সমললৈ যাওক

জোহৰেহ জুয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জোহৰেহ জুয়া
زهره جویا
জন্ম নাম জোহৰেহ জুয়া
জন্ম মাশহাদ, ইৰান
পেচা কণ্ঠশিল্পী
লেবেল এআৰচি মিউজিক, কচ ইণ্টাৰনেচনেল ৰেকৰ্ডছ, তাৰানেহ ৰেকৰ্ডছ
ৱেবছাইট www.zohreh-jooya.org

জোহৰেহ জুয়া (ফাৰ্চী: زهره جویا) হৈছে ইৰানৰ মাশহাদৰ এগৰাকী কণ্ঠশিল্পী।

সংগীত জীৱন

[সম্পাদনা কৰক]

জুয়াৰ পিতৃ এগৰাকী আফগান (আফগানিস্তানৰ হেৰাটৰ) আৰু মাতৃ ইৰানীয় আছিল। তেওঁলোকে এনে এটা সময়ত বিবাহপাশত আবদ্ধ হৈছিল যেতিয়া এগৰাকী আফগান পুৰুষে ইৰানীয় মহিলাক বিয়া কৰাটো অপৰাধমূলক আছিল। বুলি জনা যায় যে সংগীত অধ্যয়নৰ অধিক উন্নতিৰ বাবে জোহৰেহ জুয়াই ইউৰোপলৈ স্থানান্তৰিত হৈছিল। আমষ্টাৰডামৰপৰা শাস্ত্ৰীয় সংগীতৰ শিক্ষা লাভ কৰাৰ পাছত তেওঁ ১৯৮০ চনত ভিয়েনালৈ যায় আৰু পিছলৈ কনচাৰ্ভেটৰী অৱ দ্য চিটি অৱ ভিয়েনাৰপৰা অপেৰা বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।[1] প্ৰাচ্য, মধ্যপ্ৰাচ্য আৰু ইউৰোপীয় উভয় বিশ্বই জুয়াক প্ৰভাবিত কৰিছে।

তেওঁ পাৰম্পৰিক ফাৰ্চী সংগীতক মূল বাদ্যযন্ত্ৰৰ সহায়ত এক নতুন ৰূপত উপস্থাপন কৰাৰ এক নতুন শৈলী সৃষ্টি কৰিছে আৰু ইয়াক কেইবাটাও এলবামত প্ৰকাশ কৰিছে। কচ ইণ্টাৰনেচনেলে পাৰ্চিয়ান নাইটচ আৰু তাৰানেহ মিউজিকে জাৰ্নি টু পাৰ্চিয়া প্ৰযোজনা কৰিছে। তেওঁৰ এলবামসমূহে ইৰানৰ বৈচিত্ৰ্যময় জনগোষ্ঠীয় সংগীতৰ সৌন্দৰ্য্য প্ৰতিফলিত কৰে। মজিদ দৰাখশানীৰ সৈতে কৰা তেওঁৰ কৰ্মৰাজিত চামছুদিন মহম্মদ হাফিজ আৰু শাফী কাতকানীৰ কবিতা প্ৰাচ্য আৰু ইউৰোপীয় বাদ্যযন্ত্ৰত বজোৱা হৈছে। এআৰচি মিউজিকৰদ্বাৰা প্ৰকাশিত হৈছে মিউজিক অৱ দ্য পাৰ্চিয়ান মিষ্টিকচ। পাৰ্চী সাহিত্যৰ অধ্যাপক পৰভিজ মামনুনৰ সৈতে তেওঁ প্ৰাচীন কবি নিজামীৰ ৰহস্যবাদী গীতসমূহ ক্ৰমে শিৰীন এণ্ড ফাৰহাদ, দ্যা ইণ্ডিয়ান প্ৰিন্সেছ আৰু শ্বাহৰেজাদ এলবামত গাইছে।

আন্তৰ্জাতিক দৃষ্টিভংগী

[সম্পাদনা কৰক]

জুয়াৰ সংগীতে ইৰান, আফগানিস্তান আৰু পশ্চিমীয়া বিশ্বৰ সংস্কৃতিৰ মাজত এক সংযোগ সেতু গঢ়ি তোলে।[2] তেওঁৰ ইউৰোপীয় শাস্ত্ৰীয় সংগীতৰ যাত্ৰা কেৱল ইউৰোপৰ কেইবাখনো দেশৰ বিভিন্ন অপেৰা প্ৰদৰ্শনতে সীমাবদ্ধ থকা নাই, বৰঞ্চ দূৰদৰ্শন আৰু ৰেডিঅ' শ্ব’সমূহত মোজাৰ্ট, বেটোভেন আৰু শ্বুবাৰ্টৰ গীতৰ পৰিৱেশনতো প্ৰতিফলিত হৈছে।[1] বৰ্তমান তেওঁ সমগ্ৰ ইউৰোপতে বিভিন্ন সংগীতানুষ্ঠান পৰিৱেশন কৰে, য’ত ইটালীৰ বেৰ’ক সংগীতৰপৰা আৰম্ভ কৰি জৰ্জ গাৰ্শ্বিনৰ গীতলৈকে এক বিশাল পৰিসৰ সাঙুৰি লোৱা হয়।

তেওঁৰ আটাইতকৈ নতুন এলবাম তথা একমাত্ৰ অনা-ইৰানীয় এলবাম মিউজিক ফ্ৰম আফগানিস্তান-এ আফগানিস্তানৰ পৰম্পৰাগত লোকগীতসমূহ সাঙুৰি লৈছে। এই এলবামটোত তেওঁ আফগানিস্তানৰ হাজাৰা সম্প্ৰদায়ৰ সুপৰিচিত কণ্ঠশিল্পী হামিদ গোলেস্তানীৰ সৈতে গীত পৰিৱেশন কৰিছে। এই এলবামটোৰ সংগীত পৰিচালনা কৰিছে বিশিষ্ট সংগীতজ্ঞ চোবেইৰ বাখতিয়াৰ আৰু মজিদ দৰাখশানীয়ে।

এলবামসমূহ

[সম্পাদনা কৰক]
  • পাৰ্চিয়ান নাইটচ: ট্ৰেডিচনেল ফোক মিউজিক ফ্ৰম ইৰান (১৯৯৫), কচ ইণ্টাৰনেচনেল
  • জাৰ্নি টু পাৰ্চিয়া (১৯৯৮), কচ ইণ্টাৰনেচনেল
  • মিউজিক অৱ দ্য পাৰ্চিয়ান মিষ্টিকচ (২০০৩), এআৰচি
  • আফগান মিউজিক (২০১০), এআৰচি – ওস্তাদ হুছেইন আৰমানৰ সৈতে
  • এনচেম্বল আফগান
  • এচেন্স অৱ লাভ

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. 1 2 Seida, Linda "Zohreh Jooya Biography", Allmusic, retrieved ২৩ জুলাই ২০১১
  2. "..::: ZOHREH JOOYA :::.. welcome". www.zohreh-jooya.org. http://www.zohreh-jooya.org/ আহৰণ কৰা হৈছে: ২৬ জুন ২০১৮.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]