জোছেফ হেইডেন

জোছেফ হেইডেন (৩১ মাৰ্চ ১৭৩২ – ৩১ মে' ১৮০৯) এগৰাকী অষ্ট্ৰিয়ান ধ্ৰুপদী সংগীতৰ যুগৰ সংগীতজ্ঞ আছিল। তেওঁ ষ্ট্ৰিং কোৱাৰ্টেট আৰু পিয়ানো ট্ৰিঅ'-ৰ দৰে চেম্বৰ সংগীতৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।[2] সংগীতৰ বিভিন্ন ৰূপৰ বিকাশত তেওঁৰ অৱদানৰ বাবে তেওঁক "চিম্ফনীৰ পিতা" আৰু "ষ্ট্ৰিং কোৱাৰ্টেটৰ পিতা" বুলিও কোৱা হয়।[3][4]
হেইডেন এক গাঁওলীয়া পৰিৱেশৰ শ্ৰমজীৱী পৰিয়ালত জন্মগ্ৰহণ কৰিছিল। তেওঁ প্ৰথমে ভিয়েনাৰ চেণ্ট ষ্টিফেন কেথেড্ৰালত গায়ক হিচাপে কাম কৰি সংগীতজীৱনৰ আৰম্ভণি কৰিছিল আৰু তাৰ পিছত এক কঠিন সময় অতিবাহিত কৰি ফ্ৰিলেন্স সংগীতজ্ঞ হিচাপে খ্যাতি লাভ কৰিছিল। পিছত তেওঁ এষ্টাৰহাজি পৰিয়ালৰ সংগীত-নিৰ্দেশক (Kapellmeister) হিচাপে এষ্টাৰহাজাৰ দুৰ্গত দীৰ্ঘদিন কাম কৰিছিল। তেতিয়া তেওঁৰ নিজৰ অৰ্কেষ্ট্ৰা আছিল যদিও সেই ঠাইখনে তেওঁক অন্য সংগীতজ্ঞ আৰু সংগীতৰ ধাৰাৰ পৰা কিছু একান্ত কৰি ৰাখিছিল, যাৰ ফলত তেওঁ নিজৰ ভাষাত "একান্ত" হ’বলৈ বাধ্য হৈছিল। এই সময়ছোৱাত তেওঁৰ সংগীত ব্যাপকভাৱে প্ৰকাশ পাইছিল আৰু তেওঁ ইউৰোপৰ অন্যতম প্ৰসিদ্ধ সংগীতজ্ঞ হিচাপে পৰিগণিত হৈছিল। ১৭৯০ চনত তেওঁৰ প্ৰধান পৃষ্ঠপোষক নিক'লাউছ এষ্টাৰহাজিৰ মৃত্যুৰ পিছত তেওঁ ভ্ৰমণৰ সুযোগ লাভ কৰে আৰু লণ্ডন আৰু ভিয়েনাত প্ৰদৰ্শনকাৰী সংগীতজ্ঞ হিচাপে খ্যাতি অৰ্জন কৰে। তেওঁৰ জীৱনৰ অন্তিম বছৰ (১৮০৩–১৮০৯) অসুস্থতাৰ বাবে সংগীত ৰচনাৰ পৰা বঞ্চিত হৈ অতিবাহিত হৈছিল। তেওঁ ১৮০৯ চনত ভিয়েনাত ৭৭ বছৰ বয়সত মৃত্যুবৰণ কৰে।
হেইডেন মজাৰ্টৰ বন্ধু আৰু গাইড, বেট'ভেনৰ শিক্ষক, আৰু সংগীতজ্ঞ মাইকেল হেইডেনৰ ভ্ৰাতা আছিল।
তথ্যসূত্ৰ
[সম্পাদনা কৰক]- ↑ Jones 2009a, পৃষ্ঠা. vi.
- ↑ ছ্মলমেন, বেছিল (1992). The Piano Trio: Its History, Technique, and Repertoire. Oxford University Press. পৃষ্ঠা. ১৬–১৯. ISBN 978-0-19-318307-0. https://archive.org/details/pianotrioitshist0000smal/.
- ↑ Rosen 1997, পৃষ্ঠা. 43–54.
- ↑ Webster & Feder 2001.