সমললৈ যাওক

জোয়েল মোকিৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

সময়িক সংশোধনৰ প্ৰয়োজন
এই প্ৰবন্ধৰ বিষয়বস্তু এনে ধৰণৰ যে সময়ৰ সৈতে তথ্য সলনি হ'ব পাৰে।
কাৰণ: জীৱিত ব্যক্তি
বৰ্তমানে উপলব্ধ তথ্যৰ সত্যাসত্য ২০২৫ চনৰ অক্টোবৰ মাহৰ ১৩ তাৰিখে পৰীক্ষা কৰা হৈছিল।



জোয়েল মোকিৰ
স্থানীয় নাম יואל מוקיר
জন্ম ২৬ জুলাই, ১৯৪৬ (৭৯ বছৰ)
লেইডেন, নেডাৰলেণ্ডছ
ৰাষ্ট্ৰীয়তা ইজৰাইলী
আমেৰিকান
Dutch
বঁটা, সন্মান, পুৰস্কাৰ আদি হাইনেকেন বঁটা (২০০৬)
বালজান বঁটা (২০১৫)
অৰ্থনীতিৰ নোবেল বঁটা (২০২৫)
শৈক্ষিক পটভূমি
মাতৃশিক্ষানুষ্ঠান হিব্ৰিউ বিশ্ববিদ্যালয় জেৰুজালেম (বি এ')
য়ে'ল বিশ্ববিদ্যালয় (এম ফিল, পি এইচ ডি)
ডক্টৰেল পৰামৰ্শদাতা William N. Parker
John C. H. Fei
শৈক্ষিক কৰ্ম
শাখা Economic history
প্ৰতিষ্ঠানসমুহ Northwestern University
ডক্টৰেল শিক্ষাৰ্থী Avner Greif[1]
মূল আগ্ৰহ Economic history of Europe
প্ৰভাৱিত কৰিছে Cormac Ó Gráda[2]

জোয়েল মোকিৰ (Hebrew: יואל מוקיר) এগৰাকী আমেৰিকাঅৰ্থনৈতিক ইতিহাসবিদ। তেওঁ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়অৰ্থনীতি আৰু বুৰঞ্জীৰ অধ্যাপক আৰু কলা আৰু বিজ্ঞানৰ ৰবাৰ্ট ষ্ট্ৰট্‌জ অধ্যাপক।[3] তদুপৰি, তেওঁ ইজৰাইলটেল আভিভ বিশ্ববিদ্যালয়ৰ এইটান স্কুল অৱ ইকনমিক্সত চেক্লাৰ প্ৰেফচৰিয়েল ফেল'। তেওঁক ২০২৫ চনৰ অৰ্থনীতিৰ নোবেল বঁটাৰে সন্মানিত কৰা হৈছে, "প্ৰযুক্তিৰ বিকাশেৰে দীৰ্ঘস্থায়ী বিকাশৰ বাবে প্ৰয়োজনীয় চৰ্ত চিহ্নিত কৰাৰ বাবে"।[4]

শৈশৱ আৰু শিক্ষা

[সম্পাদনা কৰক]

মোকিৰৰ জন্ম লেইডেনত হৈছিল, ১৯৪৬ চনত।[4] তেওঁ এটি ইহুদী দাছ পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল যি হ'ল'কষ্টৰ পৰা নিজকে ৰক্ষা কৰিবলগীয়া হৈছিল।[5] তেওঁৰ পিতৃ এগৰাকী অসামৰিক বিষয়া আছিল, যাৰ মৃত্যু মোকিৰৰ এবছৰ বয়স হওঁতেই ঘটিছিল। তেওঁৰ মাকে তেওঁক ইজৰাইলৰ হাইফাত দাঙৰ-দীঘল কৰিছিল। তেওঁ য়ে'ল বিশ্ববিদ্যালয়ৰ পৰা ১৯৭২ চনৰ এম ফিল আৰু ১০৭৪ চনত পি এইচ ডি লাভ কৰিছিলে।

কৰ্ম জীৱন

[সম্পাদনা কৰক]

মোকিৰ য়ে'ল বিশ্ববিদ্যালত ১৯৭২ৰ পৰা ১৯৭৩লৈ অস্থায়ী প্ৰশিক্ষক আছিল। ১৯৭৪ চনত তেওঁ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক হিচাপে যোগ দিছিল, আৰু তাৰ পাছৰ পৰা তেওঁ সেই বিশ্ববিদ্যালয়তেই পঢ়াই আহিছে।[5] তেওঁ প্ৰিঞ্চটন ইকনমিক হিষ্টৰি অৱ দ্য ৱেষ্টাৰ্ণ ৱৰ্ল্ডৰ মুখ্য সম্পাদকৰ পদত ১৯৯৩ৰ পৰা আছে, আৰু ১৯৯৪ৰ পৰা ১৯৯৮লৈ তেওঁ জাৰ্ণেল অৱ ইকনমিক হিষ্টৰিৰ সহকাৰী সম্পাদক আছিল।[6]

ঔদ্যোগিক বিপ্লৱ

[সম্পাদনা কৰক]

মোকিৰৰ মতে, ঔদ্যোগিক বিপ্লৱ সংস্কৃতি আৰু প্ৰতিষ্ঠানৰ ফল আছিল।[7] তেওঁ তৰ্ক কৰে, যে আধুনিকতাৰ গুড়িতে আছে "এই বিশ্বাসৰ উদয় যে বিকাশৰ মহত্ব আছে"। তেওঁৰ মতে, সেয়াই এই কথাৰ আৰম্ভণি আছিল যেতিয়াৰ পৰা "বুদ্ধিজীৱীসকলে জ্ঞানক ক্ৰমসঞ্চিত বুলি বুজিবলৈ ল'লে"।[8]

মোকিৰে বুজায়, যে ইউৰোপ ৰাজনৈতিকভাৱে কেইবাখনো সৰু সৰু দেশত বিভক্ত আছিল, সেয়ে ভিন্নধৰ্মী বিচাৰ জন্ম হৈ বৰ্তি থাকিব পাৰিলে। ব্যৱসায়ী, উদ্ভাৱক, মতদৰ্শী, ধৰ্মবিৰোধী লোক সহজেই এখনৰ পৰা আনখন দেশলৈ পলায়ন কৰিব পাৰিছিল, যাৰ ফলত কোনো এখন দেশেই ভিন্ন ধৰ্মী বিচাৰক দমন কৰা কঠিন হৈ পৰিছিল। চীনতো ইউৰোপৰ দৰে ছপা পদ্ধতি উপলব্ধ আছিল, আৰু ভাৰতৰ প্ৰযুক্তিগত দক্ষতা ১৭০০ চনত ইউৰোপৰ সমানেই আছিল। তৎস্বত্তেও, ঔদ্যোগিক বিপ্লৱ ইউৰোপতহে দেখা গ'ল, চীন আৰু ভাৰতত নহয়। তাৰ কাৰণ হ'ল যে, সেই সময়ত চীন আৰু ভাৰত বৃহৎ একীকৃত সাম্ৰাজ্য আছিল। এনে সাম্ৰাজ্যত অসাধাৰণ বিচাৰক দমন কৰা তুলনামূলকভাৱে সহজ। ইউৰোপত, আনহাতে, ৰাজনৈতিক বিভাজনৰ লগতে, "বিচাৰৰ একীকৃত বজাৰ" আছিল, য'ত লেটিন ভাষা আছিল উমৈহতীয়া ভাষা আৰু ইউৰোপৰ ধ্ৰুপদী ঐতিহ্য আৰু সমগ্ৰ-ইউৰোপীয় ৰিপাব্লিক অৱ লেটাৰ্ছ নামক প্ৰতিষ্ঠানে এক উমৈহতীয়া বৌদ্ধিক ভিত্তি প্ৰদান কৰিছিল।[9]

বিকাশৰ সংস্কৃতি

[সম্পাদনা কৰক]

মোকিৰে নিজৰঔদ্যোগিক বিপ্লৱৰ বিশ্লেষণ ২০১৬ চনৰ গ্ৰন্থ "এ কাল্সাৰ অৱ গ্ৰৌথ: দ্য অৰিজিন্স অৱ দ্য মডাৰ্ণ ইকনমি"ত প্ৰকাশ কৰিছিল। দিয়েৰ্ড্ৰে' মেক্লস্কিয়ে এই গ্ৰন্থক উজ্জ্বল আৰু শেষলৈকে মনৰোচকৰ বুলি কৈছে। তেওঁ মোকিৰক এগৰাকী "নোবেলযোগ্য অৰ্থনৈতিক বিজ্ঞানী"ও আখ্যা ছিল"।[10]

নেচাৰ আলোচনীত প্ৰকাশিত এক পৰ্যালোচনাত ব্ৰেড ডেলঙে লিখিছিল যে তেওঁ ঔদ্যোগিক বিপ্লৱৰ অন্য বিশ্লেষণহে প্ৰথমে ভাল পাইছিল, "কিন্তু মই অতিকৈ চকিত নহ'ম যোদি মই ভুল, আৰু মোকিৰৰ লিখনি.... আতাইতকৈ বহলভাৱে শুদ্ধ বিশ্লেষণ যেন পালোঁ.... এ' কাল্সাৰ অৱ গ্ৰৌথে নিশ্চয়েই মোক পুনঃ ভাবিবলৈ বাধ্য কৰালে" বুলি তেওঁ লিখিলে।[11] এই গ্ৰন্থৰ সমালোচকো আছে। উদাহৰণ স্বৰূপে জিঅফ্ৰি হোজছনে "ভালেমান ওজন" দিয়াৰ বাবে এই গ্ৰন্থক সমালোচনা কৰিছিল "কিছুমান অসাধাৰণ মানুহৰ ওপৰত"।[12]

নতুন প্ৰযুক্তিৰ বিৰোধৰ কাৰণৰ বিশ্লেষণ

[সম্পাদনা কৰক]

মোকিৰে সমাজে নতুন প্ৰযুক্তিৰ সঘন বিৰোধৰ তিনিটা মুখ্য কাৰণ চিনাক্ত কৰিছে:

  • বৰ্তমানৰ বিজয়ী যিয়ে নতুন প্ৰযুক্তিয়ে তেওঁলোকৰ শক্তি আৰু অৰ্থনৈতিক ভাড়াক হ্ৰাস কৰিব বুলি ভয় কৰে
  • বহল সামাজিক আৰু ৰাজনৈতিক ফলৰ (অপ্ৰত্যাশিত প্ৰভাৱ) ভয়
  • আশংকা আৰু লোকচানৰ বিতৃষ্ণা (risk and loss aversion)

মোকিৰৰ মতে "এই তিনি কাৰণ প্ৰায় এক হৈ এনে শক্তিশালী বলৰ সৃষ্টি কৰে যি ৰাজনৈতিক শক্তি আৰু প্ৰৰোচনাৰে উদ্ভাৱনক বিলম্বিত কৰে। ফলস্বৰূপে, প্ৰযুক্তিৰ বিকাশে ৰৈখিক আৰু পৰিষ্কাৰ পথ গ্ৰহণ নকৰে। সামাজিক সৃষ্টিবাদীসকলে বহু সময়ৰ পৰা কৈ থকাৰ দৰেই, ই এক অত্যন্ত ৰাজনৈতিক প্ৰক্ৰিয়া।"[13]

সন্মান আৰু পুৰষ্কাৰ

[সম্পাদনা কৰক]

মোকিৰ ১৯৯৬ত আমেৰিকান একাডেমী অৱ আৰ্টছ এণ্ড চাইঞ্চেছ আৰু ২০১১ চনত ইকনমেট্ৰিক সমাজৰ ফেল' নিৰ্বাচিত হৈছিল।[6][14][15] তেওঁ ৰয়েল নেডাৰ্লেণ্ডছ একাডেমী অৱ আৰ্টছ এণ্ড চাইঞ্চেছৰ বিদেশী সদস্য হিচাপে নিৰ্বাচিত হৈছিল ২০০১ চনত। ২০০৬ চনত তেওঁ তাৰ হাইনেকেন বঁটাও লাভ কৰিছিল।[16][17] ২০১৫ চনত তেওঁ অৰ্থনৈতিক বুৰঞ্জীৰ বালজান বঁটা লাভ কৰিছিল।[18] তেওঁক ২০২৫ চনত অৰ্থনীতিৰ নোবেল স্মাৰক বঁটাৰে সন্মানিত কৰা হ'ল। তেওঁৰ লগতে, ফিলিপ এঘিয়ন আৰু পিটাৰ হৱিটেও এই বঁটা লাভ কৰিলে।[4]

  • Industrialization in the Low Countries, 1795–1850 (1976)[ISBN missing]
  • Why Ireland Starved: An Analytical and Quantitative Study of Irish Poverty, 1800–1851 (1983; আই.এচ.বি.এন. 0-0494-1010-5 / 1985, revised paperback edition; আই.এচ.বি.এন. 0-0494-1014-8)
  • The Economics of the Industrial Revolution (ed.) (1985)[ISBN missing]
  • Twenty Five Centuries of Technological Change: An Historical Survey (1990)[ISBN missing]
  • The Lever of Riches: Technological Creativity and Economic Progress (1990)[ISBN missing]
  • The Vital One: Essays in Honor of Jonathan Hughes (ed.) (1991)[ISBN missing]
  • The British Industrial Revolution: an Economic Perspective (ed.) (1993; আই.এচ.বি.এন. 0-8133-8509-1 / 1998, expanded and updated second edition; আই.এচ.বি.এন. 0-3670-9618-8)
  • The Gifts of Athena: Historical Origins of the Knowledge Economy (2002)[ISBN missing]
  • The Oxford University Press Encyclopedia of Economic History (editor in chief) (2003)[ISBN missing]
  • The Invention of Enterprise: Entrepreneurship from Ancient Mesopotamia to Modern Times (co-editor) (2009)[ISBN missing]
  • The Enlightened Economy: An Economic History of Britain 1700–1850 (2009)[ISBN missing]
  • The Birth of Modern Europe: Culture and Economy, 1400–1800: Essays in Honor of Jan de Vries (co-editor with Laura Cruz) (2010)[ISBN missing]
  • A Culture of Growth: The Origins of the Modern Economy (2016)[ISBN missing]
  • Economics in the Test of Time: Issues in Economic History (with Amira Ofer), in Hebrew, 2 volumes. (2017)[ISBN missing]
  • Why Britain? A New View of the Industrial Revolution (forthcoming)[উদ্ধৃতিৰ প্ৰয়োজন]
  • Two Paths to Prosperity: Culture and Institutions in Europe and China, 1200-2000 (forthcoming)[উদ্ধৃতিৰ প্ৰয়োজন]

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. Greif, Avner (1991). "The Organization of Long-Distance Trade: Reputation and Coalitions in the Geniza Documents and Genoa During the Eleventh and Twelfth Centuries". Journal of Economic History খণ্ড 51 (2): 459. doi:10.1017/S0022050700039097. 
  2. de Bromhead, Alan (Winter 2017). "An Interview with Cormac Ó Gráda". The Newsletter of the Cliometric Society খণ্ড 31 (2): 20–23. Archived from the original on 2017-07-24. https://web.archive.org/web/20170724085657/http://www.cliometrics.org/newsletters/Volume-31/Volume-31-Number-2-Winter-2017.pdf। আহৰণ কৰা হৈছে: 2018-01-27. 
  3. "Joel Mokyr" (en ভাষাত). Beloit College. https://www.beloit.edu/live/profiles/544-joel-mokyr। আহৰণ কৰা হৈছে: 2025-10-13. 
  4. 4.0 4.1 4.2 "The Prize in Economic Sciences 2025". The Royal Swedish Academy of Sciences. 13 October 2025. https://www.nobelprize.org/uploads/2025/10/press-economicsciencesprize2025.pdf. 
  5. 5.0 5.1 Aeppel, Timothy. "Economists Debate: Has All the Important Stuff Already Been Invented?". Wall Street Journal. ISSN 0099-9660. https://www.wsj.com/articles/economists-duel-over-idea-that-technology-will-save-the-world-1402886301. 
  6. 6.0 6.1 "CURRICULUM VITAE - Joel Mokyr". bpb-us-e1.wpmucdn.com. https://bpb-us-e1.wpmucdn.com/sites.northwestern.edu/dist/3/1222/files/2021/08/Mokyr-2021-CV.pdf. 
  7. Mokyr, Joel (1 June 2005). "The Intellectual Origins of Modern Economic Growth". The Journal of Economic History খণ্ড 65 (2): 285–351. doi:10.1017/S0022050705000112. ISSN 1471-6372. https://www.cambridge.org/core/journals/journal-of-economic-history/article/the-intellectual-origins-of-modern-economic-growth/138F07525A5105E29E7113705D393C51. 
  8. Mokyr, Joel. "Progress Isn't Natural". The Atlantic. https://www.theatlantic.com/business/archive/2016/11/progress-isnt-natural-mokyr/507740. 
  9. Mokyr, Joel (2018). Mokyr, J.: A Culture of Growth: The Origins of the Modern Economy. Princeton University Press. ISBN 9780691180960. http://press.princeton.edu/titles/10835.html। আহৰণ কৰা হৈছে: 9 March 2017. 
  10. "Economic history: ideas that built the world". www.prospectmagazine.co.uk. Archived from the original on 8 May 2021. https://web.archive.org/web/20210508081836/https://www.prospectmagazine.co.uk/arts-and-books/ideas-that-built-the-world-joel-mokyr-liberalism। আহৰণ কৰা হৈছে: 11 March 2017. 
  11. DeLong, Brad (27 October 2016). "Economic history: The roots of growth" (en ভাষাত). Nature খণ্ড 538 (7626): 456–57. doi:10.1038/538456a. ISSN 0028-0836. 
  12. Hodgson, Geoffrey M. (2021). "Culture and institutions: a review of Joel Mokyr's A Culture of Growth" (en ভাষাত). Journal of Institutional Economics খণ্ড 18: 159–168. doi:10.1017/S1744137421000588. ISSN 1744-1374. 
  13. "Innovation and Its Enemies: Why People Resist New Technologies". eh.net. http://eh.net/book_reviews/innovation-and-its-enemies-why-people-resist-new-technologies। আহৰণ কৰা হৈছে: 12 January 2017. 
  14. "Member Directory | American Academy of Arts and Sciences". www.amacad.org. https://www.amacad.org/directory?field_class_section=21&field_class_section_1=36&field_deceased=1&sort_bef_combine=field_election_year_ASC&page=2। আহৰণ কৰা হৈছে: 2024-01-23. 
  15. "Current Fellows" (en ভাষাত). www.econometricsociety.org. http://www.econometricsociety.org/society/organization-and-governance/fellows/current। আহৰণ কৰা হৈছে: 2024-01-23. 
  16. "Joël Mokyr". Royal Netherlands Academy of Arts and Sciences. Archived from the original on 13 February 2016. https://web.archive.org/web/20160213195608/https://www.knaw.nl/en/members/foreign-members/5204। আহৰণ কৰা হৈছে: 13 February 2016. 
  17. "Joel Mokyr (1946), USA". Royal Netherlands Academy of Arts and Sciences. Archived from the original on 22 July 2020. https://web.archive.org/web/20200722154153/https://www.knaw.nl/en/awards/laureates/heinekenprize-history/joel-mokyr-1946-verenigde-staten। আহৰণ কৰা হৈছে: 13 October 2025. 
  18. "Joel Mokyr". Northwestern University. http://www.economics.northwestern.edu/people/directory/joel-mokyr.html। আহৰণ কৰা হৈছে: 27 January 2018. 

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]
  • Profile, Northwestern.edu; accessed 21 January 2016.