সমললৈ যাওক

জোচেফ মৰ্গেন (অভিনেতা)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোচেফ মৰ্গেন

২০২২ চনত মৰ্গেন
জন্ম জোচেফ মাৰ্টিন
১৬ মে', ১৯৮১ (৪৫ বছৰ)
লণ্ডন, ইংলেণ্ড
শিক্ষানুষ্ঠান ৰয়েল চেণ্ট্ৰেল স্কুল অৱ স্পীচ এণ্ড ড্ৰামা
পেচা অভিনেতা
সক্ৰিয় হৈ থকা সময় ২০০২–বৰ্তমান
দাম্পত্যসঙ্গী পাৰ্চিয়া হোৱাইট (বি. ২০১৪)

জোচেফ মাৰ্টিন মৰ্গেন (ইংৰাজী: Joseph Martin Morgan, জন্ম: ১৬ মে', ১৯৮১) এগৰাকী ইংৰাজ অভিনেতা।[1] তেওঁ এটা পিপলছ চয়েছ বঁটা, এটা টিভি গাইড বঁটা লাভ কৰাৰ উপৰি আঠবাৰকৈ টিন চয়েছ বঁটাৰ বাবে মনোনীত হৈছে। গৱৰ কলেজ স্বীকাৰপ্ৰাপ্ত প্ৰতিষ্ঠানত অধ্যয়ন কৰাৰ পাছত তেওঁ স্কাই ৱান চেনেলৰ ধাৰাবাহিক হেক্স-ৰ প্ৰথম ছিজনত ট্ৰয়ৰ চৰিত্ৰত অভিনয় কৰে। ইয়াৰ পিছত তেওঁ মাষ্টাৰ এণ্ড কমাণ্ডাৰ: দ্য ফাৰ চাইড অৱ দ্য ৱৰ্ল্ড (২০০৩) আৰু অলেকজেণ্ডাৰ (২০০৪) চলচ্চিত্ৰত আৰু বিবিচি টু চেনেলৰ টেলিভিছন ধাৰাবাহিক দ্য লাইন অৱ বিউটি (২০০৬)ত সহ-অভিনয় কৰে।

দ্য চিডব্লিউ চেনেলৰ অলৌকিক কাহিনীভিত্তিক টেলিভিছন ধাৰাবাহিক দ্য ভেম্পায়াৰ ডায়েৰীজ (২০১১)ত ক্লাউছ মিকায়েলছনৰ চৰিত্ৰত কৰা অভিনয়ৰ বাবে মৰ্গেনে বিশেষভাৱে চৰ্চালৈ আহে। পৰৱৰ্তী সময়ত তেওঁ ইয়াৰ স্পিন-অফ ধাৰাবাহিক দ্য অৰিজিনেলছ (২০১৩–২০১৮)ত মুখ্য চৰিত্ৰত একেটা ভূমিকাৰে অভিনয় কৰে। তেওঁ পিকক চেনেলৰ ধাৰাবাহিক ব্ৰেভ নিউ ৱৰ্ল্ডত চিজেক৬০/ইলিয়ট আৰু এইচবিও মেক্সৰ ধাৰাবাহিক টাইটানছত ব্ৰাদাৰ ব্লাডৰ চৰিত্ৰ ৰূপায়ণ কৰে। মৰ্গেনে ২০২৪ চনত পেৰামেউণ্ট প্লাছৰ ধাৰাবাহিক হেলোত জেমছ একৰছনৰ চৰিত্ৰত অভিনয় কৰিছিল।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

মৰ্গেনৰ জন্ম লণ্ডনত হৈছিল, কিন্তু তেওঁ ১১ বছৰ ধৰি সোৱানসীত বসবাস কৰিছিল।[2] তেওঁ নিজৰ পৰিয়ালৰ আটাইতকৈ ডাঙৰ সন্তান। তেওঁ মৰিষ্টন কম্প্ৰিহেন্সিভ স্কুলৰ ছাত্ৰ আছিল আৰু তাৰ পিছত গৰ্চিনন কলেজত (বৰ্তমান গৱৰ কলেজ সোৱানসী) বিটিইচি পাৰফৰ্মিং আৰ্টছ পাঠ্যক্ৰম অধ্যয়ন কৰিছিল। ইয়াৰ পিছত তেওঁ চেণ্ট্ৰেল স্কুল অৱ স্পীচ এণ্ড ড্ৰামাত অধ্যয়ন কৰিবলৈ পুনৰ লণ্ডনলৈ ঘূৰি আহে।[উদ্ধৃতিৰ প্ৰয়োজন]

কৰ্মজীৱন

[সম্পাদনা কৰক]
২০১২ চনত মৰ্গেন

মৰ্গেনৰ জীৱনৰ প্ৰথমটো অভিনয় অডিচন আছিল হেৰী পটাৰ এণ্ড দ্য চেম্বাৰ অৱ ছিক্ৰেটছ চলচ্চিত্ৰৰ বাবে, য'ত তেওঁ টম ৰিডলৰ চৰিত্ৰৰ বাবে অডিচন দিছিল।[3] মৰ্গেনে স্কাই ৱান টেলিভিছন ধাৰাবাহিক হেক্স-ৰ প্ৰথম ছিজনত ট্ৰয়ৰ চৰিত্ৰত অভিনয় কৰে আৰু ইয়াৰ পিছত মাষ্টাৰ এণ্ড কমাণ্ডাৰ: দ্য ফাৰ চাইড অৱ দ্য ৱৰ্ল্ড (২০০৩) আৰু অলেকজেণ্ডাৰ (২০০৪) চলচ্চিত্ৰত আৰু বিবিচি টু চেনেলৰ টেলিভিছন ধাৰাবাহিক দ্য লাইন অৱ বিউটিত সহ-অভিনয় কৰে।[4] ইয়াৰ উপৰি তেওঁ ডক মাৰ্টিন আৰু কেজুৱেল্টী ধাৰাবাহিকত অভিনয় কৰাৰ লগতে বিলি পাইপাৰৰ সৈতে মেনচফীল্ড পাৰ্ক (২০০৭) ছবিত সহ-অভিনয় কৰিছিল। ২০১০ চনত তেওঁ বেন হুৰ নামৰ এক মিনি-ধাৰাবাহিকত নাম ভূমিকা লাভ কৰে, যি প্ৰথমবাৰৰ বাবে ২০১০ চনৰ ৪ এপ্ৰিলত কানাডাৰ চিবিচি টেলিভিছন আৰু আমেৰিকাৰ এবিছি টিভিত সম্প্ৰচাৰিত হৈছিল।[5][6]

মৰ্গেনে একে নামৰ উপন্যাস শৃংখলাৰ ওপৰত আধাৰিত দ্য চিডব্লিউ চেনেলৰ অলৌকিক কাহিনীভিত্তিক ড্ৰামা ধাৰাবাহিক দ্য ভেম্পায়াৰ ডায়েৰীজ আৰু ইয়াৰ স্পিন-অফ ধাৰাবাহিক দ্য অৰিজিনেলছত ক্লাউছ মিকায়েলছনৰ চৰিত্ৰত অভিনয় কৰে।[7][8][9] তেওঁৰ অভিনয়ৰ বাবে তেওঁ কেইবাটাও টিন চয়েছ বঁটাৰ মনোনয়ন আৰু এটা পিপলছ চয়েছ বঁটা লাভ কৰে। ইয়াৰ উপৰি তেওঁ ২০১১ চনৰ চলচ্চিত্ৰ ইমৰ্টেলছত হেনৰী কেভিলৰ সৈতে লাইচাণ্ডাৰ চৰিত্ৰত অভিনয় কৰিছিল। বাডীটিভি-এ তেওঁক "২০১১ চনৰ টিভিৰ আটাইতকৈ আকৰ্ষণীয় পুৰুষ"ৰ তালিকাত ৮৪ নম্বৰ স্থান দিছিল।[10]

২০২০ চনত মৰ্গেনে পিকক চেনেলৰ বিজ্ঞান কল্পকাহিনীমূলক ড্ৰামা ধাৰাবাহিক ব্ৰেভ নিউ ৱৰ্ল্ডত চিজেক৬০/ইলিয়ট চৰিত্ৰত অভিনয় কৰে।[11][12] ২০২২ চনত মৰ্গেনক এইচবিও মেক্স ধাৰাবাহিক টাইটানছৰ চতুৰ্থ ছিজনত ব্ৰাদাৰ ব্লাডৰ চৰিত্ৰৰ বাবে নিৰ্বাচিত কৰা হয়।[13] তেওঁ দ্য অৰিজিনেলছৰ স্পিন-অফ ধাৰাবাহিক লেগেচিছৰ অন্তিম ছিজনত পুনৰ ক্লাউছৰ চৰিত্ৰটো ৰূপায়ণ কৰিছিল।[14]

মৰ্গেনে ২০২৪ চনৰ ফেব্ৰুৱাৰী মাহত সম্প্ৰচাৰিত হেলো ধাৰাবাহিকৰ দ্বিতীয় ছিজনৰ অভিনয় শিল্পীদলত আন এগৰাকী নৱাগত ক্ৰীষ্টিনা ৰডলোৰ সৈতে যোগ দিয়ে।[15] ইয়াত তেওঁ ৰাষ্ট্ৰসংঘৰ মহাকাশ কমাণ্ডৰ নেভেল ইণ্টেলিজেন্স কাৰ্যালয়ৰ এগৰাকী এজেণ্ট জেমছ একৰছনৰ চৰিত্ৰত অভিনয় কৰিছে।[16] ২০১৪ চনৰ ৫ জুলাইত জামাইকাৰ ওচো ৰিঅ'চত তেওঁলোক বিবাহপাশত আবদ্ধ হয়।[17]

তেওঁ ২০১৪ চনৰপৰাই এজন নিৰামিষভোজী (ভেগান)।[18][19]

মৰ্গেন 'পজিটিভ উইমেন' নামৰ দাতব্য সংস্থাটোৰ এজন সমৰ্থক।[20]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Joseph Morgan" (de ভাষাত). ProSieben/Joyn. 6 November 2013. https://www.prosieben.de/themen/stars/profile/joseph-morgan-61952 আহৰণ কৰা হৈছে: 15 December 2023.
  2. "Joseph Morgan's Twitter page". https://twitter.com/JosephMorgan.
  3. @JosephMorgan (14 July 2012). "@Charlotte2211 My first ever acting Audition was for Harry Potter II, for a character called Tom Riddle.". https://twitter.com/JosephMorgan/status/224173287914221568.
  4. "BBC - Drama - The Line of Beauty - Joseph Morgan as Jasper". BBC. https://www.bbc.co.uk/drama/lineofbeauty/joseph_morgan.shtml আহৰণ কৰা হৈছে: 30 September 2023.
  5. "Joseph Morgan" (en ভাষাত). IMDb. https://www.imdb.com/name/nm0604784/bio আহৰণ কৰা হৈছে: 6 May 2021.
  6. Parks, Tim (5 May 2009). "'Ben-Hur' miniseries gets leading man". Digital Spy. https://www.digitalspy.com/tv/ustv/a154848/ben-hur-miniseries-gets-leading-man/ আহৰণ কৰা হৈছে: 30 December 2023.
  7. Bierly, Mandi (March 2011). "'Vampire Diaries' casts Klaus: How should Joseph Morgan play the villain? (Like a young James Spader?)". EW.com. Archived from the original on 26 December 2014. https://web.archive.org/web/20141226135831/http://popwatch.ew.com/2011/02/18/vampire-diaries-klaus-cast-joseph-morgan/ আহৰণ কৰা হৈছে: 15 March 2011.
  8. "The CW Orders Backdoor Pilot for 'Vampire Diaries' Spinoff, 'The Originals'". tvbythenumbers. 11 January 2013. Archived from the original on 14 January 2013. https://web.archive.org/web/20130114221619/http://tvbythenumbers.zap2it.com/2013/01/11/the-cw-orders-backdoor-pilot-for-vampire-diaries-spinoff-the-originals/165059/comment-page-2/#comments.
  9. Bricker, Tierney (11 January 2013). "The Vampire Diaries Spinoff The Originals, Starring Joseph Morgan, in the Works". E! News. http://au.eonline.com/news/377856/the-vampire-diaries-spinoff-the-originals-starring-joseph-morgan-in-the-works আহৰণ কৰা হৈছে: 12 January 2013.
  10. "TV's 100 Sexiest Men of 2011". BuddyTV. 7 December 2011. https://www.buddytv.com/tvs-100-sexiest-men-of-2011/ আহৰণ কৰা হৈছে: 9 March 2012.
  11. Singh, Olivia. "'Brave New World' star Joseph Morgan talks comparisons to the book, staying 'in each moment' on the show, and the scenes he's most proud of". Insider. https://www.insider.com/brave-new-world-joseph-morgan-interview-2020-7 আহৰণ কৰা হৈছে: 19 September 2023.
  12. Otterson, Joe (19 June 2019). "'Brave New World' Series Adds Five to Cast, Including Kylie Bunbury, Joseph Morgan". Variety. https://variety.com/2019/tv/news/brave-new-world-series-cast-1203246955/ আহৰণ কৰা হৈছে: 19 September 2023.
  13. McVey, Ciara (1 February 2022). "'Titans' Cast Joseph Morgan as Brother Blood for Season 4 | THR News". The Hollywood Reporter. https://www.hollywoodreporter.com/video/titans-cast-joseph-morgan-as-brother-blood-for-season-4-thr-news/ আহৰণ কৰা হৈছে: 19 September 2023.
  14. Complex, Calerie (12 June 2022). "Joseph Morgan Confirms Appearance In 'Legacies' Series Finale". Deadline. https://deadline.com/2022/06/actor-joseph-morgan-of-cw-show-the-originals-1235043478/ আহৰণ কৰা হৈছে: 28 September 2023.
  15. Petski, Denise (14 September 2022). "'Halo': Joseph Morgan & Cristina Rodlo Join Season 2 of Paramount+ Series". Deadline Hollywood. https://deadline.com/2022/09/halo-joseph-morgan-cristina-rodlo-season-2-paramount-series-1235119126/.
  16. ব্যক্তিগত জীৱন

    দ্য ভেম্পায়াৰ ডায়েৰীজৰ ছেটত মৰ্গেনে অভিনেত্ৰী পাৰ্চিয়া হোৱাইটক লগ পাইছিল। তেওঁলোকে ২০১১ চনৰপৰা ডেটিং আৰম্ভ কৰে আৰু ২০১৪ চনত তেওঁলোকৰ এংগেজমেণ্ট হয়।<ref name="E! News">Johnson, Zach (15 May 2014). "Joseph Morgan Engaged to Persia White! The Originals Star Dishes on His "Romantic" Proposal". E! News. http://uk.eonline.com/news/542158/joseph-morgan-engaged-to-persia-white-the-originals-star-dishes-on-his-romantic-proposal.
  17. Fowler, Tara (23 July 2014). "Joseph Morgan Marries Persia White in Jamaica – See the Exclusive Photos!". People. http://www.people.com/article/joseph-morgan-persia-white-vampire-diaries-married.
  18. Jackson, Kourtnee (2 April 2021). "'The Originals': Joseph Morgan Took a Bite Out of a 'Vegan Heart' on the Show". Showbiz CheatSheet. https://www.cheatsheet.com/entertainment/the-originals-joseph-morgan-took-a-bite-out-of-a-vegan-heart-on-the-show.html/.
  19. Tharp, Sharon (25 September 2017). "Joseph Morgan Loves Low-Key Date Nights With His Wife: 'Dinner and a Movie Is Pretty Great'". Us Magazine. https://www.usmagazine.com/celebrity-news/news/joseph-morgan-persia-white-talk-date-night-the-originals-w505291/.
  20. "Joseph Morgan's YouTube video in support of Positive Women". YouTube. November 2010. https://www.youtube.com/watch?v=4lVdIln0o2o.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]