সমললৈ যাওক

জো ইউৰি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জো ইউৰি
চলচ্চিত্ৰ প্ৰদৰ্শনৰ ৰেড কাৰ্পেটত ফটোগ্ৰাফাৰসকললৈ হাত জোকাৰি থকা জো।
অক্টোবৰ ২০২৪ চনত জো
জন্ম ২২ অক্টোবৰ, ২০০১ (২৪ বছৰ)
বুচান, দক্ষিণ কোৰিয়া
পেচা
  • গায়িকা
  • অভিনেত্ৰী
সক্ৰিয় হৈ থকা সময় ২০১৭–বৰ্তমান
'সঙ্গীত যাত্ৰা'
সংগীতৰ ধৰণ কে-পপ
বাদ্যযন্ত্ৰ কণ্ঠ
লেবেল
  • ষ্টোন মিউজিক
  • অফ দ্য ৰেকৰ্ড
  • ইএমআই
  • ৱেকৱান
পূৰ্বে ইজ*ৱান
ৱেবছাইট আধিকাৰিক ৱেবছাইট
স্বাক্ষৰ

জো ইউৰি (কোৰিয়ান: 조유리; জন্ম: ২২ অক্টোবৰ, ২০০১) এগৰাকী দক্ষিণ কোৰিয়ান গায়িকা আৰু অভিনেত্ৰী। দক্ষিণ কোৰিয়া–জাপানীজ গাৰ্ল গ্ৰুপ ইজ*ৱানৰ প্ৰাক্তন সদস্য হিচাপে পৰিচিত। ২০১৮ চনত এমনেটৰ ৰিয়েলিটি প্ৰতিযোগিতা ধাৰাবাহিক প্ৰডিউছ ৪৮-ত অংশগ্ৰহণ কৰাৰ পিছত তেওঁ তৃতীয় স্থান লাভ কৰে আৰু ২০১৮ চনৰ ২৯ অক্টোবৰ তাৰিখে ইজ*ৱানৰ সৈতে অভিষেক কৰে।

২০২১ চনৰ এপ্ৰিল মাহত ইজ*ৱান ভংগ হোৱাৰ পিছত জোৱে একক কেৰিয়াৰ আৰম্ভ কৰে। ২০২১ চনৰ অক্টোবৰ মাহত তেওঁৰ প্ৰথম একক এলবাম গ্লাছি মুকলি হয়। ইয়াৰ বাবে তেওঁ বছৰৰ ৰুকী শ্ৰেণীত কেইবাটাও সংগীত বঁটাৰ মনোনয়ন লাভ কৰে। সংগীতৰ উপৰিও জোৱে অভিনয়তো আগবাঢ়ে। ২০২২ চনত ৱেব ছিৰিজ মিমিকাছ-ত অভিনয়ৰ অভিষেক কৰে আৰু পিছলৈ স্কুইড গেমৰ দ্বিতীয় আৰু তৃতীয় ছিজনত কিম জুন-হী (প্লেয়াৰ ২২২)ৰ চৰিত্ৰত অভিনয় কৰি বিশেষ জনপ্ৰিয়তা লাভ কৰে।

কেৰিয়াৰ

[সম্পাদনা কৰক]

২০১৭–২০২০: অভিষেক-পূৰ্ব আৰু ইজ*ৱান

[সম্পাদনা কৰক]

২০১৭ চনৰ জুলাই মাহত জোৱে এমনেটৰ ৰিয়েলিটি অনুষ্ঠান আইডল স্কুল-ত অংশগ্ৰহণ কৰে, য’ত চূড়ান্ত নজন প্ৰতিযোগীয়ে নতুন গাৰ্ল গ্ৰুপ ফ্ৰমিছ ৯ হিচাপে অভিষেক কৰাৰ সুযোগ লাভ কৰে।[1] তেওঁ ১৫তম স্থান লাভ কৰে।[2]

২০১৮ চনৰ ১১ মে’ তাৰিখে জোৱে প্ৰডিউছ ৪৮-ত অংশগ্ৰহণ কৰে আৰু তৃতীয় স্থান লাভ কৰে। সফল বাৰজন সদস্যৰ ভিতৰত এজন হিচাপে তেওঁ ইজ*ৱান গোটত অন্তৰ্ভুক্ত হয়।[3] ২০১৮ চনৰ ২৯ অক্টোবৰ তাৰিখে কালাৰ*আইজ এলবামৰ জৰিয়তে তেওঁলোকে আনুষ্ঠানিক অভিষেক কৰে।[4] ২০২০ চনৰ ১৭ ফেব্ৰুৱাৰীত ইজ*ৱান-এ প্ৰথম কোৰিয়ান ভাষাৰ ষ্টুডিঅ’ এলবাম ব্লুম*আইজ মুকলি কৰে। এই এলবামত জোৱে “ছামডে” গীতটো সহ-ৰচনা আৰু সুৰ সংযোজন কৰে।[5] ২০২১ চনৰ ২৯ এপ্ৰিল তাৰিখে চুক্তিৰ ম্যাদ শেষ হোৱাৰ লগে লগে গোটটো ভংগ হয়।[6]

২০২০ চনৰ ২২ ছেপ্টেম্বৰ তাৰিখে জোৱে এছবিএছ ধাৰাবাহিক ডু ইউ লাইক ব্ৰামছ?ৰ বাবে “মাই লাভ” গীতটো মুকলি কৰে।[7]

২০২১–বৰ্তমান: একক কাৰ্যকলাপ

[সম্পাদনা কৰক]
জো ২০২১ চনত

২০২১ চনৰ ২৪ জুন তাৰিখে জোৱে জেটিবিচি টেলিভিছন ধাৰাবাহিক মান্থলী মেগাজিন হোমৰ বাবে "ষ্টোৰী অৱ আচ" শীৰ্ষক গীত মুক্তি দিয়ে।[8]

২৩ ছেপ্টেম্বৰত তেওঁ লি ছক-হুনৰ সৈতে সহযোগিতামূলক গীত "অটম মেম'ৰিজ" মুক্তি দিয়ে।[9] ২৪ ছেপ্টেম্বৰত ৱেকৱানে ঘোষণা কৰে যে জোৱে ৭ অক্টোবৰ ২০২১ তাৰিখে তেওঁৰ প্ৰথম ছিংগল এলবাম গ্লাছি মুক্তি কৰিব, যাৰ মুখ্য গীতৰ নামো "গ্লাছি"।[10] একক শিল্পী হিচাপে আত্মপ্ৰকাশৰ পিছত তেওঁ ৩৬তম গোল্ডেন ডিস্ক এৱাৰ্ডছত ৰুকি অৱ দ্য ইয়াৰ, ২০২১ মেনেট এছিয়ান মিউজিক এৱাৰ্ডছত বেষ্ট নিউ ফিমেল এক্ট্ৰেছ আৰু ৩১তম ছিউল মিউজিক এৱাৰ্ডছত ৰুকি অৱ দ্য ইয়াৰ শ্ৰেণীত মনোনীত হয়।[11][12][13]

২০২২ চনৰ ১১ এপ্ৰিলত জোৱে তেওঁৰ প্ৰথম অভিনয় ভূমিকাৰ বাবে প্লেলিষ্ট ষ্টুডিঅ' ৱেব ধাৰাবাহিক মিমিকাছত অভিনয় কৰিবলৈ নিৰ্বাচিত হয়।[14] ১৭ মে তাৰিখে ঘোষণা কৰা হয় যে তেওঁ ২ জুনত তেওঁৰ প্ৰথম মিনি এলবাম অপ.২২ ৱাই-ৱাল্ট্‌জ: ইন মেজৰ মুক্তি কৰিব, যাৰ মুখ্য গীত "লাভ শ্‌!"।[15] এই এলবামটো চাৰ্কল এলবাম চাৰ্টত পাঁচ নম্বৰত প্ৰৱেশ কৰে। ৭ জুনত তেওঁ এছবিএছ এম অনুষ্ঠান দ্য শ্বত "লাভ শ্‌!" গীতৰ বাবে প্ৰথম সংগীত অনুষ্ঠান জয় লাভ কৰে।[16]

১১ আগষ্টত তেওঁ ইউনিভাৰ্ছ প্লেটফৰ্মৰ জৰিয়তে "মেবি" শীৰ্ষক প্ৰচাৰমূলক গীত মুক্তি কৰে।[17] ১৩ ছেপ্টেম্বৰত তেওঁ কেবিএছ২ ধাৰাবাহিক দ্য ল’ কেফেৰ বাবে "কেন ইউ ফিল মাই হাৰ্ট" গীত মুক্তি কৰে।[18]

এণ্ডৰ্ছমেণ্ট

[সম্পাদনা কৰক]

২০২২ চনৰ আগষ্ট মাহত জো ইউৰিক পেষ্টেল ৰঙৰ গেমিং সামগ্ৰীৰ বাবে পৰিচিত লগিটেক জি অ’ৰ’ৰা কালেকশ্যনৰ প্ৰচাৰ মুখপাত্ৰ হিচাপে নিৰ্বাচিত কৰা হয়।[19]

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "'아이돌학교' 1차 명단 공개, 나띠·박지원·이채영 등 13人" (ko ভাষাত). Sports Chosun. June 29, 2017. https://entertain.naver.com/read?oid=076&aid=0003114182 আহৰণ কৰা হৈছে: September 24, 2021.
  2. "'프로듀스48' 출연 관련 보도" (ko ভাষাত). Sports Chosun. June 23, 2018. https://entertain.naver.com/read?oid=076&aid=0003275074 আহৰণ কৰা হৈছে: September 24, 2021.
  3. "'프로듀스 48' 최종 순위 발표" (ko ভাষাত). Osen. August 31, 2018. https://entertain.naver.com/read?oid=109&aid=0003854401 আহৰণ কৰা হৈছে: September 24, 2021.
  4. "아이즈원 데뷔 앨범 발매" (ko ভাষাত). Xports News. October 29, 2018. https://entertain.naver.com/read?oid=311&aid=0000914693 আহৰণ কৰা হৈছে: September 24, 2021.
  5. "Song registration details – Someday (IZ*ONE)". Korea Music Copyright Association. https://www.komca.or.kr/foreign2/eng/S01.jsp আহৰণ কৰা হৈছে: September 24, 2021.
  6. "아이즈원, 가요계 활동 마침표" (ko ভাষাত). Sports Kyunghyang. April 29, 2021. https://entertain.naver.com/read?oid=144&aid=0000733492 আহৰণ কৰা হৈছে: September 24, 2021.
  7. "조유리 '브람스' OST 합류" (ko ভাষাত). MT Star News. September 22, 2020. https://entertain.naver.com/read?oid=108&aid=0002895834 আহৰণ কৰা হৈছে: September 24, 2021.
  8. "아이즈원 출신 조유리, '월간 집' OST 참여...'STORY OF US' 발매" (ko ভাষাত). My Daily. June 24, 2021. https://entertain.naver.com/read?oid=117&aid=0003509929 আহৰণ কৰা হৈছে: September 24, 2021.
  9. "조유리, 신곡 '가을 상자' 음원 발매...이석훈과 환상의 케미 예고" (ko ভাষাত). MT Star News. September 23, 2021. https://entertain.naver.com/read?oid=108&aid=0002990708 আহৰণ কৰা হৈছে: September 24, 2021.
  10. "조유리, 10월 7일 솔로 데뷔 확정 [공식"] (ko ভাষাত). Sports Donga. September 24, 2021. https://entertain.naver.com/read?oid=382&aid=0000934664 আহৰণ কৰা হৈছে: September 24, 2021.
  11. "36th Golden Disc Awards Nominees". Golden Disc Awards. https://www.goldendisc.co.kr/en/winners আহৰণ কৰা হৈছে: January 8, 2022.
  12. "2021 Mnet Asian Music Awards Nominees". Mnet Asian Music Awards. https://mama.mwave.me/en/nominees আহৰণ কৰা হৈছে: December 11, 2021.
  13. "31st Seoul Music Awards Nominees". Seoul Music Awards. http://www.seoulmusicawards.com/nominees আহৰণ কৰা হৈছে: January 23, 2022.[সংযোগবিহীন উৎস]
  14. "'미미쿠스' 유영재X조유리X김윤우X나나, 출연 확정..4월 크랭크인 [공식"] (ko ভাষাত). Osen. April 11, 2022. https://entertain.naver.com/now/read?oid=109&aid=0004589890 আহৰণ কৰা হৈছে: May 23, 2022.
  15. "조유리, 6월 초 첫 미니앨범 '오프스 넘버 22 와이 왈츠' 발매" (ko ভাষাত). Sports Seoul. May 17, 2022. https://entertain.naver.com/read?oid=468&aid=0000807833 আহৰণ কৰা হৈছে: May 17, 2022.
  16. "'더쇼' 조유리, 솔로 데뷔 후 첫 1위에 오열..."진짜 받을 줄 몰랐다"" (ko ভাষাত). Top Star News. June 7, 2022. https://www.topstarnews.net/news/articleView.html?idxno=14697302 আহৰণ কৰা হৈছে: July 23, 2022.
  17. "조유리, 신비롭고 순수한...유니버스 신곡 '모를 수도 있지만'" (ko ভাষাত). Xports News. August 6, 2022. https://entertain.naver.com/read?oid=311&aid=0001485516 আহৰণ কৰা হৈছে: August 6, 2022.
  18. "조유리, 오늘(13일) 이승기·이세영 '법대로 사랑하라' OST 공개" (ko ভাষাত). Sports Donga. September 13, 2022. https://entertain.naver.com/read?oid=382&aid=0001003575 আহৰণ কৰা হৈছে: September 1, 2023.
  19. "로지텍 G, 가수 조유리와 오로라 컬렉션 브랜드 콜라보 진행" (ko ভাষাত). K Bench. August 16, 2022. https://kbench.com/?q=node/236411 আহৰণ কৰা হৈছে: November 27, 2023.

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]