জ্ঞান সৌন্দৰী (চিটাডেল সংস্কৰণ)
| জ্ঞান সৌন্দৰী | |
|---|---|
![]() পোষ্টাৰ | |
| পৰিচালক | এফ নাগুৰ জোচেফ থালিয়াথ জুনিয়ৰ |
| চিত্ৰনাট্য | ননজিল নাডু টি এন ৰাজাপ্পা |
| কাহিনী | এফ নাগুৰ জোচেফ থালিয়াথ জুনিয়ৰ |
| প্ৰযোজক | এফ নাগুৰ জোচেফ থালিয়াথ জুনিয়ৰ |
| অভিনয়ত | টি আৰ মহালিংগম এম ভি ৰাজাম্মা |
| চিত্ৰগ্ৰহণকাৰী | জিতিন বেনাৰ্জী ভ ছেলভাৰাজ |
| সম্পাদনা | ভি বি নটৰাজ |
| সংগীত পৰিচালক | এচ ভি ভেংকটৰমণ এম এচ জ্ঞানমণি |
প্ৰযোজনা কোম্পানী |
নিউটন ষ্টুডিঅ’ |
| পৰিবেশক | চিটাডেল ফিল্ম কৰ্পোৰেচন লিমিটেড |
মুক্তি |
২১ মে' ১৯৪৮ |
দৈৰ্ঘ্য |
১৮৩ মিনিট |
| দেশ | India |
| ভাষা | তামিল |
জ্ঞান সৌন্দৰী (ইংৰাজী: Gnana Soundari) ১৯৪৮ চনৰ এখন ভাৰতীয় তামিল ভাষাৰ ছবি, যিখন এফ নাগুৰ আৰু জোচেফ থালিয়াথ জুনিয়ৰে যুটীয়াভাবে ৰচনা, প্ৰযোজনা আৰু পৰিচালনা কৰিছে। এই ছবিখনত টি আৰ মহালিংগম, এম ভি ৰাজম্মাই মুখ্য চৰিত্ৰত আৰু ডি বালাসুব্ৰমণিয়াম, শিৱভাগ্যম, ললিতা আৰু পদুমীয়ে সহযোগী চৰিত্ৰত অভিনয় কৰিছে। ছবিখনৰ কাহিনী ৰজা ধৰ্মৰৰ কন্যা জ্ঞান সৌন্দৰীক (সুন্দৰী) কেন্দ্ৰ কৰি ঘূৰিছে। সতীয়া মাক লেনালে তেওঁক দুৰ্ব্যৱহাৰ কৰে আৰু তেওঁৰ পৰা নিস্কৃতি পাবলৈ লেনালে তেওঁক অৰণ্যলৈ পঠিয়াই দিয়ে। এই প্ৰক্ৰিয়াত সৌন্দৰীয়ে দুয়োখন হাত হেৰুৱাই পেলায় আৰু ৰাজকুমাৰ পিলেন্থিৰনে তেওঁক ৰক্ষা কৰে।
ছবিখন নবাব ৰাজমনিকমে পৰিচালনা কৰা এখন মঞ্চ নাটকৰ পৰা অভিযোজিত কৰা কৰা। আনহাতে স্বয়ং এই নাটকখন এটা খ্ৰীষ্টান লোককথাৰ পৰা অভিযোজিত।[1][2] ছবিখনৰ চিত্ৰনাট্য লিখিছিল নঞ্জিল নাডু টি এন ৰাজাপ্পাই। ছবিখনৰ সংগীত ৰচনা কৰিছিল এছ ভি ভেংকটৰমণে। জ্ঞান সৌন্দৰীৰ চিত্ৰগ্ৰহণ ক্ৰমে জিতিন বেনাৰ্জী আৰু চেলভাৰাজে কৰিছিল।[3] সম্পাদনা কৰিছিল ভি বি নাগৰাজে। চূড়ান্ত ফিল্ম ৰিলৰ দৈৰ্ঘ্য আছিল ৫,২৬৪ মিটাৰ (১৭,২৭০ ফুট) আৰু আনুমানিক ৩০,০০০ ₹ বাজেটেৰে জ্ঞান সৌন্দৰী নিৰ্মাণ কৰা হৈছিল। চিটাডেল পিকচাৰ্ছে ছবিখনৰ অভিযোজন কৰাৰ সিদ্ধান্ত লোৱাৰ পিছৰ পৰা ছবিখনৰ নিৰ্মাণৰ কুৰুংকাৰাং কৰা হৈছিল। সেই সময়ত এছ এছ বসনেও একেখন নাটকৰ অভিযোজন, আন এটা সংস্কৰণ পৰিচালনা কৰি আছিল। ১৯৪৮ চনৰ ২১ মে'ত[4] ছবিখন মুক্তি লাভ কৰে আৰু চিটাডেল পিকচাৰ্ছৰ সংস্কৰণটো সফল হোৱাৰ বিপৰীতে বসনৰ সংস্কৰণটো বিফল হয়।[5]
তথ্য সংগ্ৰহ
[সম্পাদনা কৰক]- ↑ Guy, Randor (18 July 2010). "Ithaya Geetham (1950)". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/ithaya-geetham-1950/article470183.ece.
- ↑ Vijayakumar, B. (30 March 2015). "Jesus: 1973". The Hindu. http://www.thehindu.com/todays-paper/tp-features/tp-metroplus/jesus-1973/article7046283.ece.
- ↑ "Gnanasoundari 1948". The Hindu. 29 August 2008. http://www.thehindu.com/todays-paper/tp-features/tp-cinemaplus/gnanasoundari-1948/article3023281.ece.
- ↑ "Gnanasundari 1961". The Hindu. 22 June 2009. https://www.thehindu.com/todays-paper/tp-features/tp-metroplus/GNANASUNDARI-1961/article15916272.ece.
- ↑ (ta ভাষাত) ஞான சௌந்தரி (song book). Citadel Film Corporation Ltd.. 1948. https://archive.org/details/sok.GnanaSoundari_F.Nagoor_JosephDaliyath_1948.
বাহ্যিক সংযোগ
[সম্পাদনা কৰক]- Full feature film ইউটিউবত
- Arunothayaanandhame ইউটিউবত - A song sung by T. R. Mahalingam included in the original film but not available in the You Tube video copy.
