সমললৈ যাওক

জেহৰা ফিজী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জেহৰা ফিজী
জন্ম ১৮৬৬[1]
মৃত্যু ২৩ ডেম্বৰ ১৯৪০[1]
পেচা লেখক, সাংবাদিক
আত্মীয়-স্বজন ত্যাবজী পৰিয়াল

জেহৰা ফিজি জন্ম: ১৮৬৬ চন–মৃত্যু: ১৯৪০ চন; বিংশ শতিকাৰ আৰম্ভণিতে ভাৰতত কাম কৰা উৰ্দু ভাষাৰ এগৰাকী লেখিকা, নাট্যকাৰ আৰু সম্পাদক।[2] সেই সময়ৰ উৰ্দু মহিলা আলোচনীসমূহৰ বাবে তেওঁ এগৰাকী আগশাৰীৰ অৱদানকাৰী আছিল।[3]

পিতৃ হাছানালি ফেইঝাইডাৰ আৰু মাতৃ আমিৰুনিছা ফিজীৰ তিনিগৰাকী সন্তানৰ ভিতৰত জেহৰা ফিজী আছিল জ্যেষ্ঠ কন্যা।[1][4] তেওঁৰ ভগ্নী আতিয়া ফিজী (১৮৭৭-১৯৬৭) আৰু নাজলী বেগম (১৮৭৪-১৯৬৮)ও লেখিকা আছিল। আটাইকেইজনী ভগ্নীয়েই মুম্বাইৰ মাজাগাঁৱত থকা বৰদেউতাক বদৰুদ্দিন ত্যবজীৰ প্ৰভাৱত থাকি ডাঙৰ-দীঘল হৈছিল।[1] তেওঁ নাৰী শিক্ষাৰ এগৰাকী সমৰ্থক আৰু ভ্ৰমনপ্ৰিয় আছিল। ইউৰোপ, চীন জাপান আমেৰিকা আদি দেশ তেওঁ ভ্ৰমন কৰিছিল।[2]

১৯০৫ চনত ফিজীয়ে মুহাম্মাদী শৈক্ষিক সন্মিলনৰ সৈতে জড়িত মহিলা সমাৱেশৰ সভাপতিত্ব কৰে। ১৯১৪ চনত তেওঁ সৰ্বভাৰতীয় মুছলিম মহিলা সন্মিলনৰ কাৰ্যকৰী সমিতিলৈ নিৰ্বাচিত হয়।[1]

লেখা আৰু সম্পাদনাৰ কেৰিয়াৰ

[সম্পাদনা কৰক]

ফিজীয়ে তেহজীব-ই-নিছান, খাটন আৰু ইছমাতকে ধৰি উৰ্দু মহিলা আলোচনীসমূহত নিয়মীয়া অৱদান আগবঢ়াইছিল।[5][3] ১৯২১ চনত জেহৰা ফিজীৰ প্ৰবন্ধসমূহ একত্ৰিত কৰি এখন কিতাপ প্ৰস্তুত কৰা হয়, যিখন কিতাপ মাজামিন (Significations) নামেৰে প্ৰকাশ কৰা হয়। তেওঁৰ নাটক মাল-ই-খাতুন (মহিলাৰ ধন) সেই বছৰতে প্ৰকাশ পাইছিল।[1] ফিজীয়ে ১৯৩৪ চনত তন্দৰুস্তি হাজাৰ নাইমাত (Health is Wealth) নামেৰে মহিলাৰ স্বাস্থ্যৰ ওপৰত এখন গ্ৰন্থ লিখিছিল।[3] তেহজীব-ই-নিছানত প্ৰকাশৰ বাবে মুহাম্মাদী বেগমলৈ প্ৰেৰণ কৰাৰ আগতে ফিজীয়ে ভগ্নী আতিয়া ফিজীৰ চিঠি আৰু ডায়েৰী সম্পাদনা কৰিছিল। নাজলীৰ ভ্ৰমণ-কাহিনী ছাইৰ-ই-ইউৰোপ (ইউৰোপ ভ্ৰমণ) আৰু মাকৰ কবিতা পুথি: যাদগাৰী-আমিৰা আৰু আমিন আদিও সম্পাদনা কৰিছিল।

১৯৪০ চনৰ ২৩ ডিচেম্বৰত জেহৰা ফিজিৰ মৃত্যু হয়।[1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 3 4 5 6 7 সাঁচ:Cite ODNB
  2. 1 2 Hasan, MD Mahmudul. "Atiya: The most iconoclastic of the Fyzee sisters". Literature at Portsmouth. https://www.researchgate.net/publication/342611806। আহৰণ কৰা হৈছে: 3 June 2023.
  3. 1 2 3 Lambert-Hurley, Siobhan; Sharma, Sunil (2010). Atiya's journeys: a Muslim woman from colonial Bombay to Edwardian Britain. প্ৰকাশক New Delhi: Oxford University Press. পৃষ্ঠা. 263. ISBN 9780198068334. https://books.google.com/books?id=nikqAQAAMAAJ। আহৰণ কৰা হৈছে: 3 June 2023.
  4. ↑ Lambert-Hurley, Siobhan; Majchrowicz, Daniel; Sharma, Sunil (2022). Three centuries of travel writing by Muslim women. প্ৰকাশক Bloomington, Indiana: Indiana University Press. ISBN 9780253062390. https://www.jstor.org/stable/j.ctv2nwq9jx। আহৰণ কৰা হৈছে: 3 June 2023.
  5. ↑ Lambert-Hurley, Siobhan (2007). Muslim Women, Reform and Princely Patronage. Routledge. পৃষ্ঠা. 115. ISBN 9781134143474. https://books.google.com/books?id=f64Y9aB-YxoC। আহৰণ কৰা হৈছে: 3 June 2023.