জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়
| এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্ৰয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্ৰবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্ৰত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে। আনহাতে পঢ়ুৱৈসকলেও প্ৰবন্ধটোত য’ত প্ৰয়োজন যেন দেখে সেই বাক্যৰ পাছত {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি ৰাখিও ৱিকিপিডিয়াত উৎসৰ উল্লেখৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰিব পাৰে। |
জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় (ইংৰাজী : Gyanudoi Lower Primary School) হ’ল অসমৰ চৰাইদেউ জিলাৰ খালৈঘোগুৰা মৌজাৰ অন্তৰ্গত নাহৰতলি গাঁৱৰ কাকৱণীত অৱস্থিত এখন প্ৰাথমিক শিক্ষাৰ প্ৰতিষ্ঠান। ১৯৭৫ চনত স্থাপিত বিদ্যালয়খনে ২০২৫ বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অতিক্ৰম কৰে।
| জ্ঞানোদয় প্ৰাথমিক বিদ্যালয় Gyanudoi Lower Primary School | |
| অৱস্থান | |
|---|---|
| নাহৰতলি (কাকৱণী), চৰাইদেউ, অসম | |
| প্ৰাথমিক তথ্যসমূহ | |
| প্ৰকাৰ | চৰকাৰী প্ৰাথমিক বিদ্যালয় |
| প্ৰতিষ্ঠাকাল | ১৯৭৫ চন |
| প্ৰধান শিক্ষক | মহেশ্বৰ মহন |
ইতিহাস
[সম্পাদনা কৰক]বিংশ শতিকাৰ সত্তৰ দশকৰ মাজভাগ পৰ্যন্ত কাকৱণী অঞ্চলটোত কোনোধৰণৰ শিক্ষা প্ৰতিষ্ঠান নাছিল। অনুষ্ঠান দূৰৰে কথা, মানুহ অহা-যোৱা কৰিবলৈ সূচল বাট-পথো নাছিল সেই সময়ত। ফলত অঞ্চলটোৰ ছাত্ৰ-ছাত্ৰীসকলে দূৰ দূৰণিত পঢ়িবলৈ যাওঁতে নানা দুৰ্ভোগ ভুগিব লগা হৈছিল। তেনে সময়তে অঞ্চলটোৰ ভৱিষ্যৎ প্ৰজন্মটোৰ কথা ভাবি কেইগৰাকীমান স্বনামধন্য ব্যক্তি ওলাই আহি ১৯৭৫ চনত স্থাপন কৰিলে অঞ্চলটোৰ প্ৰথমখন শিক্ষানুষ্ঠান জ্ঞানোদয় প্ৰাথমিক বিদ্যালয়। ‘জ্ঞানোদয়’ নামটো দিছিল সেই সময়ৰ অঞ্চলটোৰ এগৰাকী শিক্ষানুৰাগী ব্যক্তি উপেন ফুকনে (মহন)। তেওঁৰে সহধৰ্মিণী বীণা ফুকন মহন বিদ্যালয়খনৰ প্ৰতিষ্ঠাপক শিক্ষয়িত্ৰী।
বৰ্তমানৰ অৱস্থা
[সম্পাদনা কৰক]১৯৭৫ চনত স্থাপিত বিদ্যালয়খনে ২০২৫ বৰ্ষত গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অতিক্ৰম কৰে। বিদ্যালয়খনত অধ্যয়ন কৰি যোৱা ভালে সংখ্যক ছাত্ৰ-ছাত্ৰী বৰ্তমান সমাজৰ বিভিন্ন ক্ষেত্ৰত প্ৰতিষ্ঠিত হৈ আছে।
