জেৰিনা বালোচ
জেৰিনা বালোচ | |
---|---|
জন্ম | Zarina Baloch ২৯ ডিচেম্বৰ, ১৯৩১ এলাহবাদ, বোম্বে ৰাজ্য, বিট্ৰিছ ভাৰত |
মৃত্যু | ২৫ অক্টোবৰ, ২০০৫ (৭৪ বছৰ)[1] কৰাচী, সিন্ধ, পাকিস্তান |
ৰাষ্ট্ৰীয়তা | পাকিস্তানী |
পেচা | লোক-সংগীতৰ গায়িকা[1] |
দাম্পত্যসঙ্গী | ৰছুল বাক্স পালেজো (১৯৬০)[1] |
সন্তান | আয়াজ লতিফ পালেজো (পুত্ৰ)[1] আখতাৰ বালোচ (কন্যা) (প্ৰথম পতিৰ তৰফৰ পৰা) |
জেৰিনা বালোচ (উৰ্দু: زرینہ بلوچ, ২৯ ডিচেম্বৰ ১৯৩১ – ২৫ অক্টোবৰ ২০০৫) পাকিস্তানৰ সিন্ধ প্ৰদেশৰ এগৰাকী সিন্ধী লোক-সংগীতৰ গায়িকা আৰু সুৰকাৰ। ইয়াৰ উপৰিও তেওঁ এগৰাকী অভিনেত্ৰী, ৰেডিঅ’ আৰু দূৰদৰ্শনৰ শিল্পী, লেখিকা, শিক্ষয়িত্ৰী, ৰাজনৈতিক কৰ্মী আৰু সমাজকৰ্মী আছিল। বিপ্লৱী গীত আৰু জেনেৰেল জিয়াৰ সামৰিক একনায়কত্ববাদৰ বিৰুদ্ধে প্ৰতিৰোধৰ বাবে তেওঁ পৰিচিত৷[2][1]
প্ৰাৰম্ভিক জীৱন আৰু পৰিয়াল
[সম্পাদনা কৰক]১৯৩১ চনৰ ২৯ ডিচেম্বৰত পাকিস্তানৰ সিন্ধৰ হায়দৰাবাদৰ আল্লাহদাদ চান্দ গাঁৱত জেৰিনাই জন্মগ্ৰহণ কৰে৷ ১৯৪০ চনত তেওঁৰ মাতৃ গুলৰোজ জালালানীৰ মৃত্যু হয়। সিন্ধী গায়ক মহম্মদ জুমনৰ ওচৰত তেওঁ শিক্ষা গ্ৰহণ কৰিছিল। ১৫ বছৰ বয়সত তেওঁৰ পৰিয়ালে দূৰৈৰ আত্মীয় তেওঁৰ বিবাহৰ ব্যৱস্থা কৰিলে। তেওঁৰ দুটা সন্তান আছিল: আখতেৰ বালোচ যাক জিনা বুলিও কোৱা হয় (জন্ম ১৯৫২), আৰু আছলাম পাৰভেজ (জন্ম ১৯৫৭)। কিন্তু বালোচ আৰু তেওঁৰ স্বামীৰ মাজত তেওঁৰ উচ্চ শিক্ষাৰ বিষয়ত মতানৈক্য হোৱাত ১৯৫৮ চনত দুয়োৰে মাজত বিচ্ছেদ ঘটে। ১৯৬০ চনত তেওঁ ৰেডিঅ' হায়দৰাবাদত যোগদান কৰে আৰু ১৯৬১ চনত প্ৰথম সংগীত বঁটা লাভ কৰে। তাৰ পিছত জেৰিনাই সিন্ধী ৰাজনীতিবিদ ৰছুল বাক্স পালিজোৰ সৈতে বিবাহপাশত আবদ্ধ হয়, ১৯৬৪ চনৰ ২২ ছেপ্টেম্বৰত হায়দৰাবাদত তেওঁলোকৰ বিবাহ হয় আৰু তেওঁলোকৰ এটি পুত্ৰ, আয়াজ লতিফ পালিজোৰ জন্ম হয়। ১৯৬৭ চনত তেওঁ মডেল স্কুল সিন্ধ বিশ্ববিদ্যালয়ত শিক্ষয়িত্ৰী হিচাপে যোগদান কৰে। ১৯৯৭ চনত অৱসৰ লোৱাৰ পিছত ২০০৫ চনত লিয়াকুৱাট নেচনেল হস্পিতালত মগজুৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ তেওঁৰ মৃত্যু হয়৷
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ 1.0 1.1 1.2 1.3 1.4 Palija, Khair (27 October 2005). "Jiji Zarina laid to rest". Dawn. http://www.dawn.com/news/163070/jiji-zarina-laid-to-rest.
- ↑ Hemani, Shumaila (2 November 2017). "Music: Pakistan" (en ভাষাত). Encyclopedia of Women & Islamic Cultures (Brill). doi:10.1163/1872-5309_ewic_com_002126. https://doi.org/10.1163/1872-5309_ewic_COM_002126. "On the other hand, the Sindhi folk singer Zarina Baloch (b. 1931), a student of Ustād Mohammed Jumman, became known for singing revolutionary songs written by Shaikh Ayaz and other Leftist poets to resist the military dictatorship of General Zia.".