সমললৈ যাওক

জোজেফিন নামবুজে

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোজেফিন নামবুজে
জন্ম ১৯৩০ (বয়স ৯৫–৯৬)
নাম্বিয়া, উগাণ্ডা
ৰাষ্ট্ৰীয়তা উগাণ্ডান
নাগৰিকত্ব উগাণ্ডা
শিক্ষানুষ্ঠান মাকেৰেৰে ইউনিভাৰ্চিটি
(বেচেলৰ অৱ মেডিচিন আৰু বেচেলৰ অৱ চাৰ্জাৰী)
ইউনিভাৰ্চিটি অৱ লণ্ডন
পেচা চিকিৎসক, গৱেষক, শিক্ষাবিদ
সক্ৰিয় হৈ থকা সময় ১৯৬২ৰ পৰা
জনা যায় চিকিৎসক আৰু চিকিৎসা গৱেষক
পদবী পাব্লিক হেল্থৰ অধ্যাপক


জোজেফিন নামবুজে (জন্ম ১৯৩০) (pronunciation) এগৰাকী উগাণ্ডাৰ চিকিৎসক, জনস্বাস্থ্য বিশেষজ্ঞ, শৈক্ষিক আৰু চিকিৎসা গৱেষক। মাকেৰেৰে ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থৰ জনস্বাস্থ্যৰ এমেৰিটাছ অধ্যাপিকা। ১৯৫৯ চনৰ আশে-পাশে চিকিৎসক হিচাপে যোগ্যতা অৰ্জন কৰা প্ৰথমগৰাকী পূব আফ্ৰিকান মহিলা।[1]

জন্ম আৰু শিক্ষা

[সম্পাদনা কৰক]

কাম্পালাৰ উপকণ্ঠ অঞ্চল নছাম্বিয়াত স্কুলৰ শিক্ষক জোচেফ লুলে আৰু গৃহিণী মাৰিয়া মাগডেলেনা লুলেৰ ঘৰত জন্মগ্ৰহণ কৰিছিল নামবুজেই। তেৰটা সন্তানৰ পৰিয়ালত তেওঁ প্ৰথম সন্তান আছিল। ছেইণ্ট জোচেফ প্ৰাথমিক বিদ্যালয় নছাম্বিয়া, আৰু মাউণ্ট চেণ্ট মেৰী কলেজ নামগুংগাত পঢ়িছিল। নামগুংগাত থাকোঁতে তেওঁ বিজ্ঞান বিষয়ত অধ্যয়ন কৰিছিল। সেই সময়ত বিদ্যালয়খনত কোনো পৰীক্ষাগাৰ নথকাৰ বাবে তেওঁ নামগুংগাৰ পশ্চিমে ২৫.৫ কিলোমিটাৰ (১৬ মাইল)[2] দূৰৈৰ কেৱল ল’ৰাৰ আৱাসিক হাইস্কুল নামিলিয়াংগো কলেজত বিজ্ঞানৰ শ্ৰেণী অধ্যয়ন কৰিছিল।[1]

১৯৫০ চনৰ মাজভাগত মাকেৰেৰে ইউনিভাৰ্চিটি স্কুল অৱ মেডিচিনত মানৱ চিকিৎসা বিজ্ঞান অধ্যয়নৰ বাবে ভৰ্তি হয়, স্কুলখনৰ ইতিহাসৰ প্ৰথমগৰাকী মহিলা শিক্ষাৰ্থী। মাকেৰেৰেৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰাৰ পিছত তেওঁ যুক্তৰাজ্য আৰু আমেৰিকাত স্নাতকোত্তৰ অধ্যয়ন কৰে আৰু ১৯৬২ চনত উগাণ্ডালৈ উভতি যায়।[3]

১৯৬২ চনত মাকেৰেৰে বিশ্ববিদ্যালয়ত জনস্বাস্থ্য আৰু মাতৃ আৰু শিশু স্বাস্থ্যৰ প্ৰবক্তা হিচাপে কামত যোগদান কৰে। মাকেৰেৰে ইউনিভাৰ্চিটি স্কুল অৱ পাব্লিক হেল্থৰ পাঠদানৰ সুবিধা কাছাংগটি হেল্থ চেণ্টাৰৰ তত্বাৱধানৰ দায়িত্ব তেওঁক দিয়া হৈছিল।[1] পিছলৈ তেওঁ সেই ক্ষেত্ৰসমূহৰ জ্যেষ্ঠ প্ৰবক্তা, সহযোগী অধ্যাপিকা আৰু সম্পূৰ্ণ অধ্যাপিকা হিচাপে নিযুক্তি লাভ কৰে। বটছৱানাত বিশ্ব স্বাস্থ্য সংস্থাৰ প্ৰতিনিধি হিচাপে আৰু কংগোৰ ব্ৰাজাভিলত থকা ডব্লিউ এইচ অ'ৰ আঞ্চলিক কাৰ্যালয়ত স্বাস্থ্য সেৱা উন্নয়নৰ বাবে সহায়ৰ সঞ্চালিকা হিচাপেও কাম কৰি আহিছে।[1]

তথ্য সূত্ৰ

[সম্পাদনা কৰক]
  1. 1.0 1.1 1.2 Mugagga, Robert (1 September 2012). "Prof Nambooze: Academic success that changed the region’s history". প্ৰকাশক Kampala. http://www.monitor.co.ug/SpecialReports/ugandaat50/Academic-success-that-changed-the-region-s-history/-/1370466/1491386/-/hjyvfv/-/index.html। আহৰণ কৰা হৈছে: 7 January 2016. 
  2. সাঁচ:Google maps
  3. Talemwa, Moses (4 April 2010). "Female professors tell their long story". প্ৰকাশক Kampala. Archived from the original on 23 February 2016. https://web.archive.org/web/20160223005338/http://observer.ug/education/85-education/7954-female-professors-tell-their-long-story। আহৰণ কৰা হৈছে: 7 January 2016.