জেম্মা নুনু কুম্বা
জেমা নুনু কুম্বা (ইংৰাজী: Jemma Nunu Kumba; জন্ম: ১৯৬৬) এগৰাকী দক্ষিণ চুদানৰ ৰাজনীতিবিদ। বৰ্তমান দক্ষিণ চুদানৰ লিংগ, শিশু আৰু সমাজ কল্যাণ মন্ত্ৰী। ২০০৪ চনত ব্যাপক শান্তি চুক্তিৰ আৰম্ভণিতে তেওঁ চুদান মহিলা সংসদীয় ককাছ প্ৰতিষ্ঠা কৰিছিল। এছ পি এল এম-এ তেওঁক পুনৰুজ্জীৱিত পৰিৱৰ্তনশীল ৰাষ্ট্ৰীয় বিধানসভাৰ (আৰ-টি এন এল এ) অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰে।[1][2] তেওঁ দক্ষিণ চুদানৰ সংসদৰ সভাপতিত্ব কৰা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হয়।[3]
আৰম্ভণি জীৱন
[সম্পাদনা কৰক]জেম্মা নুনু কুম্বাৰ জন্ম পশ্চিম ইকুৱেটোৰিয়াৰ টম্বুৰা কাউণ্টিত হৈছিল। শৈশৱ কালত, তেওঁ টম্বুৰা কাউণ্টিৰ পৰা মধ্য আফ্ৰিকাৰ এটা উদ্বাস্তুশিবিৰলৈ স্থানান্তৰিত হৈছিল। পাছত, তেওঁ ১৯৮৩ৰ পৰা ১৯৮৬লৈ জুবাত জুবা ডে নামৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিল।[4] ১৯৯১ চনত, জেম্মাই খাৰ্তুম এৰি কিডেপো উপত্যকাত গৈ তেওঁৰ স্বামীৰ সৈতে যোগদান কৰে, যি সেই সময়ত SPLM/A দ্বাৰা মুক্ত কৰা অঞ্চলসমূহৰ অন্যতম আছিল।
ব্যক্তিগত জীৱন
[সম্পাদনা কৰক]তেওঁৰ স্বামী ফেষ্টো কুম্বা, যি পূৰ্বৰ পশু সম্পদ আৰু মাছচাষ মন্ত্ৰী আছিল আৰু তেওঁ জান্দে জনগোষ্ঠীৰ অন্তৰ্গত।[4] দম্পতীটোৰ চাৰি সন্তান আছে।[4][5]
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ "South Sudan appoints female as speaker of parliament" (en ভাষাত). Al Arabiya English. 24 July 2021. https://english.alarabiya.net/News/middle-east/2021/07/24/South-Sudan-appoints-female-as-speaker-of-parliament.
- ↑ "Nunu Kumba selected TNLA Speaker" (en-US ভাষাত). Eye Radio. 2021-07-23. https://www.eyeradio.org/nunu-kumba-selected-tnla-speaker/। আহৰণ কৰা হৈছে: 2022-10-11.
- ↑ "Jemma Nunu Kumba: S.Sudan's first female parliament speaker" (en ভাষাত). Jordan Times. 2021-07-24. https://jordantimes.com/news/region/jemma-nunu-kumba-ssudans-first-female-parliament-speaker। আহৰণ কৰা হৈছে: 2022-10-10.
- ↑ 4.0 4.1 4.2 "Who's who of the SPLM-Juba faction: Jemma Nunu Kumba | Radio Tamazuj". Archived from the original on 2016-10-23. https://web.archive.org/web/20161023072016/https://radiotamazuj.org/en/article/who%E2%80%99s-who-splm-juba-faction-jemma-nunu-kumba.
- ↑ The Insider, The Insider (9 August 2021). "Who is Rt Hon. Jemma Nunu Kumba?". The Insidertheinsider-ss.com. Archived from the original on 22 November 2023. https://web.archive.org/web/20231122153341/https://www.theinsider-ss.com/who-is-rt-hon-jemma-nunu-kumba/। আহৰণ কৰা হৈছে: 3 October 2023.