সমললৈ যাওক

জোচেফিন কুলিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোচেফিন কুলিয়া

২০১৫ চনত কুলিয়া
জনা যায় নাৰী আৰু শিশু অধিকাৰ কৰ্মী


জোচেফিন কুলিয়া (ইংৰাজী: Josephine Kulea) কেনিয়াৰ এগৰাকী মহিলা অধিকাৰ অভিযানকাৰী। তেওঁক শিশু অৱস্থাত যৌনাংগ বিকৃতিকৰণ আৰু বলপূৰ্বক বিবাহৰ পৰা উদ্ধাৰ কৰা হৈছিল৷ তেতিয়া তেওঁ ছানবুৰু গাৰ্লছ ফাউণ্ডেশ্যন গঠন কৰিছিল৷ যি ১০০০ৰো অধিক ছোৱালীক একেধৰণৰ প্ৰথাৰ পৰা ৰক্ষা কৰিছে। ২০১১ চনত কেনিয়াত থকা আমেৰিকাৰ ৰাষ্ট্ৰদূত মাইকেল ৰেনেবাৰ্গাৰে কুলেয়াক "অগোৱা নায়িকা" হিচাপে স্বীকৃতি দিছিল।[1]

জোচেফিন কুলেয়া কেনিয়াৰ ছাম্বুৰু জনগোষ্ঠীৰ মাজত ডাঙৰ-দীঘল হৈছিল।[2] এই অঞ্চলত "beading"ৰ পৰম্পৰা আছে, য'ত পুৰুষ আত্মীয়ই সৰু ছোৱালীক বিডিং নেকেলেচ দিয়ে আৰু তেওঁলোকৰ যৌনাংগ বিকৃতি (FGM) কৰিবলৈ বাধ্য কৰে৷ তাৰ পিছত তেওঁলোকৰ সৈতে যৌন সম্পৰ্ক স্থাপন কৰিবলৈ সক্ষম হয়। এই ব্যৱস্থাৰ পৰা জন্ম হোৱা যিকোনো শিশুক জন্মৰ পিছত হত্যা কৰা হয়।[2] এই প্ৰথা আৰু বাল্যবিবাহৰ পৰা কুলেয়াক স্থানীয় এজন পুৰোহিতে ৰক্ষা কৰা হয় আৰু পিতৃ-মাতৃৰ আশীৰ্বাদত মেৰুৰ বৰ্ডিং স্কুললৈ পঠিওৱা হয়।[1] দুবছৰৰ পিছত দেউতাকৰ মৃত্যুৰ পিছত খুড়ায়েকহঁতে তেওঁক জোৰকৈ বিয়া কৰাবলৈ ইচ্ছা কৰিছিল যদিও মাকে নাকচ কৰি তেওঁক স্কুলত থকাটো নিশ্চিত কৰিছিল। কুলেয়াই বৰ্ডিং ছেকেণ্ডাৰী স্কুল আৰু নেৰীৰ মাথাৰী কনছ'লাটা নাৰ্চিং স্কুলত পঢ়িবলৈ লয়।[1]

নাৰ্ছ হিচাপে স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত কুলিয়াই এজন ব্যৱসায়ীৰ সৈতে এৰেঞ্জেদ বিবাহত বহিবলৈ অস্বীকাৰ কৰে।[1] তেওঁৰ নাৰ্চিং প্ৰশিক্ষণে তেওঁক শিকাইছিল যে যৌনাংগ বিকৃতি সাধাৰণ প্ৰথা নহয়, আৰু ছাম্বুৰুত ইয়াৰ ব্যৱহাৰ অন্য সম্প্ৰদায়ৰ পৰিস্থিতিৰ সৈতে মিল নাই।[2] ২০০৮ চনত কুলেয়াই ছাম্বুৰু, লাইকিপিয়া আৰু ইছিঅ'লোৰ পৰা আন ছোৱালীক উদ্ধাৰ কৰাত সহায় কৰিবলৈ ধন লাভ কৰে।[1]তেওঁ প্ৰথম উদ্ধাৰ কৰা কামবোৰৰ ভিতৰত এটা আছিল তেওঁৰ দুজন ভাগিনীয়েক, যাৰ এজনৰ বিয়া হৈছিল ১০ বছৰ বয়সত আৰু তাৰ পিছত তেওঁৰ ভনীয়েকক যিগৰাকীক ৭ বছৰ বয়সত তেওঁৰ ঠাইত নিযুক্তি দিয়া হৈছিল। এই প্ৰথাৰ আঁৰত থকা খুড়ায়েকসকলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় (২০১১ চনত কেনিয়াত এফ জি এম আৰু বাল্যবিবাহ অবৈধ কৰা হৈছিল)।[2]

২০১২ চনত কুলেয়াই ছাম্বুৰু গাৰ্লছ ফাউণ্ডেশ্যন প্ৰতিষ্ঠা কৰিছিল আৰু সেই বছৰৰ ছেপ্টেম্বৰ মাহলৈকে সংস্থাই ৫৬ গৰাকী ছোৱালীক উদ্ধাৰ কৰি তেওঁলোকৰ মাধ্যমিক শিক্ষাৰ ব্যৱস্থা কৰাত সহায় কৰিছিল। ইয়াৰ উপৰিও ছোৱালীবোৰৰ তেৰটা কেঁচুৱাক শিশুৰ ঘৰত ৰখা হৈছিল।[1][3] কুলেয়াই আৰক্ষী আৰু ছাম্বুৰু পশ্চিমৰ সাংসদ চিমিয়ন লেছৰিমাৰ পত্নীৰ সৈতে কাম কৰে।[2][1] তেওঁ তথ্যদাতাৰ এটা নেটৱৰ্কৰ ওপৰত নিৰ্ভৰ কৰি তেওঁলোকক জনায় যে কেতিয়া অবৈধ কাৰ্য সংঘটিত হৈছে।[3] ইয়াৰ উপৰিও তেওঁ অবৈধ কাৰ্য্যৰ বিষয়ে সজাগতা সৃষ্টি আৰু তেওঁৰ ফাউণ্ডেশ্যনৰ বিষয়ে মানুহক অৱগত কৰিবলৈ ৰেডিঅ' অনুষ্ঠান আয়োজন কৰে।[2] ২০১৬ চনৰ শেষলৈকে তেওঁ ১০০০ৰো অধিক ছোৱালীক এফজিএম আৰু বলপূৰ্বক বিবাহৰ পৰা ৰক্ষা কৰা বুলি কোৱা হয়।[3]

কিছুমান ৰাজনীতিবিদ আৰু গীৰ্জাই কুলেয়া আৰু ফাউণ্ডেশ্যনৰ বিৰোধিতা কৰে৷ যিসকলে ভোট বা সদস্য হেৰুৱাৰ ভয় কৰে আৰু সম্প্ৰদায়ৰ প্ৰাচীনসকলৰ পৰা ভাবুকি আৰু অভিশাপৰ সন্মুখীন হৈছে।[3][1]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Waweru, Kiundu (22 September 2012). "When necklaces are a death sentence" (en ভাষাত). The Standard (Kenya). https://www.standardmedia.co.ke/article/2000066676/when-necklaces-are-a-death-sentence। আহৰণ কৰা হৈছে: 4 November 2017. 
  2. 2.0 2.1 2.2 2.3 2.4 2.5 Kavanagh, Antonia Mortensen and Pete (12 October 2015). "Girl, 9, forced to marry man 69 years her senior - CNN". CNN. http://edition.cnn.com/2015/10/11/africa/kenya-girls-fgm-child-marriage/। আহৰণ কৰা হৈছে: 4 November 2017. 
  3. 3.0 3.1 3.2 3.3 Meyerfield, Bruno (15 December 2016). "Josephine Kulea, la Kényane qui " donne de l'espoir " à Barack Obama" (fr ভাষাত). Le Monde. http://www.lemonde.fr/afrique/article/2016/12/15/josephine-kulea-la-kenyane-qui-donne-de-l-espoir-a-barack-obama_5049548_3212.html। আহৰণ কৰা হৈছে: 4 November 2017.