সমললৈ যাওক

জোহৰাবেন চাৱড়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জোহৰাবেন আকবৰভাই চাৱড়া (১৯২৩–১৯৯৭) এগৰাকী গান্ধীবাদী সমাজ সংস্কাৰক আৰু বানাস্কান্তৰ পৰা তৃতীয় লোকসভাৰ সদস্য আছিল।

প্ৰাথমিক জীৱন

[সম্পাদনা কৰক]

১৯২৩ চনৰ ২ ছেপ্টেম্বৰত গুজৰাটৰ প্ৰান্তিজ চহৰত জমিয়াতখান উম্মৰখান পাঠান আৰু তেওঁৰ পত্নীৰ ঘৰত জোহৰাবেনে জন্মগ্ৰহণ কৰে।[1] তেওঁ ৱৰ্ধাৰ পৰা নাৰ্চিং প্ৰশিক্ষণ পাঠ্যক্ৰম কৰিছিল।[2]

কৰ্মজীৱন

[সম্পাদনা কৰক]

প্ৰশিক্ষণ সমাপ্ত কৰি জোহৰাবেনে গুজৰাট বিদ্যাপীঠত নাৰ্ছ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে৷ পিছলৈ তেওঁ মহাত্মা গান্ধীসাবৰমতী আশ্ৰমলৈ স্থানান্তৰিত হয়। গান্ধীৰ পৰামৰ্শমতে তেওঁ আৰু তেওঁৰ স্বামীয়ে অভাৱগ্ৰস্ত লোকৰ অৱস্থা উন্নত কৰাৰ উদ্দেশ্যেৰে ছানালি গাঁৱলৈ যায়। ইয়াত তেওঁলোকে আশ্ৰম স্থাপন কৰি শিশুসকলক আশ্ৰমশালাত শিক্ষা দিছিল।[2]তেওঁ বানাস্কান্ত জিলাৰ কংগ্ৰেছ কমিটিৰ সভানেত্ৰী আৰু নিজৰ জিলাৰ সমাজ কল্যাণ প্ৰকল্পৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।[1]

১৯৬২ চনত তৃতীয় লোকসভাৰ বাবে ভাৰতীয় সাধাৰণ নিৰ্বাচনৰ সময়ত জোহৰাবেনে ভাৰতীয় জাতীয় কংগ্ৰেছৰ টিকটত বানাস্কান্তৰ পৰা জয়লাভ কৰি ১,১৫,৯৩১ টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী স্বতন্ত্ৰ পাৰ্টিৰ প্ৰাৰ্থীগৰাকীয়ে ৬০,৯৭৫ টা ভোট লাভ কৰে।.[3] তৃতীয় লোকসভাত তেওঁ আৰু মাইমুনা চুলতান আছিল একমাত্ৰ মুছলমান মহিলা।[4]

ব্যক্তিগত জীৱন

[সম্পাদনা কৰক]

১৯৪৬ চনত গুজৰাট বিদ্যাপীঠত সহযোগী গান্ধীবাদী আকবৰভাই ডালুমিয়ান চাৱদাৰ সৈতে জোহৰাবেনে বিবাহপাশত আবদ্ধ হয়। ১৯৯৭ চনত জোহৰাবেনৰ মৃত্যু হয় আৰু পিছৰ বছৰত আকবৰভাইৰ দেহাৱসান হয়।[2]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 "Members Bioprofile: Chavda, Shrimati Zohraben Akbarbhai". Lok Sabha. http://164.100.47.194/loksabha/writereaddata/biodata_1_12/1455.htm আহৰণ কৰা হৈছে: 28 November 2017.
  2. 1 2 3 "Gandhians in Post Independence Gujarat". Shodhganga. http://shodhganga.inflibnet.ac.in/bitstream/10603/59595/12/12_chapter%206.pdf আহৰণ কৰা হৈছে: 28 November 2017.
  3. "Statistical Report on General Elections, 1962 to the Third Lok Sabha". Election Commission of India. পৃষ্ঠা: 120. http://eci.nic.in/eci_main/StatisticalReports/LS_1962/Vol_II_LS_62.pdf আহৰণ কৰা হৈছে: 28 November 2017.
  4. Falahi, Mumtaz Alam (3 August 2009). "Milli Council to launch mass movement on women reservation". TwoCircles.Net. http://ns1.imc-usa.org/2009aug03/milli_council_launch_mass_movement_women_reservation.html#.Wh1ldlWWbIV আহৰণ কৰা হৈছে: 28 November 2017.[সংযোগবিহীন উৎস]