সমললৈ যাওক

জোহৰা ইউছুফ

অসমীয়া ৱিকিপিডিয়াৰ পৰা

জোহৰা ইউছুফ (জন্ম ২ মে' ১৯৫০) এগৰাকী বিজ্ঞাপনৰ পেছাদাৰী, আৰু এগৰাকী সক্ৰিয় সমাজ কৰ্মী[1]৷ তেওঁ এগৰাকী সাংবাদিক যিয়ে মহিলাৰ অধিকাৰ, মানৱ অধিকাৰ আৰু সংবাদ মাধ্যমৰ ক্ষেত্ৰত কৰা কামৰ বাবে প্ৰশংসা লাভ কৰে।[2][3] জোহৰা পাকিস্তানৰ মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন অধ্যক্ষ।

জোহৰাই পূব পাকিস্তানৰ (বৰ্তমান বাংলাদেশ) ঢাকাৰ হলি ক্ৰছ কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে।[4]

কৰ্মজীৱন

[সম্পাদনা কৰক]

স্নাতক হোৱাৰ পিছত জোহৰা ইউছুফে এম এন জে কমিউনিকেচনত এডভাৰটাইজাৰ হিচাপে কাম কৰিবলৈ আৰম্ভ কৰে। ১৯৭১-১৯৮১ চনলৈকে এম এন জেত কাম কৰিছিল। ১৯৮১ চনৰ জুন মাহত তেওঁ দ্য ষ্টাৰ, (ডন মিডিয়া গ্ৰুপৰ এটা প্ৰকাশন)ৰ ছুটিৰ দিনত আলোচনীৰ সম্পাদিকা হিচাপে যোগদান কৰে। ১৯৮৬ চনত তেওঁ স্পেকট্ৰম কমিউনিকেচন ৱাই এণ্ড আৰত সৃষ্টিশীল পৰিচালক হিচাপে যোগদান কৰে।[4] পিছলৈ ৱাই এণ্ড আৰৰ মুখ্য সৃষ্টিশীল বিষয়া হয়। ইউছুফ ছবছৰ ধৰি এছিয়া পেচিফিক ফ’ৰাম অন ৱমেন, ল এণ্ড ডেভেলপমেণ্টৰ কাউন্সিল মেম্বাৰ আছিল। দক্ষিণ এছিয়া ফ’ৰাম ফৰ হিউমেন ৰাইটছ সংস্থাৰ ব্যুৰো সদস্য হিচাপেও কাৰ্যনিৰ্বাহ কৰা ইউছুফে সাত বছৰ ধৰি কমনৱেলথ হিউমেন ৰাইটছ ইনিচিয়েটিভৰ ব’ৰ্ডৰ সদস্য আছিল।

১৯৮৮ চনত ইউছুফে পাকিস্তানৰ মানৱ অধিকাৰ আয়োগ (HRCP)ত যোগদান কৰে; যি আন্তৰ্জাতিক মানৱ অধিকাৰ ফেডাৰেচন (FIDH)ৰ এটা অলাভজনক সদস্য সংস্থা।[5] ১৯৯০ চনত পৰিষদৰ সদস্য নিৰ্বাচিত হৈ উপাধ্যক্ষৰ লগতে মহাসচিব হিচাপেও কাৰ্যনিৰ্বাহ কৰে। ২০১১ চনত ইউছুফ এইচ আৰ চি পিৰ অধ্যক্ষ নিৰ্বাচিত হয়। ২০১৩ চনত ইউছুফ এফআইডিএইচৰ উপ-সভাপতি হিচাপেও নিৰ্বাচিত হয়।২০১৪–১৭ চনৰ কাৰ্যকালৰ বাবে তেওঁ পুনৰ এইচআৰচিপিৰ সহ-সভাপতি নিৰ্বাচিত হয়।[6] ইউছুফ এগৰাকী ফ্ৰীলান্স লেখিকাও আৰু সংবাদ মাধ্যম আৰু সংঘাত নিৰাময়, নাৰীবাদ আৰু নাৰী অধিকাৰ আদি বিষয়ৰ বহু কিতাপ, আলোচনী আৰু বাতৰি কাকতত অৱদান আগবঢ়াইছে।

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "Pakistan and violence against women: Small steps towards rights | Dialogue | thenews.com.pk" (en ভাষাত). www.thenews.com.pk. https://www.thenews.com.pk/tns/detail/576109-small-steps-towards-women-rights। আহৰণ কৰা হৈছে: 2020-11-16. 
  2. Zohra Yousaf. "FIDH". https://www.fidh.org/IMG/pdf/bio-zohra_yusuf-en.pdf. 
  3. "Interview: Zohra Yusuf". https://newslinemagazine.com/magazine/interview-zohra-yusuf/. 
  4. 4.0 4.1 "Zohra Yusuf" (en-pk ভাষাত). VMLY&R. 2019-10-30. https://www.vmlyr.com/en-pk/pakistan/people/zohra-yusuf। আহৰণ কৰা হৈছে: 2020-11-15. 
  5. "Silence from judiciary over media attacks increases self-censorship, Pakistan's journalists say" (en-US ভাষাত). Committee to Protect Journalists. 2018-07-20. https://cpj.org/2018/07/silence-from-judiciary-over-media-attacks-increase/। আহৰণ কৰা হৈছে: 2020-11-15. 
  6. HRCP (2011-04-17). "Zohra Yusuf new HRCP head" (en ভাষাত). HRCP Blog. https://hrcpblog.wordpress.com/2011/04/17/zohra-yusuf-new-hrcp-head/। আহৰণ কৰা হৈছে: 2020-11-15.