সমললৈ যাওক

জ্ঞানানন্দ শৰ্মা পাঠক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
জ্ঞানানন্দ শৰ্মা পাঠক
জন্ম ১০ ডিচেম্বৰ ১৯২৮
নাৰেং পাচনী, টীয়ক, অসম
পেচা কবি, সাহিত্যিক, আৰক্ষী বিষয়া
উল্লেখযোগ্য কৰ্ম প্ৰিয়ম্বদা, মোৰ কথা শুনা দীপংকৰ, নতুন কবিলৈ মুকলি চিঠি

জ্ঞানানন্দ শৰ্মা পাঠক (জন্ম: ১০ ডিচেম্বৰ ১৯২৮) এগৰাকী প্ৰখ্যাত অসমীয়া কবি, সাহিত্যিক আৰু সমালোচক। পঞ্চাশৰ দশকৰ ৰামধেনু পত্ৰিকাৰ পাতত তেওঁৰ কবিতা, গল্প আৰু ৰম্যৰচনাৰে সাহিত্যজীৱনৰ পাতনি মেলিছিল। যদিও এই সময়ৰ পৰা সাহিত্যত সক্ৰিয়, তেওঁ নব্বৈৰ দশকত প্ৰধানকৈ কবি ৰূপে আত্মপ্ৰকাশ কৰে। ১৯৯০ চনত তেওঁৰ প্ৰথম কাব্যসংকলন প্ৰিয়ম্বদা প্ৰকাশ পায়।

প্ৰাৰম্ভিক জীৱন

[সম্পাদনা কৰক]

জ্ঞানানন্দ শৰ্মা পাঠকৰ জন্ম ১৯২৮ চনৰ ১০ ডিচেম্বৰত অসমৰ টীয়কৰ নাৰেং পাচনী গাঁৱত হয়।

কৰ্মজীৱন

[সম্পাদনা কৰক]

তেওঁ আই.পি.এস. বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰি পাছলৈ অসমৰ ডিৰেক্টৰ জেনেৰেল অৱ পুলিচ (DGP) হিচাপে অৱসৰ গ্ৰহণ কৰে। ১৯৯৫ চনত অসম সাহিত্য সভাৰ সৰ্থেবাৰী অধিৱেশনত অনুষ্ঠিত কবি সন্মিলনত সভাপতিত্ব কৰে।

সাহিত্যকৃতি

[সম্পাদনা কৰক]

কাব্যসংকলন

[সম্পাদনা কৰক]
  • প্ৰিয়ম্বদা (১৯৯০)
  • বসন্তসেনা (১৯৯২)
  • বসুন্ধৰা (১৯৯৩)
  • দেৱযানী (১৯৯৪)
  • অনামিকা (১৯৯৫)
  • মোৰ কথা শুনা দীপংকৰ (১৯৯৫)
  • মোক লাগে তোমাকেই হে'ৰা বসুন্ধৰা (১৯৯৬)
  • মোৰ মনালিছা (১৯৯৯)
  • মন্দাকিনী (২০০১)

সাহিত্য সমালোচনা/প্ৰবন্ধ সংকলন

[সম্পাদনা কৰক]
  • নতুন কবিলৈ মুকলি চিঠি (১৯৮০)
  • সাহিত্য বীথিকা (১৯৯৩)
  • সাহিত্য বল্লৰী (১৯৯৪)
  • সাহিত্য বিভূতি (১৯৯৭)
  • Assam's Men of Letters: 1942–1990 (ইংৰাজী) (১৯৯৬)
  • Papori – গণেশ গগৈৰ পাপৰি গ্ৰন্থৰ ইংৰাজী অনুবাদ (২০০৩)
  • কথা বৰেণ্য ১০০, সম্পাদক: শোণিত বিজয় দাস, মুনীন বায়ন, কথা প্ৰকাশন, গুৱাহাটী, প্ৰথম প্ৰকাশ: ২০০৬