম কেলিফৰ্ণিয়াৰ ছাণ্টা মনিকাত হৈছিল। তেওঁ অভিনেতা টনি কাৰ্টিছ আৰু অভিনেত্ৰী জেনেট লেইৰ সন্তান। তেওঁৰ পিতৃ আছিল ইহুদী ধৰ্মাৱলম্বী আৰু হাংগেৰীৰ পৰা অহা প্ৰব্ৰজনকাৰীৰ সন্তান।[5] তেওঁৰ মাতৃ ডেনিছ, জাৰ্মান আৰু স্কট-আইৰিছ মূলৰ আছিল। জেমীৰ এগৰাকী জ্যেষ্ঠ ভগ্নী আছে (অভিনেত্ৰী কেলী কাৰ্টিছ) আৰু পিতৃৰ পৰৱৰ্তী বিবাহসূত্ৰে অভিনেত্ৰী এলেগ্ৰা কাৰ্টিছকে ধৰি চাৰিজন সতীয়া ভাই-ভনী আছে।[6]
১৯৬২ চনত কাৰ্টিছৰ পিতৃ-মাতৃৰ বিবাহ বিচ্ছেদ হয়। তেওঁ উল্লেখ কৰিছে যে বিবাহ বিচ্ছেদৰ পিছত তেওঁৰ পিতৃ তেওঁলোকৰ কাষত নাছিল আৰু এজন পিতৃ হিচাপে দায়িত্ব পালন কৰিবলৈ তেওঁ বিশেষ আগ্ৰহী নাছিল।[7] পিতৃৰ মৃত্যুৰ পিছত তেওঁ জানিব পাৰে যে তেওঁ আৰু তেওঁৰ ভাই-ভনীসকলক পিতৃৰ উইল বা ইচ্ছাপত্ৰৰ পৰা বঞ্চিত কৰা হৈছিল।[8] পৰৱৰ্তী সময়ত তেওঁৰ মাতৃয়ে ৰবাৰ্ট ব্ৰেণ্ড নামৰ এজন ষ্টক ব্ৰোকাৰৰ সৈতে বিবাহপাশত আৱদ্ধ হয়, যিয়ে জেমীক ডাঙৰ-দীঘল কৰাত সহায় কৰিছিল।[9] কাৰ্টিছে লছ এঞ্জেলছৰ হাৰ্ভাৰ্ড-ৱেষ্টলেক স্কুল আৰু বেভাৰ্লি হিলছ হাইস্কুলত অধ্যয়ন কৰিছিল আৰু ১৯৭৬ চনত কানেকটিকাটৰ চ’ৱেট ৰোজমেৰী হলৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰিছিল। ১৯৭৬ চনত কেলিফৰ্ণিয়ালৈ উভতি আহি তেওঁ কেলিফৰ্ণিয়াৰ ষ্টকটনত অৱস্থিত ইউনিভাৰ্ছিটি অফ দ্য পেচিফিকত আইন অধ্যয়ন কৰিবলৈ লৈছিল, কিন্তু অভিনয় জীৱন আৰম্ভ কৰাৰ বাবে এবছৰৰ পিছতেই তেওঁ পঢ়া এৰি দিয়ে।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Hogan, Kate (November 22, 2023). "Jamie Lee Curtis's Life in Photos". Peoplepeople.com. https://people.com/jamie-lee-curtis-life-in-photos-8404874। আহৰণ কৰা হৈছে: 1 February 2026.
- ↑ Braxton, Greg (September 25, 2015). "'Scream Queen' Jamie Lee Curtis cuts a swatch in new series". Valley Morning Star (Harlingen, Texas): পৃষ্ঠা 40. https://www.newspapers.com/clip/108538418/curtis-scream-queen/.
- ↑ "Jamie Lee Curtis – Career Summary". Nash Information ServicesThe Numbers. Archived from the original on April 8, 2023. https://web.archive.org/web/20230408170752/https://www.the-numbers.com/person/34520401-Jamie-Lee-Curtis#tab=summary। আহৰণ কৰা হৈছে: April 6, 2023.
- ↑ Gardner, Gardner (July 19, 2023). "Jamie Lee Curtis Eyes Themes of Patience, Waiting for New Children's Book 'Just One More Sleep'". The Hollywood Reporter. https://www.hollywoodreporter.com/news/general-news/jamie-lee-curtis-new-childrens-book-just-one-more-sleep-1235540024/। আহৰণ কৰা হৈছে: July 21, 2025.
- ↑ "Jamie Lee Curtis Interview: Starring as Herself: Embracing Reality". Reader's Digest. Archived from the original on October 13, 2007. https://web.archive.org/web/20071013071807/http://rd.com/content/jamie-lee-curtis-interview/1/। আহৰণ কৰা হৈছে: October 17, 2009.
- ↑ "Family for Tony Curtis". Turner Classic Movies. https://www.tcm.com/tcmdb/person/848347%7C148433/tony-curtis#family-companions। আহৰণ কৰা হৈছে: August 29, 2015.
- ↑ Casablanca, Ted (October 22, 2010). "Source: Jamie Lee Curtis Written Out of Father's Will". E!. https://www.eonline.com/news/207198/source-jamie-lee-curtis-written-out-of-father-s-will.
- ↑ "Tony Curtis's Daughter Speaks Out About Disinheritance". Inside Edition. September 12, 2011. https://www.insideedition.com/headlines/3025-tony-curtiss-daughter-speaks-out-about-disinheritance। আহৰণ কৰা হৈছে: October 8, 2018.
- ↑ Grant, Meg (July 28, 2021). "Jamie Lee Curtis Is Making Up for Lost Time". AARP. AARP. https://www.aarp.org/entertainment/celebrities/info-2021/jamie-lee-curtis.html। আহৰণ কৰা হৈছে: October 3, 2021.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]| জেমি লী কাৰ্টিছ প্ৰবন্ধৰ বিষয়ে ৱিকিপিডিয়াৰ ভগ্নী প্ৰকল্পসমূহত অধিক তথ্য চাব পাৰে: | |
| চিত্ৰ আৰু মিডিয়া কমন্সত | |
| উক্তিৰ সংগ্ৰহ ৱিকিউক্তিত | |
- জেমি লী কাৰ্টিছ আৰু ল'ৰা কৰ্ণেলৰ কিতাপৰ বাবে চৰকাৰী ৱেবছাইট
- জেমি লী কাৰ্টিছ সম্পৰ্কে ইণ্টাৰনেট মুভি ডাটাবেছত থকা তথ্য।

- জেমি লী কাৰ্টিছ at the TCM Movie Database
- ৰ'টেন টমাট'জ ৱেবছাইটত জেমি লী কাৰ্টিছ।