সমললৈ যাওক

জেমী লিভাৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেমী লিভাৰ

২০১৭ চনত জেমী লিভাৰ
জন্ম ১৯ অক্টোবৰ, ১৯৮৭ (৩৮ বছৰ)
মুম্বাই, মহাৰাষ্ট্ৰ, ভাৰত
শিক্ষা ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়
পেচা
  • অভিনেত্ৰী
  • ব্যঙ্গ শিল্পী
সক্ৰিয় হৈ থকা সময় ২০১০–বৰ্তমান
জনা যায়
  • কিছ কিছকৌ প্যাৰ কৰোঁ
  • কমেডী চাৰ্কাছ কে মহাবলি


জেমী লিভাৰ (ইংৰাজী: Jamie Lever; জন্ম: ১৯ অক্টোবৰ ১৯৮৭) এগৰাকী ভাৰতীয় অভিনেত্ৰী আৰু ব্যঙ্গ শিল্পী৷ তেওঁ হিন্দী চলচ্চিত্ৰ আৰু দূৰদৰ্শনত কাম কৰে। জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰৰ কন্যা।

প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা

[সম্পাদনা কৰক]

জেমী লিভাৰ জনপ্ৰিয় ব্যঙ্গ শিল্পী তথা অভিনেতা জনী লিভাৰ (জন প্ৰকাশ ৰাও জানুমালা) আৰু সুজাতা জানুমালাৰ কন্যা। তেওঁৰ সৰু ভাতৃ জেছি। জেমী লিভাৰে লণ্ডনৰ ৱেষ্টমিনিষ্টাৰ বিশ্ববিদ্যালয়ৰ পৰা বিপণন যোগাযোগ বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1]

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১২ চনৰ আগষ্ট মাহত লিভাৰে লণ্ডনস্থিত বজাৰ গৱেষণা সংস্থা ভিজিয়নগেইনৰ বিপণন কাৰ্যবাহী হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে।[2] ২০১২ চনৰ পৰা মুম্বাইৰ দ্য কমেডী ষ্ট’ৰত ষ্টেণ্ড আপ কমেডিয়ান হিচাপে অভিনয় কৰি আহিছে। ২০১৩ চনত চ’নী এণ্টাৰটেইনমেণ্ট টেলিভিছনত কমেডী চাৰ্কাছ কে মহাবলিত অনুষ্ঠান পৰিৱেশন কৰিছিল।লিভাৰে বিভিন্ন অনুষ্ঠানৰ আয়োজক হিচাপেও কাম কৰিছে।[3]

চলচ্চিত্ৰ

[সম্পাদনা কৰক]
বৰ্ষ শিৰোনাম চৰিত্ৰ ভাষা টোকা
২০১৫ কিছ কিছকৌ প্যাৰ কৰোঁ চম্পা হিন্দী প্ৰথম ছবি
২০১৯ হাউছফুল ৪ গিগ্লী হিন্দী
২০২১ ভূত পুলিছ লতা হিন্দী ডিজনী প্লাছ হটষ্টাৰ ছবি
২০২৩ য়াত্ৰিছ হিন্দী
২০২৪ ক্ৰেক জুনেইডা হিন্দী
আ অক্কাটি আড়াক্কো দেৱী তেলুগু তেলুগু ভাষাৰ প্ৰথম ছবি

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]