সমললৈ যাওক

জে মাৰ্ছিকুট্টি আম্মা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জে. মাৰ্ছিকুট্টি আম্মা
মৎস্য, বন্দৰ অভিযান্ত্ৰিকী, কাজুবাদাম উদ্যোগ মন্ত্ৰী আৰু কেৰালা মৎস্য বিশ্ববিদ্যালয়ৰ প্ৰ’–চেঞ্চেলৰ
কাৰ্যকাল
২৫ মে' ২০১৬ (2016-05-25) – ৩ মে' ২০২১ (2021-05-03)
উত্তৰসূৰী সাজি চেৰিয়ান
কেৰালা বিধানসভাৰ সদস্য
কাৰ্যকাল
২০১৬ – ২০২১
পূৰ্বসূৰী এম. এ. বেবি
উত্তৰসূৰী পি. চি. বিষ্ণুনাথ
সমষ্টি কুণ্ডৰা
কাৰ্যকাল
১৯৯৬ – ২০০১
পূৰ্বসূৰী আলফোন্সা জন
উত্তৰসূৰী কাদাভূৰ শিৱদাসন
সমষ্টি কুণ্ডৰা
কাৰ্যকাল
১৯৮৭ – ১৯৯১
পূৰ্বসূৰী থোপ্পিল ৰবি
উত্তৰসূৰী আলফোন্সা জন
সমষ্টি কুণ্ডৰা
ব্যক্তিগত তথ্য
জন্ম ৩০ ছেপ্টেম্বৰ, ১৯৫৫ (৭০ বছৰ)
কোল্লাম, কেৰালা, ভাৰত
ৰাষ্ট্ৰীয়তা ভাৰতীয়
ৰাজনৈতিক দল ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)
দাম্পত্যসঙ্গী বি. তুলসীধৰ কুৰূপ
সন্তান
পিতৃ-মাতৃ
  • ফ্ৰান্সিছ
  • জৈনাম্মা

জে. মাৰ্ছিকুট্টি আম্মা (জন্ম: ৩০ ছেপ্টেম্বৰ ১৯৫৫) এগৰাকী ভাৰতীয় ৰাজনীতিবিদ। তেওঁ ২০১৬ চনৰপৰা ২০২১ চনলৈকে কেৰালা চৰকাৰৰ অধীনত মৎস্য, বন্দৰ অভিযান্ত্ৰিকী, কাজুবাদাম উদ্যোগ আৰু কেৰালা মৎস্য বিশ্ববিদ্যালয়ৰ মন্ত্ৰী আছিল।[1] তেওঁ নিজৰ ৰাজনৈতিক জীৱনত তিনিবাৰ কোল্লাম জিলাৰ কুণ্ডৰা বিধানসভা সমষ্টিক প্ৰতিনিধিত্ব কৰিছিল।

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

জে. মাৰ্ছিকুট্টি আম্মাৰ জন্ম ১৯৫৫ চনৰ ৩০ ছেপ্টেম্বৰত মুন্ৰোথুৰুথুত জৈনাম্মা আৰু ফ্ৰান্সিছৰ ঘৰত হৈছিল। তেওঁ বি. তুলসীধৰ কুৰূপৰ সৈতে বিবাহিত, যিজন ভাৰতীয় বাণিজ্য ইউনিয়ন কেন্দ্ৰ (চিটু)-ৰ কোল্লাম জিলাৰ সভাপতি।[1][2] তেওঁ কেৰালাপুৰম, কোল্লামত বসবাস কৰে।

মাৰ্ছিকুট্টি আম্মা মালায়ালম ভাষাত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে আৰু আইন স্নাতক (এল.এল.বি.) পাঠ্যক্ৰম সম্পূৰ্ণ কৰিছে।[1]

ৰাজনৈতিক জীৱন

[সম্পাদনা কৰক]

ছাত্ৰ ৰাজনীতিৰ জৰিয়তে বাঁওপন্থী আন্দোলনত দীৰ্ঘ যাত্ৰাৰ পিছত মাৰ্ছিকুট্টি আম্মাই বিধানসভাত আসন লাভ কৰে। ১৯৭৪ চনত তেওঁ ষ্টুডেণ্টছ ফেডাৰেচন অৱ ইণ্ডিয়া (এছ.এফ.আই.)ৰ এগৰাকী কাৰ্যকৰ্তা হিচাপে ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁ ফাটিমা মাথা নেচনেল কলেজ আৰু শ্ৰী নাৰায়ণ কলেজ, কোল্লামত এছ.এফ.আই.-ৰ কাৰ্যালয়ধাৰী আছিল। ১৯৮৫ চনলৈকে তেওঁ এছ.এফ.আই.-ৰ ৰাজ্যিক উপ-সভাপতি আৰু সৰ্বভাৰতীয় উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[3]

তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী) আৰু ভাৰতীয় বাণিজ্য ইউনিয়ন কেন্দ্ৰ (চিটু)-ত বিভিন্ন পদ অলংকৃত কৰিছে। ২০১২ চনলৈকে তেওঁ কোল্লাম জিলাৰ মৎস্যশ্ৰমিক সংঘৰ সভাপতি আছিল আৰু ১৯৮৭ চনৰপৰা ২০০৫ চনলৈ ৰাজ্যিক উপ-সভাপতি আছিল।[3] তেওঁ কোল্লাম জিলাৰ কইৰ শ্ৰমিক সংঘৰ ভঁৰালীয়া (ট্ৰেজাৰাৰ) আছিল আৰু খাদি শ্ৰমিক ফেডাৰেচনৰ সভাপতি হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। লগতে তেওঁ কেৰালা ৰাজ্যিক মৎস্য উন্নয়ন সহকাৰী ফেডাৰেচন (মৎস্যাফেড)-ৰ অধ্যক্ষা আছিল।

বৰ্তমান তেওঁ ভাৰতীয় কমিউনিষ্ট পাৰ্টি (মাৰ্ক্সবাদী)-ৰ ৰাজ্যিক সমিতিৰ সদস্য, চিটু-ৰ সৰ্বভাৰতীয় উপ-সভাপতি আৰু ৰাজ্যিক সম্পাদক, লগতে কেৰালা কাজুবাদাম শ্ৰমিক কেন্দ্ৰৰ উপ-সভাপতি।

১৯৮৭ চনত (২৬ মাৰ্চ ১৯৮৭ – ১৭ জুন ১৯৯১) তেওঁ প্ৰথমবাৰৰ বাবে কেৰালা বিধানসভালৈ নিৰ্বাচিত হয়। ১৯৯৬ চনত (২০ মে’ ১৯৯৬ – ১৩ মে’ ২০০১) দ্বিতীয়বাৰ আৰু ২০১৬ চনত তৃতীয়বাৰৰ বাবে তেওঁ বিধানসভালৈ নিৰ্বাচিত হয় আৰু মৎস্য, বন্দৰ অভিযান্ত্ৰিকী আৰু কাজুবাদাম উদ্যোগৰ মন্ত্ৰী হয়।[4]

২০২১ চনৰ কেৰালা বিধানসভা নিৰ্বাচনত তেওঁ কুণ্ডৰা সমষ্টিৰপৰা প্ৰতিদ্বন্দ্বিতা কৰি ভাৰতীয় জাতীয় কংগ্ৰেছপি. চি. বিষ্ণুনাথৰ হাতত ৪,৪৫৪ ভোটৰ ব্যৱধানত পৰাজিত হয়।[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]